সমাজবাদ

সমাজবাদ (ইংৰাজী: Socialism) অৰ্থনৈতিক আৰু সামাজিক ব্যৱস্থাৰ এক গোট যাক উৎপাদনৰ মাধ্যমৰ সামাজিক মালিকী আৰু গণতান্ত্ৰিক নিয়ন্ত্ৰণেৰে চিহ্নিত কৰা হয়। তেনে সমাজ গঠনৰ উদ্দেশ্য ৰখা ৰাজনৈতিক ভাবাদৰ্শ, সূত্ৰ আৰু আন্দোলনকো সমাজবাদ বোলা হয়। সামাজিক মালিকীয়ে ৰাজহুৱা, উমৈহতীয়া, ক'অপাৰেটিভ, প্ৰয়োজনানুযায়ী সমতা আৰু এইবোৰৰ মিশ্ৰণ বুজাব পাৰে। যদিও সমাজবাদৰ বহু ৰূপ আছে আৰু কোনো সংজ্ঞাই সকলোকে নাসামৰে, সামাজিক মালিকী সকলোৰে উমৈহতীয়া গুণ। পুঁজিবাদত লাভৰ বাবে উৎপাদন হয়, কিন্তু সমাজবাদত প্ৰয়োজনৰ বাবে।

সমাজবাদী অৰ্থনীতি

সমাজবাদী অৰ্থনীতি বজাৰ অৰ্থনীতি হ'বও পাৰে নহবও পাৰে। অ-বজাৰ অৰ্থনৈতিক সমাজবাদত বজাৰ কাৰকসমূহৰ আৰু ধনৰ সলনি আভিযান্ত্ৰিক আৰু প্ৰযুক্তিগত জ্ঞান আদিৰে গণনা কৰা, অৰ্থাৎ অ-পুঁজিবাদী কিছু নিয়মেৰে চালন কৰা হয়। অ-বজাৰ সমাজবাদৰ এক উদ্দেশ্য পুঁজি সংগ্ৰহ আৰু লাভ ব্যৱস্থাৰ দোষ আঁতৰাই চলা। তাৰ বিপৰীতে, বজাৰ সমাজবাদত বজাৰ শক্তি আৰু কাৰকসমূহ কাৰ্যকৰী বিভিন্ন সামাজিকভাৱে চালিত প্ৰতিষ্ঠানসমূহৰ মাজত পুঁজি সামগ্ৰীৰ বিতৰণৰ বাবে। লাভ প্ৰতি প্ৰতিষ্ঠানৰ কৰ্মশক্তিৰ ওপৰত বা সমগ্ৰ সমাজৰ ওপৰত নিৰ্ভৰশীল হ'ব। পিচে প্ৰকৃত প্ৰণালী আদি সামাজিক গণনা তৰ্কৰ অন্তৰ্গত।

সমাজবাদী ৰাজনীতি

সমাজবাদী ৰাজনৈতিক আন্দোলনে মধ্যৰ পৰা শেষৰ ১৭০০ৰ শতিকাত চিন্তা আৰম্ভ হোৱা পুঁজিবাদী ব্যৱস্থাৰ সমস্যাসমূহৰ বিষয়ে চিন্তিত কেইবাটাও বৈচিত্ৰ্যময় ৰাজনৈতিক দৰ্শন সামৰে। বজাৰ অৰ্থনীতি স্বীকাৰ কৰা নকৰাৰ উপৰিও সমাজবাদীসকল সামাজিক মালিকীৰ প্ৰকাৰ, উৎপাদনকাৰী প্ৰতিষ্ঠানসমূহত কেনে ব্যৱস্থা থাকিব লাগে, আৰু সমাজবাদী সমাজ গঢ়াত ৰাজ্যৰ ভূমিকাক লৈ একমত নহয়। মুখ্য তৰ্কৰ বিষয়ে সংস্কাৰ বনাম বৈপ্লৱিক সমাজবাদ, ৰাজ্য সমাজবাদ বনাম মুক্ত সমাজবাদ সামৰে। সমাজবাদী ৰাজনীতি কেন্দ্ৰিত আৰু বিকেন্দ্ৰিত, জাতীয়তাবাদী আৰু আন্তৰ্জাতীয়তাবাদী, ৰাজনৈতিক দলৰ সৈতে সম্বন্ধিত আৰু ৰাজনৈতিক দল বিৰোধী, বাণিজ্য সংঘৰ সমৰ্থক আৰু বাণিজ্য সংঘৰ বিৰোধী, আৰু উদ্যোগীকৃত আৰু উন্নয়নশীল দেশৰ হ'ব পাৰে। যদিও সমাজবাদৰ সকলো অভিগমনেই নিজকে গণতান্ত্ৰিক আখ্যা দিয়ে, "গণতান্ত্ৰিক সমাজবাদে" এই কথাকেই বুজাই যে এই সমাজবাদৰ বিশ্বাসীসকলে অৰ্থনীতিত গণতান্ত্ৰিক প্ৰক্ৰিয়া আৰু গণতান্ত্ৰিক ৰাজনৈতিক ব্যৱস্থাসমূহক সন্মান কৰে। বিশেষকৈ এনে কৰা হয় তেনে গোটৰ সদস্যসকলে অগণতান্ত্ৰিক আখ্যা দিয়া গোটসমূহৰপৰা নিজক পৃথক কৰিবলৈ। এই শব্দৰ গোট প্ৰায় ছ'ভিয়েট সংঘৰপৰা নিজক পৃথক দৰ্শাবলৈ ব্যৱহাৰ কৰা হয়, যিয়ে বহু দূৰলৈকে কাঢ়া নিয়ন্ত্ৰণমূলক কায়দাৰে কাম কৰিছিল।

গণতান্ত্ৰিক সমাজবাদ, সাম্যবাদ আৰু বৰ্তমানে সমাজবাদ

ঊনবিংশ শতিকাৰ শেষত কাৰ্ল মাৰ্ক্স আৰু ফ্ৰিড্ৰিচ এংগেল্‌ছ পুঁজিবাদৰ অৰ্থনৈতিক চালনৰ পৰা উদ্ভৱ হোৱা প্ৰযুক্তিৰে "সমাজবাদ"ক পুঁজিবাদৰ পাছৰ ব্যৱস্থা আখ্যা দিলে যি হ'ব কোনো প্ৰকাৰৰ সামাজিক মালিকীৰ ওপৰত আধাৰিত আৰু ই পুঁজিবাদৰ বিৰুদ্ধে ঠিক হোৱা বুজাই। ১৯২০ৰ দশকত সামাজিক গণতন্ত্ৰ আৰু সাম্যবাদ বিশ্ব সমাজবাদী আন্দোলনত দুই দমনীয় ৰাজনৈতিক ধাৰা হিচাপে চিহ্নিত হ'ল। সমাজবাদ পাছলৈ বিংশ শতিকাৰ আতাইতকৈ অধিক প্ৰভাৱশালী ধৰ্মনিৰপেক্ষ বিশ্ব দৰ্শন হ'ল। যদিও সমাজবাদক ছ'ভিয়েট প্ৰকাৰৰ অৰ্থনৈতিক মডেলৰ সৈতে সম্পৰ্কিত কৰিবলৈ লোৱা হ'ল, অনেক অৰ্থনীতিবিদ আৰু বুদ্ধিজীৱীয়ে এই ব্যৱস্থাক ৰাজ্য পুঁজিবাদ বা অ-পৰিকল্পিত প্ৰশাসনীয় বা আদেশ অৰ্থনীতি আখ্যা দিছে। সমাজবাদী দলসমূহ আৰু চিন্তা বৰ্তমানেও সকলো মহাদেশতে প্ৰভাৱৰ বেলেগ বেলেগ স্তৰত এক ৰাজনৈতিক বল আৰু বিভিন্ন দেশৰ শাসন ব্যৱস্থা চালিত কৰিছে। বৰ্তমানে সমাজবাদীসকলৰ বিভিন্ন গোটে আন আন সামাজিক বিষয় যেনে প্ৰকৃতিবাদ, নাৰীবাদ আৰু মুক্তিবাদকো সামৰি লৈছে।

টোকা

  • 1Peter Lamb, J. C. Docherty. Historical dictionary of socialism (Second edition). Lanham, Maryland, UK; Oxford, England, UK: Scarecrow Press, Inc, 2006.

Tags:

সমাজবাদ ী অৰ্থনীতিসমাজবাদ ী ৰাজনীতিসমাজবাদ গণতান্ত্ৰিক , সাম্যবাদ আৰু বৰ্তমানে সমাজবাদ টোকাসমাজবাদ তথ্য সংগ্ৰহসমাজবাদইংৰাজী ভাষাপুঁজিবাদ

🔥 Trending searches on Wiki অসমীয়া:

লোকবিশ্বাসপোহৰশ্ৰী শ্ৰী আঠখেলীয়া নামঘৰকাৰ্বি আংলং জিলাকলিতা জনগোষ্ঠীস্বৰাজকালিদাসসাঁচিপাতঅসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদফুলঘনত্বগুৱাহাটীভাৰত চৰকাৰঅনুৰাধা শৰ্মা পূজাৰীঅসমৰ মুখ্যমন্ত্ৰীসকলৰ তালিকাদেৱব্ৰত দাসফণী শৰ্মাহেমকোষকৃষ্ণচূড়াদুৰ্যোগবসন্ত ৰোগবগেজাৰী গীতচীনা-তিব্বতীয় ভাষাবনঘোষাকৃষ্ণচন্দ্ৰ নেপালী পোখৰেলঅসমত দেখা পোৱা মাছৰ তালিকাইয়াণ্ডাবু সন্ধিছ'ভিয়েট সংঘযোৰানামভটিমাজলবিদ্যুৎঘৰুৱা হিংসাৰ পৰা মহিলাৰ সুৰক্ষা আইন, ২০০৫দৌল গোবিন্দ মন্দিৰঅসীমত যাৰ হেৰাল সীমাব্ৰহ্মপুত্ৰ উপত্যকাহুঁচৰিলভিতাভাৰতৰ জৰুৰীকালীন অৱস্থা, ১৯৭৫বৰপেটা (লোকসভা সমষ্টি)অসমৰ বাঁহ-বেতৰ শিল্পপ্ৰাচীন গ্ৰীচসীতাসংক্ৰমণঋতুআনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন-চৰিত্ৰবাথৌ পূজাভাৰতৰ জাতীয় পতাকাভাৰতীয় অৰ্থনীতিৰ বৈশিষ্ট্যকুচিপুড়িৰবীন্দ্ৰনাথ ঠাকুৰকৃষ্ণকান্ত সন্দিকৈনাৰীজোৰোণসংঘাততোলনি বিয়াতামোলঅসমৰ বাতৰি কাকত আৰু আলোচনীৰ তালিকাদিহানামভাৰতৰ ৰাষ্ট্ৰপতিআৰ্নেষ্ট ৰাডাৰফ'ৰ্ডহাজোমানৱ ভূগোলমামণি ৰয়ছম গোস্বামীশ্ৰীমন্ত শংকৰদেৱ বঁটাব্ৰজাৱলী ভাষাবিয়া নামপদ্মাৱতী দেৱী ফুকননীবাঁহীহিন্দু ধৰ্মসংবিধান দিৱস (ভাৰত)মূলা গাভৰুবড়ো জনগোষ্ঠীভূমিকম্পশূন্যবিষ্ণুপ্ৰসাদ ৰাভা🡆 More