শ্বেত ৰক্ত কণিকা

শ্বেত ৰক্ত কণিকা বা শ্বেত ৰক্ত কোষ (ইংৰাজী: White blood cells (WBCs)), যাক লিউক’ছাইটছ বুলিও কোৱা হয়, হৈছে সংক্ৰামক ৰোগ আৰু বাহ্যিক আক্ৰমণকাৰীৰ (বীজাণু) পৰা দেহক ৰক্ষা কৰা প্ৰতিৰক্ষা তন্ত্ৰৰ কিছুমান কোষ। সকলো শ্বেত ৰক্ত কোষ মেৰু মজ্জাত থকা হিমেট'পেটিক ষ্টীম ছেল নামৰ এবিধ বহু ক্ষমতাসম্পন্ন কোষৰ পৰা সৃষ্টি হয়। তেজ আৰু লসিকা তন্ত্ৰকে ধৰি দেহৰ সকলো অংগতে শ্বেত ৰক্ত কোষ পোৱা যায়।

শ্বেত ৰক্ত কোষ
শ্বেত ৰক্ত কণিকা
সাধাৰণভাবে চলাচল হৈ থকা মানুহৰ তেজৰ এক অণুবীক্ষণিক স্ক্ৰেনিং ছবি। চিত্ৰত অসমাকৃতিৰ শ্বেত ৰক্ত কোষৰ সৈতে লোহিত ৰক্ত কোষ আৰু অণুচক্ৰিকা দেখা পোৱা গৈছে।
সবিশেষ
তন্ত্ৰ প্ৰতিৰক্ষা তন্ত্ৰ
চিনাক্তকাৰক
সংক্ষিপ্ত নাম WBC
MeSH D007962
TH সাঁচ:TerminologiaHistologica
FMA 62852
মাইক্ৰ'এনাটমীৰ দেহতাত্ত্বিক পৰিভাষা

শ্বেত ৰক্ত কোষবোৰৰ কোষ কেন্দ্ৰই ইহঁতক অন্য ৰক্ত কোষ, লোহিত ৰক্ত কোষ আৰু অনুচক্ৰিকাৰ পৰা পৃথক কৰে। কিছুমান শ্বেতৰক্তকণিকাৰ কোষপ্ৰৰস দানাযুক্ত (Granular) আৰু আন কিছুমান দানাবিহীন(Agranular)। শ্বেত ৰক্ত কোষ প্ৰধানকৈ পাঁচ প্ৰকাৰৰ: নিউট্ৰ’ফিল, ইয়’ছিন’ফিল (acidophilus), বেছ’ফিল, লিম্ফ’চাইট, আৰু মন’চাইট। গাঁথনিক আৰু কাৰ্যভিত্তিক বৈশিষ্ট্যৰ ওপৰত নিৰ্ভৰ কৰি এই ভাগসমূহ কৰা হৈছে। মন’চাইট আৰু নিউট্ৰ’ফিলবোৰ বীজাণুধ্বংসকাৰী কোষ। ইয়াৰোপৰি কিছুমান উপ-বিভাগো আছে, যেনে লিম্ফ’চাইটৰ উপ-বিভাগ সমূহ হৈছে: বি কোষ, টি কোষ, আৰু এন.কে. কোষ।

তেজত লিউক’চাইটৰ পৰিমাণ গণনাৰ দ্বাৰা প্ৰায়ে ৰোগ নিৰ্ধাৰণ কৰা হয়। সেয়ে সম্পূৰ্ণ ৰক্তকোষৰ গণনাত শ্বেত ৰক্ত কোষৰ গণনা (WBC count) এটা অতি প্ৰয়োজনীয় উপাদান। সাধাৰণ শ্বেত ৰক্ত কোষৰ হিচাপ হৈছে ৪ × ১০/লিটাৰৰ পৰা ১.১ × ১০১০/লিটাৰৰ ভিতৰত। আমেৰিকা যুক্তৰাষ্ট্ৰৰ সাধাৰণতে প্ৰতি মাইক্ৰ’লিটাৰ তেজত ৪,০০০ৰ পৰা ১১,০০০ শ্বেত ৰক্ত কোষ থকা বুলি প্ৰকাশিত হৈছে। এজন স্বাস্থ্যবান পূৰ্ণবয়স্ক পুৰুষৰ মুঠ তেজৰ আয়তনৰ প্ৰায় ১% হৈছে শ্বেত ৰক্ত কোষ, যিটো তুলনামূলকভাবে লোহিত ৰক্ত কোষতকৈ (৪০% ৰ পৰা ৪৫%) নিচেই কম যদিও এই এক শতাংশই স্বাস্থ্যৰ ওপৰত বিশেষ প্ৰভাৱ পেলায়, কিয়নো দেহৰ প্ৰতিৰক্ষা ইহঁতৰ ওপৰতেই নিৰ্ভৰ কৰে। লিউক’চাইটৰ সংখ্যা ইয়াৰ সাধাৰণ স্তৰতকৈ বৃদ্ধি হোৱাক লিউক’চাইট’ছিছ বোলে। ই কেতিয়াবা বিপদজনকো হ’ব পাৰে। লিউক’চাইটৰ সংখ্যা কমি গ’লে তাক লিউক’পেনিয়া বোলে, ই দুৰ্বল প্ৰতিৰক্ষা তন্ত্ৰৰ চিন।

তথ্য সংগ্ৰহ

Tags:

ইংৰাজী ভাষাকোষ (জীৱবিদ্যা)তেজপ্ৰতিৰক্ষা তন্ত্ৰলসিকা তন্ত্ৰসংক্ৰামক ৰোগ

🔥 Trending searches on Wiki অসমীয়া:

জয়মতী (১৯৩৫ চলচ্চিত্ৰ)লক্ষ্মীনাথ বেজবৰুৱাঢোলবিৰিশিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ আইন, ২০০৯সুবাসনা দত্তপ্ৰাকৃতিক দুৰ্যোগঅসহযোগ আন্দোলনযোৰানামসমাৰ্থক শব্দ১৯ এপ্ৰিলঅসমীয়া লোক-সংস্কৃতিদুৰ্যোগশ্ৰী শ্ৰী বটদ্ৰৱা থানহিউৱেন-চাংজাতীয়তাবাদঅষ্টাংগিক আৰ্য মাৰ্গমৈদামনতুন দিল্লীমনোমতীঅসম আন্দোলনবাংলাদেশৰ মুক্তিযুদ্ধপদুমউমানন্দঅসমৰ জাতীয় গীতমহাভাৰতৰাজহুৱা ক্ষেত্ৰহিমন্ত বিশ্ব শৰ্মাতথ্য জনাৰ অধিকাৰ আইন, ২০০৫ভাৰতৰ স্বাধীনতা আন্দোলনসপ্তকাণ্ড ৰামায়ণঢোলইয়াণ্ডাবু সন্ধিযোৰহাট (লোকসভা সমষ্টি)অভ্যাসডাকৰ বচননাগালেণ্ডনলিনীবালা দেৱীনগাঁওৰাৱণভাৰতৰ উপৰাষ্ট্ৰপতিউদাৰনৈতিকতাবাদপালি ভাষালক্ষ্মীধৰ শৰ্মাশোণিতপুৰ জিলাহালধীয়া সাংবাদিকতাম’বাইল ফোননৱকান্ত বৰুৱাভাৰতৰ ৰাষ্ট্ৰপতিঅসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰা সাহিত্যিকসকলপ্ৰেমচন্দৰংঘৰইষ্ট ইণ্ডিয়া কোম্পানীসাঁথৰসেউজ গৃহ প্ৰভাৱবৌদ্ধ ধৰ্মব’হাগঅসমীয়া সাহিত্যিকৰ ছদ্ম নাম আৰু বিভূষিত উপাধিৰ তালিকাছগ্ৰা মিছাৱাবগা বালিমাহীঅসমীয়া খাদ্যাভ্যাসবট গছপীযুষ হাজৰিকাঅম্বিকাগিৰি ৰায়চৌধুৰীমাটিৰ হিচাপপাটবাউসী সত্ৰপ্ৰাকৃতিক সম্পদসৰ্বপল্লী ৰাধাকৃষ্ণণচুতীয়া ৰাজ্যপ্ৰাগজ্যোতিষপুৰলক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্যিক অৱদানঅসমীয়া লোক-সংস্কৃতিত ভূত-প্ৰেতগোপীনাথ বৰদলৈশ্ৰীকৃষ্ণকীৰ্তনঅসমৰ ৰাজ্যিক প্ৰতীকসমূহবীণাপাণি নাট্য সমাজবিহুঘড়ী🡆 More