বাল্য বিবাহ নিষেধ আইন, ২০০৬: ভাৰতৰ আইন

বাল্য বিবাহ নিষেধ আইন, ২০০৬ ভাৰতৰ সংসদে গৃহীত কৰা এখন আইন। ২০০৭ চনৰ ১ নৱেম্বৰ তাৰিখৰ পৰা জম্মু আৰু কাশ্মীৰ আৰু পুডুছেৰীৰ ৰেন'কেণ্টৰ বাদে সমগ্ৰ ভাৰতত এই আইন কাৰ্যকৰী হয়। এই আইনে পূৰ্বৰ পৰা প্ৰচলিত বাল্য বিবাহ নিৰোধক আইন, ১৯২৯ক প্ৰতিষ্ঠাপন কৰিলে। ২০১৭ চনৰ অক্টোবৰ মাহত ভাৰতৰ উচ্চতম ন্যায়ালয়ে নাবালিকা পত্নীৰ লগত যৌন কাৰ্যৰ বিষয়ে এক মাইলৰ খুঁটি স্বৰূপ ৰায়দান দিয়ে। এই ৰায়ে ভাৰতীয় আইনব্যৱস্থাত থকা ব্যতিক্ৰমক অপসাৰণ কৰে। পূৰ্বৰ আইন মতে নাবালিকা পত্নীক ধৰ্ষণকাৰী ব্যক্তিয়ে আইনী সুৰক্ষা লাভ কৰিছিল।

বাল্য বিবাহ নিষেধ আইন, ২০০৬
বাল্য বিবাহ নিষেধ আইন, ২০০৬: ঐতিহাসিক পটভূমি, উদ্দেশ্য, আইনৰ গঠন
স্থিতি: প্ৰচলিত

ঐতিহাসিক পটভূমি

ইউনিচেফে ১৮ বছৰ বয়স সম্পূৰ্ণ হোৱাৰ আগতে অনুষ্ঠিত বিবাহক বাল্য বিবাহ হিচাপে নিৰূপণ কৰিছে। লগতে এই প্ৰথাক মানৱধিকাৰ লংঘন কৰা বুলিও উল্লেখ কৰিছে। সামাজিক প্ৰথা, সাংস্কৃতিক আৰু ধৰ্মীয় সুৰক্ষাৰ নীতিৰ ওপৰত প্ৰতিষ্ঠিত হোৱাৰ বাবে বাল্য বিবাহৰ দৰে সামাজিক ব্যাধিৰ বিৰুদ্ধে যুদ্ধ কৰা কঠিন। ২০০১ চনৰ লোকপিয়ল মতে ভাৰতৰ ১৮ বছৰৰ কম বয়সৰ ১৫ লাখ ছোৱালীয়ে ইতিমধ্যে বিয়া কৰাইছিল। বাল্য বিবাহৰ ফলত শিশুৰ সামাজিক, শাৰীৰিক আৰু মানসিক সমস্যাৰ সৃষ্টি হয়। তাৰে ভিতৰত উল্লেখযোগ্য হল শিক্ষাৰ অভাৱ, বন্ধু আৰু পৰিয়ালৰ পৰা পৃথক্কৰণ, যৌন শোষণ, প্ৰাথমিক গৰ্ভাৱস্থা আৰু স্বাস্থ্যৰ অৱনতি, ঘৰুৱা হিংসা, উচ্চ শিশু মৃত্যুৰ হাৰ, জন্মৰ সময়ত শিশুৰ কম ওজন ইত্যাদি।

উদ্দেশ্য

এই আইন খনৰ মূল উদ্দেশ্য হল ভাৰতত বাল্য বিবাহ আৰু ইয়াৰ লগত জড়িত প্ৰথা সমূহক নিষিদ্ধ কৰা। সমাজৰ পৰা বাল্য বিবাহ সমূলি নাশ কৰিবলৈ পূৰ্বৰ ব্ৰিটিছ চৰকাৰৰ দিনৰ পৰা প্ৰচলিত বাল্য বিবাহ নিৰোধক আইন, ১৯২৯ৰ ঠাইত এই আইন ২০০৬ চনত প্ৰণয়ন কৰা হৈছিল। এই নতুন আইনে বাল্য বিবাহক নিষিদ্ধ কৰিবলৈ আইনী বিধি প্ৰদান কৰে। ই ভুক্তভোগীক ৰক্ষা কৰে আৰু সহায়িতা প্ৰদান কৰে লগতে এনে অপৰাধী সকলক কঠোৰ শাস্তি প্ৰদান কৰাত সহায় কৰে। ইয়াৰ লগতে এই আইনে বাল্য বিবাহ নিৰোধক বিষয়া নামৰ এক চৰকাৰী পদ সৃষ্টি কৰিলে। এই বিষয়াজনক ৰাজ্য চৰকাৰে গোটেই ৰাজ্য বা ৰাজ্যৰ এক বিশেষ অংশৰ বাবে নিযুক্তি প্ৰদান কৰে।

আইনৰ গঠন

বাল্য বিবাহ নিষেধ আইন, ২০০৬ ৰ ২১টা বিভাগ আছে। এই আইন জম্মু আৰু কাশ্মীৰ আৰু কেন্দ্ৰীয় শাসিত অঞ্চল পুডুছেৰী ৰেন'কেণ্টছৰ বাহিৰে গোটেই ভাৰততে এই আইন প্ৰযোজ্য হয়। এই আইন অনুসৰি বাল্য বিবাহৰ লগত জড়িত অপৰাধীৰ বিৰুদ্ধে জামিনবিহীন গোচৰ তৰিব পাৰি।

তথ্য উৎস

বাহ্যিক সংযোগ

Tags:

বাল্য বিবাহ নিষেধ আইন, ২০০৬ ঐতিহাসিক পটভূমিবাল্য বিবাহ নিষেধ আইন, ২০০৬ উদ্দেশ্যবাল্য বিবাহ নিষেধ আইন, ২০০৬ আইনৰ গঠনবাল্য বিবাহ নিষেধ আইন, ২০০৬ তথ্য উৎসবাল্য বিবাহ নিষেধ আইন, ২০০৬ বাহ্যিক সংযোগবাল্য বিবাহ নিষেধ আইন, ২০০৬জম্মু আৰু কাশ্মীৰপুডুছেৰীবাল্য বিবাহ নিৰোধক আইন, ১৯২৯ভাৰতৰ উচ্চতম ন্যায়ালয়ভাৰতৰ সংসদ

🔥 Trending searches on Wiki অসমীয়া:

জোৰোণগোপাল কৃষ্ণ গোখলে২৬ এপ্ৰিলজাতনামনাট্য শাস্ত্ৰচিকিৎসা বিজ্ঞানমানৱ শৰীৰশিক্ষাৰ অধিকাৰএশিঙীয়া গঁড়ভাৰতীয় জাতীয় কংগ্ৰেছসাত বিহুআয়তক্ষেত্ৰআহোম ধৰ্মনিমাতী কইনাবকুল ফুলৰ দৰে (গ্ৰন্থ)অসমীয়া বৰ্ণমালাঅসমযতি-চিনৰাষ্ট্ৰসংঘছনেটগোৱালপৰীয়া লোকগীতঅসমৰ মুখা শিল্পপালি ভাষাঅসম আৰক্ষীৱেবছাইটভীমৰাও ৰামজী আম্বেদকাৰকৰ্কট ক্ৰান্তিআমাৰ অসমঅসমত দেখা চৰাইবোৰঘৰুৱা হিংসাৰ পৰা মহিলাৰ সুৰক্ষা আইন, ২০০৫ভাৰত-ইউৰোপীয় ভাষা পৰিয়ালআগ্নেয়গিৰিমঙ্গল গ্ৰহহয়গ্ৰীৱ মাধৱ মন্দিৰবাঁহনলবাৰী জিলাশৰাইঘাটৰ যুদ্ধইষ্ট ইণ্ডিয়া কোম্পানীভাৰতীয় নাগৰিকত্ব আইনযোগ দৰ্শনচন্দ্ৰচি++অসমৰ লোকসভা সমষ্টিসমূহৰ তালিকাঅসমৰ ৰাজ্যিক প্ৰতীকসমূহপ্ৰজ্ঞাখোলউমাচল শিলালিপিভাষাবিজ্ঞানহাজং জনগোষ্ঠীসতী সাধনীসৰস্বতী পূজামুগা (ৰেচম)অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদআনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন-চৰিত্ৰস্বাভাৱিক সংখ্যামেলেৰিয়াচিপাহী বিদ্ৰোহ ১৮৫৭মণিপুৰ সংঘৰ্ষ ২০২৩অসমীয়া যুক্তাক্ষৰশিশু সাহিত্যবিহু নৃত্যতেজপুৰকপৌ ফুলৰাসায়নিক মৌলঅভিধানৰামায়ণম'হৰ শিঙৰ পেঁপাঅসমৰ পুৰণি স্থাপত্যছক্ৰেটিছ🡆 More