মালিনী থান: অৰুণাচল প্ৰদেশৰ ঠাই

মালিনী থান এটি মন্দিৰৰ ধ্বংসাৱশেষ থকা এখনি সৰু ঠাই। প্ৰতি বছৰে এই প্ৰৱিত্ৰ ঠাইত অনেক পৰ্যটকে ভিৰ কৰা দেখা যায়। এই ঠাই অৰুণাচল প্ৰদেশৰ পশ্চিম ছিয়াং জিলাৰ দক্ষিণ সীমান্তৰ চিলাপথাৰ নামৰ ঠাইৰ পৰা কেইমাইলমান উত্তৰ-পূবত অৱস্থিত। এই থানৰ ধ্বংসাৱশেষসমূহে ইয়াক ১৩-১৪ শতিকাৰ কোনোবা এজন চুতীয়া ৰজাই নিৰ্মাণ কৰা বুলি প্ৰতিয়মান কৰিছে। মন্দিৰৰ শিলত উদ্ধাৰ হোৱা কিছুমান বিশেষ চিহ্ন পুৰ্বৰ চুতীয়া ৰাজ্যৰ অন্য ঠাই যেনে শদিয়াৰ তাম্ৰেশ্বৰী, বুঢ়া-বুঢ়ী থান, নক্সাপৰ্বত, ইত্যাদিত দেখা পোৱা যায়। ইয়াৰ ভিতৰতে তাম্ৰেশ্বৰীৰ চিহ্ন বোৰ ১৪৪২ খৃষ্টাব্দত চুতীয়া ৰজা মুক্তধৰ্মনাৰায়ণে নিৰ্মাণ কৰা দেৱালত দেখা পোৱা গৈছিল। গতিকে ইয়াৰ পৰা ধৰিব পাৰি যে মালিনী থানখনো এইকেইটা বংশৰে পুৰ্বৰ ৰজা এজনে নিৰ্মাণ কৰাইছিল। উল্লেখযোগ্য যে ১০ শতিকাত লিখা কালিকা পুৰাণত তাম্ৰেশ্বৰী মন্দিৰৰ বিষয়ে আছে যদিও মালিনী থানৰ কথা‌ পোৱা নাযায়।

মালিনী থান
মালিনী থান: ঐতিহ্য, নিৰ্মাণ শৈলী, =চিত্ৰ বিথিকা
মালিনী থানৰ ধ্বংসাৱশেষ
স্থান
দেশ ভাৰত
ৰাজ্য অৰুণাচল প্ৰদেশ (পূৰ্বৰ চুতীয়া ৰাজ্য)
জিলা পশ্চিম ছিয়াং জিলা
এলেকা লিকাবালি
স্থানাংক 27°39′24″N 94°42′21″E / 27.65667°N 94.70583°E / 27.65667; 94.70583 94°42′21″E / 27.65667°N 94.70583°E / 27.65667; 94.70583
ৱেবছাইট arunachalpradesh.gov.in

ঐতিহ্য

মালিনী থান: ঐতিহ্য, নিৰ্মাণ শৈলী, =চিত্ৰ বিথিকা
মালিনী থানৰ মূল মন্দিৰৰ ধ্বংসাৱশেষ়

মালিনী থানত প্ৰধানতঃ দেৱী দুৰ্গা আৰু শিৱৰ নামত উপাসনা কৰা হয়। এই ‌থান ১৩-১৪ শতিকাৰ মাজত চুতীয়া ৰজা সকলে নিৰ্মাণ কৰা বুলি জনা‌ যায়। এই থানৰ লগত কৃষ্ণ আৰু ৰুক্মিণীৰ নামো জড়িত হৈ থকা দেখা যায়। কাহিনী অনুসৰি কৃষ্ণ আৰু ৰুক্মিণীয়ে বিবাহৰ পিছত এই ঠাইলৈ আহে। তেতিয়া পাৰ্বতীয়ে এজনী মালিনীৰ ৰূপত তেওঁলোকক সেৱা কৰে। তেতিয়াৰ পৰাই এই ঠাইৰ নাম মালিনী হয়। আন কিছুমানৰ মতে এই ঠাইখন এখন শক্তি পীঠ।‌ উল্লেখযোগ্য যে চুতীয়া ৰজা সকলে নিজকে ভীষ্মক ৰজাৰ বংশৰ বুলি চিনাকি দিছিল, যাৰ বাবে পৰবৰ্তী কালত এই থান খনৰ লগত ভীষ্মকৰ জীয়ৰী ৰুক্মিণীৰ লোক বিশ্বাস জড়িত হয়।

নিৰ্মাণ শৈলী

খনন কাৰ্য্যৰ ফলত মালিনী থান মন্দিৰৰ তিনিটা গৃহ উদ্ধাৰ হৈছিল। ইয়াৰে ভিতৰত দুটা গৃহ মুখ্য মন্দিৰ স্থলত অৱস্থিত আৰু তৃতীয়তো সেই স্থলৰ পৰা উত্তৰ-পশ্চিম দিশত অৱস্থিত। মন্দিৰৰ শিল বোৰ লোহাৰৰ বযটি লগাই জোৰা লগোৱা হৈছিল। এই তিনিওটা গৃহৰ উত্তৰত নন্দিৰ মূৰ্তি এটা ৰখা হৈছিল। এই ঠাইত উদ্ধাৰ হোৱা আন মূৰ্তি বোৰৰ ভিতৰত উল্লেখনীয় হৈছে দুৰ্গা, শিৱ, লক্ষ্মী, সৰস্বতী, সূৰ্য্য, গণপতি, ইন্দ্ৰ আৰু ব্ৰহ্মা।

মালিনী থান: অৰুণাচল প্ৰদেশৰ ঠাই

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

Tags:

মালিনী থান ঐতিহ্যমালিনী থান নিৰ্মাণ শৈলীমালিনী থান =চিত্ৰ বিথিকামালিনী থানঅৰুণাচল প্ৰদেশচুতীয়া ৰাজ্য

🔥 Trending searches on Wiki অসমীয়া:

কাৰ্ল মাৰ্ক্সমহেন্দ্ৰ সিং ধোনিঅসম আন্দোলনসূৰ্যকুমাৰ ভূঞাছক্ৰেটিছদেউৰী জনগোষ্ঠীমুদ্ৰাস্ফীতি২০২২হেম বৰুৱাঋতুমোৰ জীৱন সোঁৱৰণহীৰেন ভট্টাচাৰ্যএলবাৰ্ট আইনষ্টাইনশ্ৰীমন্ত শংকৰদেৱনৰনাৰায়ণঅসমৰ লোকগীতমাঘ বিহুসমাজভাৰত-আৰ্য ভাষা পৰিয়ালমায়ংনামেৰি ৰাষ্ট্ৰীয় উদ্যানতাপগতি বিজ্ঞানবৃত্তহেপ্পী বাৰ্থডে মাম্মীজীঢোপ খেলঅশোকৰ অনুশাসনঅসমৰ জনগোষ্ঠীবন্দে মাতৰম্‌অৰুণ শৰ্মামৃত্যুঞ্জয়বিজ্ঞানঅৰুণাচল প্ৰদেশবীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যমৌলিক সংখ্যাঅসমৰ সাধুকথাভাৰতৰ ইতিহাসপানীভট্টদেৱৰ গদ্যশৈলীভাৰতস্বামী বিবেকানন্দনীলপৱন বৰুৱাপ্ৰথম বিশ্বযুদ্ধআয়ুৰ্বেদচৰিত পুথিয়ৰমজানকাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানঅসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্তআহোম ৰাজ্যজোনবিল মেলাবিশ্ব থিয়েটাৰ দিৱসঅমলেন্দু গুহভাৰত ৰত্নউৎপাদন (অৰ্থনীতি)ঘিলাধাৰী ঘাটৰ সন্ধিসমাজবাদআজান পীৰচাণক্যশিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ আইন, ২০০৯উপনিষদশিক্ষা২০২৪ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচনঅসমীয়া সাহিত্যৰ বুৰঞ্জীৰ তালিকাকমলাবাৰী সত্ৰহালধীয়া চৰায়ে বাওধান খায় (চলচ্চিত্ৰ)অভিধানমুদ্ৰাঅসমীয়া সাহিত্যৰ অৰুণোদয় যুগপৰিমেয় সংখ্যাৰাজনীতিআহোম ৰাজবংশস্বৰাজকৃষ্ণজনপ্ৰব্ৰজনয়ুৰি গেগেৰিন🡆 More