বিয়া নাম: অসমীয়া মৌখিক সাহিত্য

বিয়ানাম অসমীয়া বিবাহ অনুষ্ঠানত বিভিন্ন সময়ত আয়তী সকলে গোৱা মাংগলিক গীত। এই বিয়া নামবোৰ অসমীয়া লোক সাহিত্যৰ এক অমূল্য সম্পদ। এই বিয়া নামবোৰ বিবাহ অনুষ্ঠানৰ বিভিন্ন সময়ত গোৱা হয়। যেনে- কইনা উলিয়াই দিয়া সময়ত, সুৱাগ তোলা সময়ত, পানী তোলাৰ সময়ত, দৰা আদৰোতে, হোমৰ গুৰিত বহোঁতে বিধে বিধে এই গীতবোৰ গোৱা হয়।

প্ৰকাৰ আৰু বিশেষত্ব

বিয়ানামবোৰৰ বিষয়বস্তু, বৰ্ণনা আদিলৈ চাই বিয়া নামবোৰ দুটা ৰূপত পোৱা যায়। প্ৰথম বিধ গহীন গম্ভীৰ আৰু ৰুচিপূৰ্ণ। এই ধৰণৰ গীতত ৰাম-সীতা, ৰাধা-কৃষ্ণ, ঊষা-অনিৰুদ্ধ আদি পৌৰাণিক চৰিত্ৰ সমূহৰ বিবাহৰ বৰ্ণনা দি দৰা-কইনাক আবেগিক কৰা দেখা যায়। এই ধৰণৰ গীতত বিচ্ছেদৰ কাৰুণ্য, মিলনৰ আনন্দ আদি আয়তীসকলে সুন্দৰকৈ প্ৰকাশ কৰে। এই ধৰণৰ গীতবোৰত ৰচনাৰ সৰলতা, কল্পনাৰ কমনীয়তা, উপমাৰ মনোহাৰিতা, ঘৰুৱা জীৱনৰ প্ৰাঞ্জল চিত্ৰ আদি সুন্দৰ ভাবে পৰিস্ফুত হোৱা দেখা যায়। এইবোৰৰ উপৰিও বিয়ানামৰ অন্য এটা ৰূপ দেখা পোৱা যায়। ইয়াত দৰা ঘৰীয়াই কইনা ঘৰীয়াক আৰু কইনা ঘৰীয়াই দৰা ঘৰীয়াক ঠাট্টা মস্কৰা কৰা দেখা যায়। এই ধৰণৰ গীতক সাধাৰণতে যোৰা নাম বুলি কোৱা হয়। নামনী অসমত এই ধৰণৰ গীতক খিচা গীত বুলিও কয়। এই গীতবোৰ দৰা আদৰোঁতে আনন্দ উপভোগ কৰিবলৈ আৰু কইনা হোমৰ গুৰিত বহোঁতে কাৰুণ্য আঁতৰাবলৈ হাঁহি-তামচাৰে গোৱা হয়। যেনে-ৰভাৰ খুটা সেলেকাৰভাৰ খুটা সেলেকাকইনাঘৰৰ ছোৱালীবোৰৰ নাক কেইটা চেপেতাদৰাঘৰীয়াই কইনাঘৰীয়া বা কইনাঘৰীয়াই দৰাঘৰীয়াক মৰা এই চকা বাণৰ উপৰিও পৰিবেশটো বেছি উপভোগ্য হৈ উঠে যেতিয়া এই শৰ গৈ পুৰোহিত বাপুৰ গাতো পৰেগৈ। এই গীতবোৰ অসমীয়া চহা জীৱনৰ অমল স্বাক্ষৰ।

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

Tags:

🔥 Trending searches on Wiki অসমীয়া:

পাটবাউসী সত্ৰঅসমনাগাৰা নামসৌৰ শক্তিপ্ৰাঞ্জল শইকীয়ানেপালী জনগোষ্ঠীকাৰ্ল মাৰ্ক্সঅসমীয়া খাদ্যাভ্যাসবাণীকান্ত কাকতিফণী শৰ্মাগঙ্গা নদীসিন্ধু নদীমোহনদাস কৰমচান্দ গান্ধীমেলেৰিয়াশ্ৰী শ্ৰী আঠখেলীয়া নামঘৰশ্ৰীমদ্ভগৱতগীতালোকসভাৰ অধ্যক্ষভাৰত ৰত্নহলীৰাম ডেকাঅষ্টাংগিক আৰ্য মাৰ্গআপেক্ষিকতাবাদ তত্ত্ব১৯৫১ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচনআহোম ৰাজবংশঅৰ্থনীতিলক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্যিক অৱদানঅসমৰ ৰাজ্যিক প্ৰতীকসমূহহাঁচতিভাৰতৰ প্ৰধানমন্ত্ৰীকৃষ্ণচন্দ্ৰ নেপালী পোখৰেলপঞ্চায়তী ৰাজব’হাগগাঁও পঞ্চায়তচুতীয়া জনগোষ্ঠীমহাবীৰচকলংসংগীতৰাতি বিহুহেমচন্দ্ৰ বৰুৱাৰামায়ণকলিমাকেতেকী ফুলনেতাই ধুবুনী ঘাটঋকবেদমণিৰাম দেৱানমাটিৰ হিচাপঅসম লোকসেৱা আয়োগআকবৰশ্ৰী সূৰ্য পাহাৰপ্ৰাকৃতিক দুৰ্যোগভাৰতৰ স্বাধীনতা আন্দোলনগোলকীয় উষ্ণতা বৃদ্ধিঅসমৰ কাঁহ শিল্পনৃত্যগৌতম বুদ্ধশৰাইঘাটৰ যুদ্ধস্বামী বিবেকানন্দপ্লেটোঅসমৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যসমূহৰ তালিকাঅংগৰাগ মহন্তসন্ধিঅসমৰ লোকসভা সমষ্টিসমূহৰ তালিকাসৌৰভ কুমাৰ চলিহাবিহু নৃত্যঅসম ইতিহাসৰ আদিযুগৰ তাম্ৰ আৰু শিলালিপিৰ তালিকাস্বাভাৱিক সংখ্যাঅসমীয়া লিপিৰ বুৰঞ্জীকালিচৰণ ব্ৰহ্মছগ্ৰা মিছাৱাজোৰোণবগেজাৰী গীতঅসমৰ লোকবাদ্যবুঢ়ী আইৰ সাধুঅসম বিধানসভাঅসমৰ চলচ্চিত্ৰজেং বিহুপ্ৰাচীন গ্ৰীচইবাঁকু বিচুচৰাই🡆 More