বগীবিল দলং: ব্ৰহ্মপুত্ৰৰ ওপৰৰ চতুৰ্থখন দলং

বগীবিল দলং অসমৰ ডিব্ৰুগড় জিলাৰ বগীবিল নামৰ ঠাইত অৱস্থিত ব্ৰহ্মপুত্ৰৰ ওপৰৰ চতুৰ্থখন দলং। ১৯৯৭ চনৰ ২২ জানুৱাৰীত ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ চিচিবৰগাওঁৰ কুলাজানত তদানীন্তন প্ৰধানমন্ত্ৰী এইচ ডি দেৱেগৌড়াই এই দলঙৰ আধাৰশিলা স্থাপন কৰে। ইয়াৰ পিছত ২০০২ চনত সেই সময়ৰ প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে দলং নিৰ্মাণৰ শুভাৰম্ভ কৰে আৰু ২৫ ডিচেম্বৰ ২০১৮ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদি ডাঙৰীয়াই শুভাৰম্ভ কৰে। ব্ৰহ্মপুত্ৰৰ ওপৰৰ এই চতুৰ্থখন দলং ৰে'ল আৰু পথ যোগাযোগ ব্যৱস্থা থকা ভাৰতৰ যিকোনো নদীৰ ওপৰত নিৰ্মিত দলঙৰ ভিতৰত আটাইতকৈ দীৰ্ঘতম দলং। দুখলপীয়া দলংখনত ওপৰৰ খাপত তিনিটা লেনযুক্ত পথ আছে ।

বগীবিল দলং
বগীবিল দলং: নিৰ্মাণৰ অগ্ৰগতি, দলঙৰ নাম বিতৰ্ক, তথ্যসূত্ৰ

বগীবিল দলংখন ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে
বহন কৰে তিনি লেনযুক্ত পথ, দুই লেনযুক্ত ৰেলপথ
স্থানীয় ধেমাজী জিলা আৰু ডিব্ৰুগড় জিলা, অসম, ভাৰত
ডিজাইন Truss bridge
পদাৰ্থ ষ্টিল, কংক্ৰিট
মুঠ দৈৰ্ঘ্য ৪.৯৪  কিমি
Longest span ১২৫  মিটাৰ
Number of spans ৪২
নিৰ্মাণকৰ্তা হিন্দুস্থান নিৰ্মাণকাৰী সংস্থা আৰু গেমন ইণ্ডিয়া
নিৰ্মাণ আৰম্ভ হয় ২১ এপ্ৰিল ২০০২ (2002-04-21)
নিৰ্মাণ শেষ হয় ২০১৮
মুকলি ২৫ ডিচেম্বৰ ২০১৮
স্থানাঙ্ক 27°24′31″N 94°45′37″E / 27.40861°N 94.76028°E / 27.40861; 94.76028 94°45′37″E / 27.40861°N 94.76028°E / 27.40861; 94.76028

নিৰ্মাণৰ অগ্ৰগতি

বগীবিল দলং: নিৰ্মাণৰ অগ্ৰগতি, দলঙৰ নাম বিতৰ্ক, তথ্যসূত্ৰ 
শুভ উদ্বোধনৰ চাৰি বছৰৰ পিছত, ২০২২ চনত বগীবিল দলং

২০০০ চনত মেছাৰ্ছ ৰে'ল ইণ্ডিয়া টেকনিকেল এণ্ড ইক'নমিক ছাৰ্ভিচেজে দাখিল কৰা চূড়ান্ত প্ৰতিবেদন অনুসৰি আনুমানিক ১৭৬৭ কোটি টকাৰ বাজেটেৰে ইয়াৰ কাম-কাজ আৰম্ভ কৰা হয়। পৰিকল্পনা অনুসৰি ২০১৮ চনত প্ৰকল্পটোৰ সকলো কাম শেষ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২৫ ডিচেম্বৰ ২০১৮ ত দলং ৰ শুভ উদ্বোধন কৰে।

দলঙৰ নাম বিতৰ্ক

বৰ্তমান দলংখনৰ নাম 'বগীবিল দলং' বুলিয়েই পৰিচিত যদিও এই দলংখনৰ নামকলৈ বিভিন্ন বিতৰ্কৰো সৃষ্টি হৈছে। অসমৰ বহুকেইটা জনগোষ্ঠীয়ে তেওঁলোকৰ স্মৃতিবিজড়িত উপৰিপুৰুষৰ নামেৰে দলংখনৰ নামকৰণ কৰিবলৈ দাবী জনাইছে। এই ক্ষেত্ৰত চুতীয়াসকলে বীৰাংগনা নাৰী সতী সাধনীৰ স্মৃতিত 'সতী সাধনী সেতু', আহোমসকলে চাওলুং ছুকাফাৰ স্মৃতিত 'ছুকাফা সেতু', মিচিং জনগোষ্ঠীয়ে 'ছহিদ কমলা মিৰি সেতু' বা 'মিৰি জিয়ৰী সেতু', দেউৰীসকলে 'ভীমবৰ দেউৰী সেতু', সোণোৱাল কছাৰীসকলে 'সলালী সেতু', মুছলমানসকলে 'আজান পীৰ সেতু', আদি অনেক নামেৰে নামকৰণ কৰাৰ দাবী তুলিছে। আনহাতে নিৰপেক্ষভাৱে বহুতে 'শংকৰ-মাধৱ সেতু', 'কুলাজান-বগীবিল সেতু', 'বৰলুইত সেতু' আদি নামেৰে নামকৰণ কৰিবলৈ অনুৰোধ কৰিছে।

তথ্যসূত্ৰ

বৰ্হি সংযোগ

Tags:

বগীবিল দলং নিৰ্মাণৰ অগ্ৰগতিবগীবিল দলং দলঙৰ নাম বিতৰ্কবগীবিল দলং তথ্যসূত্ৰবগীবিল দলং বৰ্হি সংযোগবগীবিল দলংঅটল বিহাৰী বাজপেয়ীঅসমএইচ ডি দেৱেগৌড়াচিচিবৰগাওঁডিব্ৰুগড় জিলানৰেন্দ্ৰ মোদিব্ৰহ্মপুত্ৰভাৰত

🔥 Trending searches on Wiki অসমীয়া:

পৰিমেয় সংখ্যাজন গণ মনজুৰি দত্তউত্তৰ-পূব ভাৰতপূৰ্ণ প্ৰতিযোগিতাৰ বজাৰমাতৃভাষাবকুল ফুলৰ দৰে (গ্ৰন্থ)তগৰলোকচিকিৎসাআনন্দৰাম বৰুৱাৱিকিপিডিয়াএহাত ডাবাঅসম বিধানসভামানস ৰাষ্ট্ৰীয় উদ্যানবৰপেটা (লোকসভা সমষ্টি)অসমত দেখা চৰাইবোৰকৃষ্ণকান্ত সন্দিকৈমৌৰ্য সাম্ৰাজ্যবগেজাৰী গীতফুলগুৰি ধেৱাকোচ ৰাজবংশতিৱা জনগোষ্ঠীঅসমৰ পৰ্যটনস্থলসমূহৰ তালিকাপতঞ্জলিকাকৈজানা সংৰক্ষিত বনাঞ্চলযৌন অপৰাধৰ পৰা শিশুক সুৰক্ষা প্ৰদান আইনলুৰিন জ্যোতি গগৈনৰকাসুৰশিখ ধৰ্মমাটিচলচ্চিত্ৰসত্ৰজোনাকী (আলোচনী)যোৰহাটবানপানীকথা কবিতাহিমন্ত বিশ্ব শৰ্মানেলছন মেণ্ডেলালক্ষ্মীধৰ শৰ্মাবিশ্ব পৰিৱেশ দিৱসদুৰ্গা পূজালিংগ স্তম্ভনঅসমৰ ইতিহাসলক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্যিক অৱদানবচন (ব্যাকৰণ)হোমেন বৰগোহাঞিজৱাহৰলাল নেহৰুতৰল পদাৰ্থছ'ভিয়েট সংঘপ্ৰব্ৰজনৰাষ্ট্ৰসংঘ দিৱসভূমি প্ৰদূষণপায়ু সংগমজুৰী বৰা বৰগোহাঞিশদিয়াএ পি জে আব্দুল কালামসোণমুগা (ৰেচম)টিকেন্দ্ৰজিৎবহুভাষাবাদযুগ্ম সংখ্যাহীৰেন গোহাঁইনামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পপিঠাঘনত্বৰাজহুৱা ক্ষেত্ৰভাৰতৰ উচ্চতম ন্যায়ালয়হেম বৰুৱামাটিৰ হিচাপনামনি অসমসোণালী বান্দৰবুৰঞ্জীঅসমৰ লোকসভা সমষ্টিসমূহৰ তালিকাচীনঅনুসূচীত জাতি আৰু অনুসূচীত জনজাতিব্ৰহ্মপুত্ৰ উপত্যকাশূন্যদেৱব্ৰত দাসপলাশীৰ যুদ্ধ🡆 More