ভূপেন হাজৰিকাৰ সাহিত্য

ব্যক্তিগত প্ৰতিভাৰে বিশ্ববিয়পা খ্যাতি লাভ কৰা বিশাল ব্যক্তিত্বৰ সংগীতৰ মহাসাধক ভূপেন হাজৰিকা জনপ্ৰিয়তাৰ শীৰ্ষ স্তৰত উপনীত হৈ জাতি-ধৰ্ম বৰ্ণ নিৰ্বিশেষে আবাল বৃদ্ধ-বণিতাৰ মৰম, দয়া আৰু কৰুণা আদায় কৰিবলৈ সক্ষম হৈছিল। ব্যক্তিগত জীৱনৰ বহুতো তিতা-টেঙা অভিজ্ঞতাৰে মানুহৰ মনৰ গভীৰত প্ৰৱেশ কৰিবলৈ এইগৰাকী চিন্তানায়ক সক্ষম হৈছিল। অসমৰ বিভিন্ন বাতৰি কাকত-আলোচনীত লিখি যোৱা চিন্তা উদ্ৰককাৰী প্ৰবন্ধ, কবিতা, গীত কবিতা আদিয়ে তেওঁৰ চিন্তাৰ সূক্ষ্মতা, বিচিত্ৰতা আৰু বিক্ষিপ্ততাৰ আভাস দাঙি ধৰে। অসমীয়া ভাষা-সাহিত্য, সমাজ আৰু সংস্কৃতিৰ বিভিন্ন দিশলৈ তেওঁৰ বৰঙণি অনন্য।

প্ৰবন্ধ

বৰ লুইতৰ দুয়োপাৰে পৰিবেষ্টিত বৃহত্তৰ অসমীয়া জাতিসত্তাক দেশমাতৃৰ দুৰ্যোগৰ সময়ত একেমুঠি কৰিবলৈ ড॰ ভূপেন হাজৰিকাই বৈপ্লৱিক চিন্তা-চেতনা বিভিন্ন সময়ত বিভিন্ন লেখা প্ৰকাশ পাই আহিছে। বৈপ্লৱিক চিন্তা-চেতনাবোৰক কেৱল গীতেৰেই প্ৰকাশ কৰিছে এনে নহয় - বিভিন্ন সংকটৰ সময়ত তেওঁৰ গদ্যও অতি শক্তিশালী হৈ উঠিছিল। গীতৰ লগতে সমাজ জীৱনৰ বিভিন্ন দিশ আলোকপাত কৰি ৰচনা কৰা প্ৰবন্ধবোৰৰ জৰিয়তে অসমীয়া সাহিত্যৰ ভঁৰাল সমৃদ্ধ কৰি থৈ গৈছে। কেৱল অসম নহয়, ভাৰতৰো পৰিধি চেৰাই সমগ্ৰ বিশ্বত গ্ৰাস কৰা বিদেশৰ ৰাজনৈতিক, সামাজিক আৰু সাংস্কৃতিক সমস্যা আৰু সমাধান তথা বাতাবৰণ সম্পৰ্কতো তেওঁ অবিৰাম কলম চলাই গৈছিল।

বিভিন্ন সামাজিক, সাংস্কৃতিক, বৌদ্ধিক কাৰণত; বিভিন্ন প্ৰৱঞ্চনাৰ প্ৰতিবাদত; নায্য প্ৰাপ্যৰ দাবীত অসমখন বহ্নিমান হৈ উঠিছিল। তেওঁ লুইতৰ দুয়োপাৰে বহ্নিমান হোৱাৰ কাৰণসমূহ বিশ্লেষণ কৰি আৰু সেই বহ্নি নুমুওৱাৰ উপায় সম্পৰ্কে আলোচনা কৰি ৰচনা কৰা বহুতো চিন্তাপ্ৰসুত প্ৰবন্ধপাতি বিভিন্ন কাকত-আলোচনীত প্ৰকাশ হৈছিল। মাতৃভূমিৰ ওপৰত ৰচিত প্ৰবন্ধ সমূহৰ বিষয়ে স্বয়ং ভূপেন হাজৰিকাৰ মন্তব্য এনেধৰণৰ – "লুইতৰ পাৰে পাৰে উমি উমি জ্বলি থকা মনজুইবোৰৰ খবৰ মই ৰাখিছিলোঁ, ৰাখোও। বাস্তৱ স্পৰ্শ কৰি সাংবাদিকৰ দৰেই ঘটনাসমূহ অমৰ কৰিবলৈ চষ্টা কৰিছিলোঁ। মুহূৰ্তবোৰ তপত আছিল। উত্তাপ বোধহয় আজিও আছে।"

বৰ লুইতৰ দুয়োপাৰে অন্যায়-অনাচাৰ, অবিচাৰ দেখি ড॰ হাজৰিকাৰ কলম শক্তিশালী হৈ নিগৰিছিল। তেওঁৰ জুই! জুই!! জুই!!! নুমুৱাব কোনে?; শৰতত শাৰদীয় ভাব আছে জানো?; অসমৰ বুদ্ধিজীৱী নিমাত কিয়?; অসমত একতাৰ মৃত্যু হ'ল; অসমৰ অৰ্থনীতিত ত্ৰাস; কেন্দ্ৰৰ ৰাজনৈতিক পাশাখেল আদি প্ৰবন্ধই বিপন্ন অসমৰ অৰ্থনীতি, দুৰ্দশাগ্ৰস্ত সমাজনীতি, কেৰোণযুক্ত ৰাজনীতিৰ জীয়া ছবিখনকে মুৰ্ত কৰি তুলিছে। বৰ্তমান দুৰ্নীতিৰ বিৰুদ্ধে ৰাইজ একগোট হোৱাৰ প্ৰচেষ্টা চলিছে, সেই দুৰ্নীতি সমস্যা পুলিয়ে পোখাই নিঃশেষ কৰিবলৈ হাজৰিকাই '৬৭চনতে চিন্তা কৰি 'আমাৰ প্ৰতিনিধি'ত দুৰ্নীতি বন্ধ কৰক; লাচিত সেনা গঠন কৰক শীৰ্ষক প্ৰবন্ধটো ৰচনা কৰিছিল। এনেদৰেই তেওঁ নিজকে এজন চিন্তাশীল আৰু দূৰদৰ্শী লেখক ৰূপে চানেকি দিছিল। তেওঁ কেতিয়াও আশা হেৰুওৱা নাছিল। গীতেৰে যুদ্ধ কৰিবও পাৰি, জিকিবও পাৰি শীৰ্ষক প্ৰবন্ধটো তেওঁৰ দ্বাৰা ৰচিত আন এটা উল্লেখযোগ্য প্ৰবন্ধ।

ড॰ ভূপেন হাজৰিকাৰ প্ৰবন্ধ-পাতিবোৰ ৰচনাৰ প্ৰেক্ষাপট কেৱল অসম বা উত্তৰ-পূৰ্বাঞ্চলেই নাছিল। ভাৰতবৰ্ষৰ লগতে বিদেশৰো বিভিন্ন সামাজিক, ৰাজনৈতিক প্ৰেক্ষাপটক লৈ এওঁ কলম চলাই নিছিল। যাযাবৰী শিল্পীজনে বিশ্বৰ প্ৰান্তে প্ৰান্তে ভ্ৰমি ফুৰোঁতে নানা দেশৰ নানা ভেশৰ সৈতে চিনাকি হৈ তাৰ সোৱাদ অতি সাৱলীল আৰু ব্যতিক্ৰমী গদ্যৰে অসমীয়া পাঠকক দিবলৈয়ে বিভিন্ন কাকত-আলোচনীৰ পাতত এই ধাৰাৰ অনেক প্ৰবন্ধ লিখিছিল। যুক্তৰাষ্ট্ৰৰ গাঁও অঞ্চলত পোৱা শিক্ষা প্ৰবন্ধত আমেৰিকাৰ গাঁও অঞ্চলৰ শিক্ষাৰ পদ্ধতি আৰু ইয়াৰ ফলপ্ৰসূতাৰ কথা, মাৰ্কিন গণতন্ত্ৰ কেৰোণ শীৰ্ষক প্ৰবন্ধটোত আমেৰিকাত বিৰাজ কৰা বৈষম্য, অসমতাৰ কথা; গুৱাটেমালা জাগে একলশৰে প্ৰবন্ধত ক্ষুদ্ৰ ৰাষ্ট্ৰ গুৱাটেমালাই যুক্তৰাষ্ট্ৰৰ আক্ৰমণাত্মক নীতি ওফৰাই দিয়াৰ ওফৰাই দিয়াৰ কথা; ৰণাংগনৰ বিষয়ে প্ৰবন্ধত পাক-ভাৰত যুদ্ধ সম্পৰ্কীয় কথা আদিৰ দৰে অনেক এই ধৰণৰ সাময়িক চিন্তা প্ৰকাশ পাইছে। এইবোৰৰ বাহিৰেও বাংলাদেশৰ মুক্তিযুদ্ধ, চীনৰ সামাজিক-সাংস্কৃতিক প্ৰেক্ষাপট, ভাৰতৰ জাতীয় সংহতি, সংসদত হোৱা কেলেংকাৰী, ৰাছিয়াত পেৰেষ্ট্ৰাইকা আৰু গ্ৰাছনষ্টৰ প্ৰভাৱ, তালিবান আদি সম্পৰ্কেও অতি বিচক্ষণতাৰে তেওঁ প্ৰবন্ধসমূহ ৰচনা কৰিছিল। এইবোৰে ড॰ হাজৰিকাক অসমীয়া হৈও এজন ভাল ভাৰতীয় আৰু বিশ্ব নাগৰিক হিচাপে বিশ্বপ্ৰেমিক হিচাপেও প্ৰতিষ্ঠা কৰিছে। এনেদৰে বিশ্বৰ সমস্যাৰ সম্পৰ্কত দূৰদৰ্শিতাৰে চিন্তা কৰিব পৰা বাবেই ড॰ হাজৰিকাৰ বিচৰণ ক্ষেত্ৰ লাইতৰ পৰা গৈ মিছিছিপি পাইছিলগৈ বুলি ভবাৰো অৱকাশ আছে। ইংৰাজীত ৰচিত Meaning For Millions আৰু India of my Dreams শীৰ্ষক লেখা দুটাও উল্লেখযোগ্য প্ৰবন্ধ।

মই এটি যাযাবৰ

মই এটি যাযাবৰ হ'ল ভূপেন হাজৰিকাৰ অনুলিখিত আত্মজীৱনী। ইয়াৰ গদ্য অতি আলফুলীয়া। গোটেই আত্মজীৱনীখনৰ ভাষা এনেকুৱা যে পঢ়ি যাওঁতে ভাব হয় – তেওঁ এটা গান গাই আছে, গানৰ মাজে মাজে কথা কৈ আছে।

ইংৰাজী গ্ৰন্থ সম্ভাৰ

  • The Wandering Minstrel : Dr. Bhupen Hazarika, Concept and Compiled by Surjya Hazarika
  • Memories of My Past (An Autobiography Of Dr. Bhupen Hazarika)

Transcripted by Surjya Hazarika, English Translation by Jivral Burman

  • Let My Songs Be… Dr. Bhupen Hazarika (English Translations of Dr. Bhupen Hazarikas 100 Immortal Songs) Compiled by Surjya Hazarika

English Translations by Prasanta Bordoloi and Jivraj Burman

  • Collections of Dr. Bhupen Hazarika's English Writings, Compiled By Surjya Hazarika

গ্ৰন্থপঞ্জী

প্ৰবন্ধ সংকলন

  • সম্পাদক: ৰতিমোহন নাথ (১৯৯৭ (১ম প্ৰকাশ)). দেশ বিদেশৰ সাময়িক প্ৰসংগ. সূৰ্য হাজৰিকা, এছ. এছ. শিক্ষিক ন্যাস. 
  • ভূপেন হাজৰিকা (১৯৯৩ (১ম প্ৰকাশ)). বহ্নিমান লুইতৰ পাৰে পাৰে. সূৰ্য হাজৰিকা, এছ. এছ. শিক্ষিক ন্যাস. 
  • প্ৰবন্ধ সংকলন ড॰ ভূপেন হাজৰিকা. 

তথ্য সংগ্ৰহ

Tags:

ভূপেন হাজৰিকাৰ সাহিত্য প্ৰবন্ধভূপেন হাজৰিকাৰ সাহিত্য মই এটি যাযাবৰভূপেন হাজৰিকাৰ সাহিত্য ইংৰাজী গ্ৰন্থ সম্ভাৰভূপেন হাজৰিকাৰ সাহিত্য গ্ৰন্থপঞ্জীভূপেন হাজৰিকাৰ সাহিত্য তথ্য সংগ্ৰহভূপেন হাজৰিকাৰ সাহিত্যভূপেন হাজৰিকা

🔥 Trending searches on Wiki অসমীয়া:

প্ৰাকৃতিক দুৰ্যোগবড়ো জনগোষ্ঠীলিংগ বৈষম্য আৰু ভাৰতীয় নাৰীশুৱালকুছিচিপাহী বিদ্ৰোহ ১৮৫৭অসমীয়া যুক্তাক্ষৰচন্দ্ৰকান্ত অভিধানমহেন্দ্ৰ বৰাআদ্য শৰ্মাকুইয়াৰলেটিন ভাষাকথাকলিৱিকিপিডিয়াৰ তালিকাঅসমৰ জনগোষ্ঠীফাকে জনগোষ্ঠীচন্দ্ৰকুমাৰ আগৰৱালাসাহিত্যবুৰঞ্জীভূমি প্ৰদূষণবাণীকান্ত ৰচনাৱলীফুলগুৰি ধেৱামহাবীৰ জয়ন্তীবিশ্বনাথ জিলাজল প্ৰদূষণদিল্লীওদালগুৰি জিলাপ্ৰদূষণপৰিসংখ্যাপাটকাইৰ ইপাৰে মোৰ দেশবংগ বিভাজন (১৯০৫)অসমৰ শাক-পাচলিৰ তালিকাহস্তমৈথুনসমাজঅসমীয়া জাতিশীলা কৌলশ্ৰীমদ্ভগৱতগীতাকাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানমাছআইদেউ সন্দিকৈপদুমমণিৰাম দেৱানঅসমৰ চাহ জনগোষ্ঠীবৰগীতঅসমৰ মন্ত্ৰ-সাহিত্যকানাই বৰশী বোৱা শিলালিপিবানপানীউৎসৱজণ্ডিছগুণাভিৰাম বৰুৱাৰঘুনাথ চৌধাৰীমহাকাব্যসৈনিক স্কুল, গোৱালপাৰাবিশ্বনাথ চাৰিআলিহীৰেন গোহাঁইঅসমীয়া ভাষাশোণিত কুঁৱৰীভোলানাথ দাসমৃগনাভি (চলচ্চিত্ৰ)উদাৰনৈতিকতাবাদঅভিধানব্যক্তিত্বগোপীনাথ বৰদলৈমানুহকামাখ্যা মন্দিৰআলেকজেণ্ডাৰ গ্ৰাহাম বে'লবসন্ত ঋতুশালস্তম্ভ ৰাজবংশৰত্নকান্ত বৰকাকতীঅসমীয়া সাহিত্যিকৰ ছদ্ম নাম আৰু বিভূষিত উপাধিৰ তালিকাজীৱনীঅষ্ট্ৰেলিয়াপিঠাপায়ু সংগম🡆 More