বেউলা

বেউলা বা বেহুলা (ইংৰাজী: Beula or Behula) প্ৰাচীন অসমীয়া মনসা কাব্য বা বঙালী সাহিত্যৰ সুবিখ্যাত মংগলকাব্য মনসামংগলৰ প্ৰধান চৰিত্ৰ, শিৱ পুৰাণ আদিৰ চান্দ সদাগৰৰ অন্যতম পুত্ৰ লখিন্দৰৰ পত্নী।

বেউলা
বেউলা
পাল (ভেল)ত মৃত পতিৰ সৈতে বেউলা; (মনসা মংগল)
অন্য নাম সতী বেউলা বা সতী বেহুলা
ইংৰাজী Beula or Behula
সম্পৰ্ক লখিন্দৰ (পতি), চান্দ সদাগৰ (শহুৰ)
নিবাস ভাৰতীয়
গ্ৰহ পৃথিৱী
সঙ্গী লখিন্দৰ (পতি)
পিতৃ-মাতৃ চান্দ সদাগৰ (শহুৰ)
হিন্দু সমাৰ্থক হয়

কিংবদন্তী

চান্দ সদাগৰৰ পুত্ৰ লখিন্দৰ আৰু তেওঁৰ সতীৰ্থ বণিক সাহাৰ কন্যা বেউলাৰ সমসাময়িক কালত জন্ম হয়। দুই শিশুৱে একেলগে ডাঙৰ দীঘল হয় আৰু সিহঁতক ইজনে সিজনৰ প্ৰতি উপযুক্ত বুলি গণ্য কৰে। লখিন্দৰৰ পিতৃ চন্দ্ৰবণিক বা চান্দ সদাগৰ আছিল হিন্দু দেৱতা শিৱৰ একনিষ্ঠ পূজাৰী। তেওঁ অন্য কোনো দেৱতাকে আৰাধনা নকৰে। ইপিনে শিৱৰ কন্যা মনসা দেৱী আছিল সৰ্পদেৱী, কিন্তু তেওঁক কোনেও পূজা অৰ্চনা নকৰিছিল৷

তেওঁৰ পিতৃ শিৱই কৈছিল যে, যদি কোনো শিৱভক্ত বা শিৱৰ উপাসকে তেওঁৰ প্ৰথম মনসা পূজা কৰে তেন্তে মৰ্ত্যলোক (পৃথিৱী)ত তেওঁৰ পূজা প্ৰচলন সম্ভৱ। তেতিয়া মনসাই পূজাৰ আয়োজনৰ বাবে চান্দ সদাগৰক নিৰ্বাচন কৰে।

শিৱৰ উপাসক চান্দ সদাগৰে মনসা দেৱীৰ এই প্ৰস্তাৱ অস্বীকাৰ কৰে। তেতিয়া ক্ৰোধান্বিতা হৈ মনসাই চান্দ সদাগৰক শাপ দিয়ে যে, তেওঁ চান্দ সদাগৰৰ প্ৰতিটো সন্তানকে বিনাশ কৰিব। মনসা দেৱীৰ এই শাপৰ কাৰণে চান্দ সদাগৰৰ এজন এজনকৈ প্ৰত্যেকটো সন্তানৰে সৰ্প দংশনত মৃত্যু হয়।

লখিন্দৰৰ বিবাহৰ সময়ত চান্দ সদাগৰে অধিক সতৰ্কতা অৱলম্বন কৰে। তেওঁ সাপে ছিদ্ৰ কৰিব নোৱাৰাকৈ বিশ্বকৰ্মাৰ দ্বাৰা এটি ঘৰ সজাইছিল যদিও মনসা দেৱীয়ে তেওঁৰ উদ্দেশ্য বাস্তৱত পৰিণত কৰিবলৈ সক্ষম হয় আৰু লখিন্দৰক দংশন কৰে।

প্ৰচলিত প্ৰথা অনুসৰি, যাক সাপে দংশন কৰে তেওঁৰ মৃতদেহ ভেলত তুলি নদীত ভাহাই দিয়া হয়, যাতে কোনো অলৌকিক শক্তিৰ দ্বাৰা পুন জীৱিত হয়। বেউলাই সকলোৰে বাধা অগ্ৰাহ্য কৰি তেওঁৰ স্বামীৰ লগত ভেলত যায়।

এসময়ত ভেলখন মনসাৰ পালনকৰ্তা মাতা নিতাৰ কাষলৈ যায়। তেনেতে ঐশ্বৰিক ক্ষমতাৰ বলত তেওঁ মৃত স্বামীৰ সৈতে স্বৰ্গত যাবলৈ সক্ষম হয়। মনসা দেৱীয়ে লখিন্দৰক পুন জীৱন দিয়ে যদিও বেউলাৰ শহুৰ চান্দ সদাগৰক মনসা দেৱীৰ পূজা কৰিবলৈ কয়। অৱশেষত চান্দ সদাগৰে মনসা দেৱীৰ পূজা কৰে।

বংশ পৰিচয়

চান্দ সদাগৰৰ পত্নীৰ নাম আছিল সনেকা। লখিন্দৰ তেওঁৰ পুত্ৰ আছিল আৰু সাহাৰ জীয়াৰী বেউলা আছিল চান্দ সদাগৰৰ বোৱাৰী তথা লখিন্দৰৰ পত্নী। পূৰ্বজন্মত বেউলা বাণাসুৰৰ জীয়েক ঊষা আৰু লখিন্দৰ প্ৰদ্যুম্নৰ পুত্ৰ তথা শ্ৰীকৃষ্ণৰ নাতি অনিৰুদ্ধ আছিল বুলি জনা যায়।

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

Tags:

বেউলা কিংবদন্তীবেউলা বংশ পৰিচয়বেউলা তথ্য সংগ্ৰহবেউলা বাহ্যিক সংযোগবেউলাইংৰাজী ভাষাচান্দ সদাগৰলখিন্দৰশিৱ পুৰাণ

🔥 Trending searches on Wiki অসমীয়া:

শব্দলাচিত বৰফুকনবিহুভাৰতৰ প্ৰধানমন্ত্ৰীসকলৰ তালিকাকোচ ৰাজবংশযৌন উদ্যোগ সম্পৰ্কে নাৰীবাদী দৃষ্টিভংগীপৃথিৱীজাতীয়তাবাদউদ্ভিদসংস্কৃত ভাষাসোণোৱাল কছাৰীম'হৰ শিঙৰ পেঁপাডুবাইঅসমৰ জাতীয় গীতএহাত ডাবাবিনন্দ চন্দ্ৰ বৰুৱাঅসমৰ কণ্ঠশিল্পীসকলৰ তালিকাভিটামিনপালি ভাষাভূগোলঅব্যয় পদজৱাহৰলাল নেহৰুডি এন এৰামধেনু (আলোচনী)অসমৰ পৰম্পৰাগত সাজ-পাৰযতীন্দ্ৰ নাথ দুৱৰাঢ়তাল (বাদ্যযন্ত্ৰ)অসমৰ মাছ ধৰা সঁজুলিঅসমীয়া পুৰণি সাহিত্যপঞ্চায়তী ৰাজমাঘ বিহুভাৰতবিল গেট্‌ছপিম্পৰা গুচোৱাবড়ো চুক্তি ২০২০জনপ্ৰব্ৰজনভাৰতীয় ৰিজাৰ্ভ বেংকইংৰাজী ভাষানামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পব্ৰহ্মপুত্ৰ উপত্যকাঅম্বিকাগিৰি ৰায়চৌধুৰীশিৱসাগৰ জিলাঅসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰা সাহিত্যিকসকলৰাভা ভাষাৰাষ্ট্ৰসংঘশৰাইঘাট দলংসূৰ্যকুমাৰ ভূঞাঅৰুণোদইজ্যোতি সংগীতভূমিকম্পমিচিং জনগোষ্ঠীকুলধৰ শইকীয়াপিঠাঅসমযতি-চিনজীৱনীভাৰতীয় জাতীয় কংগ্ৰেছশিক্ষা মনোবিজ্ঞানহেমচন্দ্ৰ বৰুৱাভাৰতৰ ৰাষ্ট্ৰপতিসকলৰ তালিকাকাতি বিহুশীতল যুদ্ধতোলনি বিয়ায়মৰিগাঁও জিলাকৃষ্ণ ভূঞাপ্ৰণৱজ্যোতি ডেকালোকচিকিৎসাঈয়াৰুইঙ্গম🡆 More