শীতল যুদ্ধ

শীতল যুদ্ধ (ইংৰাজী: Cold War; ৰুছ: холо́дная война́, kholodnaya voĭna) হৈছে দ্বিতীয় বিশ্বযুদ্ধৰ পৰৱৰ্তী সময়ত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইয়াৰ মিত্ৰসমূহ আৰু ছ'ভিয়েট সংঘ আৰু ইয়াৰ মিত্ৰসমূহৰ মাজত থকা ৰাজনৈতিক আৰু সামৰিক উত্তেজনাপূৰ্ণ অৱস্থা। ইতিহাসবিদসকল শীতল যুদ্ধৰ সঠিক কাল সম্পৰ্কে একমত নহয় কিন্তু ১৯৪৭-১৯৯১ চনলৈকে এই অৱস্থা বিৰাজ কৰা বুলি মানি লোৱা হয়। দুই পক্ষৰ মাজত মুকলিকৈ কোনো যুদ্ধ হোৱা নাছিল বাবে ইয়াক শীতল বোলা হৈছিল। কিন্তু প্ৰক্সী যুদ্ধ বোলা কেইবাখনো যুদ্ধ কোৰিয়া, ভিয়েটনাম আৰু আফগানিস্তানৰ সংঘটিত হৈছিল য'ত দুই পক্ষই বিপৰীত গোটলৈ সমৰ্থন আগবঢ়াইছিল। আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইয়াৰ মিত্ৰ দেশসমূহ আছিল গণতন্ত্ৰ আৰু পুঁজিবাদৰ সপক্ষে; আৰু ছ'ভিয়েট সংঘ আৰু তাৰ মিত্ৰ দেশসমূহ আছিল সাম্যবাদী বা সমাজতন্ত্ৰপন্থী। শীতল যুদ্ধৰ সময়ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰধান প্ৰধান মিত্ৰ আছিল যুক্তৰাজ্য, ফ্ৰান্স, পশ্চিম জাৰ্মানী, জাপান আৰু কানাডা। ছ'ভিয়েট সংঘৰ পক্ষত আছিল পূব ইউৰোপৰ কেইবাখনো ৰাষ্ট্ৰ, যেনে বুলগেৰিয়া, চেকোস্লোভাকিয়া, হাংগেৰী, পোলেণ্ড, পূব জাৰ্মানী আৰু ৰোমানিয়া। শীতল যুদ্ধৰ কিছুকাল কিউবা আৰু চীন-এ চোভিয়েটক সমৰ্থন দিছিল। যিবোৰ দেশে দুই পক্ষক চৰকাৰীভাৱে সমৰ্থন দিয়া নাছিল সেইবোৰক নিৰপেক্ষ দেশ বোলা হৈছিল। তৃতীয় বিশ্বৰ নিৰপেক্ষ দেশবোৰ জোট-নিৰপেক্ষ আন্দোলনৰ অংশ আছিল। অবশেষত ছ'ভিয়েট সংঘৰ নাটকীয় পৰিৱৰ্তন আৰু পতনৰ পাছত এই যুদ্ধৰ সমাপ্তি হয়।

ইংৰাজীত 'Cold War' শব্দৰাজী পোনপ্ৰথমে আমেৰিকান সাংবাদিক ৱাল্টাৰ লিপমেনে ১৯৪৭ চনত সাধাৰণভাৱে ব্যৱহাৰ কৰে। এই ঐতিহাসিক ঘটনাৱলীক বিশেষভাৱে বুজাবলৈ শব্দৰাজী আমেৰিকাৰ ডেম'ক্ৰেটিক ৰাষ্ট্ৰপতিসকলৰ পৰামৰ্শদাতা বাৰ্নাড বাৰুকে ব্যৱহাৰ কৰে।

শীতল যুদ্ধৰ মূল ভেঁটি

  1. পুঁজিবাদী আৰু সমাজবাদী মতাদৰ্শৰ মাজত থকা পাৰ্থক্য,
  2. পাৰস্পৰিক সন্দেহ-ঘৃণা-ঈৰ্ষা ইত্যাদি,
  3. পাৰস্পৰিক বুজা-পৰাৰ অভাৱ অথবা ভুল বুজা-বুজি,
  4. ৰাছিয়াৰ সামৰিক শক্তিৰ উত্থান৷

তথ্যসূত্ৰ

বহিঃসংযোগ

    সংগ্ৰহশালা
    গ্ৰন্থপঞ্জী
    সংবাদ
    শিক্ষামূলক সংগ্ৰহশালা

Tags:

আমেৰিকা যুক্তৰাষ্ট্ৰইংৰাজী ভাষাকানাডাগণতন্ত্ৰচীনছ'ভিয়েট সংঘজাপানদ্বিতীয় বিশ্বযুদ্ধপোলেণ্ডফ্ৰান্সযুক্তৰাজ্যৰুছ ভাষা

🔥 Trending searches on Wiki অসমীয়া:

বহনক্ষম উন্নয়নৰ লক্ষ্যমৌখিক পৰম্পৰানেতাই ধুবুনী ঘাটগামখাৰুফলৰ তালিকাশৰাইঘাটৰ যুদ্ধসমীৰ তাঁতীভাৰতৰ সংবিধানকলিতা জনগোষ্ঠীমিৰি জীয়ৰীধ্বনিতত্ত্বৰাজিয়া চুলতানাগোৱালপৰীয়া লোকগীতসাঁচিপাতযৌন সংগমমণিৰাম দেৱানবানপানীআত্মজীৱনীঅসমীয়া উপন্যাসনৈৰাজ্যবাদমৈৰামৰা দৌলঅয়নান্ত (গ্ৰন্থ)চেৰা-বিহুৰাতি বিহুঅসমীয়া ভাষা আন্দোলনযোগাসনবুঢ়ী আইৰ সাধুজুবিন গাৰ্গকলীয়াভোমোৰা সেতুশৰ্কৰামনোমতীগোলকীকৰণপানীমিঠু বৰুৱাউজনি অসমবনঘোষাদশাৱতাৰআকবৰচকলংস্বাভাৱিক সংখ্যানাটকহাবুংঅন্তৰীপ (উপন্যাস)হেমচন্দ্ৰ বৰুৱাঅব্যয় পদউমাচল শিলালিপিযতীন্দ্ৰ নাথ দুৱৰাইতিহাসভাৰত-ইউৰোপীয় ভাষা পৰিয়ালঅসমীয়া কবিতামৈদামনতুন দিল্লীতগৰঅসম ইতিহাসৰ আদিযুগৰ তাম্ৰ আৰু শিলালিপিৰ তালিকাআহোম ভাষাগাৰো জনগোষ্ঠীশিৱসাগৰ জিলাভাৰতীয় মৌলিক অধিকাৰ, নিৰ্দেশাত্মক নীতি আৰু মূল কৰ্তব্যইয়াত এখন অৰণ্য আছিলআন্তৰ্জাতিক মান গ্ৰন্থ সংখ্যাঅনুবাদইউটিউবগৌতম বুদ্ধসাধুকথাগণতন্ত্ৰএৰিষ্ট'টলমামণি ৰয়ছম গোস্বামীশদিয়ামুগা (ৰেচম)চাট (বাঁ‌হৰ সঁ‌জুলি)হীৰেন ভট্টাচাৰ্যপূৰ্ণ স্বৰাজ🡆 More