হাবুং (আহোম: 𑜑𑜡 𑜈𑜤𑜂𑜫,ইংৰাজী: Habung) পৌৰাণিক কামৰূপৰ এটা বৃহৎ অঞ্চল আৰু আহোম ৰাজ্যৰ দ্বিতীয় ৰাজধানী আছিল ৷ টাই-আহোম ভাষাত লিখা সাচিপটিয়া দীন-বুৰঞ্জী, ম' চাংবুন বুৰঞ্জী, অসম চৰকাৰ আৰু একাংশ ইতিহাসবিদৰ মতে ই আহোম ৰাজ্যৰ দ্বিতীয় ৰাজধানী আছিল। অন্য একাংশ গ্ৰন্থ আৰু আলোচনাত হাবুঙৰ কথা উল্লেখ হোৱা নাই৷ বৰ্তমান হাবুঙ লখিমপুৰ জিলা আৰু ধেমাজি জিলাত অন্তৰ্ভুক্ত আৰু প্ৰত্নতাত্বিক স্থান যেনে হাবুং মৈদাম, ঘুগুহা দৌল আদি ধেমাজি জিলাৰ অংশ।ৱেড (১৮০০)-ৰ মতে, সোৱণশিৰি নদী আৰু ব্ৰহ্মপুত্ৰ নদীৰ মিলন হোৱা অঞ্চলটোক হাবুং বুলি জনা গৈছিল। শিলালিপিৰ তথ্য অনুসৰি, হাবুং (Ha-Vrnga Visaya) আছিল এখন প্ৰদেশ য'ত ব্ৰাহ্মণসকলক দশম শতিকাত কামৰূপৰ পাল ৰাজবংশৰ ৰত্নপালে স্থাপন কৰিছিল। কামৰূপৰ পতনৰ পাছত হাবুং চুতীয়া ৰাজ্যৰ অন্তৰ্গত হয় আৰু এই অঞ্চলত বৃহৎপাত্ৰ নামৰ এজনক শাসন কৰিবলৈ ৰখা হয়। টাই-আহোম ভাষাত লিখা সাচিপটিয়া দীন-বুৰঞ্জী অনুসৰি চাওলুং চ্যুকাফা আৰু তেঁওৰ লগত অহা ৯০৩০ জন লোকে হাবুঙত তিনি চন্দ্ৰ বৰ্ষ ক্ৰমে লাকনি দাপকেও, লাকনি ৰাইছেও আৰু লাকনি মুঙপ্লাও গড় বান্ধি ৰাজধানী পাতে কিন্তু বানপানী হোৱাৰ ফলত পুনৰ ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰলৈ ঘূৰি যায়।চুতীয়া ৰাজ্য জয় কৰাৰ পাছত লাকনি খুতছান (১৫২৫ খ্ৰীষ্টাব্দত) চাওফা চুহুংমুংএ ক্লাংচেঙ নামৰ বিষয়া এজনক হাবুংত ৰাজত্ব কৰিবলৈ ৰাখে।
হাবুং 𑜑𑜡 𑜈𑜤𑜂𑜫 | |
---|---|
— কামৰূপ ৰাজ্যৰ পৌৰাণিক প্ৰদেশ তথা আহোম ৰাজ্যৰ দ্বিতীয় ৰাজধানী — | |
হাবুং প্ৰদেশ | |
হাবুং হ'লুং হ'ফি | |
চৰকাৰ | |
- বৃহৎ পাত্ৰ | অজ্ঞাত |
- চাও ছেং লুুং | ক্লাংচেঙ |
হাবুং শব্দটো মূলতঃ বড়ো-কছাৰী মূলীয় ভাষাৰ বুলি জনা যায়। ইয়াৰ অৰ্থ হৈছে "মাটিৰে ভৰা ঠাই" অৰ্থাৎ "নদীৰ পানীয়ে খহাই অনা পলস জমা হৈ সৃষ্টী হোৱা ভূমি। " "হা" মানে হৈছে "মাটি" (যেনে হাছাও, হাজং, হালালি, ইত্যাদি) আৰু "বুঙ" মানে হৈছে ভৰি পৰা। পি.আৰ.টি গৰ্ডনৰ মত অনুসৰি পৌৰাণিক মৰাণ ভাষাত "হাবুঙ"ৰ অৰ্থ হৈছে "মানুহৰ বাসতি/চাপৰি"। ইতিহাসবিধ চিড্নি এণ্ডেলৰ "ডা কচাৰী" নামৰ কিতাপখনত উল্লেখ কৰা মতে বুৰঞ্জীত মৰাণসকলক হাবুঙীয়া বুলি উল্লেখ কৰা হৈছিল যাৰ অৰ্থ আছিল "ভূমিৰ থলগিৰি"। এখেতৰ মতে হাবুঙ শব্দটো প্ৰকৃততে "হা" (মাটি)-"চুবুঙ" (মানুহ)ৰ পৰা উৎপত্তি হৈছিল। হাবুঙৰ ওচৰতে খুবুং নামৰ অন্য এক অঞ্চল এতিয়াও দেখা পোৱা যায়। কামৰূপৰ ৰজা ৰত্নপালৰ তামৰ ফলিত হাব্ৰং বুলি উল্লেখ কৰা হৈছে। ১৪২৮ চনৰ চুতীয়া ফলিত শ্ৰী বৃহৎ পাত্ৰক "হাবুঙাধিপতি" (হাবুঙৰ অধিকাৰী) বুলি উল্লেখ কৰা হৈছে।
আন এক মত অনুসৰি হাবুং টাই-আহোম ভাষাৰ শব্দ হয়, যাৰ অৰ্থ "পঞ্চমখন বোকাময় ঠাই"। অৱশ্যে টাই ভাষাত "বুঙ"ৰ সলনি "বৃ" শব্দয়েহে বোকাময় ঠাই বু্জাই। উল্লেখযোগ্য যে আহোমসকলৰ প্ৰব্ৰজনৰ আগৰে পৰা হাবুং নামৰ প্ৰদেশত ব্ৰাহ্মণ আৰু চুতীয়াসকলৰ বসতি আছিল।
১০ শতিকাৰ ৰত্নপালৰ তামৰ ফলিৰ পৰা হাবুং প্ৰাচীন কালৰ পৰাই এক গুৰুত্বপূৰ্ণ অঞ্চল বা প্ৰদেশ আছিল বুলি উমান পোৱা যায়, য'ত কামৰূপৰ ৰজাসকলে ব্ৰাহ্মণৰ সংস্থাপন কৰিছিল। ১২০০ শতিকাত কামৰূপ বিভক্ত হোৱাৰ ফলত হাবুং চুতীয়া ৰাজ্যৰ অধীনলৈ আহে। ৰত্নধ্বজপালে দদায়েক স্বেতগিৰিৰ ৰজা ভদ্ৰশেনৰ পৰা ধেমাজি অঞ্চল দখল কৰি হাবুঙৰ দক্ষিণৰ ৰতনপুৰত ৰাজধানী স্থাপন কৰে। একে সময়চোৱাতে পাটকাই পৰ্বতৰ পুৰ্বৰ পৰা অহা টাই-আহোমসকলে অভয়পুৰত (শিৱসাগৰৰ অঞ্চল) বানপানী হোৱাৰ ফলত হাবুঙত অস্থায়ী ৰাজধানী পাতে। কিন্তু ৪ বছৰ থাকি পুনৰ বানপানী হোৱাৰ ফলত শিৱসাগৰৰ লিগিৰী গাঁৱলৈ (চনটক) উভতি যায় য'ত বৰাহী চুতীয়াসকলক লগ পায়। উল্লেখযোগ্য যে চুকাফাই বানপানী হোৱাৰ বাবে এৰি যোৱা তিপাম (কানগং নামৰ এজন), নামৰূপ (খুণতাং নামৰ এজন) বা লিগিৰী গাঁৱ (তাখোনলাক নামৰ এজন) লেখীয়া ঠাইৰ দৰে অভয়াপুৰ আৰু হাবুং অঞ্চলত কোনো লোকক ৰাখি যোৱা নাছিল। ইয়াৰ পাছত হাবুঙৰ উল্লেখ ১৪ শতিকাত পোৱা যায়। ইব্ন বট্টোতাই ১৪ শতিকাৰ আগ ভাগত কামৰূপ ভ্ৰমণ কৰোঁতে হাবুঙলৈ(হাবাঙ) আহিছিল। এই কথা তেওঁ নিজৰ লেখনীত উল্লেখ কৰিছে। তেওঁৰ মতে হাবুং তেতিয়াৰ দিনত এক সমৃদ্ধিশালী অঞ্চল আছিল। চুতীয়া ৰজা সত্যনাৰায়ণে ১৩৯২ চনত হাবুং অঞ্চলত ব্ৰাহ্মণক ভূমি দান কৰিছিল। মৃত্যু দণ্ডৰ পৰা প্ৰাণ ৰক্ষা কৰিবলৈ আহোম ৰজা থিয়াও খামতিৰ ৰাণীয়ে দিহিং(পূৰ্বতে দিহিং বোকাখাটৰ মহোৰামুখত পৰিছিল) পাৰ হৈ আহি চুতীয়া ৰাজ্যৰ হাবুঙত আশ্ৰয় লৈছিল। নাওবৈচা ফুকনৰ বুৰঞ্জীৰ মতে হাবুঙত ব্ৰাহ্মণ এজনে তেখেতক প্ৰশ্ন কৰোঁতে তেখেতে নিজকে অসম(আহোম) ৰাজ্যৰ ৰাণী বুলি চিনাকি দিছিল। ইয়াৰ পাছত হাবুঙৰ উল্লেখ ১৪২৮ চনত চুতীয়া ৰজা ধৰ্মনাৰায়ণৰ পুত্ৰ দুৰ্লভনাৰায়ণৰ শদিয়াত উদ্ধাৰ হোৱা তামৰ ফলিত পোৱা যায়। এই ফলিৰ মতে চুতীয়া সেনাপতি শ্ৰী বৃহৎ পাত্ৰ হাবুঙৰ অধিকাৰী (হাবুঙাধিপতি) আছিল আৰু স্বধয়াধিপতি শ্ৰী শ্ৰী ধৰ্মনায়াৰণৰ আদেশত তেওঁ পুৰন্দৰ বিপ্ৰ নামৰ এজন ব্ৰাহ্মণক ৪০০ পুটি মাটি দান কৰিছিল।
ফলিৰ অংশ :
"পুৰন্দৰায় ৱিপ্ৰায় ভুপুটীনাং চতুঃশতম্।
নৃপাদেশাৎ সমাগত্য দাদদী-শাসনং দদৌ॥ হাবুঙ্গাধিপতিঃ সোহপি ষষ্ঠিসংখ্যান্ দ্বিজানপি॥"
ইয়াৰ বাহিৰেও প্ৰায় ৬খন চুতীয়া ৰজাৰ তামৰ ফলি (১৩৯২-১৫২২ মাজৰ) হাবুং অঞ্চলত পোৱা গৈছে।
চুতীয়া সকলৰ মাজত আজিও হাবুঙৰ উল্লেখ থকা নিচুকনি গীত শুনিবলৈ পোৱা যায়। উদাহৰণ :
"হালিকি এই বাপেৰ ক'লৈ গ'ল,
হাবুঙীয়া বুঢ়াৰ লগত কাঁহ কোবাই গ'ল।
উৰিব নোৱাৰিহে সাগৰতে পৰে; "
....
হাবুঙীয়া বাঢ়ৈয়ে চ'ৰানাও সাজে
কুৰুলাৰ কেৰুহেন উৰো উৰো কৰে,
১৫১২ চনত আহোম ৰজা চুহুংমুঙে হাবুঙৰ চুতীয়া সেনাপতি বৃহৎপাত্ৰৰ(বৰপাত্ৰ) পৰা হাবুং অঞ্চলৰ পানবাৰী দখল কৰে। যাৰ ফলত ১৫১৩ চনত চুতীয়া-আহোম ৰাজ্যৰ মাজত যুদ্ধ আৰম্ভ হয়। ১৫২০ চনত চুতীয়া ধীৰনাৰায়ণে পুনৰ বাৰ হাবুং অঞ্চল ঘূৰাই লয় আৰু ১৫২২ চনত হাবুঙৰ ব্ৰাহ্মণক মাটি দান কৰে। ঢকোৱাখনাৰ(হাবুং) কোঁৱৰগাঁৱত উদ্ধাৰ হোৱা এই ফলিৰ মতে ১৫২২ চনত শদিয়াৰ অধিপতি বিষ্ণু বংশৰ শ্ৰী ধীৰনাৰায়ণে প্ৰচণ্ড দুৰ্দণ্ড বাহুৰে সকলোকে পৰাজিত কৰি ৰাজ্যশ্ৰী লাভ কৰিছিল। ইয়াৰ পাছতে চুতীয়া ৰাজ্য নীতিপালৰ হাতলৈ যায়। নীতিপালৰ দুৰ্বল শাসনৰ সুযোগ লৈ চুহুংমুঙে পুনৰ চুতীয়া ৰাজ্য আক্ৰমণ কৰে। ডিব্ৰুমুখৰ যুদ্ধত চুতীয়াৰ নেতৃত্বত থকা কাচিতৰাৰ লগতে বৰপাত্ৰ(হাবুঙাধিপতি) উল্লখ আছে।
হাবুঙত চাওলুং চুকাফাই অস্থায়ী ৰাজধানী পাতিছিল। গড়ে আৱৰা বিস্তীৰ্ণ অঞ্চলটোক ওচৰৰ লোকে টাই ভেটি বুলি কৈছিল কাৰণ এই ঠাইত আৰু ইয়াৰ ওচৰৰ গাঁও সমূহত যথেষ্ট তাঈ আহোম ভাষাৰ সাঁচিপতিয়া পুথি পোৱা গৈছে। আহোমসকলৰ আহোমৰ পূৰ্বপৰুষসকল চাওলুং চুকাফাৰ সৈতে হাবুংলৈ আহি তাতে তিনি চন্দ্ৰ বৰ্ষ ক্ৰমে লাকনি দাপকেও, লাকনী ৰাইছেও আৰু লকনি মুঙপ্লাও থাকে। টাই-আহোম ভাষাত লিখা সাঁচি পাতৰ ম' চাং বুন বংশৰ পুথিত লগতে আজুহা গাঁওৰ পৰা হাবুং সম্বন্ধে তাঈ আহোম ভাষাত লিখা কেইবাখনো সাঁচিপতিয়া পুথি উদ্ধাৰ কৰা হৈছিল। ৰাজধানীৰ গড়ৰ ওচৰতে এটা শ ধোঁৱা পুখুৰী আৰু এটা মৈদাম আছে যত আহোমসকলৰ লগত অহা এজন পণ্ডিতৰ মৃত্যুত সজোৱা হৈছিল বুলি জনা যায়। বুৰঞ্জীৰ পুথিখনত চাওলুং জনাৰ লগত আহি হাবুংত বসবাস কৰা সোঁতৰ ঘৰ আহোম ৰাজপৰিয়ালৰ নাম লিপিবদ্ধ আছে। সেয়া হল-
অসম চৰকাৰৰ সহযোগত হাবুঙৰ টাই ভেটিত থকা ৰাজধানীৰ মৈদাম, পুখুৰী আৰু গড়সমূহ সংৰক্ষণ কৰি ৰু'এন চাও ছেঙ (পৰম্পৰাগত দেউশাল) স্থাপন কৰে। ১৯৯০ চনৰ ১৭ জুন তাৰিখে স্থানীয় ফুৰালুং সংঘ আৰু সেইসময়ৰ ধেমাজি জিলাৰ অতিৰিক্ত উপায়ুক্ত নগেন হাজৰিকাৰ সহযোগত আহোম ধৰ্মৰ নিয়ম অনুসৰি আহোমসকলৰ পূজা কৰা গৃহ হলুং হ'ফি মন্দিৰৰ নিৰ্মাণৰ কাৰণে আধাৰশিলা স্থাপন কৰে। পাছত ৯জন শুভাকাংক্ষীৰ দ্বাৰা ৮টা খুটা প্ৰদান কৰা হয় যাৰ ফলত স্থায়ী ভাবে হ'ফিটো নিৰ্মাণ কৰি উলিওৱা হৈছিল। সেই ঠাইৰ ঐতিহ্য ৰক্ষা কৰি পৰম্পৰাগত ফুৰালুংবানফি ধৰ্মৰ নীতিনিয়মতে টাই ভেটিৰ ভিতৰত থকা হফি টোত ম'-লুং টাই-পণ্ডিতসকলে আৰু বিশেষকৈ স্থানীয় ম'-চাম পণ্ডিতসকল আৰু স্থানীয় পঞ ফুৰালুং সংঘৰ সদস্যসকলে টাই-আহোম ভাষাতে সেৱা অৰ্চনা কৰে। মন্দিৰত সেৱা আগবঢ়োৱাৰ সময়ত বিশেষ দুটামান প্ৰাচীন টাই নিয়ম পালন কৰিব লাগে। তাই-চি পৰম্পৰা কৰাটো বাধ্যতামূলক আৰু তাত কক বান ফাই (চাকি জ্বলোৱা), আই চিংলাও গোৱা আদি নিয়ম কৰা হয়, তালৈ কাই অৰ্থাত কুকুৰা নিয়ম মতে নিয়া হয়। তালৈ যাওঁতে নিয়ম অনুসৰি বিভিন্ন ৰঙৰ কুকুৰা, লাও বা সাজপানী নিয়াৰ উপৰিও বানফাই অৰ্থাৎ চাকি নিব লাগে। সন্তানৰ আশাত বগা মতা কুকুৰা দিব লাগে, অসুখ বা বিপদৰ পৰা ৰক্ষা পাবলৈ কলা মতা কুকুৰা দিয়া হয় আৰু অইন বিশেষ মনোকামনা নাথাকিলে যিকোনো ৰঙৰ বা পখৰা মতা বা মাইকী কুকুৰা তাই-চি নিয়ম কৰা হয়। হাবুংলৈ তৎক্ষণাত যাব যদি কোনো ব্যক্তিয়ে নোৱাৰে তেতিয়া "মু-বাই তাম-বাই" নামৰ পৰম্পৰাৰে টোপোলা এটা বান্ধি কুকুৰা আগ বঢ়াই ৰখাৰ নিয়ম আছে।[উদ্ধৃতিৰ প্ৰয়োজন] এই অঞ্চলৰ ঐতিহ্য ৰক্ষাৰ্থে অসম চৰকাৰে পুনঃনিৰ্মাণৰ বাবে যথেষ্ট ৰাজ পুঁজি প্ৰদান কৰে। ২০১৭ চনত তেতিয়াৰ অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালদেৱে নতুনকৈ নিৰ্মাণ কৰা হ-ফিত উদযাপিত মে-দাম-মে-ফি অনুষ্ঠানত উপস্থিত হৈ হাবুঙক পৰ্যটনৰ কেন্দ্ৰ হিচাপে গঢ়ি তুলিবলৈ ২ কোটি টকা প্ৰদানৰ কথা ঘোষণা কৰে।
This article uses material from the Wikipedia অসমীয়া article হাবুং, which is released under the Creative Commons Attribution-ShareAlike 3.0 license ("CC BY-SA 3.0"); additional terms may apply (view authors). আন একো উল্লেখ নাথাকিলে এই বিষয়বস্তু CC BY-SA 4.0 ৰ আওতাত উপলব্ধ। Images, videos and audio are available under their respective licenses.
®Wikipedia is a registered trademark of the Wiki Foundation, Inc. Wiki অসমীয়া (DUHOCTRUNGQUOC.VN) is an independent company and has no affiliation with Wiki Foundation.