হাতীমূৰা মন্দিৰ: ভাৰতৰ হিন্দু মন্দিৰ

হাতীমূৰা মন্দিৰ অসমৰ নগাঁও জিলাৰ কলিয়াবৰ মহকুমাৰ শিলঘাটৰ ওচৰৰ হাতীমূৰা পাহাৰত অৱস্থিত এখন ঐতিহাসিক মন্দিৰ। আহোম স্বৰ্গদেউ প্ৰমত্ত সিংহয়ে ১৬৬৭ শকত (১৭৪৫-৪৬ খ্ৰীষ্টাব্দ) এই মন্দিৰ নিৰ্মাণ কৰিছিল। এই মন্দিৰ মহিষাসুৰমৰ্দিনী দেৱী দুৰ্গাৰ প্ৰতি সমৰ্পিত। এই মন্দিৰ অসমৰ অন্যতম উল্লেখযোগ্য শক্তি উপাসনাস্থলী।

হাতীমূৰা মন্দিৰ
হাতীমূৰা মন্দিৰ: অৱস্থান, নামৰ উৎপত্তি, ইতিহাস
হাতীমূৰা পাহাৰত অৱস্থিত দুৰ্গা মন্দিৰ
হাতীমূৰা মন্দিৰ is located in Assam
হাতীমূৰা মন্দিৰ: অৱস্থান, নামৰ উৎপত্তি, ইতিহাস
হাতীমূৰা মন্দিৰ
অসম মানচিত্ৰত হাতীমূৰা মন্দিৰৰ অৱস্থান
ভূ-স্থানাংক 26°36′36″N 92°59′45″E / 26.6100977°N 92.9958578°E / 26.6100977; 92.9958578
স্থান
দেশ ভাৰত
ৰাজ্য অসম
জিলা নগাঁও জিলা
স্থান শিলঘাট
স্থাপত্য আৰু সংস্কৃতি
প্ৰধান উৎসৱ দুৰ্গা পূজা
স্থাপত্য শৈলী নীলাচল স্থাপত্যশৈলী
ইতিহাস
নিৰ্মাণকাল
(বৰ্তমান গৃহ)
১৬৬৭ শক (১৭৪৫-৪৬ খ্ৰীষ্টাব্দ)
প্ৰতিস্থাপক প্ৰমত্ত সিংহ

অৱস্থান

হাতীমূৰা মন্দিৰ নগাঁও জিলাৰ কলিয়াবৰৰ হাতীমূৰা পাহাৰত অৱস্থিত। ই শিলঘাট আৰু জখলাবন্ধাৰ নিচেই কাষত অৱস্থিত। শিলঘাট ৰে'ল ষ্টেচন আৰু জখলাবন্ধা ৰে'ল ষ্টেচনৰ ঠাইখনলৈ ৰেলেৰে সংযোজিত। সেইদৰে তেজপুৰ বিমানবন্দৰ আৰু ৰৰৈয়া বিমানবন্দৰ দুয়ো ইয়াৰ নিকটৱৰ্তী বিমানবন্দৰ।

নামৰ উৎপত্তি

হাতীমূৰা দুৰ্গা মন্দিৰ কলিয়াবৰৰ হাতীমূৰা পাহাৰত অৱস্থিত। আহোম বিষয়া হাতীমূৰীয়া বৰপাত্ৰ ফুকনৰ নামৰ পৰাই কলিয়াবৰৰ এই অঞ্চলটোৰ নাম হাতীমূৰা হয়। পিছলৈ হাতীমূৰা পাহাৰত অৱস্থিত হোৱাৰ বাবে ইয়াত থকা দুৰ্গা মন্দিৰটোৰ নামো হাতীমূৰা মন্দিৰ হয়।

ইতিহাস

আহোম ৰাজত্বকালত শালস্তম্ভ ৰাজবংশৰ ৰজাৰ দিনত নিৰ্মিত বহুকেইটা মঠ মন্দিৰ পুনৰ নিৰ্মাণ কৰা হৈছিল। তাৰে ভিতৰত উল্লেখযোগ্য মন্দিৰ হৈছে হাতীমূৰা মন্দিৰ। অষ্টম-নৱম শতিকাত শালস্তম্ভ ৰাজবংশৰ ৰজাই নিৰ্মাণ কৰা কলিয়াবৰৰ হাতীমূৰাত অৱস্থিত দুৰ্গা মন্দিৰটো আহোম স্বৰ্গদেউ প্ৰমত্ত সিংহয়ে ১৬৬৭ শকত (১৭৪৫-৪৬ খ্ৰীষ্টাব্দ) এই মন্দিৰ নিৰ্মাণ কৰিছিল। ইয়াত উদ্ধাৰ হোৱা শিলালিপি অনুসৰি স্বৰ্গদেউ প্ৰমত্ত সিংহৰ আদেশ মৰ্মে তৰুণ দুৱৰা বৰফুকনে এই মন্দিৰৰ নিৰ্মাণ কৰাইছিল।

বৰ্ণনা

হাতীমূৰা মন্দিৰ নীলাচল স্থাপত্যশৈলীৰে নিৰ্মিত। ব্ৰহ্মপুত্ৰ নদৰ দক্ষিণ পাৰে গধুৰ শিলৰ ভেঁটি থকা পাহাৰৰ ওপৰত হাতীমূৰা মন্দিৰ অৱস্থিত। এই ঠাইত মাটিৰ ওপৰত ওলাই থকা শিল প্ৰচুৰভাৱে পোৱা যায়। এনেকুৱা এটা শিলতে খোদিত গণেশৰ মূৰ্তি পোৱা গৈছে। ইটাৰে সজা মূল মন্দিৰত শিলত কটা দশভূজা মহিষাসুৰমৰ্দনী দুৰ্গাৰ মূৰ্ত্তি আছে। এই মন্দিৰ প্ৰমত্ত সিংহয়ে নিৰ্মাণ কৰাৰ বিষয়ে শিলালিপিত খোদিত কৰা আছে। তদুপৰি ইয়াৰ আশে-পাশে বহুতো শিলত কটা ভাস্কৰ্য দেখিবলৈ পোৱা যায়। এই মন্দিৰ অসমৰ ৰাজ্যিক সংৰক্ষিত স্মৃতিচিহ্নসমূহৰ তালিকাত অন্তৰ্ভুক্ত।

উৎসৱ

প্ৰতি বছৰে হাতীমূৰা মন্দিৰত উলহ-মালহকৈ দুৰ্গা পূজা অনুষ্ঠিত কৰা হয়। পূৰ্বতে ইয়াত বলি প্ৰথা প্ৰচলিত আছিল। ১৯৯২ চনৰ পৰা ইয়াত বলি প্ৰথা বন্ধ হয়।

পৰ্যটন

হাতীমূৰা মন্দিৰ হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ পৱিত্ৰ উপাসনাস্থল। ইয়ালৈ দৈনন্দিন পূজা-অৰ্চনাৰ বাবে বহু ভক্তৰ সমাগম হয়। মন্দিৰৰ স্থাপত্য আৰু চৌপাশৰ সেউজীয়া পৰিৱেশে পৰ্যটকক আকৰ্ষণ কৰে। তদুপৰি শালস্তম্ভ আহোম যুগৰ কীৰ্তিচিহ্নৰে ভৰপূৰ এই স্থানৰ ঐতিহাসিক আৰু পুৰতাত্বিক মহত্ত্ব আছে।

তথ্য উৎস

Tags:

হাতীমূৰা মন্দিৰ অৱস্থানহাতীমূৰা মন্দিৰ নামৰ উৎপত্তিহাতীমূৰা মন্দিৰ ইতিহাসহাতীমূৰা মন্দিৰ বৰ্ণনাহাতীমূৰা মন্দিৰ উৎসৱহাতীমূৰা মন্দিৰ পৰ্যটনহাতীমূৰা মন্দিৰ তথ্য উৎসহাতীমূৰা মন্দিৰঅসমকলিয়াবৰ মহকুমাদুৰ্গানগাঁও জিলাপ্ৰমত্ত সিংহশিলঘাট

🔥 Trending searches on Wiki অসমীয়া:

জৈৱ বৈচিত্ৰ্যপূৰবী বৰমুদৈআকবৰঅণুবীক্ষণ যন্ত্ৰতিৱা জনগোষ্ঠীআলেকজেণ্ডাৰ গ্ৰাহাম বে'লনীতি আয়োগনেলছন মেণ্ডেলামূলা গাভৰুঅসমীয়া লিপিৰ বুৰঞ্জীমহাকাব্যৰুবুল মাউতঅসমৰ বাতৰি কাকত আৰু আলোচনীৰ তালিকাধৰিত্ৰী দিৱসনলবাৰী জিলামাৰ্কাছ ৰাছফৰ্ডইণ্টাৰনেটকুলধৰ শইকীয়াকাঠৰ জোখ মাপঅসমীয়া যুক্তাক্ষৰসমাৰ্থক শব্দকালিকা পুৰাণবাগ্‌ধ্বনিবিশ্বনাথ ঘাটৰংমিলিৰ হাঁহিএছিয়ালেটিন ভাষাভাৰতীয় মৌলিক অধিকাৰ, নিৰ্দেশাত্মক নীতি আৰু মূল কৰ্তব্যবানপানীকপৌ ফুলশব্দ (অভিধান)পৰ্যটনস্বাস্থ্যবুলু ফিল্মঅসমীয়া ভাষাকথা কবিতাঅসমীয়া সাহিত্যিকৰ ছদ্ম নাম আৰু বিভূষিত উপাধিৰ তালিকাভাৰতীয় ৰেলটিকেন্দ্ৰজিৎপদিনাচাৰ্লছ ডাৰউইনৰমন্যাসবাদবিপৰীতাৰ্থক শব্দমুগা (ৰেচম)মনোবিজ্ঞানউমাচল শিলালিপিব্যক্তিত্বনলিনীবালা দেৱীমুখমৈথুনভাৰতৰ চৰকাৰী ভাষাসমূহস্বৰাজলভিতামধ্যাহ্ন ভোজন আঁচনিঅসমৰ ইতিহাসপ্ৰাকৃতিক দুৰ্যোগশিক্ষা মনোবিজ্ঞানপ্ৰাকৃতিক সম্পদপুঁজিবাদচিংফৌ জনগোষ্ঠীআনন্দৰাম ঢেকিয়াল ফুকনবাগৰুম্বাগগনাদেৱব্ৰত দাসজেতুকাবৰদৈচিলাভৌতিক সংস্কৃতিঔপনিৱেশিক অসমজীৱনীঋণাত্মক অখণ্ড সংখ্যাভেঁকুৰজৈৱিক কৃষিঘৰ শালিকাদিহানাম🡆 More