হৰিদেৱ: মধ্যযুগীয় অসমৰ সাহিত্যিক

হৰিদেৱ (ইংৰাজী: Harideva) আছিল অসমত মহাপুৰুষীয়া বৈষ্ণৱ ধৰ্মৰ অন্যতম প্ৰচাৰক। তেখেতে ভগৱানৰ পূজাত কোনো ধৰণৰ বলি-বিধানৰ বিপৰীতে বেদ, গীতা, ভাগৱত আদিত উল্লেখিত ধৰণে শ্ৰীকৃষ্ণকেই সকলো ভগৱানৰ মূল বুলি মানি কৃষ্ণৰ পূজা-অৰ্চ্চনা কৰাতহে বিশ্বাস কৰিছিল। এই এক শৰণ বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ অৰ্থে তেওঁ মানেৰি সত্ৰ, বহৰি সত্ৰ, হৰিপুৰ সত্ৰ আৰু কৈহাটী সত্ৰ স্থাপন কৰিছিল। অসমত মহাপুৰুষীয়া-বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক চাৰিজন– শংকৰদেৱ, মাধৱদেৱ, দামোদৰ দেৱ আৰু হৰিদেৱ। সত্ৰ পাতি বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰাৰ উপৰিও তেখেতে ভক্তিজ্ঞাপক গ্ৰন্থ ৰচনা কৰিছিল। তেখেত গীতিকাৰো আছিল।

পূৰ্বপুৰুষ আৰু জন্ম

১৪২৬ খ্ৰীষ্টাব্দভাদ মাহৰ শুক্লা পঞ্চমী তিথিত লখিমপুৰনাৰায়ণপুৰত মহাপুৰুষ হৰিদেৱৰ জন্ম হয়। তেখেতৰ পিতৃ আছিল দ্বিজ অজনাভ আৰু মাতৃ পাৰিজাত দেৱী। তেখেতৰ পূৰ্বপুৰুষ কান্যকুব্জৰ আছিল যদিও সময়ৰ গতিত তেওঁ অসমৰ বাসিন্দাত পৰিণত হয়।

বাল্যকাল আৰু শিক্ষা-দীক্ষা

হৰিদেৱ ব্ৰাহ্মণ (গোস্বামী) আছিল। ন বছৰ বয়সত উপনয়ন হৈ যোৱাৰ পিছত তেওঁ গোবিন্দ পণ্ডিতৰ ওচৰত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰে। পিতৃ অজনাভে শিশুকালত হৰিদেৱক সংস্কৃত ব্যাকৰণ পঢ়াইছিল। বাল্যকালতেই পাণিণি ব্যাকৰণৰ লগতে বেদ আৰু দৰ্শনৰো জ্ঞান লাভ কৰিছিল। হৰিদেৱে ল’ৰালি কালৰ পৰাই বিভিন্ন ক্ষেত্ৰত তেখেতৰ পাণ্ডিত্যৰ গুণ প্ৰকাশ পাইছিল।

কৰ্মজীৱন

তেওঁ হিংসা-দ্বেষ পৰিহাৰ কৰি, বলি-বিধান ত্যাগ কৰি বৈদিক বৈষ্ণৱ চিন্তাত ব্ৰতী হয়। ১৪৪৩ খ্ৰীষ্টাব্দত তেওঁ ৰাজৰোষত পৰিবলগীয়া হৈছিল। কিন্তু ৰাজদূত ‘হুমা’ আৰু ‘ভীমা’ৰ চকুত ধূলি মাৰি হৰিদেৱ ঘৰৰপৰা ওলাই গৈ ব্ৰহ্মপুত্ৰৰে ভটিয়াই গৈ উত্তৰ গুৱাহাটীৰ অশ্বক্লান্তত থাকিবলৈ লয়। তাত মাধৱ নামৰ সন্ন্যাসী এজনৰ পৰা শৰণ দীক্ষা লাভ কৰে। ইয়াৰ কিছুদিন পিছত তেওঁ হাজোলৈ গৈ হয়গ্ৰীৱ মাধৱ মন্দিৰ আৰু কেদাৰ মন্দিৰ পৰিদৰ্শন কৰে। তাৰপিছত ভটিয়াই শ্ৰীক্ষেত্ৰলৈ যায়গৈ। তাত বিশাম্ভৰ নামৰ পাণ্ডা এজনৰ ঘৰত থাকি শ্ৰীক্ষেত্ৰৰ জগন্নাথ মন্দিৰ দৰ্শন কৰে। হৰিদেৱে উত্তৰ ভাৰতৰ সকলো তীৰ্থ দৰ্শন কৰি শেষত কাশীত শ্ৰদ্ধানন্দ আচাৰ্যৰ অধীনত চাৰি বছৰ বেদ আৰু দৰ্শন অধ্যয়ন কৰে। বেদ আৰু দৰ্শনৰ ওপৰত অগাধ দখল থকা হেতুকে পিছলৈ তেখেতক দৰ্শন বেদাচাৰ্য্য উপাধিৰে বিভূষিত কৰা হৈছিল। তাৰপিছত তেওঁ জগন্নাথত পাঁচ বছৰকাল ভাগৱত চৰ্চা কৰি ভাগৱতাচাৰ্য্য উপাধি লাভ কৰে। ভাগৱত সমাপ্ত হোৱাৰ পিছত তেওঁ তেওঁৰ পূৰ্বপুৰুষৰ স্থান বহৰিলৈ ঘূৰি যায় আৰু নিজ প্ৰতিভাৰ বলত বহৰিৰ কেইবাজনো অসৎ চৰিত্ৰৰ লোকক সৎ পথলৈ আনিবলৈ সমৰ্থ হয়। তাতেই তেওঁ ১৪৫৩ চনত সৎ সংগী হৰিদেৱাশ্ৰম নামেৰে এখন আশ্ৰম স্থাপন কৰে। পিছত ই গুৰুদেৱ সেৱাশ্ৰম নামে নামান্তৰিত হয়। সেই সময়ত শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী দামোদৰদেৱে তেখেতক সম্বৰ্ধনা জনাই মান ধৰে। এই মান ধৰা সূত্ৰেই গুৰুদেৱ সেৱাশ্ৰম পিছলৈ মানেৰি সত্ৰ নামে জনাজাত হয়। এই সত্ৰক বহৰি সত্ৰ বুলিও জনা যায়।

বহৰিত থকা সময়তেই তেওঁ কৃষ্ণকান্ত অধ্যাপকৰ কন্যা তিলোত্তমাৰ লগত লগত বিবাহপাশত আবদ্ধ হয়। তেওঁৰ এজনী জীয়ৰী আছিল – নাম ভুৱনেশ্বৰী। ভূবনেশ্বৰীয়ে চিৰকুমাৰী হৈ জ্ঞান চৰ্চাত ব্ৰতী হৈ থাকি শেষত মানেৰি সত্ৰৰ সত্ৰাধিকাৰিণী হিচাপে অধিষ্ঠিত হয়। বৈষ্ণৱ ধৰ্ম প্ৰচাৰত এনে সন্মানীয় স্থান লাভ কৰা অসমৰ এৱেঁই একমাত্ৰ নাৰী। হৰিদেৱৰ গুণ, গৰিমা আৰু পাণ্ডিত্যৰ কথা জানিব পাৰি তেওঁক কোচবিহাৰৰ ৰজা মল্লদেৱে আদৰি নিয়ে আৰু পত্নীসহ তেৰাৰ ওচৰত দীক্ষিত হয়। পিছত ৰজাই কোচবিহাৰৰ পৰা তিনি-চাৰি কিলোমিটাৰ আঁতৰত হৰিপুৰ সত্ৰ নামেৰে এখন সত্ৰ স্থাপন কৰি বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰাৰ ব্যৱস্থা কৰাই দিয়ে। তাত কিছুকাল ধৰ্মপ্ৰচাৰ কৰি তেওঁ পুনৰ অসমৰ (বৰ্তমানৰ বৰপেটা জিলাৰ অন্তৰ্গত) বহৰিত স্থাপন কৰা মানেৰি সত্ৰলৈ উভতি আহি ধৰ্ম প্ৰচাৰ অব্যাহত ৰাখে।

বৈষ্ণৱ ধৰ্ম প্ৰচাৰ

বেদ, গীতা আৰু ভাগৱত শাস্ত্ৰৰ ওপৰত প্ৰতিষ্ঠিত এক ঈশ্বৰ উপাসনা কৰা ধৰ্মকেই হৰিদেৱে মানিছিল আৰু তাৰ প্ৰচাৰৰ বাবে দেহে কেহে খাটিছিল। তেৰাৰ মতে শ্ৰীকৃষ্ণই সকলো অবতাৰৰ মূল। তেওঁ বলি-বিধানৰ বিৰোধ কৰিছিল কিন্তু লগতে অন্য দেৱ-দেৱীক নিন্দা কৰাটো দূষণীয় বুলি গণ্য কৰিছিল। তেখেতৰ মতে পৃথিৱীৰ সকলো পানীভাগ সাগৰলৈ গতি কৰাৰ দৰেই অন্য দেৱ-দেৱীৰ পূজা আদিও শেষত কেশৱ অৰ্থাৎ শ্ৰীকৃষ্ণলৈ গতি কৰে। তেওঁ বিশ্বাস কৰিছিল যে ভাগৱতৰ নৱবিধা ভক্তিৰ দ্বাৰাও পৰম গতি লাভ কৰিব পাৰি, কিন্তু তাৰবাবে সৎ গুৰুৰ আৱশ্যক।

বহুমুখী প্ৰতিভা

হৰিদেৱ আছিল এগৰাকী সৰল, ধৰ্মপৰায়ণ, বেদ, উপনিষদ, গীতা, ভাগৱত আদিৰ অগাধ জ্ঞান থকা এজন বিদগ্ধ পণ্ডিত বা যোগসিদ্ধপুৰুষ। তেখেতে সকলো শাস্ত্ৰৰপৰা মূল তত্ত্ববোৰ গোটখুৱাই ভক্তসকলৰ মাজত প্ৰচাৰ কৰাৰ লগতে লিপিবদ্ধও কৰিছিল।

সাহিত্যকৃতি

সহজ-সৰল চুটি চুটি বাক্যৰ দ্বাৰা গধুৰভাৱ প্ৰকাশ কৰাটো হৰিদেৱৰ গদ্যশৈলীৰ অন্যতম বৈশিষ্ট্য। তেখেতৰ ‘‘‘ভক্তিৰস তৰংগিনী’’’ প্ৰাচীন অসমীয়া গদ্য সাহিত্যৰ এক নিদৰ্শন।

ৰচনাৱলী

বৰ্তমানলৈকে পোহৰলৈ অহা পুথিসমূহ হ’ল-

  • শৰণ সংহিতা
  • ভক্তিৰস তৰংগিনী

আৰু তেখেতে লিখা কেইটিমান ভক্তিমূলক গীতৰ বিষয়ে জানিব পৰা গৈছে। শৰণ সংহিতাত শৰণৰ প্ৰয়োজনীয়তা, শৰণৰ প্ৰকৃত অৰ্থ আৰু নিয়ম পদ্ধতিৰ কথা আছে। আনহাতে ভক্তিৰস তৰংগিনীত ভাগৱতৰ সাৰতত্ত্ব ৰ বিশ্লেষণ পোৱা যায়। পাতৰ এপিঠিত সংস্কৃত শ্লোক আৰু আন পিঠিত তাৰ অসমীয়া গদ্য ৰূপান্তৰ দিয়া আছে। ইয়াৰ উপৰি হৰিদেৱে "ৰামাভিষেক" নামৰ অংকীয়া নাট এখনো ৰচনা কৰি গৈছে। তাত ৰামৰ জন্ম, বিবাহ, বনবাসৰ পৰা ৰাজ্যাভিষেকলৈ কাহিনীবোৰ বৰ্ণোৱা হৈছে। হৰিদেৱে ৰচনা কৰা "হৰিনাম কীৰ্ত্তন পদ্ধতি" নামৰ পুথিখনত কীৰ্তনৰ প্ৰকৃত অৰ্থ আৰু তাৰ আঁতিগুৰি আলোচনা কৰা হৈছে।

ইংৰাজীলৈ অনূদিত তেখেতৰ গ্ৰন্থ

  • শৰণ সিদ্ধান্ত, ১৯৯১, প্ৰকাশক- উত্তৰ-পূৱ ভাৰত হৰিদেৱ সংঘ
  • ভক্তিৰস তৰংগিনী, ১৯৯২, প্ৰকাশক- উত্তৰ-পূৱ ভাৰত হৰিদেৱ সংঘ

হৰিদেৱ সম্পৰ্কীয় তথ্যসম্বলিত কেইখনমান চৰিত পুথি

  • দ্বিজ বাণেশ্বৰ ৰচিত সংস্কৃত গুৰুচৰিতামৃত
  • দ্বিজ বাণেশ্বৰ ৰচিত সংস্কৃত চৰিত পুথিৰ দ্বিজ দিবাকৰে কৰা অসমীয়া পদানুবাদ- শ্ৰীশ্ৰীহৰিহৰদেৱ চৰিত্ৰ
  • বনগঞাগিৰী বিৰচিত মহাপুৰুষ শ্ৰীশ্ৰীহৰিহৰদেৱ চৰিত (এইখন জাল চৰিত নামেৰে জনাজাত)
  • শ্ৰীদাোদৰদেৱ গোস্বামী বিৰচিত আধুনিক মহাপুৰুষ শ্ৰীশ্ৰীহৰিহৰদেৱ কীৰ্তন।

স্থাপন কৰা সত্ৰসমূহ

  1. বহৰি সত্ৰ
  2. মানেৰি সত্ৰ
  3. হৰিপুৰ সত্ৰ
  4. কৈহাটী সত্ৰ

তিৰোভাৱ

মহাপুৰুষ হৰিদেৱে জীৱনৰ অন্তিম সময়লৈকে ধৰ্ম প্ৰচাৰ কাৰ্য্য চলাই আছিল। ১৫৬৬ খ্ৰীষ্টাব্দৰ (১৪৮৮ শক) জেঠ মাহৰ অমাৱস্যা তিথিত বহৰিত এইজনা মহাপুৰুষে ইহলীলা সম্বৰণ কৰে।

তথ্য সংগ্ৰহ

Tags:

হৰিদেৱ পূৰ্বপুৰুষ আৰু জন্মহৰিদেৱ বাল্যকাল আৰু শিক্ষা-দীক্ষাহৰিদেৱ কৰ্মজীৱনহৰিদেৱ বৈষ্ণৱ ধৰ্ম প্ৰচাৰহৰিদেৱ বহুমুখী প্ৰতিভাহৰিদেৱ সাহিত্যকৃতিহৰিদেৱ ৰচনাৱলীহৰিদেৱ ইংৰাজীলৈ অনূদিত তেখেতৰ গ্ৰন্থহৰিদেৱ সম্পৰ্কীয় তথ্যসম্বলিত কেইখনমান চৰিত পুথিহৰিদেৱ স্থাপন কৰা সত্ৰসমূহহৰিদেৱ তিৰোভাৱহৰিদেৱ তথ্য সংগ্ৰহহৰিদেৱঅসমইংৰাজী ভাষাকৈহাটীগীতাদামোদৰ দেৱবেদবৈষ্ণৱ ধৰ্মভাগৱতমাধৱদেৱশংকৰদেৱশ্ৰীকৃষ্ণ

🔥 Trending searches on Wiki অসমীয়া:

অসমীয়া যুক্তাক্ষৰকল্প (সময়)অসমৰ ইতিহাসভাৰতৰ উচ্চতম ন্যায়ালয়অৰুণাচল প্ৰদেশৰ জনগোষ্ঠীসমূহসমাৰ্থক শব্দপদুমদীপলিনা ডেকাদৰ্শনএছ এছ ৰাজামৌলীশৰৎচন্দ্ৰ চট্টোপাধ্যায়থমাছ আলভা এডিচনঅংকীয়া নাটমৌন ওঁঠ মুখৰ হৃদয়গাঁও পঞ্চায়তনাগৰিকত্বশ্ৰীমন্ত শংকৰদেৱকলিকতামানৱ শৰীৰহৰি-হৰ যুদ্ধলক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্যিক অৱদানবিহুৰ সাজ-পোচাক আৰু অলংকাৰশ্ৰী শ্ৰী বটদ্ৰৱা থাননীলপৱন বৰুৱাসত্ৰহিন্দু ধৰ্মনৰকাসুৰসূৰ্যকুমাৰ ভূঞাসামাজিক উপভাষাসাত বিহুপাঁচালীদীপালী বৰঠাকুৰফাট বিহুচৰকাৰআত্মসহায়ক গোটবাগ্‌ধ্বনিবিপৰীতাৰ্থক শব্দমায়া সীতাউমানন্দবাক্সা জিলাঅনুবাদভাৰত ত্যাগ আন্দোলনবায়ু প্ৰদূষণজৈৱ বৈচিত্ৰ্যঅংগৰাগ মহন্তওৰাং ৰাষ্ট্ৰীয় উদ্যানবৌদ্ধ ধৰ্মবৰাক নদীতেজপুৰচ্যু-কা-ফাভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাআঁহতভাৰতৰ সংৰক্ষণ ব্যৱস্থাভাৰতৰ প্ৰধানমন্ত্ৰীছক্ৰেটিছপিম্পৰা গুচোৱাভট্টদেৱৰ গদ্যশৈলীইণ্টাৰনেটঅৰুণাচল প্ৰদেশভাৰতৰ মুখ্য ন্যায়াধীশজেং বিহুসমাসনাৰীপ্ৰদূষণতৎসমমিডিয়াৱিকিজলসিঞ্চনভিটামিনপদ (ব্যাকৰণ)কৌটিল্যৰ অৰ্থশাস্ত্ৰভাৰতৰ চৰকাৰী ভাষাসমূহহীৰেন গোহাঁইঅসমৰ সাধুকথাপৰিয়ালকামিনী কাঞ্চন🡆 More