মৌখিক লোকসাহিত্য

জাতিৰে নিজস্ব ভাষা আছে আৰু সেই ভাষাৰ মাধ্যমত জাতিৰ সাহিত্য গঢ়ি উঠে। জাতিৰ সাহিত্যই লিখিত ৰূপ পোৱাৰ আগতে মৌলিক গীত মাত, প্ৰবচন, সাধুকথা, ফকৰা যোজনা, পটন্তৰ আদি থকাৰ প্ৰমাণ পোৱা যায়৷ অসমীয়া ভাষাতো তেনে ধৰণৰ লোক গীত, সাধুকথা, প্ৰবচন আদিৰ প্ৰচলন আছিল৷ এইবোৰ সাহিত্যই লিখিত ৰূপ পোৱাৰ আগতে জনসমাজত মুখে মুখে গীত,পদ আদিৰ ৰূপত প্ৰচলিত হৈ আছিল আৰু কালক্ৰমত ইয়েই লোকসাহিত্যৰ ৰূপ লয়৷

মৌখিক লোকসাহিত্য

অসমীয়া লোকসাহিত্যৰ ভিতৰত প্ৰধানকৈ

১)সাধুকথা

২)ফকৰা যোজনা, পটন্তৰ প্ৰবচন আৰু

৩)লোকগীত

সাধুকথা

নৃতত্ত্ব আৰু সমাজতত্ত্বৰ অধ্যয়নৰ ফালৰ পৰা সাধুকথাৰ যথেষ্ট মূল্য আছে৷ সাধুকথাবোৰৰ এটা স্থিৰ ৰূপ নাই৷ সাধু কওঁতাই নিজৰ ৰুচি, অভিৰুচি আৰু সামৰ্থ্য অনুসাৰে বৰ্ণাই যায়৷ উদাহৰণ স্বৰূপে তেজীমলাৰ সাধুটোৰ ভাষা, প্ৰকাশ ভংগী বিভিন্ন বক্তাৰ মুখত বিভিন্ন হৈ পৰে, সাধুটোৰ মূল ঘটনাটোৰহে পৰিবৰ্তন নহয়৷ প্ৰেম-প্ৰীতি, পিতৃস্নেহ, মাতৃস্নেহ, অসূয়া-ঈৰ্ষা, জীয়াই থকাৰ স্পৃহা, জনবিশ্বাস, কুসংস্কাৰ আদি আদিম ভাৱ আৰু অনুভূতি সমূহৰ সৰল আৰু মুকলি প্ৰকাশ সাধুবোৰত দেখা যায়৷

তেজীমলা, তুলা আৰু তেজা, চিলনীৰ জীয়েকৰ, বাৰী পুতেকৰ সাধু ইত্যাদিবোৰ অসমীয়া লোকসাহিত্যৰ এক উল্লেখযোগ্য সম্পদ

ফকৰা-যোজনা, প্ৰবচন, পটন্ততৰ

ফকৰা-যোজনা, প্ৰবচন, পটন্তৰ, ডাকৰ বচন আদিয়ে অসমীয়া মৌখিক লোক সাহিত্যৰ ভঁৰাল চহকী কৰি তুলিছে৷ ফকৰা-যোজনা আৰু প্ৰবচন বোৰত সাংসাৰিক অভিজ্ঞতা, প্ৰচলিত জীৱন চৰ্চা, আচাৰ ব্যৱহাৰ আদিৰ প্ৰভাৱ দেখা যায়৷  অসমীয়া লোক সাহিত্যৰ এক উল্লেখযোগ্য সম্পদ হ’ল ডাকৰ বচন৷ ডাকৰ বচন সমূহে অসমীয়া সমাজ জীৱনৰ কৃষি সম্পৰ্কীয় জ্যোতিষ বচন, নাৰীৰ লক্ষণ, গাৰ্হস্থ্য নীতি আদি প্ৰতিফলিত কৰে৷

ক) ছয় পো বাৰ নাতি

তেহে কৰিবা কুঁহিয়াৰ খেতি৷

খ) মাছে গৰকা আঞ্জা খাবা

শাহুৱে গৰকা বোৱাৰী বাবা৷ ( ডাকৰ বচন)

কিছুমান যোজনা বা পটন্তৰত নাৰী মনৰ তথা নাৰী সমাজৰ চিত্ৰ পোৱা যায়৷ এইবোৰৰ ৰচক নাৰী বুলি ঠাৱৰ কৰিব পাৰি৷


ক) আৰ ছিগা চুলি, তাৰ ছিগা চুলি

মাৰি যাওঁ নেঘেৰী খোপা৷

খ) মাজ মুৰত নাই চুলি

গিৰিয়েকে মাতে কেশমতী বুলি

কিন্তু বৰ্তমান আধুনিক সভ্যতাৰ লগত খাপ নোখোৱা বহুতো প্ৰবচন, পটন্তৰ, যোজনা আদি অপ্ৰচলিত হৈ লোপ পাব ধৰিছে।

লোকগীত

লোকগীতসমূহক প্ৰধানকৈ তিনিটা ভাগত ভাগ কৰিব পাৰি। সেইকেইটা হ'ল-

* অনুষ্ঠানমূলক

* আখ্যানমূলক

* বিবিধ বিষয়ক৷


'''অনুষ্ঠানমূলকগীতবোৰৰ ভিতৰত আইনাম, বিয়া নাম, বিহুগীত, অপেশ্বৰী সবাহৰ গীত, সুবচনীৰ গীত, লখিমী সবাহৰ গীত, মহো-হো গীত, আৰু বিবিধ পূজা পাতলৰ গীত বিশেষভাৱে উল্লেখযোগ্য৷

[[আখ্যানমূলক]]গীতবোৰ হ’ল – মণি কোঁৱৰৰ গীত, শান্তি বাৰমাহীৰ গীত, বৰফুকনৰ গীত আদি৷

বিবিধ বিষয়ৰ গীত সমূহৰ ভিতৰত – নিচুকণি গীত, গৰখীয়া গীত, নাও খেলোৱা গীত, মহো হো গীত, হাতী মাউতৰ গীত, মৈষাল গীত, জুনা গীত, চটকা গীত, নাঙেলী গীত, চাহ পুৰাণৰ গীত ইত্যাদি৷

বিহুগীতৰ ভিতৰত হুচৰিগীত আৰু বনগীত দুয়োবিধ অন্তৰ্ভুক্ত৷ ব'হাগ বিহুত গাঁৱৰ ৰাইজে ঢোল পেঁপা তাল আদি লৈ গৃহস্থৰ ঘৰত সামূহিকভাবে গোৱা বিহুগীতেই হুচৰি গীত৷ হুচৰি গীতবোৰৰ মাজেৰে ঈশ্বৰৰ নাম লোৱা হয় আৰু গৃহস্থৰ মংগল কামনা কৰা হয়৷

উদাহৰণঃ- কৃষ্ণাইৰ মূৰতে বকুল ফুল এপাহি

নিয়ৰ পাই মুকলি হ’ল, গোৱিন্দাই ৰাম৷

এবাটি নহৰু এবাটি পনৰু

এবাটি খুটুৰা শাক

মুৰৰ চুলি ছিগি আশীৰ্ব্বাদ কৰিছোঁ

গৃহস্থ কুশলে থাক৷

আনহাতে বনগীতবোৰ প্ৰধানকৈ ডেকা গাভৰুৰ উদ্দাম জীৱন যৌৱনৰ মুকলি প্ৰকাশ৷ এইবোৰ সাধাৰণতে বিহুতলী, মুকলি পথাৰ অথবা নিৰ্জন বনথলীত গোট খাই গোৱাৰ নিয়ম আছিল৷ বহাগ বিহু বসন্ত উৎসৱৰে এটি অসমীয়া অভিব্যক্তি৷ বসন্তৰ আগমনৰ লগে লগে প্ৰকৃতিয়ে যৌৱন শোভা ধাৰণ কৰে৷ কিছুমান গীতত ডেকাৰ আৰু কিছুমান গীতত গাভৰুৰ মনৰ ভাৱ প্ৰকাশ হোৱা দেখা যায়৷ উদাহৰণ :-

মুখলৈ কি চাবা     পূৰ্ণিমাৰ জোন যেন

চকু সৰগৰ তৰা

গালৈ কি চাবা     সেন্দূৰী আম যেন

জিলিকে নিলগৰ পৰা৷

তইনো ক’লিয়া       অলিয়া বলিয়া

মোকে কৰি গলি বাউল

জালিকটা বেৰদি        সুহুৰী মাৰিলি

হোৱা ভাতক কৰিলি চাউল

[[বিয়া নাম]] -অসমীয়া বিবাহ অনুষ্ঠানৰ বিভিন্ন ক্ৰম বা অৱস্থাত আয়তীসকলে গোৱা গীতবোৰ অসমীয়া লোকসাহিত্যৰ মূল্যৱান সম্পদ৷ দৰা আদৰোতে, কন্যা হোমৰ গুৰিত বহোঁতে, সুৱাগ তোলোতে আৰু কন্যা উলিয়াই দিওঁতে আয়তীসকলে বিধে বিধে গীত গায়৷ বিয়া গীতবোৰক সাধাৰণতে দুটা শ্ৰেণীত ভাগ কৰিব পাৰি৷ এক শ্ৰেণী গহীন আৰু ৰুচিপূৰ্ণ, দ্বিতীয় শ্ৰেণীৰ গীতক সাধাৰণতে যোৰা নাম বোলা হয়৷ নামনি অসমত ইয়াক খিচা গীত বোলা হয়৷

মাৰাৰ অলংকাৰ থোৱাহে আইদেউ

দেউতাৰাৰ অলংকাৰ থোৱা

ৰামে দি পঠাইছে সুৱৰ্ণৰ অলংকাৰ

মাথা দোঁৱাই লোৱা হে৷

পাণো আনিলা মেকুৰী কণীয়া

তামোলো আনিলা ধেনা

কোনি পাৰে হ’লা দৰাৰ ককায়েক

দিনতে দুচকু কণা (যোৰা নাম)

[[আই নাম]] :-আইনাম, সুবচনীৰ গীত, অপেশ্বৰী সবাহৰ গীত, লখিমী সবাহৰ গীত, গোঁসানী পূজাৰ গীত প্ৰায় একে পৰ্য্যায়ত পৰে৷ নাৰী সমাজতহে এই গীত মাত বোৰ প্ৰচলিত৷

উজায়ে আহিলে আইৰে সতে ভনী

বসন্তে বা বলাই

টেমাতে আনিছে জাতি চন্দনে

সবাকো দিছে পিন্ধাই (আই নাম)

এই আই অপেশ্বৰী মণ্ডপে নামিলা

সুৱৰ্ণৰ পঞ্চঘটে পূজা আৰম্ভিলা (অপেশ্বৰী সবাহ)

আখ্যান মূলক গীত যাক ইংৰাজীত বেলাড বোলা হয় যেনেঃ ফুল কোঁৱৰৰ গীত, শান্তি বাৰমাহীৰ গীত, বৰফুকনৰ গীত, মণি কোঁৱৰৰ গীত ইত্যাদি৷

বাৰ বছৰেও   নুফুলা ফুলৰ

তেতিয়া ধৰিলো শিপা

মালিনী বাৰীত  পৰি ফুল কোঁৱৰে

চৌপাশে মেলিলে হাত৷ (ফুল কোঁৱৰৰ গীত)

বাৰমাহীৰ গীত যেনে  “বৰ্ষ প্ৰদক্ষিণৰ গীত“

জেঠ মাহতে ৰাধে জেঠুৱাৰে খৰ

বনৰ হৰিণা পহু সিও চাপে ঘৰ

আহাৰ মাহতে হয় ঘন বৰিষন

আমামাক ছাড়ি গৈলা ৰাম নাৰায়ণ ইত্যাদি

(শান্তি বাৰমাহীৰ গীত)

বিবিধ বিষয়ক গীতৰ ভিতৰত পৰে নিচুকণি গীত, নাও খেলোৱা গীত, মহো হো গীত, নাঙেলী গীত, চাহ পুৰাণৰ গীত, আৰু গোৱালপাৰা অঞ্চলৰ চটকা গীত, জুনা গীত, গৰখীয়া গীত, মৈষাল গীত, হাতী মাউতৰ গীত ইত্যাদি৷

ও মোৰ দঁতাল হাতীৰ মাহুত ৰে

যেদিন মাহুত চিকাৰ যায়

নাৰীৰ মনমোৰ ঝুৰিয়া ৰয় ৰে (হাতী মাউতৰ গীত)

আমাৰে মইনা শুব এ

বাৰীতে বগৰী ৰুব এ  ইত্যাদি (নিচুকনি গীত)

অসমীয়া মৌলিক লোকসাহিত্যৰ পৰিধি বৰ বিশাল৷ বিশেষকৈ লোকগীত শাখাত অজস্ৰ গীত মাতেৰে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী হৈ আছে, যিটো এটা ক্ষুদ্ৰ লিখনিৰ মাজেৰে সম্পূৰ্ণ ৰূপে প্ৰকাশ কৰা সম্ভৱ নহয়।

তথ্যসূত্ৰ

Tags:

মৌখিক লোকসাহিত্য মৌখিক লোকসাহিত্য সাধুকথামৌখিক লোকসাহিত্য ফকৰা-যোজনা, প্ৰবচন, পটন্ততৰমৌখিক লোকসাহিত্য লোকগীতমৌখিক লোকসাহিত্য তথ্যসূত্ৰমৌখিক লোকসাহিত্য

🔥 Trending searches on Wiki অসমীয়া:

মামণি ৰয়ছম গোস্বামীমাজুলীৱিকিমিডিয়া ফাউণ্ডেশ্যনৰাজনীতিহিন্দু জ্যোতিষবিদ্যাতিনিচুকীয়া জিলাকথা-ভাগৱতমেজিদীৰ্ঘেশ্বৰী দেৱালয়পদ (ব্যাকৰণ)আমৰলি টোপভূমিকম্পবহনক্ষম উন্নয়নৰ লক্ষ্যৰামকৃষ্ণ পৰমহংসউপভাষাপ্ৰাকৃতিক দুৰ্যোগবৰপেটা (লোকসভা সমষ্টি)বাত বিষবিশ্ব পৰিৱেশ দিৱসঅসম আন্দোলনজণ্ডিছইয়াত এখন অৰণ্য আছিলসৰ্বশিক্ষা অভিযানভাৰতীয় জনতা পাৰ্টিমনোবিজ্ঞানকলিমাঅসমৰ পিতল শিল্পঅসমৰ বনৌষধিপ্ৰথম বিশ্বযুদ্ধশালস্তম্ভ ৰাজবংশইষ্ট ইণ্ডিয়া কোম্পানীৰাভা জনগোষ্ঠীনাট্য শাস্ত্ৰগুপ্ত সাম্ৰাজ্যঋতুহাই নান্নাহেমচন্দ্ৰ গোস্বামী (মুখাশিল্পী)বনঘোষাকানাই বৰশী বোৱা শিলালিপিনামেৰি ৰাষ্ট্ৰীয় উদ্যানবহাগ মাহৰ দেউলউমাচল শিলালিপিসূৰ্যমানৱ উন্নয়ন সূচক অনুযায়ী দেশৰ তালিকাদঁতাল হাতীৰ উঁয়ে খোৱা হাওদাঅসমীয়া ভাষা আন্দোলনমহাদেশআমাৰ প্ৰতিনিধিহেমচন্দ্ৰ গোস্বামীম্ৰূনাল ঠাকুৰকলাঅৰ্শৰোগপুতলা নাচঅনুসূচীত জাতি আৰু অনুসূচীত জনজাতি২১ এপ্ৰিলহুঁচৰিৰামায়ণঅসমৰ সাহিত্যিকসকলৰ তালিকাউভচৰ প্ৰাণীথমাছ আলভা এডিচনবড়ো জনগোষ্ঠীঅসমদেউলবিষ্ণুগ্ৰহপদ্মনাথ গোহাঞি বৰুৱাবিদ্যুৎচেঙেলী মাছইণ্ডোনেছিয়াঅৰুণাচল প্ৰদেশপুৰুষোত্তম দাসভাৰতীয় দৰ্শনজল প্ৰদূষণলক্ষ্মীনন্দন বৰা🡆 More