য়েছে দৰজে ঠংচি: ভাৰতীয় সাহিত্যিক

য়েছে দৰজে ঠংচি (ইংৰাজী: Yese Dorjee Thongchi) এগৰাকী বিশিষ্ট ঔপন্যাসিক আৰু গল্পকাৰ। ‘জোনবাই’ নামৰ কবিতা লিখি সাহিত্যিক জীৱন আৰম্ভ কৰা ঠংচিয়ে স্কুলীয়া দিনৰে পৰা সাহিত্য-চৰ্চাত মনোনিবেশ কৰিছিল। প্ৰথমাৱস্থাত কবিতা আৰু নাটক ৰচনাতে নিজৰ সৃষ্টিক আবদ্ধ কৰি ৰাখিছিল যদিও পিছলৈ গল্প আৰু উপন্যাসলৈ তেওঁ সাহিত্য কৰ্মৰ প্ৰসাৰণ ঘটায়। তেওঁৰ ভালেমান গল্প ‘সংগম’, ‘মনোৰঞ্জন’, ‘প্ৰান্তিক’, ‘গৰীয়সী’ আদি আলোচনীৰ পাতত সিঁচৰতি হৈ আছে। তেওঁ মৌন ওঁঠ মুখৰ হৃদয় নামৰ উপন্যাসৰ বাবে সাহিত্য অকাডেমি বঁটা আৰু ভাষা ভাৰতী সাহিত্য পুৰস্কাৰ লাভ কৰে আৰু ‘পাপৰ পুখুৰী’ নামৰ গল্প সংকলনৰ বাবে অসম সাহিত্য সভাৰ বিষ্ণু ৰাভা বঁটা লাভ কৰে। ২০২০ চনত ভাৰত চৰকাৰে সাহিত্য আৰু শিক্ষাক্ষেত্ৰত তেওঁৰ অৱদানৰ স্বীকৃতি স্বৰূপে ভাৰতৰ চতুৰ্থ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰে।

য়েছে দৰজে ঠংচি
য়েছে দৰজে ঠংচি: জন্ম আৰু শিক্ষা, কৰ্মজীৱন, উল্লেখযোগ্য বঁটা
জন্ম ১৯৫২ চন
পশ্চিম কামেং জিলা, অৰুণাচল প্ৰদেশ, ভাৰত
পেচা সাহিত্যিক, ঔপন্যাসিক, গল্পকাৰ
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়
উল্লেখনীয় কৰ্মৰাজি মৌন ওঁঠ মুখৰ হৃদয়
উল্লেখযোগ্য বঁটা সাহিত্য অকাডেমি বঁটা, ২০০৫
পদ্মশ্ৰী, ২০২০

জন্ম আৰু শিক্ষা

১৯৫২ চনত নেফাৰ কামেং সীমান্ত বিভাগৰ (বৰ্তমান অৰুণাচল প্ৰদেশপশ্চিম কামেং জিলা) জগং (জী) নাম গাঁৱৰ এটি চেৰদুকপেন সম্প্ৰদায়ৰ পৰিয়ালত ঠংচিদেৱৰ জন্ম। তেখেতে জীগাঁও প্ৰাথমিক বিদ্যালয়, বোমডিলা চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰি কটন কলেজত পঢ়িবলৈ লয় আৰু কটন কলেজৰ পৰা অসমীয়াত অনাৰ্ছসহ স্নাতক ডিগ্ৰী লাভ কৰে। তাৰ পিছত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া ভাষাত স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰে। তেওঁ ১৯৭৭ চনত অৰুণাচল প্ৰদেশ অসামৰিক সেৱাত যোগদান কৰে। ১৯৯২ চনত তেওঁ ভাৰতীয় প্ৰশাসনীয় সেৱালৈ পদোন্নতি লাভ কৰে।

কৰ্মজীৱন

১৯৭৭ চনত অৰুণাচল প্ৰদেশ প্ৰশাসনিক সেৱাত যোগদান কৰে। ১৯৯২ চনত তেওঁ ভাৰতীয় প্ৰশাসনিক সেৱালৈ পদোন্নতি লাভ কৰে। ১৯৯৩ চনৰ পৰা টাৱাং, নামনি সোৱণশিৰি, চাংলাং, লোহিত আৰু পূব কামেং জিলাৰ উপায়ুক্ত হিচাপে সেৱা আগবঢ়াই বৰ্তমান তেওঁ অৰুণাচল প্ৰদেশ চৰকাৰৰ পৰ্যটন আৰু সাংস্কৃতিক পৰিক্ৰমা, নগৰ উন্নয়ন, গৃহ নিৰ্মাণ আৰু পৰিকল্পনা আদি বিভাগৰ সচিব পদত কাৰ্যনিৰ্বাহ কৰি আছে।

উল্লেখযোগ্য বঁটা

সাহিত্যিক অৱদান

গ্ৰন্থ

উপন্যাস

গল্প সংকলন

  • পাপৰ পুখুৰী
  • বাঁহৰ ফুলৰ গোন্ধ
  • অন্য এখন প্ৰতিযোগিতা

আত্মজীৱনী

  • হাঁহি আৰু চকুলোঁৰ শৈশৱ
  • সৈনিকৰ প্ৰিয় সেনাপতি এক আত্মজীৱনী

তথ্য সংগ্ৰহ

Tags:

য়েছে দৰজে ঠংচি জন্ম আৰু শিক্ষায়েছে দৰজে ঠংচি কৰ্মজীৱনয়েছে দৰজে ঠংচি উল্লেখযোগ্য বঁটায়েছে দৰজে ঠংচি সাহিত্যিক অৱদানয়েছে দৰজে ঠংচি তথ্য সংগ্ৰহয়েছে দৰজে ঠংচিঅসম সাহিত্য সভাইংৰাজী ভাষাগৰীয়সীপদ্মশ্ৰীপ্ৰান্তিকবিষ্ণু ৰাভা বঁটাভাৰত চৰকাৰমৌন ওঁঠ মুখৰ হৃদয়সাহিত্য অকাডেমি বঁটা

🔥 Trending searches on Wiki অসমীয়া:

এইচ টি এম এলঅসমত দেখা পোৱা উদ্ভিদসমূহৰ তালিকাঔষধি উদ্ভিদসত্ৰীয়া নৃত্যঅৰুণাচল প্ৰদেশৰ উৎসৱসমূহমনোমতীৱিকিপিডিয়াটকা (বাদ্য)আহোম ভাষাৰাভা ভাষামণিপুৰী নৃত্যপিঠাব্ৰহ্মপুত্ৰ উপত্যকাদুষ্যন্তঅসমৰ নদীসমূহৰ তালিকাশামুকঅসমৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যসমূহৰ তালিকাভটিমাভাষাহয়গ্ৰীৱ মাধৱ মন্দিৰকিতাপবড়ো ভাষাচ'মাংকানমধ্যাহ্ন ভোজন আঁচনিজৈৱ বৈচিত্ৰ্যঅসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যাননাগৰিকত্ব (সংশোধনী) আইন, ২০১৯সাধুকথাতেজীমলাবাঁহীসমাসউচ্চ ৰক্তচাপভূমি প্ৰদূষণঢুলীয়া ভাওনাকুলধৰ শইকীয়াভাৰতৰ ৰাজনৈতিক দলসমূহৰ তালিকাশৰীৰস্থানজলবিদ্যুৎমহাকাব্যপদাৰ্থৰ অৱস্থাঅসমৰ মুখ্যমন্ত্ৰীসকলৰ তালিকাপুৰাণভাৰত-আৰ্য ভাষা পৰিয়ালনাগালেণ্ডভাৰতৰ প্ৰধানমন্ত্ৰীএ পি জে আব্দুল কালামঅসম সাহিত্য সভাগণিতপ্ৰদূষণঅসমৰ সাহিত্যিকসকলৰ তালিকামদন কামদেৱ দেৱালয়চিপকো আন্দোলনঅসমৰ চাহ জনগোষ্ঠীবিহুৰ বাদ্যযন্ত্ৰঅন্নপ্ৰাশনঅসমৰ সমস্যামায়া সীতামাঘ বিহুপূৰ্ণ প্ৰতিযোগিতাৰ বজাৰসোণালী বান্দৰকৃষ্ণবৰ্মণ ৰাজবংশসদৌ অসম ছাত্ৰ সন্থাৰমন্যাসবাদস্বাস্থ্যকলবিজ্ঞাপনমিজানুৰ ৰহমান আজহাৰীমণিৰাম দেৱানজুবিন গাৰ্গবৰগীতবড়ো জনগোষ্ঠীবিহুৰ সাজ-পোচাক আৰু অলংকাৰএশিঙীয়া গঁড়ঈয়াৰুইঙ্গম🡆 More