মানৱ ভূগোল

ভূগোলৰ এটা প্ৰধান ভাগ হৈছে মানৱ ভূগোল। ইয়াত মূলতঃ মানুহ আৰু পৰিৱেশৰ আন্তঃসম্পৰ্কৰ ভৌগোলিক  অধ্যয়ন কৰা হয়। মানৱীয় কাম কাজক কেন্দ্ৰ কৰি ভূগোলৰ এইটো শাখাৰ জন্ম হৈছে। জাৰ্মান ভূগোলবিদ ফ্ৰেডৰিক ৰাটজেলক মানৱ ভূগোলৰ পিতৃ বুলি কোৱা হয়।

পৰিসৰ

মানুহৰ ক্ৰিয়া কলাপ,অৰ্হতা আৰু ধ্যান -ধাৰণা প্ৰভৃতিৰ লগত প্ৰাকৃতিক পৰিৱেশৰ আন্তঃসম্পৰ্ক আৰু সকলোধৰণৰ মানৱীয় ক্ৰিয়াকাণ্ডৰ ক্ষেত্ৰীয় তথা কালানুক্ৰমিক লক্ষণসমূহ মানৱ ভূগোলৰ পৰিসৰৰ অন্তৰ্ভুক্ত।

দাৰ্শনিক দৃষ্টিভংগী

 মানৱ ভূগোলৰ মুখ্য দৃষ্টিভংগী দুটা হ'ল

পৰিৱেশ নিৰ্ণয়বাদ

নিৰ্ণয়বাদৰ মতে, প্ৰাকৃতিক পৰিৱেশৰ দ্বাৰা জীৱজগত নিয়ন্ত্ৰিত হৈ আছে। প্ৰাকৃতিক পৰিৱেশ অঞ্চলভেদে ভিন ভিন হোৱাৰ বাবেই পৃথিৱীৰ বিভিন্ন অঞ্চলৰ মানুহৰ কৰ্মৰাজীতো ভিন্নতা দেখা যায়। আমেৰিকাৰ ভূগোলবিদ এলেন চাৰ্চিল চেম্পলে এই মতবাদ প্ৰৱৰ্তন কৰিছিল। মেকিণ্ডাৰ,ডেভিচ, ৰবাৰ্ট মিল আদি অন্য ভূগোলবিদ সকলেও  এই মতবাদ সমৰ্থন কৰিছিল।

সম্ভাব্যবাদ

সম্ভাব্যবাদৰ মতে ,মানুহে পৃথিৱীত নিজৰ বাঞ্ছিত পৰিৱেশ নিজেই গঢ় দিব পাৰে। নিজৰ সুবিধাৰ্থে মানুহে প্ৰাকৃতিক পৰিৱেশৰ সাল সলনি কৰি ব্যৱহাৰৰ উপযোগী কৰি লয়। ঘৰ-দুৱাৰ, ৰাস্তা ,দলং,খেতিপথাৰ,উদ্যোগ-প্ৰতিষ্ঠান, যান-বাহন আদি সকলোবোৰ এই সম্ভাব্যতাৰ ফলাফল। ফ্ৰান্সৰ ভূগোলবিদপল-ভিডেল-ডি-লা-ব্লাচি সম্ভাব্যবাদৰ প্ৰৱৰ্তক আছিল। মূলত দ্বিতীয় বিশ্বযুদ্ধৰ পাছৰ পৰা এই মতবাদে গা কৰি উঠিছিল।

এই দুটা দৃষ্টিভংগীৰ উপৰিও নৱ্যনিৰ্ণয় বাদ নামেৰে অন্য এটা দৃষ্টিভংগী গ্ৰীফিট টেইলৰ নামৰবৃটিশ ভূগোলবিদ এজনে প্ৰৱৰ্তন কৰিছিল। তেওঁৰ মতে প্ৰকৃতিপ্ৰদত্ত সম্ভাৱনাৰ পৰিসৰতহে মানুহে নিজ সামৰ্থৰে পৰিৱেশৰ সাল-সলনি কৰিব পাৰে। প্ৰকৃতিৰ অনিষ্ট ঘটিলে মানুহৰ উন্নতিতো অন্তৰায় ঘটে।

মানৱ ভূগোলৰ প্ৰধান শাখা উপশাখা সমূহ

জনসংখ্যা ভূগোল

ভূগোলৰ যি শাখাত কোনো এখন ঠাই বা ৰাষ্ট্ৰৰ জনসংখ্যা, জনসংখ্যাৰ গাঠনি, জনসংখ্যাৰ বৃদ্ধিৰ হাৰ, জন্ম-মৃত্যুৰ হাৰ, লিংগ অনুপাত, সাক্ষৰতা আদিবোৰ পুংখানুপুংখ ভাৱে অধ্যয়ন কৰা হয়, ভূগোলৰ সেই শাখাটোকে জনসংখ্যা ভূগোল বোলে।

পৌৰ ভূগোল

ভূগোলৰ এই শাখাত নগৰ-মহানগৰ আদিৰ বিভিন্ন দিশ, যেনে- নগৰীয়া অঞ্চলৰ জনগাঁথনি, জনসংখ্যা, ঘনত্ব, বিতৰণ, নগৰ পৰিচালনা, উন্নয়নৰ পৰিকল্পনা, আদিৰ বিষয়ে বৈজ্ঞানিক দৃষ্টিভঙ্গীৰে পুংখানুপুংখ ভাৱে অধ্যয়ন কৰে, ভূগোলৰ সেই শাখাটোক পৌৰ ভূগোল বা নগৰীয়া ভূগোল বোলে।

অৰ্থনৈতিক ভূগোল

কৃষি ভূগোল

উদ্যোগ ভূগোল

বাণিজ্য ভূগোল

পৰ্যটন ভূগোল

আচৰণ ভূগোল

কল্যাণ ভূগোল

সমাজ ভূগোল

সাংস্কৃতিক ভূগোল

ঐতিহাসিক ভূগোল

চিকিৎসা ভূগোল

ভূ-ৰাজনীতি

লিংগৰ ভূগোল

ৰাজনৈতিক ভূগোল

নিৰ্বাচন ভূগোল

প্ৰতিৰক্ষা ভূগোল

প্ৰশাসন ভূগোল

Tags:

মানৱ ভূগোল পৰিসৰমানৱ ভূগোল দাৰ্শনিক দৃষ্টিভংগীমানৱ ভূগোল ৰ প্ৰধান শাখা উপশাখা সমূহমানৱ ভূগোলভূগোল

🔥 Trending searches on Wiki অসমীয়া:

কেশৱ মহন্তআহোম ভাষাতিৱা জনগোষ্ঠীঅনাভেদী যৌনক্ৰিয়াশিক্ষাৰ অধিকাৰঅসমৰ বাতৰি কাকত আৰু আলোচনীৰ তালিকাভাৰত ৰত্নজিকিৰসপ্তকাণ্ড ৰামায়ণইছলামএৰিষ্ট'টলমুগা (ৰেচম)নাগৰিকত্বসমীৰ তাঁতীলভিতাটকা (বাদ্য)আহোম-মোগলৰ সংঘৰ্ষইতিহাসভাৰত-ইউৰোপীয় ভাষা পৰিয়ালনাৰীবাদভাৰতৰ স্বাধীনতা আন্দোলনযোগাসনৰাজিয়া চুলতানাউইলিয়াম শ্বেইকছপীয়েৰমঙ্গল গ্ৰহমৃত্যুঞ্জয়তৰল পদাৰ্থবতৰআইজাক নিউটনকীৰ্তন ঘোষা সংকলনধেমাজি জিলাস্বাস্থ্যবৰপেটাপাতশৰৎচন্দ্ৰ চট্টোপাধ্যায়কাৰ্বি জনগোষ্ঠীসতীদাহ প্ৰথাঅসম সাহিত্য সভাদধীচিঅসমৰ ইতিহাসভট্টদেৱৰ গদ্যশৈলীপীযুষ হাজৰিকামণিৰাম দেৱানগোলকীকৰণপিঠাঅনুবাদভাৰতৰ ৰাষ্ট্ৰপতিদৰং জিলাচিপকো আন্দোলনশ্ৰীমদ্ভগৱতগীতাশ্ৰীকৃষ্ণকীৰ্তনস্বদেশী আন্দোলনএশিঙীয়া গঁড়জন গণ মনপাইথেগাৰাছশচীন তেণ্ডুলকাৰচুতীয়া ৰাজ্যগৱেষণা পদ্ধতি সম্পৰ্কীয় অসমীয়া গ্ৰন্থৰ তালিকাদশাৱতাৰখেৰাইউপন্যাসপোৱামক্কাব্লগপুঁজিবাদদক্ষিণ এচিয় আঞ্চলিক সহযোগিতা সংস্থাপুষ্টিকাৰকলোক-সংগীতদুৰ্যোগযোৰহাটহয়গ্ৰীৱ মাধৱ মন্দিৰঅসমৰ জনগোষ্ঠীঅখণ্ড সংখ্যাঅসমত দেখা পোৱা মাছৰ তালিকাআঁহতমামণি ৰয়ছম গোস্বামীৰ উপন্যাস🡆 More