বিহু নৃত্য: অসমৰ লোকনৃত্য

উদ্ধৃতিৰ প্ৰয়োজনীয়তা এইবাবেই যে ৱিকিপিডিয়াত ব্যক্তিগত গৱেষণালব্ধ তথ্য গ্ৰহণযোগ্য নহয়, যদিহে ই কোনো নিৰ্ভৰযোগ্য উৎসৰ পৰা আহৰণ কৰা নহয়। মনত ৰাখিব যে ভুল তথ্যৰ বাবে পঢ়ুৱৈৰ ক্ষতিসাধন হ'ব পাৰে। তথাপিতো অসমীয়া ৱিকিপিডিয়া সৰু বাবে অনেক ক্ষেত্ৰত ঢিলাই দিয়া হয় বা কেতিয়াবা কেতিয়াবা দায়িত্বশীল সম্পাদকসকলৰ চকুৰ পৰা সাৰি যায় - তেতিয়া আপুনিয়েই প্ৰথম শাৰীত } বা } বুলি লিখি দিয়ে যেন। আনহাতে (অফলাইন) আলোচনীৰ বা বাতৰি কাকতৰ পৰা সহায় লৈ লিখা এটা প্ৰবন্ধৰ উত্‍সৰ সত্যতা নিৰূপন কৰিবৰ বাবে গৰিষ্ঠ সংখ্যক পাঠকৰ উপায় নাথাকে। তদুপৰি এই প্ৰক্ৰিয়াৰে কিছুমান দুষ্টলোকে ভুল ৰেফাৰেঞ্চৰেও পাঠকক দিগভ্ৰান্ত কৰি তুলিব পাৰে। অনলাইন উত্‍সৰ পৰা উদ্ধৃতিবোৰ দিলে এনে অসুবিধা নহয়। তেনে ক্ষেত্ৰত কোনোবাই আপত্তি কৰিলেও সত্যতা নিৰূপন কৰিবলৈ একো অসুবিধা নহয়। উল্লেখযোগ্য যে ব্যক্তিগত ব্লগৰ পৰা ৱিকিত উদ্ধৃতি দিয়া নিষেধ।

বিহু নৃত্য(ইংৰাজী: bihu dance) হৈছে ভাৰতৰ উত্তৰ-পূৱ দিশৰ অসম ৰাজ্যৰ এক থলুৱা লোকনৃত্য যি ৰাজ্যখনৰ প্ৰধান উৎসৱ বিহু আৰু অসমীয়া সংস্কৃতিৰ এক গুৰুত্বপূৰ্ণ অংশ। পৰম্পৰাগতভাৱে খাটী অসমীয়া ৰঙীন মুগাৰ সাজ পিন্ধি হাত-ভৰিৰ সুকীয়া মুদ্ৰাৰে এই নৃত্য কৰা হয়।

বিহু নৃত্য
বিহু নৃত্য: ইতিহাস, নৃত্য, বাদ্য, প্ৰকাৰ
যুৱক-যুৱতীৰ বিহু নৃত্য
শৈলী লোকনৃত্য
উৎপত্তিমূল অসম, ভাৰত

ইতিহাস

অসমীয়া জাতিৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত হৈ থকা এই নৃত্যৰ উৎসৰ বিষয়ে সঠিক উমান পোৱা নগ'লেও আহোমসকলৰ পূৰ্বৰে পৰা অসমত বসবাস কৰি অহা চুতীয়া,মৰাণ,দেউৰী, সোণোৱাল, ঠেঙাল আদি জনজাতীয় লোকৰ মাজত বিহু নৃত্যৰ প্ৰচলন আছিল বুলি জনা যায়। প্ৰায় ১৬ শ (খ্ৰীষ্ঠাব্দ) শতিকাত আহোম স্বৰ্গদেউ ৰুদ্ৰসিংহৰ দিনত ৰংঘৰৰ বাকৰিত বিহু নৃত্যৰ প্ৰচলন হৈছিল বুলি তথ্য পোৱা যায়। অৱশ্যে বহু লেখক, গৱেষকে আকৌ আহোম স্বৰ্গদেউ সকলে বিহুৰ পৃষ্ঠপোষকতা কৰা নাছিল বুলিও মন্তব্য কৰে। এই সন্দৰ্ভত পদ্মেশ্বৰ গগৈৰ ভাষ্য এনেকুৱা, “কোনো বুৰঞ্জীত আহোম ৰজাই ৰংঘৰৰ বাকৰিত বিহু চোৱা কথাৰ উল্লেখ নাই। সাতসৰী অসম বুৰঞ্জীৰ মতে ৰংঘৰৰ ওপৰ মহলাত কোন ক’ত বহিব তাক নিৰ্দিষ্ট কৰা থাকে। সেইমতে ৰজা বহাৰ যিখন ঠাই, তাত যদি এজন মানুহ চকীটো বহে, তেওঁ ৰংঘৰৰ বাকৰিখন তাৰপৰা দেখা নেপায়। দ্বিতীয়তে, যদি ৰজাই তাত বিহু চাইছিল- এজন ৰজাই চাওক বা ধাৰাবাহিক কেইবাজনো ৰজাই চাওক- তেতিয়াহ’লে বিহুক কেন্দ্ৰ কৰি এটা বিষয়বাব সৃষ্টি হ’লহেতেন। কিন্তু তেনে কোনো শ্ৰেণী আমি নেপাও।”

নৃত্য, বাদ্য

বিহু পুৰুষ-মহিলা উভয়ে মিলিত হৈ কৰা এক সামুহিক লোকনৃত্য। পাৰম্পৰিক বিহুগীত আৰু বিভিন্ন লোকবাদ্যৰ সমাহাৰ হোৱা এই নৃত্য প্ৰদৰ্শনত ঢুলীয়াৰ ঢোলৰ চেৱত মুগাৰ মেখেলা চাদৰ পিন্ধি টাকুৰি ঘুৰাদি ঘূৰি ঘূৰি নচা নাচনীসকলকে প্ৰধান আকৰ্ষণৰ কেন্দ্ৰ বুলিব পাৰি। নাচনীসকলৰ নৃত্যমুদ্ৰাও পুৰুষ নৃত্যশিলপী সকলতকৈ বেছি।

বিহুত ব্যৱহৃত কেইটিমান লোকবাদ্য হ'ল:

  • ঢোল- বিহুৰ মূল অবনদ্ধ বাদ্য
  • ম'হৰ শিঙৰ পেঁপা বা শিঙা- মহৰ শিং আৰু বাঁহেৰে তৈয়াৰী সুষিৰ বাদ্য
  • গগনা - পাতল এচটি বাঁহেৰে তৈয়াৰী এবিধ হাৰ্প Jew's Harp জাতীয় ঘনবাদ্য
  • বাঁহী - সুষিৰ বাদ্য
  • বাঁহৰ টকা - বাঁহেৰ তৈয়াৰী ঘণবাদ্য
  • সুতুলি - মাটিৰে তৈয়াৰী সুষিৰ বাদ্য
  • বীণ -এডাল তন্ত্ৰীযুক্ত বেহেলাৰ দৰে এবিধ তত বাদ্য
  • তাল - কাঁহ, ৰূপ আদি মি‍শ্ৰিত ধাতুৰে তৈয়াৰী ঘনবাদ্য
  • ধুতং বা জেং টকা - বাঁহ-বেতেৰে তৈয়াৰী ঘনবাদ্য ইত্যাদি

প্ৰকাৰ

বৃহত্তৰ অসমৰ জনগোষ্ঠীৰ বিবিধতা অনুযায়ী বিহু নৃত্য বিভিন্ন প্ৰকাৰৰ বুলি কব পাৰি, যেনে 'দেউৰী বিহু', 'মৰান বিহু', 'মিচিং বিহু' আদি। নৃত্যমুদ্ৰাৰ কিছু বৈষম্যক বাদ দি, সাধাৰণতে প্ৰচলিত প্ৰথা অনুযায়ী বসন্তৰ আগমনত ৰঙালী বিহুৰ সময়ত কৰা এই বিভিন্ন প্ৰকাৰৰ বিহু নৃত্য সমূহৰ একেটি উদ্দেশ্য; উলহ মালহেৰে নৱবৰ্ষক আগমন জনোৱা।

আহোমৰ দিনৰে পৰা অবিবাহিত যুৱতীসকলৰ মাজত প্ৰচলিত বিহুক 'জেং বিহু' বুলি জনা যায়। উজনি অসমৰ কিছুমান ঠাইত এতিয়াও এই বিহু প্ৰচলিত। এই প্ৰথা মতে অবিবাহিত যুৱতী সকলে বসন্ত ঋতুত/ৰঙালী বিহুত জাক-পাতি গছৰতলত ধৰিত্ৰীৰ উৰ্বৰতা কামনা কৰি আবেলি সময়ত নৃত্য গীতৰ অনুষ্ঠান কৰে। এই কথাই প্ৰমাণ কৰে এই গোষ্ঠীৰ মহিলা সকলৰ, সেই সময়ত মহিলা হিচাপে স্বাধীনতা কিমান আছিল, যি সময়ত হিন্দু মহিলাৰ ঘৰৰ বাহিৰত নৃত্য গীত কৰাত কঠোৰ বাধা নিষেধ আছিল। এই মহিলা সকলে নৃত্য গীতৰ সময়ত বিভিন্ন বাদ্যযন্ত্ৰ যেনে 'টকা', 'গগনা', 'সুতুলি' আদিও ব্যৱহাৰ কৰে।

চিত্ৰবিথিকা

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

Tags:

বিহু নৃত্য ইতিহাসবিহু নৃত্য নৃত্য, বাদ্যবিহু নৃত্য প্ৰকাৰবিহু নৃত্য চিত্ৰবিথিকাবিহু নৃত্য তথ্য সংগ্ৰহবিহু নৃত্য বাহ্যিক সংযোগবিহু নৃত্য

🔥 Trending searches on Wiki অসমীয়া:

অসম বিধানসভাদিহানামনেপোলিয়ন বোনাপাৰ্টলোকবিশ্বাসবিষুৱ ৰেখাবকুল ফুলৰ দৰে (গ্ৰন্থ)আহোম ৰাজ্যঅংগনবাদীবনঘোষানাটকমুদ্ৰাস্ফীতিঋণাত্মক অখণ্ড সংখ্যালাচিত বৰফুকনঅসমৰ ইতিহাসহিন্দু ধৰ্মভাৰতীয় শিল্পকলামোৱামৰীয়া বিদ্ৰোহভাৰতৰ উপৰাষ্ট্ৰপতিদেৱকান্ত বৰুৱামাধৱ কন্দলিৰাভা জনগোষ্ঠীভাৰত ৰত্নতিৱা জনগোষ্ঠীসালোক সংশ্লেষণগাঁও পঞ্চায়তবেটুপাততামোলঊৰুমৈথুনম’বাইল ফোনঅসমীয়া ভাষা উন্নতি সাধিনী সভামনোবিজ্ঞানঅসমীয়া খাদ্যাভ্যাসসতী সাধনীঅসমৰ নদীসমূহৰ তালিকাস্বদেশী আন্দোলনকাগজ ফুলহেমচন্দ্ৰ গোস্বামীবসন্ত ৰোগকুচিয়া মাছচ'মাংকানচৰাইমৌলিক সংখ্যাদৰং জিলামৌ-মাখিমুগা (ৰেচম)সংস্কৃত ভাষামৌৰ্য সাম্ৰাজ্যম'হৰ শিঙৰ পেঁপাশ্ৰী শ্ৰী আঠখেলীয়া নামঘৰহিমন্ত বিশ্ব শৰ্মামাধৱদেৱমিচিং জনগোষ্ঠীবহুভাষাবাদপ্লাষ্টিকঅসমৰ বনৌষধিজাতনামকৰশ্ৰীনিবাস ৰামানুজনঅৰুণাচল প্ৰদেশমৰাণ জনগোষ্ঠীঅসমীয়া ভাষা আন্দোলনবাইখো পূজামেঘালয়স্বাধীনতা দিৱস (ভাৰত)ঢোলহেপাটাইটিছ বিঅসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যানফকৰা যোজনাশিক্ষা মনোবিজ্ঞানঅসমীয়া খবৰসূৰ্য (দেৱতা)কাৰেঙৰ লিগিৰীভূগোলশক্তিঅসমীয়া বান্দৰশাল গছ🡆 More