মৃণাল কলিতা

মৃণাল কলিতা (ইংৰাজী: Mrinal Kalita) অসমৰ এগৰাকী শিশু-সাহিত্যিক, গল্পকাৰ, ঔপন্যাসিক আৰু নিৱন্ধকাৰ। তেওঁ গুৱাহাটীৰ পাণ্ডু মহাবিদ্যালয়ৰ গণিত বিভাগৰ অধ্যাপক। তেওঁৰ তিনিখন গল্প সংকলন, দুখন উপন্যাস, গণিত বিষয়ক ৰচনা পুথি আৰু এখন ভিন্নধৰ্মী ৰচনাৰ পুথিৰ উপৰিও এখন প্ৰবন্ধ সংকলন প্ৰকাশ পাইছে। কলিতাৰ গল্প প্ৰকাশ, গৰীয়সী আদি আলোচনীত প্ৰকাশ হৈছে। তাৰোপৰি তেখেত আমাৰ অসম, নিয়মীয়া বাৰ্তা, দৈনিক জনমভূমি আদি দৈনিক বাতৰিকাকতৰো স্তম্ভ-লেখক। কাকতত ধাৰাবাহিক ৰূপে প্ৰকাশ হোৱা কলিতাৰ 'অকপটে' আৰু 'মোৰ আৰু পৃথিৱীৰ' দুটি জনপ্ৰিয় শিতান।

মৃণাল কলিতা
মৃণাল কলিতা
পেচা অধ্যাপক
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়
শিক্ষা স্নাতকোত্তৰ, ডক্টৰেট
মাতৃশিক্ষায়তন কটন কলেজ
গুৱাহাটী বিশ্ববিদ্যালয়
বিষয় গল্পকাৰ, প্ৰৱন্ধকাৰ
উল্লেখনীয় কৰ্মৰাজি বকুল ফুলৰ দৰে (উপন্যাস), মৃত্যুৰ সিপাৰে (গল্প সংকলন), ৰিবৰিব মুনমীহঁতৰ শেষ নোহোৱা কাহিনী (শিশু বিষয়ক সংকলন),
উল্লেখযোগ্য বঁটা ‘বকুল ফুলৰ দৰে’ গ্ৰন্থৰ বাবে সাহিত্য একাডেমিৰ শিশু সাহিত্য বঁটা ।
দাম্পত্যসংগী জোনালী চৌধুৰী
সন্তান ৰিবৰিব মুনমী

জন্ম আৰু শিক্ষা

অসমৰ কামৰূপ(গ্ৰাম্য) জিলাৰ বামুন্দিত মৃণাল কলিতাৰ জন্ম হৈছিল। পিতৃ ধীৰেন্দ্ৰ চন্দ্ৰ কলিতা আৰু মাতৃ কুসুম কলিতা। মৃণাল কলিতা এজন কৃতী ছাত্ৰ আছিল। তেওঁ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অসমৰ ভিতৰত প্ৰথম আৰু উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাত পঞ্চম স্থান লাভ কৰি উৰ্ত্তীণ হৈছিল। স্নাতক পৰীক্ষাত, গণিত বিষয়ত কটন কলেজৰপৰা তেওঁ প্ৰথম স্থান লাভ কৰি বছৰটোৰ শ্ৰেষ্ঠ স্নাতকৰ সম্মান লাভ কৰিছিল। সমান্তৰালভাৱে কটন মহাবিদ্যালয় সপ্তাহ আৰু গুৱাহাটী বিশ্ববিদ্যালয় সপ্তাহত তেওঁ শ্ৰেষ্ঠ সাহিত্যিকৰ সম্মানো লাভ কৰিছিল।

কৰ্মজীৱন

মৃণাল কলিতা পেছাত এগৰাকী অধ্যাপক। তেওঁ গুৱাহাটীৰ পাণ্ডু মহাবিদ্যালয়ৰ গণিত বিভাগৰ অধ্যাপক ৰূপে কৰ্মৰত। ছাত্ৰাৱস্থাৰেপৰা সাহিত্য চৰ্চা কৰি অহা কলিতা মূলতঃ গল্পকাৰ ৰূপে পৰিচিত। সৰল ভাষা আৰু বিষয়-বস্তুৰ বৈচিত্ৰ্য় কলিতাৰ গল্পৰ বৈশিষ্ট্য। অনুশীলন, অযান্ত্ৰিক অনুশীলন, মৃত্যুৰ সিপাৰে কলিতাৰ গল্প-সংকলন। কলিতাৰ গল্প বঙালী, উড়িয়া আৰু ইংৰাজী ভাষালৈ অনূদিত হৈছে। তেখেতৰ 'বকুল ফুলৰ দৰে' বহুপঠিত উপন্যাসখন বৰ্তমানলৈকে সোতৰটা সংস্কৰণ প্ৰকাশ পাইছে। গ্ৰন্থ আকাৰে প্ৰকাশৰ আগেয়ে উপন্যাসখন বাৰ ওঠৰ নামৰ কিশোৰ-কিশোৰীৰ বাবে প্ৰকাশিত আলোচনীখন ধাৰাবাহিক ৰূপে প্ৰকাশ হৈ আছিল। অসমৰ বিভিন্ন কাকত-আলোচনীৰ স্তম্ভ-লেখক ৰূপে কলিতাৰ যথেষ্ট সংখ্যক নিৱন্ধ আৰু আত্ম-জীৱনীমূলক ৰচনা প্ৰকাশ পাইছে। এই ৰচনা আৰু নিৱন্ধসমূহৰ একত্ৰিত সংকলন 'গডফাদাৰৰ হাত আৰু চয়তানৰ মগজু' আৰু 'অকপটে'। জীয়ৰী ৰিবৰিবক লৈ কলিতাই 'ৰিবৰিব মুনমীহঁতৰ শেষ নোহোৱা কাহিনী' নাম দি এটি কাহিনী সংকলন শিশুসকলৰ বাবে লিখি উলিয়াইছে ।

সাহিত্যৰাজি

  1. অনুশীলন (গল্প সংকলন)
  2. অযান্ত্ৰিক অনুশীলন (গল্প সংকলন)
  3. মৃত্যুৰ সিপাৰে (গল্প সংকলন)
  4. বকুল ফুলৰ দৰে (উপন্যাস)
  5. ৰিবৰিব মুনমীহঁতৰ শেষ নোহোৱা কাহিনী (শিশুৰ বাবে কাহিনীৰ সংকলন)
  6. গণিতৰ বৰ্ণিল জগত ( গণিত বিষয়ক পুথি) (ড° জোনালী চৌধুৰীৰ সৈতে একেলগে)
  7. গডফাদাৰৰ হাত আৰু চয়তানৰ মগজু (ভিন্নধৰ্মী ৰচনা সংকলন)
  8. অকপটে (প্ৰৱন্ধ সংকলন)

স্বীকৃতি

২০১১ চনত, কলিতাই সাহিত্য অকাডেমি ৰ আমন্ত্ৰণ ক্ৰমে কেৰালা সাহিত্য অকাডেমিৰ প্ৰেক্ষাগৃহত 'মাই ৱৰ্ল্ড মাই ৰাইটিং' শীৰ্ষক বক্তৃতা প্ৰদান কৰিছিল। ২০২১ চনত জুলাইত কমনৱেল্থ ফাউেণ্ডশ্যনৰ কমনৱেল্থ ৰাইটাৰচ্ নামৰ অনুষ্ঠানটোৰ আলোচনী ‘Adda’ত তেখেতৰ ‘অযান্ত্ৰিক’ নামৰ গল্পটোৰ পল্লৱী কোঁৱৰে কৰা অনুবাদ ‘Not a Machine’ প্ৰকাশ হৈছে৷ কলিতাৰ গল্প অসম ৰাজ্যিক শিক্ষা পৰিষদৰ পাঠ্যক্ৰমৰ অন্তৰ্গত হৈছে আৰু তেওঁৰ গণিত বিষয়ক গৱেষণা পত্ৰ ভাৰত, আমেৰিকা, নেদাৰলেণ্ড আৰু বুলগেৰিয়াৰ ৰিচাৰ্ছ জাণালত প্ৰকাশ পাইছে। ২০২১ চনৰ ডিচেম্বৰ মাহৰ ৩০ তাৰিখে ‘বকুল ফুলৰ দৰে’ গ্ৰন্থৰ বাবে সাহিত্য অকাডেমিৰ ‘শিশু সাহিত্য বঁটা’ লাভ কৰে।

তথ্যসূত্ৰ

Tags:

মৃণাল কলিতা জন্ম আৰু শিক্ষামৃণাল কলিতা কৰ্মজীৱনমৃণাল কলিতা সাহিত্যৰাজিমৃণাল কলিতা স্বীকৃতি[3]মৃণাল কলিতা তথ্যসূত্ৰমৃণাল কলিতাঅসমআমাৰ অসমইংৰাজী ভাষাগুৱাহাটীগৰীয়সীদৈনিক জনমভূমিনিয়মীয়া বাৰ্তাপ্ৰকাশ

🔥 Trending searches on Wiki অসমীয়া:

অশোক ফুলআয়তক্ষেত্ৰবৰপেটা (লোকসভা সমষ্টি)যুগ্ম সংখ্যাগণেশনাঙলঅসমীয়া সাহিত্যমৈৰামৰা দৌলচন্দ্ৰকুমাৰ আগৰৱালাচাণক্যঅসমৰ বয়ন শিল্পহাই নান্নাব্ৰজাৱলী ভাষাজোনবিৰি (অলংকাৰ)চুটিগল্পভাৰত ত্যাগ আন্দোলনকলিতা জনগোষ্ঠীফাট বিহুছিৰাজ (১৯৪৮ চলচ্চিত্ৰ)দেউৰী জনগোষ্ঠীৱিকিপিডিয়াকলীয়াভোমোৰা সেতুঅপৰিমেয় সংখ্যাদিল্লীভাৰতৰ ৰাজনৈতিক দলসমূহৰ তালিকামোহৰচেঙেলী মাছবায়ু প্ৰদূষণনাৰী২০০০ দশকৰ অসমীয়া চলচ্চিত্ৰৰ তালিকামানৱ উন্নয়ন সূচকপতঞ্জলিৰ যোগসূত্ৰবুঢ়ী আইৰ সাধুবিষুৱ ৰেখাকামাখ্যা মন্দিৰদেৱব্ৰত দাসভাৰতৰ উপৰাষ্ট্ৰপতিনিকি তাম্বোলিপ্ৰাকৃতিক সম্পদবুৰঞ্জীকৃষিপৰিৱেশ বিজ্ঞানহোলোঙাপাৰ গিবন অভয়াৰণ্যপাঠ্যক্ৰমনৱ-বৈষ্ণৱ ধৰ্মআহোম-মোগলৰ সংঘৰ্ষজৈৱ বৈচিত্ৰ্যশকুন্তলাআৰ্নেষ্ট ৰাডাৰফ'ৰ্ডবিৰিঞ্চি কুমাৰ বৰুৱালোকসভাৰ অধ্যক্ষকুমাৰীত্বৰামায়ণঅতুল চন্দ্ৰ হাজৰিকাভাৰতৰ ইতিহাসঅসমীয়া উপন্যাসনৃত্যঘড়ীহাড়মিচিং জনগোষ্ঠীৰ সাজপাৰনাহৰসত্যনাথ বৰাইয়াত এখন অৰণ্য আছিলকাউণ্টি কিউলেনউজনি অসমজল সংৰক্ষণগৌৰৱ গগৈইয়াণ্ডাবু সন্ধিপুৰুষোত্তম দাসসাত বিহুজোৰোণ🡆 More