য়িন আৰু য়াং

চীনা দৰ্শনত য়িন আৰু য়াং (চীনা: 陰陽 yīnyáng, আন্ধাৰ-ঊজ্বল, ঋণাত্মক-ধনাত্মক)-এ এই কথাক বুজাই যে দেখাত বিপৰীত শক্তিসমূহো আচলতে ইটো আনটোৰ পৰিপূৰক, সম্বন্ধিত আৰু পৰস্পৰে পৰস্পৰৰ ওপৰত নিৰ্ভৰশীল হ'ব পাৰে। চীনা সৃষ্টিতত্ত্বত ব্ৰহ্মাণ্ডই নিজক পদাৰ্থগত ঊৰ্জাৰ প্ৰাথমিক বিশৃংখলতাৰপৰা সৃষ্টি কৰে, য়িন আৰু য়াঙৰ চক্ৰত আৰু বস্তু আৰু জীৱৰ সৃষ্টি হয়। য়িন গ্ৰাহক আৰু য়াং কৰ্তা সূত্ৰ। ই সকলো প্ৰকাৰৰ সাল-সলনি আৰু পাৰ্থক্য, যেনে বাৰ্ষিক চক্ৰ (শীত আৰু গৰম)ত, পথাৰ (উত্তৰমুখী ছায়া আৰু দক্ষিণমুখী ঊজ্বলতা), যৌন সম্বন্ধ গঠন (নাৰী আৰু পুৰুষ), নাৰী আৰু পুৰুষ উভয়ৰে চৰিত্ৰ ৰূপে সৃষ্টি আৰু সামাজিক-ৰাজনৈতিক ইতিহাস (শৃংখলতা আৰু বিশৃংখলতা)ত বিদ্যমান

য়িন আৰু য়াং
'টাইচি চিহ্ন'

চীনা সৃষ্টিতত্ত্ব, দৰ্শন আৰু বিজ্ঞান

চীনা সৃষ্টিতত্ত্বত অনেক ধৰণৰ গতি দেখা যায়। য়িন আৰু য়াং সম্বন্ধীয় সৃষ্টিতত্ত্বত ব্ৰহ্মাণ্ডই নিজক সৃষ্টি কৰা পদাৰ্থগত ঊৰ্জাক 'চি' বুলিও অভিহিত কৰা হয়। এই সৃষ্টিতত্ত্বত ধাৰণা কৰা হয় যে চিৰ সংগঠনে অনেক বস্তুৰ নিৰ্মাণ কৰিছে। তাৰেই মাজত মানৱো অন্যতম। অনেক প্ৰাকৃতিক দ্বৈত যেনে পোহৰ আৰু এন্ধাৰ, অগ্নি আৰু জল, বহল হৈ যোৱা আৰু ঠেক হৈ যোৱা, য়িন আৰু য়াঙৰ ধাৰণাত চিহ্ন ৰূপে প্ৰকাশিত দ্বৈতৰেই ভৌটিক ৰূপ। শাস্ত্ৰীয় চীনা দৰ্শন আৰু বিজ্ঞানৰ কেইবাটাও শাখাত এই দ্বৈতৰ ধাৰণা প্ৰতিস্ফূত হয়। তদুপৰি ই পৰম্পৰাগত চীনা চিকিৎসাৰো মূল নীতি। ই বাকুৱাঝাং, টাইচি আৰু চি কঙৰ দৰে চীনা সমৰকলা আৰু ব্যায়ামতো প্ৰভাৱ বিস্তাৰ কৰিছে। এই ধাৰণা ই চিঙৰ পৃষ্ঠাতো দৃশ্যমান।

বিৰোধী আৰু পৰিপূৰক

দ্বৈতৰ ধাৰণা বিভিন্ন ঠাইত দেখা যায়- যেনে অভ্যাসৰ সমাজত। এই পটভূমিত পিচে য়িন আৰু য়াঙক 'এক'ৰ অংশ ৰূপে চাব পাৰি যি 'টাঅ''ত প্ৰকাশিত। "দ্বৈতবাদী-একবাদ" বা "দ্বন্দ্ব্ব্ব্ব্ববাদী-একবাদ" সংজ্ঞাই এই ফলপূৰ্ণ বিৰোধাভাসক বুজাবলৈ চেষ্টা কৰে। য়িন আৰু য়াঙক বিৰোধী নহয়, পৰিপূৰক শক্তি হিচাপে চাব পাৰি, যাৰ দ্বাৰা অংশৰ যোগতকৈ ডাঙৰ পূৰ্ণৰ সৃষ্টি হয়। এই দৰ্শনানুযায়ী, য়িন আৰু য়াং সকলোতে বিদ্যমান, যেনে পোহৰ অবিহনে ছায়া থকা অসম্ভৱেই। দুয়োৰেই কোনো এটি অধিক ফলপ্ৰসূৰূপে দেখা দিয়ে, পিচে ইয়ো মাথোঁ পৰ্যবেক্ষণৰ চৰ্তৰ ওপৰতহে নিৰ্ভৰশীল। য়িন য়াং চিহ্নই দুই বিপৰীত শক্তিৰ মাজৰ ভাৰসাম্যকেই দৰ্শাই, দুয়ো অংশৰেই এঠাইত আনটো বিদ্যমান- দুয়ো দুয়োৰে পৰিপূৰক।

টাওবাদ, কনফুচিয়ানবাদ আৰু নীতি

টাওবাদী অধিবিদ্যাত ভাল আৰু বেয়াৰ মাজৰ পাৰ্থক্য, আৰু আন আন নৈতিক দ্বৈত দৃষ্টিভংগীৰ ওপৰতহে নিৰ্ভৰশীল, বাস্তৱত নহয়। সেয়ে য়িন আৰু য়াঙৰ দ্বৈত এক অবিভাজ্য পূৰ্ণতা। আন হাতে কনফুচিয়ান নীতিশাস্ত্ৰত, বিশেষকৈ ডং ঝংশ্বৌৰ দৰ্শনত, ইয়াত এক বিশেষ নৈতিক দিশ যোগ কৰা হয়।

তথ্য সংগ্ৰহ

Tags:

য়িন আৰু য়াং চীনা সৃষ্টিতত্ত্ব, দৰ্শন আৰু বিজ্ঞানয়িন আৰু য়াং বিৰোধী আৰু পৰিপূৰকয়িন আৰু য়াং টাওবাদ, কনফুচিয়ানবাদ আৰু নীতিয়িন আৰু য়াং তথ্য সংগ্ৰহয়িন আৰু য়াংwikt:陰wikt:陽চীনচীনা ভাষাবিশ্বব্ৰহ্মাণ্ড

🔥 Trending searches on Wiki অসমীয়া:

শৰ্কৰাঅণুবীক্ষণ যন্ত্ৰঅসমৰ বাঁহ-বেতৰ শিল্পঅসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰা সাহিত্যিকসকলঅৰ্থনীতিমাদাৰ টেৰেছাকামৰূপ ৰাজ্যযক্ষ্মাবাইখো পূজাহেম বৰুৱাফেডেৰিক’ গাৰ্ছিয়া ল’ৰ্কাঅসমৰ মাছ ধৰা সঁজুলিঈদ-উল-জুহাহেমকোষগণেশঅশোক ফুলআনন্দৰাম বৰুৱাপ্ৰাকৃতিক সম্পদশিৱসাগৰ জিলাভাৰতৰ স্বাধীনতা আন্দোলনআকবৰলক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্যিক অৱদানগোলকীকৰণআনন্দৰাম ঢেকিয়াল ফুকনগাৰো জনগোষ্ঠীগ্ৰহফুলমৰুভূমিনাহৰঅসমৰ বনৌষধিফলৰ তালিকাঅসম সাহিত্য সভাকুমাৰীত্বকথা কবিতাআনন্দ চন্দ্ৰ আগৰৱালাভূগোলভাৰতৰ জাতীয় পতাকাভাৰতীয় নাগৰিকত্ব আইনতৰাগছৰামধেনু (আলোচনী)মলয়া গোস্বামীঅসমৰ কাঁহ শিল্পহোমেন বৰগোহাঞিগঙ্গা নদীভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচনসৰ্পগন্ধামৌখিক পৰম্পৰাঅসুৰশূন্যনাৰী সবলীকৰণশ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘচলচ্চিত্ৰগাঁও পঞ্চায়তবেংকপদুমঅসমত দেখা পোৱা মাছৰ তালিকাকৰম পূজাপ্লেটোঅসমৰ লোকসভা সমষ্টিসমূহৰ তালিকা১৮ এপ্ৰিলফাট বিহুউৎপাদন (অৰ্থনীতি)মনঅনুৰাধা শৰ্মা পূজাৰীকুকুৰাযোৰহাট (লোকসভা সমষ্টি)আন্তৰ্জাতিক মান গ্ৰন্থ সংখ্যামাজুলীসন্ধিমুগা (ৰেচম)বাগৰুম্বানেপোলিয়ন বোনাপাৰ্টউত্তৰ-পূব ভাৰতঅনিৰুদ্ধদেৱঅয়নান্ত (গ্ৰন্থ)🡆 More