লোকচিকিৎসা: আনুষ্ঠানিক লোক চিকিৎসা

লোকচিকিৎসা বা পৰম্পৰাগত চিকিৎসা (ইংৰাজী: Folk medicine বা Ethnomedicime)ত পৰম্পৰাগত জ্ঞানৰ চিকিৎসাগত দিশবোৰ অন্তৰ্ভুক্ত থাকে যি সমূহ আধুনিক ঔষধৰ যুগৰ আগতে বিভিন্ন সমাজৰ লোক বিশ্বাসৰ মাজত প্ৰজন্মজুৰি বিকশিত হৈছিল। লোকচিকিৎসা বুলিলে ৰোগ সম্পৰ্কিত সকলো বিশ্বাস, ৰীতি-নীতি, ধ্যান-ধাৰণা তথা ৰোগ নিৰাময় আৰু আৰোগ্য বা প্ৰতিকাৰৰ অৰ্থে গ্ৰহণ কৰা বিবিধ ব্যৱস্থা আৰু দ্ৰব্যৰ সমস্ত দিশ সামৰি লোৱা হয়।

লোকচিকিৎসা: ভাগ সমূহ, ইতিহাস, মৌখিক প্ৰৱাহ
বজাৰত বিক্ৰীৰ বাবে ৰখা পৰম্পৰাগত চিকিৎসাৰ কিছুমান ঔষধ
লোকচিকিৎসা: ভাগ সমূহ, ইতিহাস, মৌখিক প্ৰৱাহ
স্থানীয় চিকিৎসাৰ বিভিন্ন সামগ্ৰীৰ সৈতে শোণিতপুৰ জিলাৰ এজন মুছলমান কবিৰাজ।

লোক-চিকিৎসা বিধিৰ পোনপটীয়াভাৱে আধুনিক চিকিৎসা বিজ্ঞানৰ ধ্যান ধাৰণাৰ সৈতে সম্পৰ্ক নাই; ই পৰম্পৰাগত বা থলুৱা চিকিৎসা। মানৱ জীৱন আৰু সমাজৰ আৰম্ভণিৰেপৰা মানুহে নিজৰ আৰু পোহনীয়া জীৱ জন্তুৰ ৰোগ নিৰায়মৰ ব্যৱস্থা কৰিবলগীয়া হৈছিল আৰু এইদৰে লোক ঔষধ বা লোক চিকিৎসা আৰম্ভ হৈছিল। প্ৰত্যেক মানৱ সমাজতে বিভিন্ন ব্যাধিৰ চিকিৎসাৰ বাবে বিভিন্ন প্ৰকাৰৰ উপায় অবলম্বন কৰি আহিছে। এনেদৰে নিজ নিজ ধৰণে সমাজ ভেদে একোটা চিকিৎসা পদ্ধতি ঠন ধৰি উঠে।

বিংশ শতিকাৰ আৰম্ভণিতে নৃতত্ত্ববিদসকলে ক্ষেত্ৰ অধ্যয়নৰ জৰিয়তে পৃথিৱীৰ বিভিন্ন সমাজ আৰু সংস্কৃতি সম্বন্ধে তথ্য সংগ্ৰহ কৰি ফুৰোঁতে বিভিন্ন জনগোষ্ঠীৰ মাজত প্ৰচলিত এইধৰণৰ লোক-চিকিৎসাr কথা পোহৰলৈ আহে। প্ৰখ্যাত ইংৰাজ চিকিৎসক আৰু নৃতত্ত্ববিদ W.H.R Rivers এ ১৯২৮ চনতে পোন প্ৰথমে পৰম্পৰাগত চিকিৎসাৰ বিষয়ে চিন্তা-চৰ্চা কৰে। ৰিভাৰ্চৰ মতে পৰম্পৰাগত চিকিৎসা পদ্ধতিও আন আন সামাজিক নিয়মৰ দৰে যুক্তিসংগত আচৰণ। তেওঁলোকে এই কথাও জানিব পাৰিছিল যে আদিম চিকিৎসা পদ্ধতিৰ লগত অকল সাধাৰণ চিকিৎসা পদ্ধতিয়ে জড়িত নাথাকে তাৰ লগত ধৰ্ম আৰু যাদুবিদ্যাও অংগাংগীভাৱে জড়িত থাকে।

বিশ্ব স্বাস্থ্য সংস্থাই পৰম্পৰাগত ঔষধক "বিভিন্ন সংস্কৃতিৰ থলুৱা তত্ত্ব, বিশ্বাস আৰু অভিজ্ঞতাৰ ওপৰত আধাৰিত জ্ঞান, দক্ষতা আৰু অনুশীলনৰ মুঠ যোগফল" বুলি সংজ্ঞায়িত কৰে। স্বাস্থ্য ৰক্ষণাবেক্ষণৰ লগতে শাৰীৰিক আৰু মানসিক ৰোগ প্ৰতিৰোধ, ৰোগ নিৰ্ণয়, স্বাস্থ্যৰ উন্নতি বা চিকিৎসাত এই চিকিৎসা পদ্ধতিৰ ব্যৱহাৰ কৰা হয়। পৰম্পৰাগত ঔষধ প্ৰায়ে বৈজ্ঞানিক ঔষধৰ বিপৰীত।

কিছুমান এছিয়ান আৰু আফ্ৰিকান দেশত, জনসংখ্যাৰ ৮০% পৰ্যন্ত লোকে তেওঁলোকৰ প্ৰাথমিক স্বাস্থ্য সেৱাৰ প্ৰয়োজনীয়তাৰ বাবে পৰম্পৰাগত ঔষধৰ ওপৰত নিৰ্ভৰ কৰে। পৰম্পৰাগত ঔষধক প্ৰায়ে এক প্ৰকাৰৰ বৈকল্পিক ঔষধ বুলি গণ্য কৰা হয়।


বিশ্ব স্বাস্থ্য সংস্থাই উল্লেখ কৰিছে যে "পৰম্পৰাগত ঔষধ বা পদ্ধতিৰ অনুপযুক্ত ব্যৱহাৰে নেতিবাচক বা বিপদজনক প্ৰভাৱ পেলাব পাৰে" আৰু পৰম্পৰাগত ঔষধ প্ৰণালীৰ দ্বাৰা ব্যৱহৃত এনে পদ্ধতি আৰু ঔষধি উদ্ভিদৰ কাৰ্যকাৰীতা আৰু সুৰক্ষা নিৰ্ণয় কৰিবলৈ অধিক গৱেষণাৰ প্ৰয়োজন। ইয়াৰ ফলস্বৰূপে, বিশ্ব স্বাস্থ্য সংস্থাই সদস্য ৰাষ্ট্ৰসমূহক সক্ৰিয় নীতি বিকশিত কৰাত আৰু কাৰ্য পৰিকল্পনা ৰূপায়ণত সহায় কৰিবলৈ ন বছৰীয়া ৰণনীতি ৰূপায়ণ কৰিছে যি জনসাধাৰণক স্বাস্থ্যৱান কৰি ৰখাত পৰম্পৰাগত ঔষধৰ ভূমিকা শক্তিশালী কৰিব।

ভাগ সমূহ

লোকচিকিৎসা পদ্ধতিক প্ৰধানকৈ দুটা ভাগত ভাগ কৰা হয়-

প্ৰাকৃতিক লোকচিকিৎসা

প্ৰাকৃতিক লোক চিকিৎসা বনৌষধিৰ ওপৰত নিৰ্ভৰশীল। বিভিন্ন উদ্ভিদৰ বিভিন্ন অংশ এই চিকিৎসাৰ প্ৰধান ঔষধ। এই সমূহক যুক্তিপূৰ্ণ বা ভেষজ ঔষধ আখ্যা দিয়া হয়। সাধাৰণ জ্বৰ-কাঁহ, পেটৰ অসুখ, পানী লগা, বিষ আদি ৰোগৰ ক্ষেত্ৰত প্ৰকৃতি প্ৰদত্ত সামগ্ৰী যেনে মৌ, তুলসী, আমলখি, আদা, শিলিখা, ভোমোৰা, অশ্বগন্ধা, তেঁতেলী, মানিমুনি, মধুৰীআমৰ কোঁহ, চিৰতা, নানান তৃণ, কেঁচা হালধি আদি ব্যৱহাৰৰ দ্বাৰা ৰোগ নিৰাময় সম্ভৱ। মানুহৰ বাদেও পোহনীয়া জীৱ-জন্তুৰ চিকিৎসাৰ বাবেও বিভিন্ন প্ৰকাৰৰ বনৌষধি ব্যৱহাৰ কৰা হয়। হস্তীবিদ্যাৰ্ণৱ আৰু ঘোঁৰা নিদান নামৰ পৌৰাণিক গ্ৰন্থ দুখনত ক্ৰমে হাতী আৰু ঘোঁৰাৰ বিভিন্ন ৰোগৰ লক্ষণ আৰু তাৰ প্ৰতিকাৰ বা আৰোগ্যৰ উপায় দিয়া আছে।হস্তীবিদ্যাৰ্ণৱ, সুকুমাৰ বৰকাইথে ৰচনা কৰা এখন হাতীৰ বিষয়ক পুথি। ইয়াৰ মূল সংস্কৃত গজেন্দ্ৰ চিন্তামণি। আহোম স্বৰ্গদেউ শিৱ সিংহ (১৭১৩-১৭৪৫) আৰু বৰৰজা ফুলেশ্বৰী কুঁৱৰীৰ ৰাজ অনুগ্ৰহত হস্তীবিদ্যাৰ্ণৱ ৰচনা কৰা হৈছিল। ইয়াত হাতীৰ ব্যৱস্থাপনা, ৰক্ষণাবেক্ষণ আৰু চিকিৎসাৰ বিষয়ে বিস্তৃত সচিত্ৰ বৰ্ণনা আছে। ইয়াৰ চিত্ৰ সমূহৰ বাবে হস্তীবিদ্যাৰ্ণৱ বিশেষভাৱে জনাজাত।

যাদুবিদ্যাগত ধৰ্মীয় লোকচিকিৎসা

লোকচিকিৎসা: ভাগ সমূহ, ইতিহাস, মৌখিক প্ৰৱাহ 
এগৰাকী বেজৰ দ্বাৰা এটি শিশুৰ ব্যাধি নিৰাময়ৰ চেষ্টা কৰা দেখা গৈছে।

যাদুবিদ্যাগত ধৰ্মীয় লোক চিকিৎসা বিশ্বাসৰ ওপৰত নিৰ্ভৰশীল। বিভিন্ন সমাজত কোনো ৰোগ ব্যাধিৰ উৎপত্তিৰ কাৰণ নিৰ্ণয় কৰিবলৈ গৈ পোনতে গনকৰ দ্বাৰা মঙল বা ঠিকনা চোওৱা, বেজৰ দ্বাৰা জৰা-ফুঁকা কৰা, মুখলগা আদিৰ কাৰণে পানী জাৰি দিয়া আদি বিভিন্ন বিশ্বাস প্ৰচলিত হৈ আছে। মঙল বা ঠিকনা চোওৱা মঙলতী বা সৰবজানে কড়ি বা ৰেখা আদিৰ সহায়ত যাদুমূলক আচৰণৰদ্বাৰা কোনজন দেৱতা বা কোনজনী দেৱীৰ, অথবা কোন অপদেৱতা বা অপদেৱীৰ যোগত ৰোগ-ব্যাধি হৈছে তাৰ নিৰ্ণয় কৰি সেই দেৱতাক বা দেৱীক বা অপদেৱতাক বা অপৱেৱীক পূজা-উপাসনা কৰিবলৈ নিৰ্দেশ দিয়ে। ৰোগ, অপায়-অমংগল নাইকিয়া কৰিবলৈ স্থানীয় দেৱ-দেৱী যেনে মনসা বা বিষহৰি, শীতলা কালী, দুৰ্গা, শিৱ, বাথৌ, বিষ্ণু আদি দেৱ-দেৱীৰ পূজা কৰা হয়। তেনেদৰে ৰোগৰ নিৰাময় কামনা কৰি বিভিন্ন অপদেৱতাক আৰু অপদেৱীক (দেও-ভূত-বীৰা) পূজা কৰাৰ পৰম্পৰা পৃথিৱীৰ বিভিন্ন জাতি জনজাতিৰ মাজত প্ৰচলিত হৈ আছে। এই অপদেৱতা আৰু অপদেৱীৰ ভিতৰত কুবেৰ, জলকুবেৰ, থলকুবেৰ, খেতৰ, খেতৰী, মুৰাকণ, যথ, যখিনী আদি উল্লেখযোগ্য।

লোকচিকিৎসা আৰু লোকঔষধ হিচাপে মন্ত্ৰ প্ৰয়োগ কৰা হয়। ৰোগ-ব্যাধি নিৰায়মৰ বাবে বেজ বা কবিৰাজে স্তুতিমূলক আৰু ধম্‌কিসূচক মন্ত্ৰ প্ৰয়োগ কৰি যাদুমুলক ক্ৰিয়া সম্পাদন কৰিবলৈ চেষ্টা কৰে। কিছুমান মন্ত্ৰৰ দ্বাৰা কল্যাণ কামনা কৰাৰ উপৰি আনলোকৰ অকল্যাণ অপায়-অমংগল কামনাৰে মন্ত্ৰ প্ৰয়োগ কৰি, তাবিজ আদিৰ সহায়ত ৰোগীৰ ৰোগ-ব্যাধি নিৰোগী মানুহৰ গালৈ প্ৰেৰণ কৰিব পাৰি বুলিও জনসমাজত বিশ্বাস প্ৰচলিত। ডাইনী, যখিনী, শাকিনী আদিৰ ধাৰণা এইদৰে প্ৰচলিত হৈছে। অসমৰ জনজাতীয় লোক সকলে খেতিপথাৰত ছোঁ আৰি খেতিদৰা মানুহৰ নজৰৰ পৰা সুৰক্ষিত কৰি ৰাখিব পাৰি বুলি বিশ্বাস কৰে। এইদৰে ছোঁৰ ব্যৱহাৰ এক যাদুমূলক ধৰ্মীয় লোক চিকিৎসা।

ইতিহাস

লিখিত তথ্যৰ ভিতৰত, বনৌষধিৰ অধ্যয়ন প্ৰাচীন চুমেৰিয়ানসকলৰ ৫০০০ বছৰ পুৰণি, যিয়ে উদ্ভিদৰ বাবে সুপ্ৰতিষ্ঠিত ঔষধি ব্যৱহাৰৰ বিষয়ে বৰ্ণনা কৰিছিল। প্ৰাচীন ইজিপ্তীয় ঔষধত ১৫৫২ খ্ৰীষ্টপূৰ্বৰ এবাৰচ পেপাইৰাছে লোক প্ৰতিকাৰ আৰু যাদুকৰী চিকিৎসা পদ্ধতিৰ এখন তালিকা লিপিবদ্ধ কৰিছিল। পুৰণি নিয়মত স্বাস্থ্য সম্পৰ্কীয় উপবাসৰ সন্দৰ্ভত ভেষজ ব্যৱহাৰ আৰু এই ভেষজৰ খেতিৰ কথাও উল্লেখ কৰা হৈছে। খ্ৰীষ্টপূৰ্ব ১ম সহস্ৰাব্দত প্ৰাচীন ভাৰতীয় ভেষজ বিশেষজ্ঞ যেনে চৰক আৰু সুশ্ৰুতৰ দ্বাৰা আয়ুৰ্বেদত ব্যৱহৃত বহুতো বনৌষধি আৰু খনিজ পদাৰ্থৰ বৰ্ণনা কৰা হৈছিল। প্ৰথম চীনা ভেষজ গ্ৰন্থ আছিল হান ৰাজবংশৰ সময়ত সংকলিত শেননং বেনকাও জিং

মৌখিক প্ৰৱাহ

থলুৱা ঔষধ বা পাৰম্পৰিক ৰোগ নিৰাময় বিধি সমূহ সাধাৰণতে এটা সম্প্ৰদায়, পৰিয়াল আৰু ব্যক্তিৰ জৰিয়তে মৌখিকভাৱে প্ৰচলিত হয়। এইদৰেই এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ এই চিকিৎসা পদ্ধতিৰ মৌখিক প্ৰৱাহ ঘটে। এক প্ৰদত্ত সংস্কৃতিৰ ভিতৰত, থলুৱা ঔষধজ্ঞানৰ উপাদানবোৰ বহুতে বিস্তাৰিতভাৱে জানিব পাৰে, বা আৰোগ্যকাৰীৰ এক নিৰ্দিষ্ট ভূমিকাত থকা লোক যেনে শ্বামান বা ধাইৰ দ্বাৰা সংগ্ৰহ আৰু প্ৰয়োগ কৰা হয়। তিনিটা কাৰকে আৰোগ্যকাৰীৰ ভূমিকাক বৈধতা প্ৰদান কৰে – তেওঁলোকৰ নিজৰ বিশ্বাস, চিকিৎসা পদ্ধতি একোটাৰ সফলতা আৰু সম্প্ৰদায়ৰ বিশ্বাস। যেতিয়া কোনো থলুৱা ঔষধৰ ওপৰত নিৰ্ধাৰিত দাবীবোৰ এটা সংস্কৃতিৰ দ্বাৰা প্ৰত্যাখ্যান কৰা হয়, সাধাৰণতে তিনি প্ৰকাৰৰ অনুসৰণকাৰীয়ে ইয়াৰ ব্যৱহাৰৰ ওপৰত বিশ্বাস ৰাখে– যিসকল এই ঔষধৰ উদ্ভাৱনৰ সৈতে জড়িত আৰু সামাজিকীকৰণৰ দ্বাৰা এই ঔষধৰ স্থায়ী বা অস্থায়ী বিশ্বাসী হয়। বা সংকটৰ সময়ত এনে ঔষধ প্ৰয়োগে ৰোগ নিৰাময় কৰিব পাৰে বুলি আশা ৰাখে আৰু যিসকলে সম্পূৰ্ণ পদ্ধতি বা প্ৰক্ৰিয়াৰ বিপৰীতে কেৱল নিৰ্দিষ্ট এক দিশত বিশ্বাস ৰাখে।

ঘৰুৱা পথ্য

ঘৰুৱা প্ৰতিকাৰ হৈছে কিছুমান মচলা, বনৌষধি, পাচলি বা অন্যান্য সাধাৰণ সামগ্ৰী ব্যৱহাৰৰ দ্বাৰা ৰোগ আৰোগ্য কৰাৰ এক চিকিৎসা। ঘৰুৱা প্ৰতিকাৰৰ ঔষধি গুণ থাকিব বা নাথাকিব পাৰে। এই পথ্যৰ দ্বাৰা সন্দেহৰ অৱৰ্তত থকা ৰোগৰ চিকিৎসা সাধাৰণতে স্থানীয় সাধাৰণ লোকৰ দ্বাৰা প্ৰদান কৰা হয়। এনে বহুতো চিকিৎসা কেৱল পৰম্পৰা বা অভ্যাসৰ ফলস্বৰূপে বা প্লেচিবো প্ৰভাৱ প্ৰেৰিত কৰাত কাৰ্যকৰী হোৱাৰ বাবে ব্যৱহাৰ কৰা হয়।

ঘৰুৱা প্ৰতিকাৰৰ এটা অধিক জনপ্ৰিয় উদাহৰণ হ'ল চৰ্দি বা মৃদু জ্বৰৰ দৰে শ্বাসতন্ত্ৰৰ সংক্ৰমণৰ চিকিৎসাৰ বাবে মুৰ্গীৰ চুপৰ ব্যৱহাৰ। ঘৰুৱা প্ৰতিকাৰৰ অন্যান্য উদাহৰণবোৰৰ ভিতৰত কাঁহ প্ৰতিকাৰৰ বাবে মৌ জোলৰ সৈতে তুলসীৰ ৰসৰ ব্যৱহাৰ কৰা, সৰু ল'ৰা-ছোৱালীৰ পেলু হ'লে চিৰতা বা বাহক পাতৰ ৰস পি খোৱা, শৌচ ভাল হ'বলৈ অমিতা, ভীমকলৰ ব্যৱহাৰ কৰা। চৰ্দিৰ প্ৰতিকাৰৰ বাবে মুৰ্গী বা পাৰ মাংসৰ জালুকীয় খোৱা, কলাখাৰৰ সৈতে ভাত ভাঁজি খোৱা আদি। আগৰ সময়ত, মাতৃসকলে পৰিয়ালৰ লোকৰ গুৰুতৰ অসুখৰ বাহিৰে সকলো বোৰ সাধাৰণ ৰোগৰ নিৰাময়ৰ বাবে ঘৰুৱা পথ্য তৈয়াৰ কৰি খুৱাইছিল। ঐতিহাসিক ৰন্ধনশৈলীৰ কিতাপ সমূহত নানান প্ৰকাৰৰ পথ্য তৈয়াৰৰ পদ্ধতি পোৱা যায়। ছালৰ ৰোগৰ চিকিৎসাৰ বাবে ছালকুঁৱৰী উদ্ভিদৰ উপাদান ব্যৱহাৰ কৰা হয়। বহুতো ইউৰোপীয় লিকাৰ বা মাদক দ্ৰব্য মূলতঃ ঔষধি প্ৰতিকাৰ হিচাপে বিক্ৰী কৰা হৈছিল। চীনা লোক ঔষধত, ঔষধি কঞ্জি (বনৌষধিৰ সৈতে বহু সময় ৰন্ধা চাউলৰ চুপ), খাদ্য, আৰু চুপ হৈছে চিকিৎসা পদ্ধতিৰ অংশ।

বিতৰ্ক

সুৰক্ষা

বিশ্বৰ ১৩০খন দেশত লোক ঔষধৰ ব্যৱহাৰৰ ওপৰত নিৰ্ধাৰিত নীতি নিয়ম আছে, কিয়নো সেইবোৰৰ ব্যৱহাৰৰ সৈতে বিপদাশংকাও জড়িত হৈ আছে। (বিশেষকৈ জুনোচিছ, মুখ্যতঃ কিছুমান পৰম্পৰাগত ঔষধ যিসমূহ প্ৰস্তুতকৰণত এতিয়াও পশু-আধাৰিত পদাৰ্থ ব্যৱহাৰ কৰে)। প্ৰায়ে ধাৰণা কৰা হয় যে যিহেতু ভেষজ ঔষধবোৰ প্ৰাকৃতিক, গতিকে এইসমূহ সুৰক্ষিত হোৱাটো স্বাভাৱিক। কিন্তু ভেষজ প্ৰতিকাৰ ব্যৱহাৰৰ ক্ষেত্ৰটো বহুতো সাৱধানতা মানি চলিব লাগে।

দুষ্পাপ্য জীৱৰ ব্যৱহাৰ

লোকচিকিৎসা: ভাগ সমূহ, ইতিহাস, মৌখিক প্ৰৱাহ 
পৰম্পৰাগত বিশ্বাসৰে লোক চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা এটা শ্ল' লৰিছ

পৰম্পৰাগত ঔষধ প্ৰস্তুত কৰিবলৈ কেতিয়াবা বিপদাপন্ন প্ৰাণী, যেনে শ্ল' লৰিছ, কেঁকো সাপ, বিভিন্ন প্ৰকাৰৰ সাপ, এশিঙীয়া গঁড়, হাতী, কাছ আদি হত্যা কৰা হয়।

এই পৰম্পৰাগত ঔষধৰ বাবে চাৰ্কৰ ফিচা, গঁড়ৰ খড়্গ, সাপৰ মোট, হাতীৰ দাঁত আদি ব্যৱহাৰ কৰা হয় যদিও সেইবোৰৰ কাৰ্যকৰীতা প্ৰমাণিত হোৱা নাই, এই বিশ্বাসে বনৰীয়া জীৱকুলৰ জনসংখ্যা আৰু সেইবোৰৰ পৰিৱেশ তন্ত্ৰক আঘাত কৰিছে। অবৈধ হাতীদাঁতৰ ব্যৱসায় আংশিকভাৱে পৰম্পৰাগত চীনা ঔষধৰ ক্ৰেতাসকলৰ সৈতে সম্পৰ্কীয়। ইয়াৰোপৰি আঙুঠি, তাবিজ আদিত এইদৰে হাতীৰ দাঁত, গঁড়ৰ খড়্গ আদি ব্যৱহাৰ কৰি পিন্ধা হয়। এই সমূহ সামগ্ৰীৰ চাহিদা আৰু বজাৰ মূল্যৰ বাবে বিপদাপন্ন প্ৰজাতি সমূহ চোৰাং চিকাৰৰ মূল লক্ষ্য হোৱাৰ প্ৰধান কাৰণ।

তথ্যসূত্ৰ

Tags:

লোকচিকিৎসা ভাগ সমূহলোকচিকিৎসা ইতিহাসলোকচিকিৎসা মৌখিক প্ৰৱাহলোকচিকিৎসা ঘৰুৱা পথ্যলোকচিকিৎসা বিতৰ্কলোকচিকিৎসা তথ্যসূত্ৰলোকচিকিৎসাইংৰাজী ভাষা

🔥 Trending searches on Wiki অসমীয়া:

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰবগেজাৰী গীতসৌৰভ কুমাৰ চলিহাকামাখ্যা মন্দিৰব'হাগ বিহুঢুলীয়া ভাওনাইন্দ্ৰভৌগোলিক তথ্য ব্যৱস্থাদৰ্শনঅণুবীক্ষণ যন্ত্ৰপুৰাণকাগজ ফুলফলৰ তালিকাঅসম বিধানসভাৰ সমষ্টিসমূহৰ তালিকামোৰো এটা সপোন আছেশিৱ পুৰাণঘৰুৱা হিংসাৰ পৰা মহিলাৰ সুৰক্ষা আইন, ২০০৫জল প্ৰদূষণকৃষ্ণচন্দ্ৰ নেপালী পোখৰেলমৌন ওঁঠ মুখৰ হৃদয়সিংহৰংমিলিৰ হাঁহিমুগা (ৰেচম)মিজানুৰ ৰহমান আজহাৰীঅসম ইতিহাসৰ আদিযুগৰ তাম্ৰ আৰু শিলালিপিৰ তালিকালক্ষ্মীনন্দন বৰাবসন্ত ঋতু২৫ এপ্ৰিলহেপাটাইটিছ বিইণ্টাৰনেটযৌন সংগমহিন্দু পদ্ধতিত সময়ৰ এককতথ্য প্ৰযুক্তিলক্ষ্মীনাথ বেজবৰুৱাআত্মসহায়ক গোটমধ্যাহ্ন ভোজন আঁচনিৰাজ্যসভামানস ৰাষ্ট্ৰীয় উদ্যানযোগ দৰ্শনভাওনালিংগ বৈষম্য আৰু ভাৰতীয় নাৰীঅসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যানবীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যশিৱসাগৰ জিলাআনন্দ চন্দ্ৰ বৰুৱাচৰাইৰাভা ভাষালোকসভাশংকৰদেৱ শিশু নিকেতন, ঘিলামৰানীলমণি ফুকন (কনিষ্ঠ)বৈচাগুকৃষ্ণ ভূঞাহেম বৰুৱানীতি আয়োগভাষালক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্যিক অৱদানধেমাজি জিলাদীপলিনা ডেকাঅসমৰ পৰম্পৰাগত খেল-ধেমালিঅগ্নিগড়ইতিহাসশব্দ (অভিধান)লোক-নৃত্যঅসমৰ ৰেচম শিল্পমূলা গাভৰুবকুল ফুলৰ দৰে (গ্ৰন্থ)অসমীয়া ভাষাঅসমীয়া প্ৰতিদিনমাৰ্কাছ ৰাছফৰ্ডশব্দপাচন নলীঅসমীয়া শিশু আলোচনীসমূহৰ তালিকাসৰস্বতীকোচ ৰাজবংশধৰিত্ৰী দিৱস🡆 More