শোভা ব্ৰহ্ম

শোভা ব্ৰহ্ম (ইংৰাজী: Sobha Brahma; ১৪ অক্টোবৰ, ১৯২৯ – ৫ মাৰ্চ, ২০১২) অসমৰ এগৰাকী চিত্ৰ-শিল্পী আৰু ভাস্কৰ। তেখেতৰ স্ৰজিত শিল্প কৰ্মত উত্তৰ-পূব ভাৰতৰ সমাজ আৰু সংস্কৃতিৰ প্ৰভাৱত গঢ়ি উঠা এক একক শৈলী লক্ষ্য কৰা হয়, এই শৈলীত ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ নিয়াৰ বাবে তেখেতে যত্ন কৰে।

শোভা ব্ৰহ্ম
শোভা ব্ৰহ্ম
জন্ম ১৪ অক্টোবৰ, ১৯২৯
কোকৰাঝাৰ জিলা, অসম, ভাৰত
মৃত্যু ৫ মাৰ্চ, ২০১২ (৮২ বছৰ)
গুৱাহাটী, অসম, ভাৰত
দেশ ভাৰতীয়
বিপ্লৱ আধুনিকতাবাদ

জীৱন আৰু কৰ্ম

১৯২৯ চনৰ ১৪ অক্টোবৰত কোকৰাঝাৰ জিলাৰ ভুমকাগাঁৱত তেখেতৰ জন্ম হয়। তেওঁৰ পিতৃৰ নাম আছিল হৰিচৰণ ব্ৰহ্ম আৰু মাতৃ দেৱশ্ৰী ব্ৰহ্ম।

শোভা ব্ৰহ্মই ১৯৫০ চনত ধুবুৰীৰ সাপটগ্ৰাম স্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উৰ্ত্তীণ হৈ কটন কলেজত নামভৰ্ত্তি কৰে। পিছলৈ ১৯৪৮ চনত কটন কলেজৰপৰা স্নাতক ডিগ্ৰী লৈ শান্তিনিকেতনলৈ যায় শিল্পৰ শিক্ষা ল'বলৈ। প্ৰখ্যাত চিত্ৰকৰ ৰামকিংকৰ বৈজ, ধীৰেন্দ্ৰকৃষ্ণ দেৱবৰ্মণ আৰু নন্দলাল বসুৰ অধীনত ব্ৰহ্মই শিক্ষা লাভ কৰে। শান্তিনিকেতনৰপৰাই ১৯৫৭ত তেখেতে চাৰু-কলাৰ স্নাতক ডিগ্ৰী লাভ কৰে। শান্তিনিকেতনৰ পৰা উভতি আহি তেখেতে গুৱাহাটীৰ তাৰিণীচৰণ চৌধুৰী বহুমুখী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিল্পকলা বিষয়ত শিক্ষক হিচাপে কৰ্মজীৱনৰ পাতনি মেলে। ইয়াৰ পূৰ্বে 'প্ৰাগ'ত অনুষ্ঠিত চতুৰ্থ আন্তৰ্জাতিক ছাত্ৰ শিল্প প্ৰদৰ্শনীত তেওঁ ভাগ লৈছিল। ১৯৫৮ চনত গুৱাহাটী বিশ্ববিদ্যালয়ত জনজাতীয় সংস্কৃতি আৰু লোকসংস্কৃতি বিভাগৰ পৰা বড়ো, ৰাভা আৰু ডিমাছাসকলৰ শিল্প পৰম্পৰা বিষয়ত অধ্যয়নৰ বাবে বৃত্তি লাভ কৰা শোভা ব্ৰহ্মই উত্তৰ-পূৱ ভাৰতৰ বিভিন্ন নৃগোষ্ঠীৰ স্বকীয় শিল্পৰ অনুপ্ৰেৰণাত নিজৰ অংকন আৰু স্থাপত্য শৈলী বিকাশ কৰে।

শোভা ব্ৰহ্ম গুৱাহাটীৰ চৰকাৰী কলা মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ আছিল। শংকৰদেৱ কলাক্ষেত্ৰৰ উপ-সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ উপৰিও এখেত ললিত কলা একাডেমিৰ 'সাধাৰণ সভাৰ' সদস্য আছিল।

শোভা ব্ৰহ্মৰ জীৱনৰ ওপৰত শিৱানন বৰুৱাই "Shobha Brahma – the immaculate visionary" নামে এখন তথ্য-চিত্ৰ নিৰ্মাণ কৰে। ইয়াত শোভা ব্ৰহ্মৰ ভূমিকাত বিক্ৰম নিজানে অভিনয় কৰিছিল।

২০১২ চনৰ ৫ মাৰ্চ তাৰিখে বাৰ্ধক্যজনিত কাৰণত ৮২ বছৰ বয়সত গুৱাহাটীত এখেতৰ মৃত্যু হয়।

শোভা ব্ৰহ্ম 
চিত্ৰশিল্পী, ভাস্কৰ শোভা ব্ৰহ্ম

বঁটা আৰু সন্মান

শোভা ব্ৰহ্মই লাভ কৰা বঁটা আৰু সন্মানসমূহ হৈছে:

প্ৰকাশিত সাহিত্য গ্ৰন্থ

  • অসমীয়া: শিল্পকলাৰ নৱজন্ম, জীৱন আৰু চিত্ৰকলা, লিঅ'নাৰ্ডো ডা ভিঞ্চি
  • অনুবাদ: ভাৰতীয় শিল্পকলা
  • বড়ো: গোদান উধি (কথা বৰেণ্য ১০০'ৰ সৌজন্যত)

সাৰ্থক সৃষ্টি

শোভা ব্ৰহ্মৰ শিল্প আৰু ভাস্কৰ্যত সমসাময়িক জীৱনৰ দ্বিধা-দ্বন্দ্ব, যন্ত্ৰণা-নিষ্ঠুৰতা, ভয়ংকৰ ৰূপ প্ৰতিফলিত হয়। তেওঁৰ কেইখনমান সাৰ্থক সৃষ্টি হ'ল- 'ডেথ', 'খেৰাই', 'ৰিলিজ', 'আফটাৰমেথ', 'টাৰ্মিনেল পিকাচাৰ-1990', 'জোৱান দ্য আৰ্ক', 'ডেড বাৰ্ড', 'দি ফক ডেঞ্চ', 'দি ছেপলিং' আদি। শিল্পকলাৰ মাধ্যমেৰেও তেওঁ সমাজ জীৱনৰ বিভিন্ন দিশ প্ৰতিফলিত কৰিছিল। 'ঊৰ্ধমুখী নাৰী', 'এমব্ৰেজ', 'অপ্সৰা', 'হল'ফৰ্ম', 'নায়িকা' আদি তেওঁৰ উল্লেখযোগ্য ভাস্কৰ্য। অসম উপত্যকা সাহিত্য বঁটা ৰ আৰ্হিটো তেখেতেই প্ৰস্তুত কৰিছিল।

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

Tags:

শোভা ব্ৰহ্ম জীৱন আৰু কৰ্মশোভা ব্ৰহ্ম বঁটা আৰু সন্মানশোভা ব্ৰহ্ম প্ৰকাশিত সাহিত্য গ্ৰন্থশোভা ব্ৰহ্ম সাৰ্থক সৃষ্টিশোভা ব্ৰহ্ম তথ্য সংগ্ৰহশোভা ব্ৰহ্ম বাহ্যিক সংযোগশোভা ব্ৰহ্মইংৰাজী ভাষাউত্তৰ-পূব ভাৰত

🔥 Trending searches on Wiki অসমীয়া:

দৰ্শনভাৰতীয় সাহিত্যলিংগ বৈষম্য আৰু ভাৰতীয় নাৰীসমাৰ্থক শব্দমুদ্ৰাস্ফীতিপায়ু সংগমলোকসভাৰ অধ্যক্ষমাটিজৈৱিক কৃষিঅসমীয়া সাহিত্যৰ বুৰঞ্জীৰ তালিকাইয়াণ্ডাবু সন্ধিপৰিৱেশ তন্ত্ৰভাৰতৰ ৰাজনৈতিক দলসমূহৰ তালিকাপ্ৰদূষণশংকৰী সংস্কৃতিঅসমীয়া যুক্তাক্ষৰবৰ্ষা উচগাওকাৰগুৱাহাটী পৌৰ নিগমলিংগভিত্তিক অধ্যয়নভাৰতৰ উপৰাষ্ট্ৰপতিনৱকান্ত বৰুৱাঅন্নপ্ৰাশনঅখণ্ড সংখ্যাশব্দ (অভিধান)বৰপেটা জিলানাৰীগণেশপূৰ্ণ স্বৰাজপৰিৱেশ অধ্যয়ন২০২৩ৰাজহুৱা ক্ষেত্ৰবাৰেচহৰীয়া ভাওনা মহোৎসৱঢেকীয়াখোৱা বৰনামঘৰৰঘুনাথ চৌধাৰীঅসমৰ মুখ্যমন্ত্ৰীসকলৰ তালিকাঅসমৰ চিত্ৰকলাৰ ইতিহাসগদ্যছনেটব্ৰিটিছ ৰাজভাৰতৰ জৰুৰীকালীন অৱস্থা, ১৯৭৫অতুল চন্দ্ৰ হাজৰিকাবন্দে মাতৰম্‌ৰুক্মিণী হৰণ নাটচাবোনমহা মৃত্যুঞ্জয় মন্দিৰপঞ্চায়তী ৰাজস্তনভেকুলীদ্বিতীয় বিশ্বযুদ্ধডাইনীবিদ্যাশকুন্তলাচ্যু-লিক-ফাআধুনিকতাবাদবাসুদেৱ থানবিজ্ঞাপনপানীকৃত্ৰিম বুদ্ধিমত্তাঢোলদেউলপলাশীৰ যুদ্ধঅৰুণাচল প্ৰদেশশংকৰদেৱ শিশু নিকেতন, ঢকুৱাখনাঅসম ইতিহাসৰ আদিযুগৰ তাম্ৰ আৰু শিলালিপিৰ তালিকাআইনামভাৰতীয় জাতীয় কংগ্ৰেছঅৰুণোদয় আঁচনিগাঁও পঞ্চায়তবিশেষ্য পদভৰবেগৰাম সৰস্বতীডিমাছা জনগোষ্ঠীশ্ৰীমন্ত শংকৰদেৱউপেন্দ্ৰনাথ ব্ৰহ্ম🡆 More