ভাষাবিজ্ঞান

ভাষাবিজ্ঞান হ'ল ভাষাৰ প্ৰণালীবদ্ধ অধ্যয়ন। মানৱ সমাজত প্ৰচলিত যিকোনো আৰু সকলো ভাষাৰে ই অধ্যয়ন কৰে। এই ভাষাবোৰ কেনেকৈ গঠিত হৈছে, সময়ৰ সোঁতত বা প্ৰব্ৰজনৰ ফলত ইয়াৰ কেনেকৈ পৰিবৰ্তন হয় বা হৈছে, অন্য ভাষাৰ লগত ই কেনেদৰে সম্পৰ্কিত আৰু কোৱা লোকসকলে ইয়াক কেনেদৰে কয় ইত্যাদি বিষয়ে ভাষাবিজ্ঞানত আলোচনা কৰা হয়। ভাষাবিজ্ঞান নামটো ইংৰাজী Linguistic Science ৰ অসমীয়া ৰূপান্তৰ। ভাষাবিজ্ঞানক আগতে Comparative Philology, Glossology, Glotology আদি নামেৰে নামাঙ্কিত কৰা হৈছিল। পিছত অকল Philology নামটোৰেই এই বিষয়ৰ অধ্যয়নক বুজোৱা হ'ল। Philos মানে প্ৰেমী আৰু logos মানে ভাষা। আজিকালি ভাষাবিজ্ঞানক Linguistic বুলিহে কয়। Lingua ৰ অৰ্থ মাত, কথা অৰ্থাৎ ভাষা আৰু istics ৰ অৰ্থ জ্ঞান বা বিজ্ঞান। H.

A. Gleason ৰ মতে “ভাষাবিজ্ঞান হ'ল এনে এবিধ বিজ্ঞান, যি ভাষাটোৰ অভ্যন্তৰীণ গঠন বিশ্লেষণ কৰি ভাষাটো বুজিবলৈ চেষ্টা কৰে।”

ভাষাবিজ্ঞান
বাক্-যন্ত্ৰৰ বিভিন্ন বাগিন্দ্ৰিয়সমূহ।

ভাষাবিজ্ঞানীৰ প্ৰথম কাম হ'ল মানুহে ভাষাটো কেনেকৈ কয় বা লিখে তাকে বৰ্ণনা কৰাটো; তেওঁলোকে কেনেকৈ কোৱা বা লিখা উচিত তাৰ বিধান দিয়াটো নহয়। অন্য অৰ্থত, ভাষাবিজ্ঞান হ'ল বৰ্ণনামূলক- নিদানমূলক নহয়। ভাষাৰ জন্ম, ভাষাৰ উপাদান আৰু প্ৰকৃতি ইত্যাদি বিশেষ ভাষা নিৰপেক্ষ বিষয় অৰ্থাৎ ভাষাৰ সামগ্ৰিক দিশৰ ওপৰত ভাষাবিজ্ঞানে পৰ্যালোচনা চলায়। স্থানীয় উপভাষাসমূহ ভাষাবিজ্ঞানীৰ বাবে গভীৰ আকৰ্ষণৰ বস্তু। উপভাষাবোৰৰ বৈচিত্ৰই তেওঁক কামৰ সমল যোগায় বাবেই নহয়, ভাষাটোৰ মান্য আৰু উপ-মান্য ৰূপৰ মূল আৰু ইতিহাসো এনে স্থানীয় ভাষাৰ আলোকতে বিচাৰ কৰা সম্ভৱ।

ভাষাবিজ্ঞানৰ শাখা

  • বৰ্ণনাত্মক ভাষাবিজ্ঞান
  • ঐতিহাসিক ভাষাবিজ্ঞান
  • তুলনামূলক ভাষাবিজ্ঞান

এইবোৰৰ উপৰিও আৰু কেবাটাও অন্যান্য শাখা আছে। সেইবোৰ হ'ল—

  • সাধাৰণ ভাষাবিজ্ঞান
  • প্ৰয়োগিক ভাষাবিজ্ঞান
  • ভেদাত্মক ভাষাবিজ্ঞান
  • মনস্তাত্ত্বিক ভাষাবিজ্ঞান
  • নৃতাত্ত্বিক ভাষাবিজ্ঞান
  • সমাজ ভাষাবিজ্ঞান

বৰ্ণনাত্মক ভাষাবিজ্ঞান

কোনো এটা ভাষাৰ কোনো এক নিৰ্দিষ্ট সময়ৰ অধ্যয়নকে বৰ্ণনাত্মক ভাষাবিজ্ঞান বোলে। ইয়াত ভাষাটোৰ অতীত বা ভৱিষ্যতৰ গতিক লৈ কোনো আলোচনা কৰা নহয়। কথিত ভাষাৰ প্ৰতি এই শাখাৰ এটা দুৰ্বলতা আছে। যি ভাষাৰ কোনো প্ৰাচীন নিদৰ্শন নাই, যি ভাষা কেতিয়াও লিপিবদ্ধ হোৱা নাই, তেনে ভাষাক সহজে বিশ্লেষণ কৰিবলৈ এই শাখা অধ্যয়নৰ প্ৰয়োজনীয়তা আছে। এই শাখাটোক সমকালীন বা সমকালিক ভাষাবিজ্ঞান বুলিও কোৱা হয়।

ঐতিহাসিক ভাষাবিজ্ঞান

কোনো এটা ভাষাৰ বিভিন্ন সময়ৰ ৰূপ অৰ্থাৎ ভাষাৰ সময়ৰ সোঁতত কেনেদৰে পৰিৱৰ্তন আৰু বিকাশ হয়, তাৰে বিতং আলোচনা ইয়াত কৰা হয়। বৰ্ণনাত্মক ভাষাবিজ্ঞান ঐতিহাসিক ভাষাবিজ্ঞানৰ ভেটিস্বৰূপ। ঐতিহাসিক ভাষাবিজ্ঞানৰ আন এটি নাম হ'ল কালক্ৰমিক ভাষাবিজ্ঞান।

তুলনামূলক ভাষাবিজ্ঞান

এই শাখাত দুই বা ততোধিক সমগোত্ৰীয় ভাষাৰ মাজত তুলনামূলক বিচাৰ বিশ্লেষণ কৰা হয়। কেতিয়াবা একেটা ভাষাৰে প্ৰাচীন আৰু আধুনিক ৰূপৰ তুলনাও এই শাখাত কৰা হয়। তুলনামূলক ভাষাবিজ্ঞানৰ জৰিয়তে বিভিন্ন ভাষাৰ পূৰ্ব ৰূপৰ নিৰূপণৰ দ্বাৰা ভাষাৰ পাৰিবাৰিক সম্পৰ্ক স্থাপন কৰিব পাৰি।

ভাষাবিজ্ঞানৰ অধ্যয়নৰ স্তৰ

ধ্বনিবিজ্ঞান

ভাষাৰ মূল হ'ল ধ্বনি। ধ্বনিৰ বিষয়ে য'ত পুংখাপুঙ্খভাৱে অধ্যয়ন কৰা হয় সেয়াই ধ্বনিতত্ত্ব(Phonology)। ধ্বনিৰ উচ্চাৰণ , উচ্চাৰণ কৰোঁতে প্ৰয়োগ হোৱা বাগিন্দ্ৰিয়, উচ্চাৰণৰ বিভিন্ন কৌশল বা ধৰণ আৰু স্থান, ধ্বনিৰ লক্ষণ, গুণ আৰু এইবোৰৰ প্ৰকৃতি বা স্বৰূপ আদিৰ বিজ্ঞানসন্মত সূক্ষ্ম আলোচনা কৰা হয় ধ্বনিবিজ্ঞানত। ধ্বনিবিজ্ঞানক আকৌ তিনিটা ভাগত ভাগ কৰা হয়।

  • উচ্চাৰণাত্মক ধ্বনিবিজ্ঞান
  • শ্ৰুতিবিজ্ঞান
  • ধ্বন্যাত্মক ধ্বনিবিজ্ঞান
  • উচ্চাৰণাত্মক ধ্বনিবিজ্ঞান : (Articulatory Phonetics) ধ্বনিৰ উচ্চাৰণ, উচ্চাৰণৰ বাগিন্দ্ৰিয়বোৰৰ বৰ্ণনা, উচ্চাৰণৰ স্থান, প্ৰকাৰ আৰু কৌশল অনুসৰি ধ্বনিৰ শ্ৰেণী বিভাগ আদিৰ আলোচনাক উচ্চাৰণাত্মক ধ্বনি বিজ্ঞান কোৱা হয়।
  • শ্ৰুতি বিজ্ঞান : (Acoustics) বক্তাৰ মুখৰ পৰা উচ্চাৰিত ধ্বনিয়ে বক্তা আৰু শ্ৰোতাৰ মাজত থকা বায়ুমণ্ডলত অসংখ্য ঢৌৰ সৃষ্টি কৰে। এই ঢৌবোৰে শ্ৰোতাৰ কাণ মাদলত খুন্দা মাৰেগৈ। কাণ মাদলৰ স্নায়ুমণ্ডলীয়ে এই খুন্দাৰ প্ৰতিক্ৰিয়া মগজুলৈ পঠায়। মগজুত এই প্ৰতিক্ৰিয়াৰ ব্যাখ্যা হয় আৰু তেতিয়াহে শ্ৰোতাই শুনে। বক্তাৰ মুখৰ পৰা উচ্চাৰিত ধ্বনিৰ দ্বাৰা বায়ুমণ্ডলত ঢৌৰ সৃষ্টি হয়। এই ঢৌবোৰৰ নিত্যতাৰ(frequency) আৰু গতি আদিৰ য'ত আলোচনা কৰা হয় তাৰ নাম শ্ৰুতি বিজ্ঞান।
  • ধ্বন্যাত্মক ধ্বনিবিজ্ঞান : উচ্চাৰিত বাগধ্বনিসমূহে শ্ৰৱণেন্দ্ৰিয়ত ঠেকা খাই মহজুত কি ধৰণৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে , সেই সম্পৰ্কে ধ্বনি বিজ্ঞানৰ যি শাখাত আলোচনা কৰা হয় তাকে ধ্বন্যাত্মক ধ্বনি বিজ্ঞান বোলে।

ৰূপতত্ত্ব

ৰূপতত্ত্বৰ মূল আধাৰ হ'ল ৰূপ। ইংৰাজীত ৰূপৰ প্ৰতিশব্দ Morpheme। ৰূপতত্ত্ব হ'ল ভাষাত ব্যৱহৃত ৰূপ বা ৰূপাংশৰ বিশ্লেষণ অৰ্থাৎ শব্দগঠন আৰু পদৰ পৰ্যালোচনা। ৰূপ হ'ল ভাষা এটাৰ ক্ষুদ্ৰতম অৰ্থবহ গোট। অৰ্থৰ ই অবিভাজ্য গোট। ৰূপ দুবিধ- যিবোৰ ৰূপ বাক্যত অকলে ব্যৱহাৰ হ'ব পাৰে সেইবোৰক মুক্তৰূপ আৰু যিবোৰ ৰূপ বাক্যত অকলে ব্যৱহাৰ হ'ব নোৱাৰে সেইবোৰক বদ্ধৰূপ বোলে।

বাক্যতত্ত্ব

গ্ৰীক Syntaxis পদৰ পৰা গঠিত Syntax পদৰ আভিধানিক অৰ্থ Rules of sentence making। Syntax ৰ অসমীয়া প্ৰতিশব্দ বাক্যবিন্যাস বা বাক্যতত্ত্ব। গ্ৰীক syntax শব্দৰ মূল অৰ্থ একত্ৰ বিন্যাস বা সহ বিন্যাস। সংস্কৃত ব্যাকৰণবিদে বাক্যগঠন প্ৰক্ৰিয়াক বাক্যবিন্যাস, বাক্যবিবেক, পদান্বয় আদি অভিধাৰে বুজাইছিল। দৰাচলতে বাক্যতত্ত্বত বাক্যগঠনৰ ৰীতি প্ৰকৃতি সম্বন্ধে বিচাৰ বিশ্লেষণ কৰা হয়। বাক্যই মানুহৰ মনৰ ভাব এটিক পূৰ্ণভাবে প্ৰকাশ কৰে। সেয়েহে ভাষাক বাক্যভিত্তিক বুলি কোৱা হয়। বাক্যই মানুহৰ মনৰ ভাব এটিক পূৰ্ণভাবে প্ৰকাশ কৰে। সেয়েহে ভাষাক বাক্যভিত্তিক বুলি কোৱা হয়। বাক্য এটাত ব্যৱহাৰ হোৱা পদবোৰ লগ লগাৰ এটা ব্যৱহাৰ পদবোৰ লগ লগাৰ এটা নিৰ্দিষ্ট প্ৰণালী আছে। প্ৰত্যেক ভাষাৰ বাক্য গঠন প্ৰণালীৰ বৈশিষ্ট্য আছে। প্ৰত্যেক ভাষাৰে কিছুমান বাক্য মৌলিক বা সাৰ স্বৰূপ। বাকীবোৰ বাক্য সেই মৌলিক বাক্যৰ পৰা উৎপন্ন হয়। আকৌ দেখা যায় যে জটিল বাক্যবোৰ সৰল বাক্যৰ সমহাৰত গঢ়ি উঠে। কিছুমান বাক্য আকৌ দেখাত সদৃশ। কিন্তু অৰ্থৰ ফালৰ পৰা পৃথক। বাক্যতত্ত্বত একোটা ভাষাত ব্যৱহৃত পদসমূহৰ প্ৰণালী, ইটো পদৰ লগত সিটো পদৰ সম্পৰ্ক, সেই সম্পৰ্কৰ প্ৰকাৰ ভেদ আদিৰ বিশ্লেষণ থাকে।

শব্দাৰ্থতত্ত্ব

শব্দাৰ্থ তত্ত্ব বা অৰ্থবিজ্ঞান ভাষাবিজ্ঞানৰ এটা উল্লেখযোগ্য স্তৰ। মানুহে ভাব বিনিময়ৰ বাবে ব্যৱহাৰ কৰা বাক্য, উক্তি বা শব্দৰ অৰ্থৰ বিষয়ে বিজ্ঞানসন্মত বিশ্লেষণেই শব্দাৰ্থ তত্ত্ব বা অৰ্থবিজ্ঞান। শব্দাৰ্থ তত্ত্বক ইংৰাজীত Semantics বুলি কোৱা হয়। আচলতে শব্দাৰ্থ তত্ত্ব বুজাবলৈ ইংৰাজীত Rhematology, Rhematics, Semantology, Glossology, Semiotics আদি বহু শব্দ প্ৰথম অৱস্থাত ব্যৱহৃত হৈছিল। বৰ্তমান এই নামবোৰৰ ব্যৱহাৰ প্ৰায়ে নায়েই।

তথ্যসংগ্ৰহ

Tags:

ভাষাবিজ্ঞান ৰ শাখাভাষাবিজ্ঞান ৰ অধ্যয়নৰ স্তৰভাষাবিজ্ঞান তথ্যসংগ্ৰহভাষাবিজ্ঞানভাষা

🔥 Trending searches on Wiki অসমীয়া:

ৰামায়ণমায়া সীতামহাভৈৰৱ মন্দিৰৰুক্মিণী দেৱী অৰুণ্ডেলজৱাহৰলাল নেহৰুআলোচনীঅসম ইতিহাসৰ আদিযুগৰ তাম্ৰ আৰু শিলালিপিৰ তালিকাকৰতল কমল কমল দল নয়নবিজ্ঞানশ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰজ্যোতিপ্ৰসাদ আগৰৱালামিচিং জনগোষ্ঠীঅণুবীক্ষণ যন্ত্ৰপথেৰ পাঁচালীমানচিত্ৰউপনিষদপাইক প্ৰথাভাৰতীয় মৌলিক অধিকাৰ, নিৰ্দেশাত্মক নীতি আৰু মূল কৰ্তব্যভৌতিক সংস্কৃতিসৰস্বতী পূজাউত্তৰ-পূব ভাৰতজোনবিল মেলাঅসমৰ পৰম্পৰাগত সাজ-পাৰমহাকাব্যঅভিধাননাটকবাক্সা জিলাঅসমৰ লোকবাদ্যনলিনীবালা দেৱীলিংগ বৈষম্য আৰু ভাৰতীয় নাৰীতোলনি বিয়ামণিকুন্তলা ভট্টাচাৰ্যআন্তৰ্জাতিক শ্ৰমিক দিৱসনগাঁও জিলাঅসমৰ জনগোষ্ঠীসত্ৰীয়া নৃত্যনগাঁও (লোকসভা সমষ্টি)ভাওনাৰাজস্থানচুতীয়া ৰাজ্যচাৰি কুমাৰহেমেন্দ্ৰ প্ৰসাদ বৰুৱাৰামমোহন ৰায়মিত্ৰদেৱ মহন্তশ্ৰীনিবাস ৰামানুজনকৃষ্ণচন্দ্ৰ নেপালী পোখৰেলদীৰ্ঘেশ্বৰী দেৱালয়লংকাবিজ্ঞাপনশকুন্তলা (চলচ্চিত্ৰ)সৰু-পকমৌবৰদৈচিলাঅসমীয়া সাহিত্যিকৰ ছদ্ম নাম আৰু বিভূষিত উপাধিৰ তালিকাজেতুকালোকবিশ্বাসএইচ টি এম এলউইলিয়াম শ্বেইকছপীয়েৰপৰিৱেশ তন্ত্ৰশৰাইঘাটৰ যুদ্ধঅসমৰ সমস্যাৰংঘৰঘৰডাকৰ বচনঅসমীয়া সাহিত্যৰুদ্ৰেশ্বৰ দেৱালয়অনিৰুদ্ধদেৱঅসমৰ পুৰণি স্থাপত্যপ্ৰাচীন গ্ৰীচহেমকোষকাৰ্বি জনগোষ্ঠীহৰপ্পাব্লগঅসমীয়া ভাষা আন্দোলনমানৱ ভূগোলবকুল ফুলৰ দৰে (গ্ৰন্থ)ভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহ🡆 More