সাগৰ

সাগৰ বা সমুদ্ৰ (ইংৰাজী: Sea) হ'ল লৱণ যুক্ত পানীৰ পৰস্পৰ সংযুক্ত জলৰাশি, যি পৃথিৱীৰ উপৰিভাগৰ ৭০ শতাংশৰো বেছি অংশ আবৃত কৰি ৰাখিছে। সাগৰে পৃথিৱীৰ জলবায়ুক সহনীয় কৰি ৰাখে আৰু জলচক্ৰ, কাৰ্বন চক্ৰ আৰু নাইট্ৰ'জেন চক্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। প্ৰাচীন কালৰ পৰাই মানুহে সাগৰ পৰিভ্ৰমণ কৰিছে আৰু সাগৰাভিযান চলাই আহিছে। প্ৰায় ১৭৬৮ চনৰ পৰা ১৭৭৯ চনৰ ভিতৰত কেপ্তেইন জেমছ কুকৰ প্ৰশান্ত মহাসাগৰ অভিযানৰ সময়ৰ পৰাই সাগৰ-সংক্ৰান্ত বিজ্ঞানসম্মত চৰ্চা বা সাগৰবিজ্ঞানৰ আৰম্ভণি ঘটে। সাগৰ শব্দটোৰ মাধ্যমে অৱশ্যে বিভিন্ন মহাসাগৰৰ সৰু আৰু আংশিকভাবে ভূ-বেষ্টিত অংশবোৰকো বুজোৱা হয়।

Waves breaking on the shore
উপকূলীয় সাগৰ তৰঙ্গ, পাৰাকাছ ৰাষ্ট্ৰীয় সংৰক্ষিত অঞ্চল, ইকা, পেৰু
Shipping at Singapore Harbour
মানৱজাতিৰ বিকাশ আৰু বাণিজ্যৰ উন্নতিৰ ক্ষেত্ৰত সাগৰে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। (ওপৰৰ ছবিতে) ছিংগাপুৰৰ পোতাশ্ৰয় (বিশ্বৰ ব্যস্ততম ট্ৰান্সশিপমেণ্ট বন্দৰ আৰু ছিংগাপুৰ প্ৰণালী আৰু মালাক্কা প্ৰণালী মধ্যবৰ্তী নৌপথ।

সাগৰৰ পানীত সৰ্বাধিক পৰিমাণে যি ঘনবস্তু দ্ৰবীভূত অৱস্থাত আছে, সেয়া হ'ল ছডিয়াম ক্লোৰাইড। ইয়াৰোপৰি অন্যান্য অনেক মৌলৰ সৈতে মেগনেছিয়াম, কেলছিয়াম আৰু পটেছিয়ামৰ লৱণ আছে। বহুতো মৌল অতিসূক্ষ্ম কেন্দ্ৰীভূত অৱস্থাত থাকে। সাগৰৰ পানীৰ লৱণাক্ততা সকলোতে সমান নহয়। পৃষ্ঠতল আৰু ডাঙৰ ডাঙৰ নদীৰ মোহনাৰ কাষৰ পানীৰ লৱণক্ততা কম; অন্যদিশে সাগৰৰ গভীৰতৰ অংশৰ লৱণাক্ততা বেছি। যদিও বিভিন্ন মহাসাগৰৰ ভিতৰত দ্ৰবীভূত লৱণৰ আপেক্ষিক অনুপাতৰ পাৰ্থক্য নিচেই কম। সাগৰৰ পৃষ্ঠতলৰ ওপৰেৰে প্ৰবাহিত বায়ুয়ে তৰঙ্গ সৃষ্টি কৰে। সেই তৰঙ্গ সাগৰৰ অগভীৰ স্থানত প্ৰবেশ কৰি ভাঙি যায়। সাগৰৰ উপৰিভাগৰ সৈতে বায়ুৰ ঘৰ্ষণৰ ফলত সাগৰস্ৰোতৰো সৃষ্টি হয়। এই সাগৰস্ৰোতবোৰ ধীৰগতিত অথচ নিয়মিতভাবে মহাসাগৰবোৰৰ ভিতৰত জল প্ৰবাহিত কৰে। মহাদেশবোৰৰ গঠন আৰু পৃথিৱীৰ আবৰ্তন (কোৰিঅ'লিছ প্ৰভাৱ) ইত্যাদি বহুতো কাৰণে এই প্ৰৱাহেৰ অভিমুখ নিয়ন্ত্ৰণ কৰে। বিশ্ব পৰিবহণ বেষ্টণী নামে পৰিচিত গভীৰ-সাগৰস্ৰোতবোৰ মেৰু অঞ্চলৰ পৰা ঠাণ্ডা পানী প্ৰত্যেক মহাসাগৰলৈ বহন কৰি আনে। নিজৰ অক্ষেৰ চাৰিওফালে পৃথিৱীৰ আবৰ্তন, পৃথিৱীৰ চাৰিওফালে পৰিক্ৰমণৰত চন্দ্ৰৰ মাধ্যাকৰ্ষণ বল, সামান্য পৰিমাণে সূৰ্যৰ মাধ্যাকৰ্ষণ বলৰ প্ৰভাৱত সাধাৰণতে দিনে দুবাৰ সাগৰপৃষ্ঠৰ উত্থান আৰু পতন ঘটে। এই ঘটনা জোৱাৰ-ভাটা নামেৰে পৰিচিত। উপসাগৰ আৰু নদীৰ মোহনাত জোৱাৰ-ভাটাৰ মাত্ৰা অত্যন্ত বেছি হয়। মহাসাগৰৰ নিম্নবৰ্তী ভূগৰ্ভত ভূসাংগাঠনিক পাতৰ লৰচৰ কৰাৰ ফলত সাগৰৰ তলিত ঘটা ভূমিকম্পৰ ফলত বিধ্বংসী ছুনামিৰ উদ্ভব ঘটে। অবশ্যে আগ্নেয়গিৰিৰ অগ্ন্যুৎপাত, প্ৰবল ভূমিধ্বস অথবা উল্কাপিণ্ডৰ সংঘাতেও অনেক সময়ত ছুনামিৰ সৃষ্টি হয়।

সাগৰত বিভিন্ন ধৰণৰ বেক্টেৰিয়া, প্ৰ'টিষ্টা, শেলুৱৈ, উদ্ভিদ, ভেঁকুৰ আৰু প্ৰাণীৰ সন্ধান পোৱা গৈছে। এই বাবে সাগৰত এক বৈচিত্ৰ্যময় সামুদ্ৰিক বাসস্থান আৰু বাস্তুতন্ত্ৰ গঢ়ি উঠিছে। এই জাতীয় বাসস্থান আৰু বাস্তুতন্ত্ৰ সাগৰৰ উপৰিভাগৰ সূৰ্যালোকিত জলভাগ আৰু বিষুৱ ৰেখাৰ পৰা উল্লম্বভাবে শীতল আৰু অন্ধকাৰ সাগৰতলস্থ ক্ষেত্ৰৰ পানীৰ উচ্চচাপযুক্ত সুগভীৰ অংশ আৰু উত্তৰ মেৰু অঞ্চলৰ বৰফৰ তলৰ স্থিত শীতল জলৰ পৰা অক্ষৰেখাৰ গ্ৰীষ্মমণ্ডলীয় অঞ্চলৰ বৰ্ণবৈচিত্ৰ্যময় প্ৰৱাল প্ৰাচীৰবোৰৰ পৰ্যন্ত প্ৰসাৰিত হৈ আছে। উদ্ভিদ আৰু প্ৰাণীৰ বেছিভাগ প্ৰধান গোষ্ঠীৰ সাগৰতেই বিৱৰ্তন ঘটিছে। জীৱনৰ উৎপত্তিও সম্ভৱতঃ সাগৰতেই ঘটিছিল।

সাগৰে মানৱজাতিক প্ৰচুৰ খাদ্যৰ যোগান ধৰে। ইয়াৰ ভিতৰত মাছেই প্ৰধান। ছেলফিছ, স্তন্যপায়ী প্ৰাণী আৰু সামুদ্ৰিক শেলুৱৈ সাগৰৰ পৰাই পোৱা যায়। এইবোৰ হয় জালুৱৈয়ে জাল পেলাই ধৰে অথবা পানীৰ তলত খেতি কৰা হয়। ইয়াৰোপৰি মানুহে সাগৰক বাণিজ্য, পৰ্যটন, খনিজ উত্তোলন, বিদ্যুৎ উৎপাদন, যুদ্ধ আৰু সাঁতোৰ, প্ৰমোদ ভ্ৰমণ আৰু স্কুবা ডাইভিং ইত্যাদি কাৰ্যতো ব্যৱহাৰ কৰে। এই সকলো কাৰ্যৰ বাবে সাগৰ দূষিত হয়। মানৱ সংস্কৃতিতো সাগৰৰ গুৰুত্ব অসীম। হোমাৰৰ ওডিছি মহাকাব্যৰ যুগৰ পৰা সাহিত্য, সামুদ্ৰিক শিল্পকলা, থিয়েটাৰ আৰু উচ্চাঙ্গ সংগীতত সাগৰৰ উপস্থিতি লক্ষণীয়। পৌৰাণিক সাহিত্যৰ বহুতো ক্ষেত্ৰত সাগৰক প্ৰতীকীভাবে দৈত্য অথবা দেৱতা হিচাবে চিত্ৰিত কৰা হৈছে আৰু অচেতন মন আৰু স্বপ্ন ব্যাখ্যাৰ প্ৰতীক হিচাপেও উপস্থাপিত কৰা হৈছে।

সাগৰসমূহৰ তালিকা

আটলাণ্টিক মহাসাগৰ

সাগৰ 
চিলিৰ কেন্দ্ৰীয় সাগৰতীৰ
সাগৰ 
তুৰস্কভূমধ্য সাগৰত সূৰ্যাস্ত
  • বাফিন উপসাগৰ
  • Gulf of St. Lawrence
  • Bay of Fundy
  • কেৰিবীয়ান সাগৰ
  • মেক্সিকো উপসাগৰ
  • সাৰগাসো সাগৰ†
  • উত্তৰ সাগৰ
  • বাল্টিক সাগৰ
    • কেন্দ্ৰীয় বাল্টিক সাগৰ
    • বথনিয়া উপসাগৰ
      • বচনিয়াৰ উপসাগৰ
      • বচনিয়া সাগৰ
    • ফিনলেণ্ড উপসাগৰ
  • Sea of the Hebrides
  • আইৰিছ সাগৰ
  • চেল্টিক সাগৰ
  • ভূমধ্য সাগৰ
    • এড্ৰিয়াটিক সাগৰ
    • এজিয়ান সাগৰ
      • Mirtoon Sea
      • ক্ৰিট সাগৰ
      • Thracian Sea
    • Alboran Sea
    • মামাৰা সাগৰ
    • কৃষ্ণ সাগৰ
      • আজভ সাগৰ
    • কাটালান সাগৰ
    • আইৱনিয়ান সাগৰ
    • Ligurian Sea
    • Tyrrhenian Sea
    • সিদ্ৰা উপসাগৰ
    • মাৰ্মাৰা সাগৰ
  • বিস্কে উপসাগৰ
  • Gulf of Guinea

উত্তৰ মহাসাগৰ

  • হাডচন উপসাগৰ
    • জেমছ উপসাগৰ
  • ব্যাৰেণ্ট্‌ছ সাগৰ
  • কাৰা সাগৰ
  • Beaufort Sea
  • Amundsen Gulf
  • গ্ৰীনলেণ্ড সাগৰ
  • নৰৱেজিয়ান সাগৰ
  • চুকছি সাগৰ
  • লাপ্তেভ সাগৰ
  • পূব চাইবেৰিয়ান সাগৰ
  • হোৱাইট সাগৰ
  • লিংকন সাগৰ

ভাৰত মহাসাগৰ

সাগৰ 
বংগোপসাগৰভাৰতৰ ভাৰতৰ ব্যস্ততম সমুদ্ৰবন্দৰটো বিশাখাপট্টনমত অৱস্থিত

প্ৰশান্ত মহাসাগৰ

  • Chilean Sea
  • বেৰিং সাগৰ
  • আলাস্কা উপসাগৰ
  • Salish Sea
  • কোৰ্টেজেৰ উপসাগৰ (কেলিফোৰ্নিয়া উপসাগৰ)
  • Sea of Okhotsk
  • জাপান সাগৰ
  • Seto Inland Sea
  • পূৰ্ব চীন সাগৰ
  • দক্ষিণ চীন সাগৰ
  • সুলু সাগৰ
  • Celebes Sea
  • Bohol Sea (Mindanao Sea)
  • ফিলিফাইন সাগৰ
  • Camotes Sea
  • Flores Sea
  • ব্যান্ধা সাগৰ
  • আৰাফুৰা সাগৰ
  • টিমুৰ সাগৰ
  • তাসমান সাগৰ
  • ইয়োলু সাগৰ
  • বোহাই সাগৰ
  • প্ৰবাল সাগৰ
  • Gulf of Carpentaria
  • Bismarck Sea
  • চলোমান সাগৰ
  • Ceram Sea
  • Halmahera Sea
  • Molucca Sea
  • Savu Sea
  • জাভা সাগৰ
  • থাইলেণ্ড উপসাগৰ

দক্ষিণ মহাসাগৰ

  • Weddell Sea
  • Ross Sea
  • Great Australian Bight
  • Gulf Saint Vincent
  • Spencer Gulf
  • Scotia Sea
  • Amundsen Sea
  • Bellingshausen Sea
  • Davis Sea

ভূমধ্য সাগৰসমূহ

তথ্য সংগ্ৰহ

উল্লিখিত গ্ৰন্থ

  • Cotterell, Arthur (ed.) (2000). World Mythology. Parragon. ISBN 978-0-7525-3037-6. 
  • Kindersley, Dorling (2011). Illustrated Encyclopedia of the Ocean. Dorling Kindersley. ISBN 978-1-4053-3308-5. 
  • Stow, Dorrik (2004). Encyclopedia of the Oceans. Oxford University Press. ISBN 0-19-860687-7. 

বহিঃসংযোগ

Tags:

সাগৰ সমূহৰ তালিকাসাগৰ তথ্য সংগ্ৰহসাগৰ উল্লিখিত গ্ৰন্থসাগৰ বহিঃসংযোগসাগৰইংৰাজী ভাষাজেমছ কুকপ্ৰশান্ত মহাসাগৰমহাসাগৰ

🔥 Trending searches on Wiki অসমীয়া:

অসম আৰক্ষীৱিকিপিডিয়াপলাশীৰ যুদ্ধভাস্কো দা গামাএককোষী জীৱচ্যু-কা-ফাভাৰতৰ ৰাজ্যিক গছসমূহৰ তালিকাঅসমীয়া যুক্তাক্ষৰমহাসাগৰবাথৌ পূজাভাৰত ত্যাগ আন্দোলনমৌলিক সংখ্যা২৩ এপ্ৰিলৰবীন্দ্ৰনাথ ঠাকুৰপালি ভাষানিগনিপুঁজিবাদকাঞ্চন (উপন্যাস)শূন্যৱৰ্ল্ড ৱাইড ৱেবঅসমীয়া খবৰহিন্দু পদ্ধতিত সময়ৰ এককব্ৰিটিছ ৰাজজৱাহৰলাল নেহৰুভাৰতৰ জৰুৰীকালীন অৱস্থা, ১৯৭৫নাৰী সবলীকৰণতাল (বাদ্যযন্ত্ৰ)মাধৱদেৱমনোবিজ্ঞানবেটুপাতফেডেৰিক’ গাৰ্ছিয়া ল’ৰ্কানিৰ্ম্মল ভকতনক্ষত্ৰঅসমৰ কাঁহ শিল্পনৱ-বৈষ্ণৱ ধৰ্মৰমন্যাসবাদভাৰত-চীন যুদ্ধবিবাহঅসমৰ লোকবাদ্যসূৰ্যমোৱামৰীয়া বিদ্ৰোহআনন্দ চন্দ্ৰ আগৰৱালাআইজাক নিউটনমৌখিক লোকসাহিত্যইউনিক’ডঅসমৰ সমস্যাহস্তীবিদ্যাৰ্ণৱমাটিৰ হিচাপমানুহসৰ্বানন্দ সোণোৱালকৃষ্ণশুৱালকুছিকাঠনিবাৰী ঘাটপোহৰদুৰ্গেশ্বৰ শৰ্মাৰামধেনুবৰদৈচিলাগণতন্ত্ৰকলকনকলতা বৰুৱামাধৱী লতাআনন্দৰাম ঢেকিয়াল ফুকনজয়মতী (১৯৩৫ চলচ্চিত্ৰ)ৱিকিশিৱসমীৰ তাঁতীজয়মতী কুঁৱৰীআমেৰিকা যুক্তৰাষ্ট্ৰব'হাগ বিহুঅসমীয়া উপন্যাসমহামায়া ধামবাৰেচহৰীয়া ভাওনা মহোৎসৱমঙ্গলদৈ (লোকসভা সমষ্টি)🡆 More