বিষ: একধৰণৰ অনুভূতি

বিষ (ইংৰাজী: Pain) তীব্ৰ বা ক্ষতিকাৰক উদ্দীপকে কৰা এক যন্ত্ৰণাদায়ক অনুভূতি। ইণ্টাৰেনচনেল এচ'চিয়েচন ফ'ৰ দা ষ্টাডী অৱ পেইন সংস্থাই ডাঙি ধৰা সংজ্ঞাৰ মতে বিষ এক অপ্ৰীতিকৰ শাৰীৰিক আৰু মানসিক অভিজ্ঞতা যি প্ৰকৃত বা সম্ভাব্য কলা ক্ষতি, বা তেনে ক্ষতিৰ লগত সম্পৰ্কিত। চিকিৎসা বিজ্ঞানত বিষক ৰোগৰ এক উপসৰ্গ হিচাপে ধৰা হয়।

বিষ
বিষ: শ্ৰেণীবিভাজন, প্ৰভাৱ, তত্ত্ব
সিৰাৰ পৰা তেজ উলিওৱাৰ সময়ত মুখ বেঁকা কৰি এগৰাকী মহিলা
বিভাগ স্নায়ুবিজ্ঞান
ঔষধ বিষনাশক

বিষে ব্যক্তিজনক ক্ষতিকাৰক পৰিবেশৰ পৰা আঁতৰি থাকিবলৈ, ক্ষতি হোৱা অংগ ৰক্ষা কৰিবলৈ আৰু ভৱিষ্যতে তেনে অভিজ্ঞতাৰ পৰা আঁতৰি থাকিবলৈ ইংগিত দিয়ে। প্ৰায়বোৰ বিষেই ক্ষতিকাৰক উদ্দীপক আঁতৰিলে আৰু শৰীৰ পুনৰ ভাল হ'লে নাইকিয়া হয়, কিন্তু কেতিয়াবা ই দীৰ্ঘ সময়লৈ থাকিব পাৰে। কেতিয়াবা কোনো নিৰ্দিষ্ট উদ্দীপক, ক্ষতি বা ৰোগৰ নোহোৱাকৈও বিষ হয়।

প্ৰায়বোৰ উন্নত দেশত চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰা প্ৰধান কাৰণ হৈছে বিষ। বহু ৰোগৰ ই প্ৰধান লক্ষণ আৰু ই ব্যক্তিজনৰ জীৱনৰ মান কমাই তুলিব পাৰে। ২০%ৰ পৰা ৭০% ক্ষেত্ৰত সাধাৰণ বিষনাশক ঔষধেই কাম কৰে। মানসিক কাৰক যেনে সামাজিক সমৰ্থন, উত্তেজনা আদিয়ে বিষৰ তীব্ৰতা সলাব পাৰে। ইচ্ছামৃত্যু সমৰ্কীয় তৰ্কবোৰত বিষক শেষ স্তৰৰ ৰোগীসমূহৰ জীৱন নাশ কৰাৰ যুক্তি হিচাপে ব্যৱহাৰ কৰা হয়।

শ্ৰেণীবিভাজন

ব্যাপ্তি

সাধাৰণতে ক্ষতিকাৰক উদ্দীপকটো আঁতৰালে বা ৰোগী সুস্থ হ'লে বিষ আঁতৰি যায়, কিন্তু ৰিউমেটইড আথ্ৰাইটিছ, পেৰিফেৰেল নিউৰ'পেথী, কৰ্কট ৰোগৰ বিষ আদি কেইবাবছৰলৈ থাকিব পাৰে। বেছি সময়লৈ থকা বিষক দীৰ্ঘম্যাদী বিষ (Chronic pain) বোলে আৰু সোনকালে ভাল হোৱা বিষক হস্ৰম্যাদী বিষ (Acute pain) বোলে। হস্ৰম্যাদী আৰু দীৰ্ঘম্যাদী বিষৰ পাৰ্থক্য আৰম্ভণি আৰু সমাপ্তিৰ সময় চাই ধৰা হয়; সাধাৰণতে বিষ আৰম্ভ হোৱাৰ ৩ মাহ আৰু ৬ মাহক ইয়াৰ মাপকাঠী বুলি গণ্য কৰা হয়। কিন্তু কিছু গৱেষকে এই সময়সীমা ১২ মাহ বুলি ধৰে।:93 আনসকলে ৩০ দিনতলৈ কম হ'লে একিউট আৰু ছমাহতকৈ বেছি হ'লে ক্ৰ'নিক বুলি ধৰে, আৰু ১ মাহৰ পৰা ৬ মাহলৈকে ছাব্‌একিউট (subacute) বুলি কয়।

এল'ডাইনিয়া (Allodynia)

সাধাৰণৰে বিষ নকৰা উদ্দীপকৰ প্ৰভাৱত বিষ হ'লে ইয়াক এল'ডাইনিয়া বোলে।

ফেণ্টম (Phantom) বিষ

শৰীৰৰ আঁতৰাই দিয়া অংগ (amputated) বা মস্তিষ্কই সংকেত নোপোৱা অংশত হোৱা বিষক ফেণ্টম বিষ বোলে। প্ৰায় ৮২% হাত কটা ৰোগী আৰু ৫৪% ভৰি কটা ৰোগীৰ ক্ষেত্ৰত ফেণ্টম বিষ দেখা যায়। প্ৰস্ৰাৱ কৰা বা শৌচ কৰা কাৰ্যৰ লগতো ফেণ্টম বিষ যুক্ত হ'ব পাৰে।:61–9

ব্ৰেকথ্ৰু বিষ (Breakthrough pain)

এনে বিষ হঠাতে হয় আৰু ৰোগীৰ নিয়মীয়া বিষ চিকিৎসাই ইয়াত কাম নকৰে। এনে বিষৰ নিৰাময়ৰ বাবে অপিঅ‌ইডৰ তীব্ৰ ব্যৱহাৰ প্ৰয়োজন হ'ব পাৰে।

অসংবেদনশীলতা

এজন ৰোগী আৰু চিকিৎসকে জন্মগত বিষ অসংবেদনশীলতাৰ বিষয়ে আলোচনা কৰিছে

আঘাতৰ পৰা ৰক্ষা পাবলৈ আৰু আঘাতৰ উপস্থিতি জানিবলৈ বিষৰ অভিজ্ঞতা হোৱাটো প্ৰয়োজনীয়। খেল বা যুদ্ধৰ দৰে উত্তেজনাপূৰ্ণ সময়ত সাময়িকভাৱে বিষৰ অসংবেদনশীলতা উদ্ভৱ হ'ব পাৰে; এনে সময়ত গুৰুতৰ আঘাত পালেও কেইবাঘণ্টাৰ বাবে সৈনিক এজনে বিষ অনুভৱ নকৰে।

যদিও বিষৰ সংজ্ঞাত "অপ্ৰীতিকৰ" শব্দটো ব্যৱহাৰ কৰা হয়, পৰীক্ষামূলকভাৱে দেহত এনে অৱস্থাৰ সৃষ্টি কৰিব পাৰি। কেতিয়াবা জন্মৰে পৰা বিষৰ প্ৰতি অনুভৱ অন্য হ'ব পাৰে। এনে লোকৰ স্নায়ুবোৰ পৰীক্ষা কৰিলে কোনো অস্বাৱিকতা পোৱা নাযায়। তেওঁলোকে বিষ অপ্ৰীতিকৰ যেন অনুভৱ কৰে কিন্তু বিষৰ উদ্দীপক আঁতৰাবলৈ চেষ্টা নকৰে। ইয়াক বিষৰ জন্মগত অসংবেদনশীলতা (Congenital insensitivity to pain) বোলে।

স্নায়ু তন্ত্ৰৰ ৰোগতো বিষৰ অসংবেদনশীলতা হ'ব পাৰে। স্নায়ুৰজ্জুৰ আঘাত, মধুমেহ বা কুষ্ঠৰোগত এনে হয়।

স্নায়ুতন্ত্ৰৰ জন্মগত অস্বাভাৱিকতা থাকিলে ইয়াক "বিষৰ জন্মগত অসংবেদনশীলতা" (congenital insensitivity to pain) বোলে। এনে ৰোগৰ শিশোৱে গম নোপোৱাকৈ বাৰে বাৰে জিভা, চকু, গাঁথি, ছাল আৰু পেশীত আঘাত লাগে। কিছুমানৰ বয়স্ক হোৱাৰ আগতেই মৃত্যু হয়।

প্ৰভাৱ

তীব্ৰ বিষত ৰোগীৰ মনোযোগ নিয়ন্ত্ৰণ, সাময়িক স্মৃতি, মানসিক নমনীয়তা (Cognitive flexibility), সমস্যা সমাধান আৰু তথ্য বিশ্লেষণৰ গতিৰ তাৰতম্য দেখা যায়। হস্ৰম্যাদী আৰু দীৰ্ঘম্যাদী বিষৰ লগত বৰ্ধিত অৱসাদ, উদ্বেগ, ভয় আৰু খঙৰ সম্পৰ্কও আছে।

If I have matters right, the consequences of pain will include direct physical distress, unemployment, financial difficulties, marital disharmony, and difficulties in concentration and attention…
—Harold Merskey 2000

তত্ত্ব

ঐতিহাসিক

স্নায়ুকোষৰ আৱিষ্কাৰ আৰু বিষত সেইবোৰৰ ভূমিকা জনাৰ আগতে বিষৰ বাবে নানা তত্ত্ব আগবঢ়োৱা হৈছিল। প্ৰাচীন গ্ৰীক হিপ'ক্ৰেটিছৰ মতে অত্যাৱশ্যকীয় তৰলৰ ভাৰসাম্যহীনতাৰ কাৰণে বিষ হয়। একাদশ শতিকাত এভিচেনাই কয় যে স্পৰ্শ, বিষ আৰু উত্তেজনাকে ধৰি কেইবাটাও অনুভৱৰ চেতনা আছে।

১৬৪৪ চনত ৰেনে ডেকাৰ্টেই তত্ত্ব আগবঢ়ায় যে বিষ এক অস্থিৰতা যি স্নায়ুৰ মাজেৰে মস্তিষ্ক পায়গৈ। ডেকাৰ্টে আৰু এভিচেনাৰ তত্ত্বই ১৯শ শতিকাৰ "সুনিৰ্দিষ্ট তত্ত্ব" (specificity theory) বিকাশ ঘটায়। এই তত্ত্বৰ মতে বিষ "এক নিৰ্দিষ্ট অনুভৱ যাৰ স্পৰ্শ বা আন চেতনাৰ পৰা মুক্ত নিজা সংবেদী সঁজুলি আছে।"

১৯৫৫ চনত চিনক্লেয়াৰ আৰু ৱেডেলেজন পল নাফেৰ পৰামৰ্শক লৈ এক প্ৰান্তীয় নক্সা তত্ত্ব (peripheral pattern theory) আগবঢ়ায়। ইয়াৰ মতে চুলিৰ কোষৰ স্নায়ু বাদ ছালৰ সকলো স্নায়ুৰ প্ৰান্ত একেই আৰু এইবোৰৰ তীব্ৰ উদ্দীপনাতে বিষৰ সৃষ্টি হয়। ইয়াৰ পাছত ১৯৬৫ চনত ৰনাল্ড মেলজাক আৰু পেট্ৰিক ৱালে এক দ্বাৰ নিয়ন্ত্ৰণ তত্ত্ব (gate control theory) আগবঢ়ায়।

বিষৰ তিনি মাত্ৰা

১৯৬৮ চনত ৰনাল্ড মালজাক আৰু কেনেথ কেছীয়ে দীৰ্ঘম্যাদী বিষক তিনিটা মাত্ৰাত বৰ্ণনা কৰে:

  • "sensory-discriminative" (তীব্ৰতা, স্থান, মান আৰু সময় ব্যাপ্তিৰ অনুভৱ),
  • "affective-motivational" (অপ্ৰীতিকৰ অনুভৱ আৰু ইয়াৰ পৰা আঁতৰাৰ হাবিয়াস) আৰু
  • "cognitive-evaluative" (মূল্য নিৰূপণ, সাংস্কৃতিক মূল্য, মনোযোগ আঁতৰ আদি বোধ)।

তেওঁলোকে কয় যে বিষৰ তীব্ৰতা (sensory discriminative মাত্ৰা) আৰু অপ্ৰীতিকৰ অনুভৱ (affective-motivational মাত্ৰা) কেৱল বিষৰ উদ্দীপকৰ প্ৰাবল্যই নিৰূপণ নকৰে, লগতে "উচ্চ" বোধৰ কাৰ্যইও এইবোৰত প্ৰভাৱ পেলায়।

আধুনিক

বিষ: শ্ৰেণীবিভাজন, প্ৰভাৱ, তত্ত্ব 
বিষৰ লগত জড়িত চেৰিব্ৰেল কৰ্টেক্সৰ স্থানবোৰ।

বিষৰ সংকেত প্ৰান্তৰ পৰা স্নায়ুৰজ্জুলৈ A-ডেল্টা বা C স্নায়ু ফাইবাৰৰ যোগে প্ৰৱেশ কৰে। ইয়াক "প্ৰথম অৰ্ডাৰ" বোলা হয়।

এই A-ডেল্টা আৰু C ফাইবাৰ স্নায়ুৰজ্জুৰ পশ্চ ভাগত "দ্বিতীয় অৰ্ডাৰ" স্নায়ুৰ লগত যুক্ত হয়। দ্বিতীয় অৰ্ডাৰৰ ফাইবাৰবোৰ স্পাইন'থেলামিক পথেৰে মস্তিষ্কলৈ অগ্ৰসৰ হয়।

দ্বিতীয় অৰ্ডাৰ স্নায়ু থেলামাছ (thalamus)ৰ ventral posterolateral নিউক্লিয়াছত যুক্ত হয়। তাৰ পাছত ই somatosensory কৰ্টেক্সত তৃতীয় অৰ্ডাৰ স্নায়ুকোষৰ লগ লাগে। ইয়াৰ পৰা মস্তিষ্কৰ বিভিন্ন অংশত বিষৰ অনুভূতি বিয়পি পৰে। Pain that is distinctly located also activates primary and secondary somatosensory cortex.

বিবৰ্তনীয় আৰু আচৰণগত ভূমিকা

বিষ শৰীৰৰ এক প্ৰতিৰক্ষা ব্যৱস্থা। ক্ষতিকৰ উদ্দীপক আৰু পৰিস্থিতিৰ পৰা সেই সময়ত আৰু ভৱিষ্যতে হাত সৰাত ই সহায় কৰে। বিষৰ জন্মগত অসংবেদনশীলতা থকা লোকৰ জীৱন প্ৰত্যাশা (life expectancy) কম।

The Greatest Show on Earth: The Evidence for Evolution গ্ৰন্থত জীৱবিজ্ঞানী ৰিচাৰ্ড ড'কিনছে বিষ কিয় বিষজনক হ'ব লাগে সেয়া বৰ্ণনা কৰিছে। তেনে নহ'লে মানসিক অৱস্থা "ৰঙা পতাকা" বা বিপদ সংকেতৰ দৰে হ'ব। বিষৰ ভাৰসাম্য থকা প্ৰাণীহে সকলোতকৈ উপযুক্ত হ'ব। বিষৰ আপেক্ষিক তীব্ৰতাই হয়তো আমাৰ পূৰ্বপুৰুষৰ বাবে কোনো অৱস্থাৰ গুৰুত্ব সূচায়।

টোকা

তথ্যসূত্ৰ

বাহ্যিক সংযোগ

This article uses material from the Wikipedia অসমীয়া article বিষ, which is released under the Creative Commons Attribution-ShareAlike 3.0 license ("CC BY-SA 3.0"); additional terms may apply (view authors). আন একো উল্লেখ নাথাকিলে এই বিষয়বস্তু CC BY-SA 4.0 ৰ আওতাত উপলব্ধ। Images, videos and audio are available under their respective licenses.
®Wikipedia is a registered trademark of the Wiki Foundation, Inc. Wiki অসমীয়া (DUHOCTRUNGQUOC.VN) is an independent company and has no affiliation with Wiki Foundation.

Tags:

বিষ শ্ৰেণীবিভাজনবিষ প্ৰভাৱবিষ তত্ত্ববিষ বিবৰ্তনীয় আৰু আচৰণগত ভূমিকাবিষ টোকাবিষ তথ্যসূত্ৰবিষ বাহ্যিক সংযোগবিষইংৰাজী ভাষা

🔥 Trending searches on Wiki অসমীয়া:

ফলৰ তালিকাতেজীমলাহিউৱেন-চাংইন্দ্ৰভাৰতৰ সংবিধাননাৰী সবলীকৰণদঁতাল হাতীৰ উঁয়ে খোৱা হাওদামিয়া খলিফাবৰপেটাকলকনকলতা বৰুৱাভবেন্দ্ৰ নাথ শইকীয়ামানৱ শৰীৰচন্দ্ৰযান-৩সত্যেন্দ্ৰনাথ শৰ্মাবচন (ব্যাকৰণ)টাই সংস্কৃতিৰ ৰূপৰেখাসাহিত্য অকাডেমি বঁটাচিপকো আন্দোলনকবিতাৰীতা চৌধুৰীপৰিৱেশ বিজ্ঞানসাঁচিপাতসৰস্বতীপৰ্যটনআলুবিয়া নামমেঘালয়অসমৰ নদীসমূহৰ তালিকামৌৰ্য সাম্ৰাজ্যমহাভৈৰৱ মন্দিৰপদিনাফুটবলপায়ু সংগমগুৱাহাটীঅসমৰ নৃ-প্ৰজাতীয় গাঁথনিধেমাজি জিলাবাৰেচহৰীয়া ভাওনা মহোৎসৱপৰ্যাবৃত্ত তালিকাভাৰতৰ ৰাজ্যিক গছসমূহৰ তালিকাৰামধেনুঢ়হাড়অসম লোকসেৱা আয়োগভট্টদেৱদীপালী বৰঠাকুৰভাওনাভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহঅংগৰাগ মহন্তকাৰ্ল মাৰ্ক্সমোগল সাম্ৰাজ্যএছিয়াঅসমীয়া সাহিত্যস্বাস্থ্যভাৰতীয় জাতীয় কংগ্ৰেছজৈৱিক কৃষিমনোবিজ্ঞানলক্ষ্মীনন্দন বৰাটিকেন্দ্ৰজিৎআইজাক নিউটনঅৰ্থনীতিসংযুক্ত মুক্তি বাহিনী, অসমনাৰীপদ (ব্যাকৰণ)যোৰানামঅসমত দেখা পোৱা উদ্ভিদসমূহৰ তালিকাভাৰতৰ ৰাষ্ট্ৰপতিসকলৰ তালিকাভাৰতৰ প্ৰধানমন্ত্ৰীসকলৰ তালিকাকুশল কোঁৱৰউমানন্দশালস্তম্ভ ৰাজবংশভাৰতৰ ৰাজহুৱা খণ্ডৰ উদ্যোগনামচিংদ্বি জাতি তত্ত্বসাঁথৰ🡆 More