গ্ৰন্থ সোণ হৰিণৰ চেঁকুৰ: অসমীয়া উপন্যাস

সোণ হৰিণৰ চেঁকুৰ হৈছে অনুৰাধা শৰ্মা পূজাৰীৰ দ্বাৰা ৰচিত এখন উপন্যাস। উপন্যাসখন গ্ৰন্থাকাৰে প্ৰথম প্ৰকাশিত হয় ২০১২ চনৰ এপ্ৰিল মাহত। ইয়াৰ আগতে উপন্যাসখন প্ৰতিদিন কাকতৰ দেওবৰীয়া আলোচনী 'সম্ভাৰ'ত খণ্ড খণ্ডকৈ প্ৰকাশ পাইছিল।

সোণ হৰিণৰ চেঁকুৰ  
উপন্যাসখনৰ বেটুপাত
লেখক অনুৰাধা শৰ্মা পূজাৰী
প্ৰচ্ছদ শিল্পী প্ৰদীপ নাথ
দেশ ভাৰতভাৰত
ভাষা অসমীয়া
প্ৰকাৰ সামাজিক উপন্যাস
প্ৰকাশক চন্দ্ৰ প্ৰকাশ
প্ৰকাশ এপ্ৰিল,২০১২
মিডিয়া প্ৰকাৰ মুদ্ৰণ
পৃষ্ঠা সংখ্যা ১৯২
আই.এচ.বি.এন. ৯৭৮-৯৩-২৪৪-০২৬০-৮

কাহিনীৰ সাৰাংশ

উপন্যাসখনত লেখিকাই বৰ্তমান সময়ৰ বাস্তৱ জীৱনৰ চিৰাচৰিত ঘটনাৱলীক দাঙি ধৰিছে। তৰুণ প্ৰজন্মৰ প্ৰত্যাশা, ভাৱাবেশ, উচ্চাকাংক্ষা, হতাশা আদি প্ৰতিটো অনুভূতিকে সাৰ্থকভাৱে তুলি ধৰিছে। আমাৰ চলিত শিক্ষানীতি, মানু্হৰ মগজুৰ সংকীৰ্ণতা, শিক্ষক শিক্ষয়িত্ৰীৰ স্বজনপ্ৰীতি, উন্নতিৰ নামত নামহীন প্ৰতিযোগিতাৰ দৌৰত কিদৰে মোহাছন্ন হয় এচাম অভিভাৱক সেই সকলোবোৰ সামৰি সমাজখনৰ এক স্বৰূপ দাঙি ধৰিছে উপন্যাসত। আজিৰ শিক্ষাই শিক্ষাৰ্থীক টকা ঘটা যন্ত্ৰ হবলৈ, ৰেচৰ ঘোঁৰা হৈ নম্বৰ বুটলিবলৈ শিকাইছে, ডাক্তৰ হৈ ৰোগীৰ ফোন আহিব বুলি মোবাইল ফোনৰ চুইচ অফ কৰি থবলৈ শিকাইছে, ইঞ্জিনিয়াৰ হৈ দলং ৰাস্তা সকলোতে ফাঁকি দি ধনী হবলৈ শিকাইছে বিষয়া হৈ ৰিলিফৰ চাউল আত্মসাৎ কৰিবলৈ শিকাইছে, আৰক্ষী হৈ অপৰাধীক সুৰক্ষা দিবলৈ শিকাইছে, কিন্তু এজন খেতিয়ক হবলৈ, গায়ক বা গীটাৰবাদক হবলৈ শিকোৱা নাই। অভিজাত্যৰ ভেমত আত্মকেন্দ্ৰিক হৈ স্বাৰ্থপৰতাৰ কবলত পৰি চিঙি পেলোৱা হয় তেজৰ সম্পৰ্ক যাৰ ফলত হেৰুৱাই পেলায় জীৱনৰ ৰং। উপন্যাসখনত বৰ্ণিত প্ৰতিটো চৰিত্ৰই কঢ়িয়াই ফুৰিছে একো একোটা কাহিনী, যত আছে প্ৰতাৰণা, বিফলতা, দুৰ্যোগ কিন্তু তাৰ মাজতো আছে প্ৰেম, আশা, প্ৰতিশ্ৰুতি আৰু জীৱন।

লেখক পৰিচিতি

অনুৰাধা শৰ্মা পূজাৰী, জন্ম ১৯৬৪ চন। অসমৰ এগৰাকী শিক্ষাবিদ, লেখিকা, সাংবাদিক আৰু সম্পাদক। ১৯৮৭ চনত তেখেতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা সমাজশাস্ত্ৰ বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। ১৯৯৩ চনত কলিকতাৰ পৰা সাংবাদিকতাৰ পাঠ্যক্ৰম গ্ৰহণ কৰে।

তথ্য সংগ্ৰহ

Tags:

অনুৰাধা শৰ্মা পূজাৰী

🔥 Trending searches on Wiki অসমীয়া:

অসমৰ চলচ্চিত্ৰস্বদেশী আন্দোলননাগালেণ্ডজৈৱিক কৃষিভাওনাফাকে জনগোষ্ঠীবিজ্ঞানঅসমৰ সাহিত্যিকসকলৰ তালিকাহাজোকছাৰী ৰাজ্যৰামকাঠৰ জোখ মাপতামোলভটিমাচৈয়দ আব্দুল মালিকনৰকাসুৰৰাম সৰস্বতীলোককথাসাপশিক্ষা মনোবিজ্ঞানভাৰতৰ ৰাজনৈতিক দলসমূহৰ তালিকাবড়ো ভাষাফুলবৈচাগুবাণীকান্ত কাকতিনীলমণি ফুকন (কনিষ্ঠ)অসমীয়া উপন্যাসএইচ টি এম এলঢুলীয়া ভাওনাএ পি জে আব্দুল কালামভাৰতৰ সংবিধানভাৰতৰ স্বাধীনতা আন্দোলনবগেজাৰী গীতকম্পিউটাৰঅৰ্জুন ভঞ্জনফণী শৰ্মাআৱাহন (আলোচনী)বৰপেটা (লোকসভা সমষ্টি)অসমীয়া ভাষা আন্দোলনমধ্যাহ্ন ভোজন আঁচনিভিটামিনদুৰ্গা পূজাসমাসঅসমৰ পৰম্পৰাগত সাজ- পাৰবৰপেটা সত্ৰনাৰী সবলীকৰণৱিকিমিডিয়া ফাউণ্ডেশ্যনডিমাছা জনগোষ্ঠীঅব্যয় পদচৰাইকবিতাসিন্ধু সভ্যতাআলেকজেণ্ডাৰ গ্ৰাহাম বে'লনলবাৰী জিলাসংযুক্ত মুক্তি বাহিনী, অসমঅপৰিমেয় সংখ্যামুগা (ৰেচম)কোচ ৰাজবংশীঅষ্ট্ৰেলিয়াভাৰতীয় নাগৰিকত্ব আইনকাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানশকুন্তলাকাৰ্বি আংলং জিলাকলিকতাইন্দিৰা মিৰিকোষ (জীৱবিজ্ঞান)গণৰাজ্য দিৱস (ভাৰত)কৃষ্ণ ভূঞামিডিয়াৱিকিমাদাৰ টেৰেছাবিবাহমৰাণ জনগোষ্ঠীঋকবেদঅসম আৰক্ষীযৌন উদ্যোগ সম্পৰ্কে নাৰীবাদী দৃষ্টিভংগীউদ্ভিদপাৰিজাত হৰণ নাট🡆 More