ৰুক্মিণী হৰণ নাট: শ্ৰীমন্ত শংকৰদেৱ ৰচিত নাট

ৰুক্মিণী হৰণ নাটখন ভাগৱত আৰু হৰিবংশমৰ পৰা কাহিনী সংগ্ৰহ কৰি ৰচনা কৰা হৈছিল। প্ৰেম আৰু মিলন, বিবাদেই হৈছে এই নাটখনৰ মূল সমল।

ৰুক্মিণী হৰণ নাট
লিখক শ্ৰীমন্ত শংকৰদেৱ
চৰিত্ৰসমূহ কৃষ্ণ

ৰুক্মিণী
শিশুপাল
ৰুক্মবীৰ

ভীষ্ম
মূল ভাষা ব্ৰজাৱলী ভাষা
বিষয় ধাৰ্মিক

কুণ্ডিলৰ ৰজা ভীষ্মকৰ কন্যা ৰুক্মিণীকৃষ্ণৰ হাতত সমৰ্পণ কৰাৰ ইচ্ছা কৰিছিল। কিন্তু, জ্যেষ্ঠ ভাতৃ ৰুক্মবীৰে কৃষ্ণৰ পৰিৱৰ্তে ছেদীৰাজ শিশুপাললৈ ৰুক্মীণীক বিয়া দিয়াৰ ব্যৱস্থা কৰে। ইফালে ৰুক্মীণীয়ে কৃষ্ণতেই মন প্ৰাণ সঁপি দিয়ে। ভাতৃ ৰুক্মবীৰক প্ৰকাশ্যে বিৰোধ কৰিব নোৱাৰি ৰুক্মীণীয়ে বেদনিধি বিপ্ৰৰ জৰিয়তে কৃষ্ণলৈ বাৰ্তা পঠায় যে তেওঁক যিকোনো উপায়ে পলুৱায় নিব লাগে আৰু সেইয়া কিদৰে সম্ভৱ হ’ব তাৰ দিহা পৰামৰ্শও তেওঁ চিঠিত উল্লেখ কৰি দিয়ে। এই সমস্ত ঘটনাৱলীকে ৰুক্মীণী হৰণ নাটত ফুটাই তোলা হৈছে।

চৰিত্ৰ

কাহিনী

ভীষ্মক কুণ্ডিল ৰাজ্যৰ ৰজা আছিল। তেওঁৰ জীয়েকৰ নাম হৈছে ৰুক্মিণী। ৰুক্মিণী আৰু শ্ৰীকৃষ্ণ দুয়োৰে মাজত গভীৰ প্ৰেম আছিল। কিন্তু, জ্যেষ্ঠ ভাতৃ ৰুক্মবীৰ এই সম্বন্ধৰ বিপক্ষে আছিল। তেওঁ কৃষ্ণৰ পৰিৱৰ্তে ছেদীৰাজ শিশুপাললৈ ৰুক্মীণীক বিয়া দিয়াৰ ব্যৱস্থা কৰে। বিয়াৰ বাবে শিশুপাল আৰু তেওঁৰ সহযোগীসকল কুণ্ডিল ৰাজ্যলৈ যায়। এই বিয়াৰ বাবে অন্য ৰাজ্যৰ পৰাও বিভিন্ন অতিথি গোট খালেহি।

আনহাতে, ৰুক্মীণীয়ে বেদনিধি বিপ্ৰৰ জৰিয়তে কৃষ্ণলৈ বাৰ্তা পঠায় যে তেওঁক যিকোনো উপায়ে পলুৱায় নিব লাগে আৰু সেইয়া কিদৰে সম্ভৱ হ’ব তাৰ দিহা পৰামৰ্শও তেওঁ চিঠিত উল্লেখ কৰি দিয়ে। ৰুক্মিণীৰ চিঠি কৃষ্ণই পোৱাৰ পিছতেই তেওঁ দ্বাৰকাৰ পৰা কুণ্ডিললৈ যাত্ৰা কৰে। ৰুক্মবীৰ আৰু শিশুপালে কৃষ্ণৰ বাট ভেটিবলৈ বিফল প্ৰচেষ্টা চলায়। অৱশেষত, কৃষ্ণই ৰুক্মিণীক ৰথত পলুৱায় নিয়ে।

বিশ্লেষণ

নাট

এই নাটখনত ভক্তসকলৰ বাবে থকা শ্ৰীকৃষ্ণৰ প্ৰেম সুন্দৰভাৱে প্ৰকাশ পাইছে। শ্ৰীকৃষ্ণই নিজ শক্তিৰ পৰিচয় দি ৰুক্মিণীক পলুৱায় আনিছিল। ৰুক্মিণীৰ অনুৰোধত কৃষ্ণই তেওঁৰ ভাতৃ ৰুক্মবীৰৰ ওচৰত ক্ষমা খুজিছিল। অৱশেষত, দুয়ো দ্বাৰকাত বিবাহ পাশত আৱদ্ধ হয়।

চৰিত্ৰ বিশ্লেষণ

    ৰুক্মিণী

নাটখনত ৰুক্মিণীৰ চৰিত্ৰটো সফলভাৱে দাঙি ধৰাত শংকৰদেৱ সক্ষম হৈছে। নাটখনত কৃষ্ণৰ লগত গভীৰ প্ৰেমত পৰা এগৰাকী মহিলাৰ ৰূপত ৰুক্মিণীক চিত্ৰিত কৰা হৈছে।

    অন্যান্য চৰিত্ৰ

ৰুক্মিণী হৰণ নাটখনৰ আন আন চৰিত্ৰসমূহো সমব্যথা আৰু অন্তৰ্দৃষ্টিৰে চিত্ৰিত কৰা হৈছে। সম্ভৱতঃ নাটখন ৰাইজৰ মাজত জনপ্ৰিয় কৰি তুলিবলৈ শংকৰদেৱে এই প্ৰয়াস কৰিছিল।

লগতে চাওক

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

Tags:

ৰুক্মিণী হৰণ নাট চৰিত্ৰৰুক্মিণী হৰণ নাট কাহিনীৰুক্মিণী হৰণ নাট বিশ্লেষণৰুক্মিণী হৰণ নাট লগতে চাওকৰুক্মিণী হৰণ নাট তথ্য সংগ্ৰহৰুক্মিণী হৰণ নাট বাহ্যিক সংযোগৰুক্মিণী হৰণ নাট

🔥 Trending searches on Wiki অসমীয়া:

ক্ষভাৰতীয় নাগৰিকত্ব আইনঅসমৰ পৰম্পৰাগত সাজ- পাৰকৰ্কট ক্ৰান্তিভাষাবিজ্ঞানৰামঅসমৰ সাহিত্যিকসকলৰ তালিকামণিপুৰসমাজজ্ঞানপীঠ বঁটাভাৰতত বনাঞ্চল ধ্বংসচিৰ চেনেহী মোৰ ভাষা জননীকাৰ্ল মাৰ্ক্সৰবীন্দ্ৰনাথ ঠাকুৰঅখণ্ড সংখ্যাছট পূজাদেৱকান্ত বৰুৱাজন গণ মনসিন্ধু সভ্যতাগুণমালাআত্মসহায়ক গোটখোললোক-সংগীতফুৰালুং ধৰ্মমুদ্ৰাআইজাক নিউটনপ্ৰাগজ্যোতিষপুৰঅনুৰাধা শৰ্মা পূজাৰীঅসমত মহাত্মাকৃষ্ণচূড়াজোনাকী (আলোচনী)বগেজাৰী গীতৰঘুনাথ দাস মহন্তমানুহশিৱইষ্ট ইণ্ডিয়া কোম্পানীমাধৱী লতাভাইটি (চলচ্চিত্ৰ)অসমীয়া উপন্যাসঅসমৰ পৰম্পৰাগত সাজ-পাৰমোৱামৰীয়া বিদ্ৰোহফাকুৱাযতীন্দ্ৰ নাথ দুৱৰাঅসম আৰক্ষীভাস্কো দা গামাপাইথাগোৰাছৰ উপপাদ্যজোৰোণস্বদেশী আন্দোলনআবেগকাতি বিহুৱৰ্ল্ড ৱাইড ৱেবঅসমৰ সত্ৰসমূহৰ তালিকাজৈৱিক কৃষিব্ৰহ্মগুপ্তমুগা (ৰেচম)সিংহএডাম স্মিথমেলেৰিয়ামাটিঅসমৰ বাঁহ-বেতৰ শিল্পসংস্কৃতিভাৰত-ইউৰোপীয় ভাষা পৰিয়ালশালস্তম্ভ ৰাজবংশৰংমোহনদাস কৰমচান্দ গান্ধীপূৰ্ণ স্বৰাজমৌখিক ইতিহাসনীলমণি ফুকন (কনিষ্ঠ)শিৱসাগৰ জিলাৰ দৌল দেৱালয় সমূহচুতীয়া ৰাজ্যপূৰবী বৰমুদৈৰাজ্যসভামিৰি জীয়ৰীভাৰতৰ ৰাজ্যিক গছসমূহৰ তালিকাশ্ৰীমদ্ভগৱতগীতা🡆 More