স্কাৰলেট জ'হানছন

স্কাৰলেট জ'হানছন (ইংৰাজী: Scarlett Johansson) (জন্ম ২২ নৱেম্বৰ, ১৯৮৪) এগৰাকী আমেৰিকান অভিনেত্ৰী, মডেল আৰু গায়িকা। তেওঁৰ পিতৃৰ নাম কাৰ্ষ্টেন জ'হানছন আৰু মাতৃ মেলানি স্ল'ৱান।

স্কাৰলট জ'হানছন
A smiling woman with blonde hair and wearing red lipstick.
২০১৪ চনত স্কাৰলেট
জন্ম নৱেম্বৰ ২২ , ১৯৮৪ (৩৯ বছৰ)
নিউ য়ৰ্ক চিটী, নিউয়ৰ্ক, আমেৰিকা যুক্তৰাষ্ট্ৰ
পেচা অভিনেত্ৰী, গায়িকা, মডেল
সক্ৰিয় হৈ থকা সময় ১৯৯৮–বৰ্তমানলৈকে
দাম্পত্যসঙ্গী ৰায়ান ৰে'নল্ড্‌ছ (বি. ২০০৮১১)
আত্মীয়-স্বজন ভেনেছা জ'হানছন (ভগ্নী)

জ'হানছনে নৰ্থ (১৯৯৪) বোলছবিৰে অভিনয় জীৱনৰ পাতনি মেলে আৰু পিছলৈমেনী এণ্ড ল' (১৯৯৬) বোলছবিত অভিনয়ৰ বাবে শ্ৰেষ্ঠ মুখ্য অভিনেত্ৰীৰ বাবে ইণ্ডিপেণ্ডেণ্ট স্পিৰিট বঁটাৰ মনোনয়ন লাভ কৰে। দা হৰ্ছ হুইছ্‌পাৰ (১৯৯৮) আৰু ঘ'ষ্ট ৱৰ্ল্ড (২০০১) ছবিৰে তেওঁৰ কেৰিয়াৰৰ গ্ৰাফ উৰ্ধগামী হ'বলৈ ধৰে। গাৰ্ল ৱিথ এ পাৰ্ল ইয়েৰিং (২০০৩) আৰু চ'ফিয়া ক'প'লাৰ লষ্ট ইন্‌ ট্ৰান্সলেছন (২০০৩) ছবিত তেওঁ প্ৰাপ্তবয়স্কৰ মুখ্য চৰিত্ৰত অভিনয়ৰ সুযোগ পায়। পিছৰখন ছবিৰ বাবে তেওঁ এটা মুখ্য চৰিত্ৰৰ অভিনেত্ৰীৰ এটা বাফ্‌টা বঁটা লাভ কৰে। এই দুয়োখন ছবিয়ে গ'ল্ডেন গ্ল'ব বঁটাৰ মনোনয়নো লাভ কৰিছিল।

এ লাভ ছং ফ'ৰ ববী লং (২০০৪) ছবিত তেওঁৰ চৰিত্ৰৰ বাবে জ'হানছনে তৃতীয়বাৰলৈ শ্ৰেষ্ঠ অভিনেত্ৰীৰ গ'ল্ডেন গ্ল'ব বঁটাৰ মনোনয়ন লাভ কৰে। জ'হানছনে উডী এলেনৰ মেট্‌ছ প'ইণ্ট (২০০৫) ছবিৰ বাবে আন এটা শ্ৰেষ্ঠ সহ-অভিনেত্ৰীৰ গ'ল্ডেন গ্ল'ব বঁটাৰ বাবে মনোনীত হৈছিল। তেওঁ পিছলৈ উডী এলেনৰ আন দুখন ছবিত অভিনয় কৰে: স্কুপ (২০০৬) আৰু ভিকী ক্ৰিষ্টিনা বাৰ্চিলোনা (২০০৮)। তেওঁৰ ইয়াৰ পিছৰ বোলছবিবোৰৰ ভিতৰত দা আইলেণ্ড (২০০৫), দা ব্লেক দালিয়া (২০০৬), দা প্ৰেষ্টিজ (২০০৬), দা আদাৰ ব'লেইন গাৰ্ল (২০০৮), ভিকী ক্ৰিষ্টিনা বাৰ্চিলোনা (২০০৮) আৰু হি ইজ জাষ্ট নট্‌ ডেট ইন্‌টু ইউ (২০০৯) উল্লেখযোগ্য। আইৰন মেন ২'' (২০১০), দা এভেঞ্জাৰ্ছ (২০১২) আৰু কেপ্টেইন আমেৰিকা: দা ৱিণ্টৰ চ'ল্‌জাৰ (২০১৪) চলচ্চিত্ৰত তেওঁ মাৰ্ভেল কমিক্‌ চৰিত্ৰ "নাতাচা ৰ'মান'ফ" ৰূপে অভিনয় কৰিছে আৰু এভেঞ্জাৰ্ছ" এ'জ্‌ অৱ আল্‌ট্ৰন (২০১৫)ত পুনৰ সেই চৰিত্ৰ ৰূপায়ণ কৰিব। ডন জন (২০১৩) আৰু আণ্ডাৰ মাই স্কিন (২০১৪) বোলছবিত জ'হানছনৰ অভিনয় সমালোচকৰ দ্বাৰা প্ৰশংসিত হয়।

২০১০ চনত আৰ্থাৰ মিলাৰৰ এ ভিউ ফ্ৰম দা ব্ৰিজৰ ব্ৰ'ডৱে' প্ৰযোজনাত অভিনয়ৰৰ বাবে জ'হানছনে নাটকত শ্ৰেষ্ঠ অভিনেত্ৰীৰ টনী বঁটা লাভ কৰে। ২০০৮ চনৰ ২০ মে'ত এনীৱে' আই লে' মাই হে'ড এলবামৰ জৰিয়তে জ'হানছনে কণ্ঠশিল্পী ৰূপেও আত্মপ্ৰকাশ কৰে। ইয়াত মূলতঃ টম ৱেইট্‌ছৰ গানৰ ক'ভাৰ সংস্কৰণ সন্নিবিষ্ট হৈছিল। পিট য়ৰ্নৰ সৈতে তেওঁৰ কণ্ঠৰ ব্ৰেক আপ এলবামটো ২০০৯ চনৰ চেপ্টেম্বৰত মুক্তি লাভ কৰে।

২০১২ চনত হলীউড ৱাক অৱ ফে'মত জ'হানছনক এটা তৰাৰ বাবে নিৰ্বাচন কৰা হয়।


চলচ্চিত্ৰপঞ্জী

Film
চলচ্চিত্ৰ বৰ্ষ ভূমিকা টোকা
নৰ্থ ১৯৯৪ ল’ৰা নেলচন স্কাৰলেট জ'হানছন বুলি পৰিচয় দিয়া হয়
জাষ্ট কজ ১৯৯৫ কেট আৰ্মষ্ট্ৰং
মেনী এণ্ড ল’ ১৯৯৬ আমান্দা সীমিত মুক্তি
মনোনয়ন—শ্ৰেষ্ঠ মুখ্য অভিনেত্ৰীৰ বাবে ইণ্ডিপেণ্ডেণ্ট স্পিৰিট বঁটা
ইফ লুচী ফে'ল ১৯৯৬ এমিলী
হ'ম এল’ন ৩ ১৯৯৭ ম’লী প্ৰুইট
ফল ১৯৯৭ সৰু ছোৱালী
দা হৰ্ছ হুইছ্‌পাৰ ১৯৯৮ গ্ৰেছ মেকনিন ড্ৰামা চলচ্চিত্ৰত শ্ৰেষ্ঠ কমবয়সীয়া অভিনেত্ৰীৰ য়ংষ্টাৰ বঁটা
মনোনয়ন—শ্ৰেষ্ঠ সহ-অভিনেত্ৰীৰ ব্ল'কবাষ্টাৰ এন্টাৰ্টেইনমেণ্ট বঁটা – ড্ৰামা, ৰোমান্স
মনোনয়ন—প্ৰতিভাসম্পন্ন অভিনেত্ৰীৰ চিকাগো চলচ্চিত্ৰ সমালোচক বঁটা
মনোনয়ন—ফিচাৰ চলচ্চিত্ৰত শ্ৰেষ্ঠ ভূমিকাৰ য়ং আৰ্টিষ্ট বঁটা
মাই ব্ৰাডাৰ দা পিগ ১৯৯৯
দা মেন হু ৱাজণ্ট দেয়াৰ ২০০১ ৰাচেল 'বাৰ্ডী' এবান্‌ডাছ
ঘ'ষ্ট ৱৰ্ল্ড ২০০১ ৰেবেকা শ্ৰেষ্ঠ সহ-অভিনেত্ৰীৰ ট'ৰ'ণ্ট' চলচ্চিত্ৰ সমালোচক বঁটা
মনোনয়ন—শ্ৰেষ্ঠ সহ-অভিনেত্ৰীৰ অনলাইন চলচ্চিত্ৰ সমালোচক সংস্থা বঁটা
এন আমেৰিকান ৰেপ্‌চ'দী ২০০১ চুজ্‌চি/চুজান চেন্দৰ (১৫ বছৰ) ফিচাৰ চলচ্চিত্ৰত শ্ৰেষ্ঠ ভূমিকাৰ য়ং আৰ্টিষ্ট বঁটা — মুখ্য তৰুণী অভিনেত্ৰী(এম্মা ৱাটছনৰ লগত যুটীয়াভাৱে)
মনোনয়ন—ফিচাৰ চলচ্চিত্ৰত শ্ৰেষ্ঠ দলগত অভিনয়ৰ য়ং আৰ্টিষ্ট বঁটা (মে' হুইট্‌মেন আৰু কেলী আন্দ্ৰেজ বান্‌লাকীৰ সৈতে
এইট লেগ্‌ড ফ্ৰিকচ্ ২০০২ এছ্‌লী পাৰ্কাৰ
লষ্ট ইন্‌ ট্ৰান্সলেছন ২০০৩ চাৰ্ল'ট মুখ্য ভূমিকাত শ্ৰেষ্ঠ অভিনেত্ৰীৰ বাফ্‌টা বঁটা
শ্ৰেষ্ঠ অভিনেত্ৰীৰ ব'ষ্ট'ন চলচ্চিত্ৰ সমালোচক সংস্থা বঁটা
শ্ৰেষ্ঠ সহ-অভিনেত্ৰীৰ নিউ য়ৰ্ক চলচ্চিত্ৰ সমালোচকৰ অনলাইন বঁটা
শ্ৰেষ্ঠ অভিনেত্ৰীৰ আপ্‌ষ্ট্ৰীম বঁটা
মনোনয়ন—শ্ৰেষ্ঠ সহ-অভিনেত্ৰীৰ ব্ৰ'ডকাষ্ট চলচ্চিত্ৰ সমালোচক বঁটা
মনোনয়ন—শ্ৰেষ্ঠ অভিনেত্ৰীৰ চিকাগো চলচ্চিত্ৰ সমালোচক সংস্থা বঁটা
মনোনয়ন—শ্ৰেষ্ঠ অভিনেত্ৰীৰ গ'ল্ডেন গ্ল'ব বঁটা – ম'ছন পিক্‌চাৰ মিউজিকেল বা কমেডী
মনোনয়ন—শ্ৰেষ্ঠ মহিলা অভিনয়ৰ MTV চলচ্চিত্ৰ বঁটা
মনোনয়ন—শ্ৰেষ্ঠ অভিনেত্ৰীৰ অনলাইন চলচ্চিত্ৰ সমালোচক সংস্থা বঁটা
মনোনয়ন—শ্ৰেষ্ঠ সহ-অভিনেত্ৰীৰ চেটেলাইট বঁটা – ম'ছন পিক্‌চাৰ মিউজিকেল বা কমেডী
গাৰ্ল ৱিথ এ পাৰ্ল ইয়েৰিং ২০০৩ গ্ৰীট মনোনয়ন—মুখ্য ভূমিকাত শ্ৰেষ্ঠ অভিনেত্ৰীৰ বাফ্‌টা বঁটা
মনোনয়ন—শ্ৰেষ্ঠ অভিনেত্ৰীৰ ব্ৰিটিছ ইণ্ডিপেণ্ডেণ্ট ফিল্ম বঁটা
মনোনয়ন—শ্ৰেষ্ঠ অভিনেত্ৰীৰ গ'ল্ডেন গ্ল'ব বঁটা – ম'ছন পিক্‌চাৰ ড্ৰামা
মনোনয়ন—শ্ৰেষ্ঠ অভিনেত্ৰীৰ লণ্ডন চলচ্চিত্ৰ সমালোচক বঁটা
এ লাভ ছং ফ'ৰ ববী লং ২০০৪ পাৰ্চী ৱিল সীমিত মুক্তি
মনোনয়ন—শ্ৰেষ্ঠ অভিনেত্ৰীৰ গ'ল্ডেন গ্ল'ব বঁটা – ম'ছন পিক্‌চাৰ ড্ৰামা
এ গুড অ’মেন ২০০৪ মেগ ৱিণ্ডাৰমেয়াৰ সীমিত মুক্তি
দা স্প'ঞ্জ বব্‌ স্কুৱাৰপেণ্ট্‌ছ মুভি ২০০৪ মিণ্ডী কণ্ঠ
দা পাৰফেক্ট স্ক'ৰ ২০০৪ ফ্ৰান্সিছ্‌কা কুৰ্টিছ
ইন গুড কোম্পেনী ২০০৪ এলেক্স ফ'ৰমেন
দা আইলেণ্ড ২০০৫ জৰ্ডান টু ডেল্‌টা/ছাৰাহ জৰ্ডান
মেট্‌ছ পইণ্ট ২০০৫ ন'লা ৰাইছ মনোনয়ন—শ্ৰেষ্ঠ সহ-অভিনেত্ৰীৰ চিকাগো চলচ্চিত্ৰ সমালোচক বঁটা
মনোনয়ন—শ্ৰেষ্ঠ সহ-অভিনেত্ৰীৰ গ'ল্ডেন গ্ল'ব বঁটা – ম'ছন পিক্‌চাৰ
স্কুপ ২০০৬ চ'ন্দ্ৰা প্ৰেন্‌স্কী
দা ব্লেক ডালিয়া ২০০৬ কেথেৰীণ লে'ক
দা প্ৰেষ্টিজ ২০০৬ অ'লিভিয়া ৱেন্‌স্ক'ম্বি
দা নেনী ডায়েৰীজ্ ২০০৭ এনী ব্ৰেডক
দা আদাৰ বলেইন গাৰ্ল ২০০৮ মেৰী বলেইন
ভিকী ক্ৰিষ্টিনা বাৰ্চিল’না ২০০৮ ক্ৰিষ্টিনা শ্ৰেষ্ঠ দলগত অভিনয়ৰ গ'থাম বঁটা
দা স্পিৰিট ২০০৮ চিল্কেন ফ'চ
হিইজ জাষ্ট নট দেট ইনটু ইউ ২০০৯ এনা
আইৰণ মেন ২ ২০১০ ব্লেক ৱিড' (নাটাচা ৰ’মান’ভা) মনোনয়ন—শ্ৰেষ্ঠ সহ-অভিনেত্ৰীৰ ছেটাৰ্ন বঁটা
উই বট এ জু ২০১১ কেলী
দা এভেঞ্জাৰ্চ 2012 ব্লেক ৱিড' (নাটাচা ৰ’মান’ভা)

তথ্যসূত্ৰ

Tags:

ইংৰাজী ভাষা

🔥 Trending searches on Wiki অসমীয়া:

ৰাজ্যসভাভাওনাঅসমীয়া লোক-সংস্কৃতিতাল (বাদ্যযন্ত্ৰ)চাৰ্লছ ডাৰউইনকৃষ্ণচন্দ্ৰ নেপালী পোখৰেলআৰবী ভাষাকনকলতা বৰুৱাউত্তৰ-পূব ভাৰতপাইক প্ৰথাসাহিত্যঅসম লোকসেৱা আয়োগভট্টদেৱৰ গদ্যশৈলীবুলু ফিল্মঅসমৰ ৰাজ্যিক প্ৰতীকসমূহপিঠাক্ৰিষ্টোফাৰ কলম্বাছপ্ৰণৱজ্যোতি ডেকাহিউৱেন-চাংভৌতিক সংস্কৃতিআনন্দৰাম ঢেকিয়াল ফুকনডাকৰ বচনবৰহমথুৰিঅগ্নিগড়হেমকোষঅসমীয়া লোক-সংস্কৃতিত ভূত-প্ৰেতঅসমৰ সমস্যাগুণমালাঅপৰিমেয় সংখ্যাশিশুকেশৱ মহন্তদৰ্শনছি জিনপিংনিমাতী কইনাপীযুষ হাজৰিকাআলোচনীমহা মৃত্যুঞ্জয় মন্দিৰলক্ষ্মীনাথ বেজবৰুৱাটিকেন্দ্ৰজিৎহৰি-হৰ যুদ্ধমৰাণ জনগোষ্ঠীশব্দমৌ-মাখিনলিনীবালা দেৱীসত্ৰনামঘৰগৱেষণাহুঁচৰিমামণি ৰয়ছম গোস্বামীৰ উপন্যাসজেতুকাশালস্তম্ভ ৰাজবংশসোণালী বান্দৰঅসমৰ ধান খেতিৰ সঁজুলিসমূহকুলিসংযুক্ত মুক্তি বাহিনী, অসমতক্ষশীলালিংগ বৈষম্য আৰু ভাৰতীয় নাৰীকীৰ্তন ঘোষা সংকলনলোকসভাপ্ৰব্ৰজনঅংকীয়া নাটদ্বীপেন বৰুৱানীতি আয়োগজুৰী বৰা বৰগোহাঞিফেইচবুককাঠৰ জোখ মাপমাছসংস্কৃত ভাষামিচিং জনগোষ্ঠীৰ সাজপাৰঅৰুণাচল প্ৰদেশৰ উৎসৱসমূহতলাতল ঘৰবৰপেটা (লোকসভা সমষ্টি)ভৌগোলিক তথ্য ব্যৱস্থানৱকান্ত বৰুৱা🡆 More