ৰজনীকান্ত দত্ত

ৰজনীকান্ত দত্ত হৈছে অসমৰ এজন শিক্ষাবিদ, বক্তা আৰু শঙ্কৰদেৱ সঙ্ঘৰ প্ৰাক্তন পদাধিকাৰ। তেখেতৰ জন্ম হৈছিল শিৱসাগৰ জিলাৰ জোলাগাঁওত; ১৯৩৪ চনৰ ১৩ এপ্ৰিলত৷ তেখেতৰ পিতৃৰ নাম হাওবড়া দত্ত আৰু মাতৃৰ নাম গোলাপী দত্ত ৷ ২০১১ চনত কাৰ্বি আংলঙৰ বকলীয়াঘাটৰ জয়হৰি ক্ষেত্ৰত অনুষ্ঠিত শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ অধিৱেশনৰ তেঁও সভাপতি আছিল।

ৰজনীকান্ত দত্ত
ৰজনীকান্ত দত্ত
জন্ম ১২ এপ্ৰিল, ১৯৩৪ চন
জোলাগাঁও শিৱসাগৰ, অসম
ৰাষ্ট্ৰীয়তা ৰজনীকান্ত দত্ত ভাৰত
পেচা শিক্ষক, সমাজ সংস্কাৰক
দাম্পত্যসঙ্গী শ্ৰীমতী কেশদা দত্ত
পিতৃ-মাতৃ হাওবড়া দত্ত (পিতৃ)
গোলাপী দত্ত (মাতৃ)

শিক্ষা

ৰজনীকান্ত দত্তদেৱে প্ৰাথমিক শিক্ষা নিতাইপুখুৰী প্ৰাথমিক বিদ্যালয়ত লাভ কৰাৰ অন্তত তেখেতে ১৯৫৪ চনত নিতাইপুখুৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা মেট্ৰিক, ১৯৫৬ বৰ্ষত শিৱসাগৰ মহাবিদ্যালয়ৰ, জয়সাগৰৰ পৰা ইণ্টাৰমিডিয়েট, ১৯৫৮ বৰ্ষত সেই কলেজৰ পৰাই স্নাতক আৰু ১৯৭০ বৰ্ষত অসম স্নাতকোত্তৰ প্ৰশিক্ষণ মহাবিদ্যালয়, যোৰহাটৰ পৰা সুখ্যাতিৰে বি. টি. উত্তীৰ্ণ হয় ৷

শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘলৈ অৱদান

শিক্ষকতাৰ বৃত্তিৰে কৰ্ম জীৱনৰ পাতনি মেলা দত্তই নিতাইপুখুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা অধ্যক্ষ পদত থাকোঁতে অৱসৰ গ্ৰহণ কৰে। তেখেতে নিতাইপুখুৰীত কৰ্মৰত অৱস্থাতেই শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ লগত নিবিড়ভাৱে আত্মনিয়োগ কৰি এজন সুবক্তা আৰু সংগঠক ৰূপে জনমানসত প্ৰতিষ্ঠা লাভ কৰে। ১৯৮৮ বৰ্ষত ৰূপহী পথাৰত অনুষ্ঠিত শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ ৫৭তম মূল অধিৱেশনৰ আদৰণী সমিতিৰ সম্পাদক আছিল। ১৯৯০ চনৰে পৰা তেঁও সংঘৰ মূল কাৰ্যনিৰ্বাহক সমিতিৰ সদস্য হিচাপে দায়িত্ব পালন কৰাৰ ওপৰিও শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ উপ-পদাধিকাৰ, শিক্ষা শাখা সমিতিৰ সভাপতি, শিক্ষা আৰু আৰ্থ-সামাজিক উন্নয়ন ন্যাসৰ প্ৰতিষ্ঠাপক সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰে। ২০১১ চনত তেঁও শ্ৰীমন্তশঙ্কৰদেৱ সঙ্ঘৰ পদাধিকাৰ হিচাপে নিৰ্বাচিত হয়। তেখেতৰ কাৰ্যকালতেই সঙ্ঘৰ ভালেসংখ্যক আঁচনি কাৰ্যকৰী আৰু শুভাৰম্ভ কৰা হৈছিল; তাৰ ভিতৰত মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ বিশ্ববিদ্যালয়ৰ প্ৰতিস্থা উল্লেখযোগ্য।

ভাষা আন্দোলন

১৯৬০ চনৰ ভাষা আন্দোলনত ৰজনীকান্ত দত্তদেৱে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি এসপ্তাহৰ বাবে কাৰাবৰণ কৰিছিল। সেইদৰে ১৯৭২ চনৰ ভাষা মাধ্যম আন্দোলনতো তেখেতে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল আৰু অস্তিত্ব ৰক্ষাৰ আন্দোলনত কৰ্মচাৰী পৰিষদৰ কৰ্মী হিচাপে যোগদান কৰিছিল।

সাহিত্য কৰ্ম

ৰজনীকান্ত দত্তদেৱৰ প্ৰকাশিত গ্ৰন্থসমূহ হৈছে,-

  • মহাপুৰুষীয়া ধৰ্ম,
  • নাম-ঘোষা: এটি আলোক,
  • এই যাত্ৰা নিৰবধি।

তথ্য সংগ্ৰহ

Tags:

ৰজনীকান্ত দত্ত শিক্ষাৰজনীকান্ত দত্ত শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘলৈ অৱদানৰজনীকান্ত দত্ত ভাষা আন্দোলনৰজনীকান্ত দত্ত সাহিত্য কৰ্মৰজনীকান্ত দত্ত তথ্য সংগ্ৰহৰজনীকান্ত দত্তঅসমশিৱসাগৰ জিলাশ্ৰীমন্ত শঙ্কৰদেৱ সংঘ

🔥 Trending searches on Wiki অসমীয়া:

নামচিংবাংলাদেশঅনাভেদী যৌনক্ৰিয়াপ্ৰাচীৰ পত্ৰিকাপ্ৰদূষণবগেজাৰী গীতসুবাসনা দত্তৰজনীকান্ত বৰদলৈঅসমৰ বাঁহ-বেতৰ শিল্পঅনুৰাধা শৰ্মা পূজাৰীনাগৰিকত্ব (সংশোধনী) আইন, ২০১৯শিৱসাগৰ জিলাৰ পৰ্যটনস্থলসমূহৰ তালিকাঢোলবিৰিকাউণ্টি কিউলেনলোকাচাৰজৈৱ বৈচিত্ৰ্য২০০০ দশকৰ অসমীয়া চলচ্চিত্ৰৰ তালিকাবিশ্বনন্দৰামধেনুঅসমৰ সাধুকথাবিৰিঞ্চি কুমাৰ বৰুৱাপ্ৰাগজ্যোতিষপুৰসৌৰ শক্তিমানৱ উন্নয়ন সূচকসমীৰ তাঁতীদৌল গোবিন্দ মন্দিৰশাল গছপুথিভঁৰালআমাৰ অসমমহাবীৰনৈৰাজ্যবাদঅসমৰ সমস্যাগুগলকাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানভটিমাঅসমৰ ধান খেতিৰ সঁজুলিসমূহইষ্ট ইণ্ডিয়া কোম্পানীমৰুভূমিলখিমপুৰ জিলাগোলকীয় উষ্ণতা বৃদ্ধিগোপীনাথ বৰদলৈকামৰূপ ৰাজ্যকলাশ্ৰীনিবাস ৰামানুজনকমলাকান্ত ভট্টাচাৰ্য্যমল্লিকা ফুলনৱ-বৈষ্ণৱ ধৰ্মমালিনী থানঅন্তৰীপ (উপন্যাস)বকুল ফুলৰ দৰে (গ্ৰন্থ)মৌলানা আব্দুল হামিদ খান ভাসানীত্ৰিপুৰাআকবৰৰমন্যাসবাদচন্দ্ৰযান-৩জাতীয়তাবাদকৰ'নাভাইৰাছ ৰোগ ২০১৯চৈয়দ আব্দুল মালিকমুগা (ৰেচম)জোৰোণচিকিৎসা বিজ্ঞানআমেৰিকা যুক্তৰাষ্ট্ৰঅসমৰ সত্ৰসমূহৰ তালিকাসদৌ অসম ছাত্ৰ সন্থাআঙঠি পিন্ধোৱাআহোম জনগোষ্ঠীমাইলছ ব্ৰনছনস্বামী বিবেকানন্দশেৱালি ফুলভানুমতীযতীন্দ্ৰ নাথ দুৱৰাহাড়ভূমিকম্পচৰাইপৰিমেয় সংখ্যা🡆 More