সৰোজিনী নাইডু

সৰোজিনী নাইডু (ইংৰাজী: Sarojini Naidu) (১৩ ফেব্ৰুৱাৰী ১৮৭৯ – ২ মাৰ্চ ১৯৪৯) স্বকীয় বৈশিষ্ট্যৰে পৰিচিত এগৰাকী মহিলা যি কেৱল এগৰাকী স্বাধীনতা-কৰ্মীৰ লগতে এগৰাকী অনুভূতিপ্ৰৱণ কবি আছিল। তেখেতক ভাৰতীয় কোকিলা বা দ্য নাইটেঙ্গেল অৱ ইণ্ডিয়া নামেৰেও জনা যায়। তেখেত একাধাৰে এগৰাকী দেশপ্ৰেমিক, ৰাজনীতিবিদ, প্ৰশাসনিক দক্ষতাসম্পন্ন, বক্তা, সমাজকৰ্মী, গৃহিণী আছিল।

সৰোজনী নাইডু
সৰোজিনী নাইডু
১৯৬৪ চনত সৰোজিনী নাইডুৰ নামত ভাৰত চৰকাৰে প্ৰবৰ্ত্তন কৰাৰ এটা ডাকটিকট
জন্ম সৰোজিনী চট্টোপাধ্যায়
১৩ ফেব্ৰুৱাৰী, ১৮৭৯
হায়দৰাবাদ, হায়দৰাবাদ ৰাজ্য, ভাৰত
মৃত্যু ২ মাৰ্চ, ১৯৪৯ (৭০ বছৰ)
লক্ষ্ণৌ, উত্তৰ প্ৰদেশ, ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰতীয়
শিক্ষানুষ্ঠান কিংছ কলেজ লণ্ডন
গিৰটন কলেজ, কেমব্ৰিজ
পেচা কবি, লিখক, সমাজকৰ্মী
দাম্পত্যসঙ্গী ড॰ মুথয়ালা গোভিন্দ্ৰাজুলু
সন্তান জয়সূৰ্য, পদ্মজা, ৰণধীৰ, নীলৱাৰ আৰু লীলামণি

জন্ম

১৮৭৯ চনৰ ১৩ ফেব্ৰুৱাৰীত ভাৰতহায়দৰাবাদ চহৰৰ এটা হিন্দু পৰিয়ালত তেখেতে জন্মগ্ৰহণ কৰিছিল। তেখেতৰ পিতৃ অঘৰনাথ চট্টোপাধ্যায় আছিল এগৰাকী বিজ্ঞানী তথা দাৰ্শনিক। তেওঁ ইংৰাজী তথা নাৰী শিক্ষাৰ পৃষ্ঠপোষকো আছিল। মাতৃ বৰদা সুন্দৰী দেৱী আছিল এগৰাকী প্ৰখ্যাত বঙালী কবি। আঠটি সন্তানৰ মাজত সৰোজনী দেৱী আছিল জ্যেষ্ঠ। তেওঁলোক ডাঙৰ-দীঘল হোৱা ঘৰখন বুদ্ধিজীৱী, কবি, দাৰ্শনিক আৰু পৰিৱৰ্তনকামী ব্যক্তিৰে ভৰা আছিল। সেয়ে সৰোজিনী নাইডুৱে অনুভৱ কৰিছিল যে তেওঁ ভাৰতীয় হিচাপে ডাঙৰ হৈছে, হিন্দু অথবা ব্ৰাহ্মণ হিচাপে নহয়।

শিক্ষা

সৰোজিনী এগৰাকী বিদুষী মহিলা আছিল। তেখেতে মাথোঁ ১২ বছৰ বয়সতে মেট্ৰিক পৰীক্ষাত মাদ্ৰাছ বিশ্ববিদ্যালয়ৰ অধীনত শীৰ্ষস্থান দখল কৰে। তেওঁ কেইবাটাও ভাষা যেনে- উৰ্দু, তেলেগু, ইংৰাজী, বঙালী আৰু পাৰ্চী ভাষা আয়ত্ত কৰিছিল৷ পিতৃয়ে তেখেত অংকশাস্ত্ৰজ্ঞ অথবা বিজ্ঞানী হোৱাটো বিচৰাৰ বিপৰীতে সৰোজনী নাইডু হ’ব বিচাৰিছিল এগৰাকী কবি। হায়দৰাবাদৰ নবাবে সৰোজনীৰ লিখনিত সন্তুষ্ট হৈ বিদেশত পঢ়িবলৈ জলপানিৰ ব্যৱস্থা কৰি দিয়াত মাথোঁ ১৬ বছৰ বয়সতে সৰোজনীয়ে ইংলেণ্ডৰ King’s College-অত নামভৰ্তি কৰে৷ পিছত কেমব্ৰিজৰ Girton College আৰু কেমব্ৰিজৰ গিৰটন কলেজত শিক্ষাগ্ৰহণ কৰে৷ তাতে তেওঁ সেই সময়ৰ বিশিষ্ট ব্যক্তি, যেনে- আৰ্থাৰ চাইমন আৰু এডমাণ্ড গউচেচৰ সাণ্ণিধ্যলৈ আহে। গউচেচে সৰোজনীক নিজৰ দেশৰ পৰ্বত, নদী, সমাজৰ লগত মিলি কবিতা সৃষ্টি কৰিবলৈ উৎসাহিত কৰিছিল।

সংসাৰ

তেওঁৰ ১৫ বছৰ বয়সতে দক্ষিণ ভাৰতৰ ড॰ গোবিন্দৰাজুলু নাইডু নামৰ এজন চিকিৎসকৰ সৈতে প্ৰেম হয়। কিন্তু তেওঁ ব্ৰাহ্মণ নাছিল। সেই সময়ত জাতিভেদ প্ৰথা প্ৰবল আছিল যদিও পিতৃৰ পূৰ্ণ সমৰ্থনত এইগৰাকী অব্ৰাহ্মণ লোকৰ সৈতে ১৯ বছৰ বয়সত সৰোজনী নাইডুৰ বিয়া হয়। তেও বিবাহিত জীৱনত সুখী আছিল। পৰবৰ্তী চাৰিটা সন্তানৰ মাতৃ হয় ।

কৰ্মক্ষেত্ৰ

সৰোজিনী নাইডু 
সৰোজিনী নাইডু (সোঁফালে) আৰু লগত মহাত্মা গান্ধী ১৯৩০ চনৰ সত্যাগ্ৰহ আন্দোলনত

১৯০৫ চনত বেংগল বিভক্ত হোৱাৰ সময়ত সৰোজিনীয়ে ভাৰতীয় জাতীয় আন্দোলনত যোগদান কৰে। সেই সময়ত তেখেত মহাত্মা গান্ধী, জৱাহৰলাল নেহৰু, মহম্মদ আলী জিন্না, ৰবীন্দ্ৰনাথ ঠাকুৰ, গোপাল কৃষ্ণ গোখলে, এনি বেচাণ্ট ইত্যাদিৰ সংস্পৰ্শলৈ আহে। সেই সময়ৰ মহিলাক সজাগ কৰি পাকঘৰৰ বাহিৰলৈ ওলাই আহিবলৈ অনুপ্ৰাণিত কৰাৰ উদ্দেশ্যে তেখেতে চহৰৰ পৰা চহৰলৈ, ৰাজ্যৰ পৰা ৰাজ্যলৈ কেৱল নাৰীৰ অধিকাৰৰ দাবীত ভ্ৰমণ কৰিছিল। ভাৰতীয় নাৰীৰ আত্মবিশ্বাসৰ ধাৰা সৰোজনী নাইডুৱে পুনৰ স্থাপন কৰিছিল।

১৯২৫ চনত কানপুৰৰ ভাৰতীয় কংগ্ৰেছৰ বছৰেকীয়া অধিৱেশনত সৰোজনী নাইডুৱে সভাপতিত্ব কৰিছিল। তেখেতে আইন অমান্য আন্দোলনত মুখ্য ভূমিকা গ্ৰহণ কৰে আৰু গান্ধীজী তথা অন্যান্য প্ৰতিনিধিসকলৰ সৈতে কাৰাগাৰৰ বন্দীত্ব গ্ৰহণ কৰে। ১৯৪২ চনত তেওঁ ভাৰত ত্যাগ আন্দোলনত অংশগ্ৰহণ কৰি গান্ধীজীৰ সৈতে ২১মাহ কাৰাবাস খাটে। গান্ধীজীৰ সৈতে তেখেতৰ সুন্দৰ সম্পৰ্ক আছিল আৰু গান্ধীজীক মিকি মাউচ বুলি সম্বোধন কৰিছিল। প্লেগ মহামাৰীৰ সময়ত এইগৰাকী মহিয়সী নাৰীৰ সেৱাসুলভ অংশগ্ৰহণৰ বাবে কেইশৰ-ই-হিন্দ সন্মান প্ৰদান কৰা হয়। দেশে স্বাধীনতা লাভ কৰাৰ পাছত তেওঁ উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰূপে নিয়োজিত হয়। তেখেত আছিল দেশৰ প্ৰথম মহিলা ৰাজ্যপাল।

সাহিত্যকৰ্ম

তেখেতৰ কবিতাত শব্দৰ সুন্দৰ প্ৰয়োগ দেখা যায়। মহৰ্ষি অৰবিন্দ, ৰবীন্দ্ৰনাথ ঠাকুৰ, জৱাহৰলাল নেহৰু আদি তেওঁৰ কবিতাৰ গুণমুগ্ধ। গোপাল কৃষ্ণ গোখলেই তেখেতৰ সুন্দৰ কাব্য প্ৰতিভাক ভাৰত মাতৃৰ স্বাধীনতাৰ বাবে প্ৰয়োগ কৰিবলৈ আহ্বান জনাইছিল। সৰোজনী নাইডুৰ দ্বাৰা ৰচিত গ্ৰন্থসমূহ হ’ল:

  1. Golden Threshold
  2. The Bird of Times
  3. The Broken Wings
  4. The Magic Tree
  5. The Wizard Mark
  6. A treasury of poems.

ইয়াৰে ১৯০৫ চনত প্ৰকাশিত ‘Golden Threshold’ৰ বাবে তেখেত বুল বোলে হিন্দ নামেৰে সন্মানিত হয়।

বিখ্যাত কবিতাসমূহ

  • Autumn Song
  • Damayante to Nala in the Hour of Exile
  • Ecstasy
  • Indian Dancers
  • The Indian Gypsy
  • Indian Love-Song
  • Indian Weavers
  • In Salutation to the Eternal Peace
  • In the Forest
  • In the Bazaars of Hyderabad
  • Leili
  • Nightfall in the City of Hyderabad
  • Palanquin Bearers
  • The Pardah Nashin
  • Past and Future
  • The Queen's Rival
  • The Royal Tombs of Golconda
  • The Snake-Charmer
  • Song of a Dream
  • The Soul's Prayer
  • Suttee
  • To a Buddha Seated on a Lotus
  • To the God of Pain
  • Wandering Singers
  • Street Cries

মৃত্যু

১৯৪৯ চনৰ ২ মাৰ্চ তাৰিখে আবেলি ৩.৩০ বজাত (IST) নাইডুৰ মহাপ্ৰয়াণ ঘটে।

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

Tags:

সৰোজিনী নাইডু জন্মসৰোজিনী নাইডু শিক্ষাসৰোজিনী নাইডু সংসাৰসৰোজিনী নাইডু কৰ্মক্ষেত্ৰসৰোজিনী নাইডু সাহিত্যকৰ্মসৰোজিনী নাইডু মৃত্যুসৰোজিনী নাইডু তথ্য সংগ্ৰহসৰোজিনী নাইডু বাহ্যিক সংযোগসৰোজিনী নাইডুইংৰাজী ভাষা

🔥 Trending searches on Wiki অসমীয়া:

সাহিত্য অকাডেমি বঁটাইষ্ট ইণ্ডিয়া কোম্পানীডাকৰ বচনশিৱসাগৰৰ শিৱদৌললোকবিশ্বাসইছলামজয়মতী (১৯৩৫ চলচ্চিত্ৰ)ভেঁকুৰৰাসায়নিক মৌলধনশিৰি নদীকেশৱ মহন্তদিনৰাষ্ট্ৰীয় পঞ্চায়তী ৰাজ দিৱসনিৰুপমা বৰগোহাঞিভ্ৰাম্যমাণ থিয়েটাৰভিটামিনদেউৰী জনগোষ্ঠীৰুদ্ৰেশ্বৰ দেৱালয়সংস্কৃতিচুতীয়া ৰাজ্যঅসম আন্দোলনছুনামিজয় দৌলখিলঞ্জীয়া লোকএশিঙীয়া গঁড়নাগালেণ্ডৰ সংস্কৃতিজল প্ৰদূষণ২৭ এপ্ৰিলসিংহঅসমৰ ৰাজ্যপালসকলৰ তালিকাঅসমীয়া উপন্যাসলিংগ (জৈৱিক)ৰাধাগোবিন্দ বৰুৱাভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাশিক্ষাৰ অধিকাৰহিন্দু পদ্ধতিত সময়ৰ এককহাজোপাঠ্যক্ৰমৰজনীকান্ত বৰদলৈপৰ্যটনঅৰুণাচল প্ৰদেশসৰ্বশিক্ষা অভিযানগৰু বিহুসংস্কৃত ভাষাৰামায়ণআইজাক নিউটনবৃত্তবিয়া নামআয়তক্ষেত্ৰধুবুৰী (লোকসভা সমষ্টি)অলিম্পিকমহিম বৰাচৰকাৰগৰীয়সীঅসমীয়া ভাষা আন্দোলনশিৱকম্পিউটাৰ হাৰ্ডৱেৰবাণীকান্ত কাকতিসংঘাতসাঁথৰলিংগ বৈষম্য আৰু ভাৰতীয় নাৰীজল সংৰক্ষণশিক্ষাছাইমন কমিশ্যনচৰ্যাপদহোমেন বৰগোহাঞিঅসমডিব্ৰুগড় বিশ্ববিদ্যালয়প্ৰাগজ্যোতিষপুৰএকচেটীয়া বজাৰফলপূৰবী বৰমুদৈভাৰতীয় জনতা পাৰ্টিযৌন সংগমচীনা-তিব্বতীয় ভাষাওড়িয়া ভাষানাহৰৰ গীতভঠেলি🡆 More