লতাকটা ৰণ

লতাকটা ৰণ বুলিলে আহোম স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ দিনত মণিপুৰলৈ চলোৱা অসফল প্ৰথম অভিযানক বুজোৱা হয়। চুখ্ৰংফা বা ৰুদ্ৰ সিংহৰ চতুৰ্থ পুত্ৰ চুৰাম্‌ফাই ৰাজেশ্বৰ সিংহ নাম লৈ ১৭৫১ চনত ৰাজপাটত উঠে। মানৰ আক্ৰমণত ৰাজ্য হেৰুওৱা মণিপুৰৰ ৰজা জয় সিংহ‌ই ১৭৬৫ চনত স্বৰ্গদেউক সহায়ৰ বাবে অনুৰোধ কৰে। বিষয়াসকলৰ লগত আলোচনা কৰি স্বৰ্গদেৱে জয় সিংহক সহায় কৰিবলৈ মান্তি হ'ল। এদল সৈন্য গোটোৱা হ'ল কিন্তু বহুকেইজন বিষয়াই গা বেয়াৰ অজুহাতত দলৰ নেতৃত্ব ল'বলৈ অপাৰগতা প্ৰকাশ কৰিলে। তেওঁলোকক বিষয়বাবৰ পৰা আঁতৰাই সম্পত্তি জব্দ কৰা হ'ল। অৱশেষত হৰনাথ ফুকনক সেনাপতি পাতি সৈন্যদলটোৱে চৰাইদেউৰ দক্ষিণেদি মণিপুৰলৈ অভিযান আৰম্ভ কৰিলে। কিন্তু পথত ইমানেই ডাঠ হাবি আছিল যে তেওঁলোকে পথ মোকলাওঁতেই বহু শক্তি আৰু সময় যায়। বহু সৈন্য আহাৰৰ অভাৱত, নগাৰ আক্ৰমণত আৰু সৰ্পদংশনত মৃত্যু ঘটে। ৰজাৰ কাণত এই কথা পৰাত তেওঁ সৈন্যদলটোক ঘূৰি আহিবলৈ নিৰ্দেশ দিয়ে। মণিপুৰৰ দুৰ্গম পথেদি লতা কাটি আহোম সৈন্য আগবাঢ়িব লগা হোৱা বাবে এই অসফল অভিযানক লতাকটা ৰণ বোলা হয়।

১৭৬৮ চনৰ নৱেম্বৰত দ্বিতীয় এদল সৈন্য কীৰ্তিচন্দ্ৰ বৰুবৰুৱাৰ নেতৃত্বত ৰহা আৰু কছাৰী ৰাজ্যৰ মাজেৰে পঠিওৱা হয়। মূল দলটো ৰহাত হয় আৰু দহ হাজাৰ সৈন্য জয় সিংহৰ লগত মিৰাপ নদীলৈকে আগবাঢ়ি যায়। জয় সিংহ‌ই নগাৰ এটি দল গঠন কৰি মানে সিংহাসনত প্ৰতিষ্ঠা কৰা কেলেম্বাক খেদি পঠিয়ায়। কৃতজ্ঞতাৰ চিনস্বৰূপে জয় সিংহ‌ই ৰাজেশ্বৰ সিংহক বহু উপহাৰ দিয়াৰ লগতে জীয়েক কুৰংগনয়নীক তেওঁলৈ বিয়া দিয়ে। কুঁৱৰীৰ লগত অহা বহু মণিপুৰী লোক দিছৈৰ ওচৰত থাকিবলৈ লোৱাত এই ঠাই মগলুহাট বা মণিপুৰী বজাৰ নামেৰে জনাজাত হয়।

তথ্য সংগ্ৰহ

Tags:

চুখ্ৰংফাচুৰাম্‌ফাচৰাইদেউমণিপুৰসৰ্পদংশনৰাজেশ্বৰ সিংহৰুদ্ৰ সিংহ

🔥 Trending searches on Wiki অসমীয়া:

গঙ্গা নদীধৰ্মস্তন সংগমকুকুৰাডিমাছা জনগোষ্ঠীঅসমৰ গামোচাজোনাকী (আলোচনী)ভিটামিনপ্লাষ্টিকচাণক্যনৱবিধা ভক্তিউপভাষাসিংহগোৱালপাৰা জিলাহেম বৰুৱামলয়া গোস্বামীশিক্ষা মনোবিজ্ঞানযোগাত্মক বিপৰীত সংখ্যানগাঁও (লোকসভা সমষ্টি)দীপলিনা ডেকাভেঁকুৰপ্ৰাগজ্যোতিষপুৰউদ্ভিদভাৰতীয় ভাষাউমানন্দঅসমৰ কণ্ঠশিল্পীসকলৰ তালিকাপ্ৰাচীৰ পত্ৰিকাএচিদ বৰষুণঅষ্টাংগিক আৰ্য মাৰ্গঅসমীয়া ভাষাথমাছ আলভা এডিচনমৌৰ্য সাম্ৰাজ্যবগা কাঞ্চনৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযান, অসমসমাজতত্ত্বহিমন্ত বিশ্ব শৰ্মাগজেন্দ্ৰ মোক্ষপিঠাকুশল কোঁৱৰবৈচাগুঅসমৰ ভূগোলখৰিকাজাইঢ়অসমীয়া কবিতাদ্বিতীয় বিশ্বযুদ্ধপঞ্চায়তী ৰাজটকা (বাদ্য)আজান পীৰঅসমীয়া উপন্যাসশ্ৰী শ্ৰী বটদ্ৰৱা থানঅয়নান্ত (গ্ৰন্থ)দৰিদ্ৰতাগুৱাহাটী বিশ্ববিদ্যালয়যতীন্দ্ৰ নাথ দুৱৰাঅসমৰ লোকসভা সমষ্টিসমূহৰ তালিকাবিহুৰ বাদ্যযন্ত্ৰধুবুৰী (লোকসভা সমষ্টি)অম্বিকাগিৰি ৰায়চৌধুৰীহাড়বাংলাদেশভাৰতৰ প্ৰধানমন্ত্ৰীঅসমবনঘোষাকৰম পূজাভাস্কৰাব্দমাটিমৈদামদৰং জিলাঅভিধানবেংকভাৰতৰ ৰাষ্ট্ৰপতিলোক-সংগীতগুৱাহাটীহেপাটাইটিছ বিমিঠু বৰুৱাসন্ধি🡆 More