সুনিধি চৌহান: ভাৰতীয় নেপথ্য কণ্ঠশিল্পী

সুনীধি চৌহান (ইংৰাজী: Sunidhi Chauhan; জন্ম: ১৪ আগষ্ট ১৯৮৩) এগৰাকী ভাৰতীয় নেপথ্য কণ্ঠশিল্পী। দিল্লীত জন্মগ্ৰহণ সুনিধিয়ে ৫ বছৰ বয়সৰ পৰাই স্থানীয় অনুষ্ঠানত সংগীত পৰিবেশন কৰিবলৈ আৰম্ভ কৰে আৰু ১৩ বছৰ বয়সত শাস্ত্ৰ (১৯৯৬) ছবিৰ জৰিয়তে কৰ্মজীৱনত আত্মপ্ৰকাশ কৰে। একেটা বছৰতে মেৰী আৱাজ শুনো শীৰ্ষক প্ৰথমটো গানৰ ৰিয়েলিটি শ্ব'ত জয়ী হয় আৰু মস্তৰ (১৯৯৯) ‘ৰুকি ৰুকি ছি জিন্দগী’ বাণীবদ্ধ কৰি এগৰাকী বিশিষ্ট সংগীত শিল্পী হিচাপে প্ৰতিষ্ঠিত হয়। গীতটোৱে তেওঁলৈ নতুন সংগীত প্ৰতিভালৈ আগবঢ়োৱা ফিল্মফেয়াৰ আৰ ডি বৰ্মন বঁটা কঢ়িয়াই আনে আৰু শ্ৰেষ্ঠ মহিলা কণ্ঠশিল্পীৰ বঁটাৰ বাবে বাবে মনোনীত হয়। এক বহুমুখী কণ্ঠৰ বাবে তেওঁ পৰিচিত।

সুনিধি চৌহান
সুনিধি চৌহান: ভাৰতীয় নেপথ্য কণ্ঠশিল্পী
চৌহান, ২০১৫
জন্ম ১৪ আগষ্ট, ১৯৮৩ (৪০ বছৰ)
নতুন দিল্লী
পেচা কণ্ঠশিল্পী
সক্ৰিয় হৈ থকা সময় ১৯৯৬- বৰ্তমানলৈ
দাম্পত্যসঙ্গী
  • ববী খান (বি. ২০০২; বিবি. ২০০৩)
  • হিতেশ চোনিক (বি. ২০১২)
সন্তান
সাংগীতিক কেৰিয়াৰ
সংগীতৰ প্ৰকাৰ
  • ফিল্মী
  • পপ
  • ভাৰতীয় শাস্ত্ৰীয় সংগীত
  • ৰক
  • হিপহ'প
  • ছুফী
  • জাজ
  • ব্লুজ
  • ডিস্কো
ৰেকৰ্ড লেবেল

২০০০ চনত ফিজাৰ ‘মেহবুব মেৰে’ গীতটোৰ জৰিয়তে তেওঁ দ্বিতীয়বাৰৰ বাবে আৰু ধূমৰ (২০০৪) ‘ধূম মচালে’ গীতটোৰ বাবে সুনিধিয়ে তৃতীয়বাৰৰ বাবে ফিল্মফেয়াৰৰ মনোনয়ন লাভ কৰে। ইয়াৰ পিছত আৰু দুবাৰ- পৰিণীতাৰ ‘কেইছী পহেলী’ আৰু দশৰ (২০০৫) ‘দিদাৰ দে’ত ফিল্মফেয়াৰ মনোনয়ন পায়। ২০০৬ চনত ওমকাৰাৰ ‘বীদি’ গীতটোৱে প্ৰথমবাৰৰ বাবে তেওঁক শ্ৰেষ্ঠ নেপথ্য কণ্ঠশিল্পীৰ ফিল্মফেয়াৰ বঁটা আনি দিয়ে। ইয়াৰোপৰি একেটা বছৰতে আৰু দুবাৰ তেওঁ ফিল্মফেয়াৰ মনোনয়ন পাইছিল; অকসৰৰ (২০০৬) ‘ছোনিয়ে’ আৰু ৩৬ চাইনা টাউনৰ (২০০৬) ‘আচিকি মেঁই’ৰ বাবে।

পিছৰ বছৰত চৌহানে আজা নাচলেৰ (২০০৭) শীৰ্ষগীত আৰু "হনীমুন ট্ৰেভেলচ্ প্ৰাইভেট লিমিটেড"ৰ ‘সাজনজী ৱাৰি ৱাৰি’ বাণীবদ্ধ কৰে, যিয়ে সমালোচক আৰু ব্যৱসায়িক দিশৰ পৰাও ভাল সহাৰি পাইছিল। সুনিধিয়ে ৰব নে বনা দি জোড়ীৰ ‘ডান্স পে ডান্স’ আৰু লাভ আজ কালৰ (২০০৯) ‘চোৰ বজাৰী’ বাবেও ফিল্মফেয়াৰ মনোনয়ন পাইছিল। ২০১০ চনত আইটেম গীত ‘শীলা কী জৱানী’য়ে (২০১০) তেওঁলৈ দ্বিতীয়টো ফিল্মফেয়াৰ বঁটা আনি দিয়ে আৰু গুজাৰিছৰ (২০১০) ‘উদি’ শীৰ্ষক গীতটো ইণ্টাৰনেচনেল ষ্টাইলড কাৰ্নিভেল চঙৰ বাবে মনোনীত হয়। ২০১০ চনত আন্তঃৰাষ্ট্ৰীয় সংগীতত তেওঁ পদাৰ্পন কৰে; এনৰিক ইগলেছিয়াছৰ "হাৰ্টবিট" গীতটোৰ এটা বিকল্প সংস্কৰণত তেওঁ কণ্ঠদান কৰে।

নেপথ্য গায়নৰ উপৰিও চৌহানে কেইবাটাও টেলিভিছনৰ ৰিয়েলিটি শ্ব’ত বিচাৰক হিচাপে দায়িত্ব লোৱাৰ উপৰিও বহু কেইটা মিউজিক ভিডিঅ’ত তেওঁ অংশ লৈছে। সংগীতৰ কেৰিয়াৰৰ উপৰিও বিভিন্ন দাতব্য সংস্থা আৰু সামাজিক কামৰ সৈতেও তেওঁ জড়িত। ২০১২-ৰ পৰা ২০১৫-লৈ ভাৰতৰ ফৰ্বছ চেলিব্ৰিটি ১০০ তালিকাত চাৰিবাৰকৈ তেওঁৰ নাম অন্তৰ্ভূক্ত হৈছে।

প্ৰাৰম্ভিক জীৱন

১৯৮৩ চনৰ ১৪ আগষ্টত ভাৰতৰ নতুন দিল্লীত সুনিধি চৌহানৰ জন্ম হৈছিল। তেওঁৰ পিতৃ দুষ্যন্ত কুমাৰ চৌহান উত্তৰ প্ৰদেশৰ ব্যক্তি আছিল আৰু তেওঁ আছিল শ্ৰীৰাম ভাৰতীয় কলা কেন্দ্ৰৰ নাট্য ব্যক্তিত্ব। তেওঁৰ মাতৃ এগৰাকী গৃহিণী, যিয়ে সুনিধিক সংগীতৰ ক্ষেত্ৰখনত কেৰিয়াৰ গঢ়িবলৈ প্ৰভাৱিত কৰিছিল। তেওঁৰ এগৰাকী ভনীয়েকো আছে। চাৰি বছৰ বয়সত সুনিধিয়ে প্ৰতিযোগিতা আৰু স্থানীয় অনুষ্ঠানত পৰিৱেশন কৰিবলৈ আৰম্ভ কৰে। পৰৱৰ্তী সময়ত পিতৃৰ বন্ধুসকলে সুনিধিৰ গায়কী প্ৰতিভাক গুৰুত্ব সহকাৰে ল'বলৈ পতিয়ন নিয়াইছিল। সেই সময়ছোৱাত তেওঁ লাইভ শ্ব' কৰি আছিল আৰু কেছেট আৰু চিডি শুনি নিয়মীয়া ৰেৱাজ অব্যাহত ৰাখিছিল।

তথ্যউৎস

বাহ্যিক সংযোগ

Tags:

ইংৰাজী ভাষাফিল্মফেয়াৰ বঁটা

🔥 Trending searches on Wiki অসমীয়া:

নামঘৰসৌৰভ কুমাৰ চলিহাবৈচাগুমিঠু বৰুৱাঅসমীয়া উপন্যাসবসন্ত ঋতুমানৱ উন্নয়ন সূচক অনুযায়ী দেশৰ তালিকামহা মৃত্যুঞ্জয় মন্দিৰহেমকোষখোলমাৰাঠা সাম্ৰাজ্যপটলঅসম বিধানসভাভাৰতৰ প্ৰধানমন্ত্ৰীকলিতা জনগোষ্ঠীবিশ্ব ঘৰচিৰিকা দিৱসঅৰ্জুন ভঞ্জনবেটুপাতঅয়নান্ত (গ্ৰন্থ)অসমৰ জাতীয় গীতঅনুবাদআত্মসহায়ক গোটশিশু সাহিত্যগণৰাজ্য দিৱস (ভাৰত)ভোলানাথ দাসজৱাহৰলাল নেহৰুৱিকিছুনামিতোলনি বিয়াসূৰ্য (দেৱতা)ৰামায়ণবিজ্ঞানমনোবিজ্ঞানপৰিমেয় সংখ্যাঅৰুণোদইযুক্তিআধুনিকতাবাদএকচেটীয়া বজাৰপৰম্পৰাসংঘাতমাজুলীমাইলছ ব্ৰনছনমাঘ বিহুআমলখিদ্বিতীয় বিশ্বযুদ্ধৰীতা চৌধুৰীৰমন্যাসবাদঅসমৰ পৰম্পৰাগত খেল-ধেমালিবৌদ্ধ ধৰ্মবৰগীতশীতল যুদ্ধবহুভাষাবাদবিহুৰ বাদ্যযন্ত্ৰসমাজড়বৰহমথুৰিঅসমীয়া প্ৰতিদিনদেৱদাসী নৃত্যঅসমৰ সাহিত্যিকসকলৰ তালিকাভাৰতীয় ভাষাপ্ৰাকৃতিক সম্পদভাৰতীয় চলচ্চিত্ৰহুঁচৰিঅঘৰী আত্মাৰ কাহিনীনিৰ্মলপ্ৰভা বৰদলৈজালিয়ানৱালাবাগৰ হত্যাকাণ্ডপ্ৰফুল্ল দত্ত গোস্বামীমিচিং ভাষাপৰিস্থিতি বিজ্ঞানশুৱালকুছিঅসমীয়া সাহিত্যৰ বুৰঞ্জীৰ তালিকানাৰীবাদতগৰ🡆 More