সভ্যতা ৱিকিপিডিয়াৰ আচৰণ বিধিৰ আৰু ৱিকিপিডিয়াৰ পাঁচটা স্তম্ভৰ অংশ। সভ্যতা নীতিয়ে আচৰণৰ মানদণ্ড নিৰ্ধাৰণ কৰে।
এই পৃষ্ঠাত অসমীয়া ৱিকিপিডিয়াৰ কেতবোৰ নীতি সন্নিৱিষ্ট কৰা হৈছে। সকলো সম্পাদকে এইবোৰ সাধাৰণতে মানি চলা উচিত। ইয়াত কৰা সালসলনিত ঐকমত্য প্ৰতিফলন হোৱা উচিত। |
সংক্ষেপে এই পৃষ্ঠাখন:
|
পাঁচটা স্তম্ভ |
---|
আচৰণ নীতিসমূহ |
শিষ্টাচাৰ ঐকমত্য সম্পাদনা দ্বন্দ সম্পাদনা নীতি ব্যক্তিগত আক্ৰমণ নকৰিব প্ৰবন্ধৰ অধিকাৰিতা |
এই নীতিয়ে পাৰস্পৰিক ক্ৰিয়াৰ সময়ত ব্যৱহাৰকাৰীসকলৰ পৰা আশা কৰা আচৰণৰ মানদণ্ডসমূহ আৰু উদ্ভৱ হ'ব পৰা সমস্যাসমূহৰ সৈতে মোকাবিলা কৰাৰ উপযুক্ত উপায়সমূহ বৰ্ণনা কৰে। ই ৱিকিপিডিয়াৰ সকলো পাৰস্পৰিক ক্ৰিয়া-কলাপত, ব্যৱহাৰকাৰী পৃষ্ঠাত , প্ৰবন্ধত, আলোচনা পৃষ্ঠাত, সম্পাদনাৰ সাৰাংশত আৰু সহযোগী ৱিকিপিডিয়ানৰ সৈতে কথা বতৰা বা তেওঁলোকৰ বিষয়ে অন্য যিকোনো আলোচনাত প্ৰযোজ্য।
"মানুহৰ স্বভাৱৰ বাবে সভ্যতা যিটো মমৰ বাবে উষ্ণতা সেইটো।" |
—আৰ্থৰ শ্বোপেনহাউৰ |
অসভ্যতা ব্যক্তিগত আক্ৰমণ, অভদ্ৰতা, অসন্মানজনক মন্তব্য, আৰু আক্ৰমণাত্মক আচৰণৰ দ্বাৰা গঠিত যিয়ে প্ৰকল্পটোত ব্যাঘাত জন্মায় আৰু উৎপাদনহীন মানসিক চাপ আৰু সংঘাতৰ সৃষ্টি কৰে। সম্পাদকসকলো মানুহ, আৰু ভুল হৈ যায়, গতিকে অসভ্যতাৰ কেইটামান সৰু ঘটনা চিন্তাৰ বিষয় নহয়। কিন্তু অসভ্যতাৰ এটা নিৰ্দিষ্ট আৰ্হিত ঘটিলে গ্ৰহণযোগ্য নহয়, আৰু যদি ভয়ংকৰভাবে হাৰাশাস্তি বা ব্যক্তিগত আক্ৰমণ হয় ইয়াৰ ফলত ব্লক কৰা যাব পাৰে। এটা অসভ্যতাইও সীমা অতিক্ৰম কৰিব পাৰে যদিহে ই যথেষ্ট গুৰুতৰ হয়: উদাহৰণস্বৰূপে, আন এজন অৱদানকাৰীৰ ওপৰত নিৰ্দেশিত অতি গভীৰ মৌখিক গালি-গালাজ বা অশ্লীলতা, বা আন এজন ব্যক্তিৰ বিৰুদ্ধে ভাবুকি দিয়া। এই সকলোবোৰৰ ফলত বিবেচনা নকৰাকৈয়ে অৱৰোধ হ'ব পাৰে। সাধাৰণতে অসভ্যতাৰ সৈতে মোকাবিলা কৰাত বুজাবুজি আৰু প্ৰতিশোধহীন হওক। যদি আন কোনো অসভ্য হয়, তেন্তে বিচাৰ কৰাতকৈ বুজাবুজি হওক (মানুহে বিচলিত হ’লে কথা কয়ে) আৰু ইয়াৰ প্ৰতি সঁহাৰি নিদিব। প্ৰয়োজন হ'লে মৃদুভাৱে আঙুলিয়াই দিয়ক যে আপুনি ভাবিছে যে মন্তব্যটোক অসভ্য বুলি গণ্য কৰা হ'ব পাৰে, আৰু স্পষ্ট কৰক যে আপুনি আগবাঢ়ি যাব বিচাৰে আৰু বিষয়বস্তুৰ বিষয়টোৰ ওপৰত গুৰুত্ব দিব বিচাৰে। অসভ্যতাৰ বিচ্ছিন্ন উদাহৰণক আওকাণ কৰাৰ বিকল্পটোও বিবেচনা কৰক, আৰু কেৱল বিষয়বস্তুৰ বিষয়টোৰ সৈতে আগবাঢ়ি যোৱাৰ বিকল্পটোও বিবেচনা কৰক।যদিহে আপুনি সমাধান কৰিব নোৱাৰে মতবিৰোধ সমাধান লৈ যাওক।
এই নীতি আন অৱদানকাৰীৰ বিৰুদ্ধে ব্যৱহাৰ কৰিব পৰা অস্ত্ৰ নহয়। কোনো সম্পাদকক কোনো বিচ্ছিন্ন, সৰু অপৰাধৰ বাবে অনুমোদন দিবলৈ জোৰ দিয়া বা গঠনমূলক সমালোচনাক আক্ৰমণ হিচাপে গণ্য কৰাটো নিজেই সম্ভাৱ্যভাৱে বিঘ্নিতকাৰী, আৰু পুনৰাবৃত্তি কৰিলে সতৰ্কবাণী আনকি অৱৰোধ ো হ'ব পাৰে।
সহযোগিতামূলক প্ৰকল্প এটাত পাৰ্থক্য অনিবাৰ্য। এই পাৰ্থক্যসমূহৰ বিষয়ে আলোচনা কৰাৰ সময়ত কিছুমান সম্পাদক অপ্ৰয়োজনীয়ভাৱে কঠোৰ যেন লাগিব পাৰে। আন সম্পাদকসকলে তেওঁলোকৰ মতামতক প্ৰত্যাহ্বান জনোৱাৰ সময়ত অত্যধিক সংবেদনশীল যেন লাগিব পাৰে। আলোচনাৰ পৃষ্ঠা আৰু সম্পাদনাৰ সাৰাংশত থকা নিৰৱ আৰু মুখবিহীন শব্দবোৰে মৌখিক পাৰস্পৰিক ক্ৰিয়াৰ সূক্ষ্মতা সম্পূৰ্ণৰূপে প্ৰকাশ নকৰে, যাৰ ফলত কেতিয়াবা সম্পাদকৰ মন্তব্যৰ ভুল ব্যাখ্যাও হয়। এটা অভদ্ৰ মন্তব্যই উত্তেজিত আলোচনাক ব্যক্তিগত যুক্তিলৈ ৰূপান্তৰিত কৰিব পাৰে যিয়ে হাতত থকা সমস্যাটোৰ ওপৰত বস্তুনিষ্ঠভাৱে গুৰুত্ব নিদিয়ে। এনে আলোচনাই আমাৰ প্ৰচেষ্টা অপচয় কৰে আৰু ইতিবাচক, উৎপাদনশীল কৰ্ম পৰিৱেশক ক্ষতিগ্ৰস্ত কৰে। আন সম্পাদকৰ বিষয়ে কৰা আলোচনা তেওঁলোকৰ কামৰ ওপৰত সীমাবদ্ধ থাকিব লাগে।
সম্পাদকসকলে যুক্তিসংগতভাৱে সহযোগিতা আগবঢ়াব, ব্যক্তিগত আক্ৰমণ এৰাই চলিব, নীতিৰ ভিতৰত কাম কৰিব, আৰু সদ্ভাৱে প্ৰশ্নৰ উত্তৰ দিব বুলি আশা কৰা হয়। আপোনাৰ সতীৰ্থ সম্পাদকসকলক সন্মানীয় সহকৰ্মী হিচাপে গণ্য কৰিবলৈ চেষ্টা কৰক, যাৰ সৈতে আপুনি এটা গুৰুত্বপূৰ্ণ প্ৰকল্পত কাম কৰি আছে। নতুন ব্যৱহাৰকাৰীক বিশেষভাৱে আদৰণীয় আৰু ধৈৰ্য্যশীল হওক। প্ৰবন্ধ সম্পাদনা কৰিবলৈ আনক আদৰণি জনাওক কিন্তু অসৃষ্টিশীল সম্পাদনাক নিৰুৎসাহিত কৰক।
অভদ্ৰতা বা অভদ্ৰতাৰ আভাস সাধাৰণতে বিবাদৰ পৰাই উদ্ভৱ হয়। সম্পাদনাৰ সাৰাংশৰ ক্ষেত্ৰত সাৱধান হওক। সম্পাদিত সাৰাংশ তুলনামূলকভাৱে চুটি মন্তব্য, আৰু সেয়েহে কেতিয়াবা ভুল ব্যাখ্যা বা অতি সৰলীকৰণৰ আওতাত পৰে। ইয়াক "Save" টিপিলেও সলনি কৰিব নোৱাৰি, আৰু প্ৰায়ে খৰখেদাকৈ লিখা হয়।বিশেষকৈ যেতিয়া কথাবোৰ বিবাদিত হৈ থাকে আপোনাৰ সম্পাদনাসমূহৰ সাৰাংশ লিখিবলৈ নাপাহৰিব ; যিজন সম্পাদকৰ লগত আপোনাৰ বিবাদ হয়, তেওঁলোকৰ বিষয়ে ব্যক্তিগত মন্তব্যৰ পৰা হাত সাৰিবলৈ; আৰু পৰিস্থিতিৰ বিষয়ে আপোনাৰ দৃষ্টিভংগী আৰু অধিক স্পষ্ট কৰিবলৈ আলোচনা পৃষ্ঠাটো ব্যৱহাৰ কৰক।
যিবোৰ সম্পাদনাক পৰ্যাপ্তভাৱে ব্যাখ্যা কৰা হোৱা নাই সেইবোৰক বিশেষকৈ খৰখেদাকৈ লিখা বুলি গণ্য কৰা হ’ব পাৰে, সেয়া সম্পাদকৰ উদ্দেশ্য হওক বা নহওক। ভাল সম্পাদনাৰ বাবে সাৰাংশ ব্যৱহাৰ কৰক, আৰু যদি সম্পাদনাৰ সাৰাংশই পৰ্যাপ্ত ব্যাখ্যা নিদিয়ে বা যদি অধিক গুৰুত্বপূৰ্ণ আলোচনাৰ প্ৰয়োজন অনুভৱ হয় তেন্তে আলোচনা পৃষ্ঠা ব্যৱহাৰ কৰক।
আপুনি বৰ্তমান সংঘাতত ভুগি থকা সম্পাদকসকলক আৰু নৱাগতসকলৰ বাবে সাঁচযুক্ত বাৰ্তা প্ৰদান কৰোতে সাৱধান হওক। এটা সাঁচযুক্ত বাৰ্তাৰ পৰিবৰ্তে, বা লগতে এটা ব্যক্তিগতকৃত বাৰ্তা ব্যৱহাৰ কৰাৰ কথা চিন্তা কৰক।
সম্পাদকসকলে আন ৱিকিপিডিয়ানক ব্যক্তিগত আক্ৰমণ আৰু হাৰাশাস্তিৰ পৰা আঁতৰি থাকিব বুলি আশা কৰা হৈছে। এই কথা সকলো ৱিকিপিডিয়ানৰ ক্ষেত্ৰত সমানে প্ৰযোজ্য: অৰ্থাৎ অভদ্ৰ আচৰণৰ ইতিহাস থকা ব্যৱহাৰকাৰীক বা মডাৰেচন কমিটিৰ দ্বাৰা অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰিব পৰা ব্যৱহাৰকাৰীক আক্ৰমণ কৰাটোও অইন ব্যৱহাৰকাৰীক আক্ৰমণ কৰাৰ দৰেই অগ্ৰাহ্যকৰ। ৱিকিপিডিয়াই ইতিবাচক অনলাইন সম্প্ৰদায়ক উৎসাহিত কৰে: মানুহে ভুল কৰে, কিন্তু তেওঁলোকৰ পৰা শিকিবলৈ আৰু নিজৰ পথ সলনি কৰিবলৈ উৎসাহিত হয়। ব্যক্তিগত আক্ৰমণ আৰু হাৰাশাস্তি , বিশ্বকোষ নিৰ্মাণৰ কামৰ ক্ষতি কৰিলে ব্লকৰ সন্মুখীন হ’ব পাৰে।
কেতিয়াবা কি অভদ্ৰ আৰু কি নহয় সেইটো নিৰ্ণয় কৰাটো কঠিন হৈ পৰে। এনে সিদ্ধান্তৰ বাবে এনে বিষয়ৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব যেনে (i) ভাষা/আচৰণৰ তীব্ৰতা; (ii) আচৰণটো এটা সময়ত সংঘটিত হৈছিল নেকি, বা মাজে মাজে বা নিয়মীয়া আছিল নেকি; (iii) ইতিমধ্যে আচৰণ বন্ধ কৰিবলৈ অনুৰোধ কৰা হৈছে নে নাই, আৰু সেই অনুৰোধ শেহতীয়া নেকি; (iv) আচৰণটো উচটনি দিয়া হৈছে নে নাই; আৰু (v) একে সময়তে আনৰ আচৰণৰ প্ৰতি কিমানখিনি গুৰুত্ব দিয়াৰ প্ৰয়োজন।
তলত দিয়া আচৰণসমূহে সকলোৱে অসভ্যতাৰ পৰিৱেশত অৰিহণা যোগাব পাৰে:
১/ প্ৰত্যক্ষ অভদ্ৰতা
২/অন্যান্য অভদ্ৰ আচৰণ
ইয়াৰ উপৰিও অন্য নীতি প্ৰয়োগ কৰাৰ সময়ত যত্নৰ অভাৱে সংঘাত আৰু মানসিক চাপৰ সৃষ্টি কৰিব পাৰে। উদাহৰণস্বৰূপে, ব্যৱহাৰকাৰীৰ সদ্ভাৱৰ সম্পাদনাক ধ্বংসপ্ৰৱণতা বুলি উল্লেখ কৰিলে তেওঁলোকে অন্যায়ভাৱে আক্ৰমণ কৰা অনুভৱ কৰিব পাৰে। আপোনাৰ উত্তম বিচাৰ ব্যৱহাৰ কৰক, আৰু ভুল হ’লে ক্ষমা খুজিবলৈ সাজু থাকক।
যদিহে ইয়াৰ বিপৰীতৰ শক্তিশালী প্ৰমাণ নাথাকে, তেন্তে ধৰি লওক যে সম্পাদকসকলে প্ৰকল্পটোক আঘাত কৰা নাই, সহায় কৰিবলৈ চেষ্টা কৰিছে। ভাল ভাৱ ৰাখক নিৰ্দেশনাত স্পষ্ট বিপৰীত প্ৰমাণৰ উপস্থিতিত সম্পাদকসকলে সদ্ভাৱ ধৰি ৰখাটো প্ৰয়োজনীয় নহয়; ইয়াৰ সলনি প্ৰমাণৰ সমানে যুক্তিযুক্ত ব্যাখ্যাৰ প্ৰতি লক্ষ্য ৰাখি আটাইতকৈ ইতিবাচকটো বাছি লওক।
চলি থকা অভদ্ৰতাৰ ক্ষেত্ৰত প্ৰথমে সিদ্ধান্ত লওক যে কিবা এটা কৰাৰ প্ৰয়োজন আছে নে নাই। কোনো সৰু কাণ্ডক লৈ কাৰোবাৰ মুখামুখি হ’লে—বিশেষকৈ যদি দেখা যায় যে আপুনি তেওঁলোকে কি বুজাব বিচাৰিছিল সেয়া ভুলকৈ বুজি পাইছিল—তেনে ক্ষেত্ৰত ই প্ৰকৃত ঘটনাতকৈ অধিক মানসিক চাপ আৰু নাটকৰ সৃষ্টি কৰিব পাৰে। নিজৰ আচৰণৰ কথা বিবেচনা কৰক, আৰু, যদি আপুনি অনুভৱ কৰে যে আপুনি অভদ্ৰ আছিল, তেন্তে তাৰ পৰিৱৰ্তে তেওঁৰ ওচৰত ক্ষমা খুজিব।
যদি প্ৰাসংগিক পৃষ্ঠাসমূহৰ আলোচনা পৃষ্ঠা অপৰ্যাপ্ত হয় তলত বিবাদ নিষ্পত্তিৰ উপায় সমুহ দিয়া হৈছে :
যদি অসভ্য মন্তব্য আপোনাৰ হয়, এই বিকল্পসমূহৰ যিকোনো এটাই ইয়াৰ প্ৰভাৱ কমোৱাত সহায় কৰিব:
আন এজন সম্পাদকৰ ফালৰ পৰা অভদ্ৰতা বা অসভ্যতা হ’লে সেই সম্পাদকৰ সৈতে আপত্তিজনক শব্দৰ বিষয়ে আলোচনা কৰাটো উপযুক্ত হ’ব পাৰে, আৰু সেই সম্পাদকক সেই নিৰ্দিষ্ট শব্দাংশ সলনি কৰিবলৈ অনুৰোধ কৰাটো উপযুক্ত হ’ব পাৰে। কিছু যত্ন অৱশ্যে প্ৰয়োজনীয়, যাতে পৰিস্থিতি আৰু অধিক গভীৰ নহয়। আন এজন সম্পাদকৰ মন্তব্য সম্পাদনা বা আঁতৰোৱাটো সাধাৰণতে উপযুক্ত নহয়। যদি মন্তব্যটো স্পষ্ট ট্ৰলিং বা ধ্বংসপ্ৰৱণতা, বা যদি মন্তব্যটো আপোনাৰ নিজৰ ব্যৱহাৰকাৰীৰ আলোচনা পৃষ্ঠাত থাকে তেন্তে আন এজন অৱদানকাৰীৰ বিষয়ে কৰা অপমানজনক মন্তব্য যিকোনো সম্পাদকে আঁতৰাই পেলাব পাৰে।
এটা বিশেষ ক্ষেত্ৰ হ'ল মুকলি কৰা মুকলি কৰা, অৰ্থাৎ এজন সম্পাদকৰ বিষয়ে তেওঁ নিজে প্ৰকাশ নকৰা আৰু সম্ভৱতঃ আনক জনাব নিবিচৰা তথ্য প্ৰকাশ কৰা, যেনে তেওঁলোকৰ নাম, ফোন নম্বৰ বা ঠিকনা (যদি প্ৰশ্ন কৰা সম্পাদকে প্ৰকাশ নকৰে)। এইবোৰ তৎক্ষণাত ঘূৰাই দিব লাগে, তাৰ পিছত এজন তত্বাৱধায়কৰ সৈতে যোগাযোগ কৰি সম্পাদনাৰ ইতিহাসৰ পৰা তথ্যসমুহ আঁতৰাব লাগে যাতে পিছত আন কোনোৱে বিচাৰি নাপায়। এয়া ভুল শুদ্ধ সকলো তথ্যৰ ক্ষেত্ৰত প্ৰযোজ্য (কিয়নো ভুল তথ্য শুধৰাই দিওতে অতিৰিক্ত উপযোগী তথ্য পোৱা যায়)। WP:মুকলি কৰাৰ সম্পূৰ্ণ তথ্য আছে।
বিবাদ বা ভুল বুজাবুজিৰ ফলত এটা পক্ষই আনটো পক্ষক দুখ দিব পাৰে। ক্ষমা হৈছে দুটা পক্ষৰ মাজত এক প্ৰকাৰৰ আচাৰ-অনুষ্ঠানৰ আদান-প্ৰদান, য’ত শব্দৰ দ্বাৰা মিলন কৰোৱা হয়। কিছু ক্ষেত্ৰত ক্ষমা খোজা জৰুৰী হৈ পৰে। ক্ষমা দাবী কৰা কাৰ্যই বিষয়টো আৰু বিষম কৰি তুলিব পাৰে, কিন্তু ভদ্ৰ আৰু মৃদুভাবে ক্ষমা খুজিবলৈ অনুৰোধ জনোৱাটো গ্ৰহণযোগ্য। ক্ষমা নিজৰ ফালৰ পৰা খোজা আৰু উপযোগী প্ৰক্ৰিয়া আৰু ইয়াৰ ফলত বিবাদ সমুহ সোনকালে শেষ হয়। ক্ষমাই এটা নতুন সুন্দৰ আৰম্ভনিৰ পাতনি মেলে আৰু বিবাদ শেষ কৰাত সহায় কৰে।
সম্পাদক সকলক সৰু অসভ্যতাৰ বাবে অৱৰোধ কৰা নহয়। সভ্যতা এটা লক্ষ্য হয় বস্তুনিষ্ঠ মানদণ্ড নহয়। বিশ্বৰ ভিন্ন প্ৰান্তৰ ৱিকিপিডিয়া সম্পাদকসকলৰ শালীনতাৰ সাংস্কৃতিক মানদণ্ড বেলেগ হ’ব পাৰে, গতিকে এক নিৰ্দিষ্ট পৰিমাণৰ সহনশীলতাৰ প্ৰয়োজন। আমি গুৰুত্বৰ অসভ্যতাক অৱৰোধ কৰোঁ। যদি অসভ্যতাৰ ফলত বিঘিনি, ব্যক্তিগত আক্ৰমণ, হাৰাশাস্তি বা মুকলি কৰা, হয় তেতিয়া এই নীতসমূহত উল্লেখ কৰা দৰে অৱৰোধ কৰা যাব পাৰে।
সাঁচ:ৱিকিপিডিয়া glossary
|
সাঁচ:ৱিকিপিডিয়া policies and guidelines
This article uses material from the Wikipedia অসমীয়া article ৱিকিপিডিয়া:শিষ্টাচাৰ, which is released under the Creative Commons Attribution-ShareAlike 3.0 license ("CC BY-SA 3.0"); additional terms may apply (view authors). আন একো উল্লেখ নাথাকিলে এই বিষয়বস্তু CC BY-SA 4.0 ৰ আওতাত উপলব্ধ। Images, videos and audio are available under their respective licenses.
®Wikipedia is a registered trademark of the Wiki Foundation, Inc. Wiki অসমীয়া (DUHOCTRUNGQUOC.VN) is an independent company and has no affiliation with Wiki Foundation.