পুৰুষ

পুৰুষ (ইংৰাজী: Man) হৈছে এজন প্ৰাপ্তবয়স্ক পুং মানৱ। প্ৰাপ্তবয়স্ক হোৱাৰ আগতে, পুৰুষক ল'ৰা (পুং শিশু বা কিশোৰ) বুলি কোৱা হয়। বেছিভাগ পুৰুষ স্তন্যপায়ী প্ৰাণীৰ দৰে, এজন পুৰুষৰ জিন'মে সাধাৰণতে মাতৃৰ পৰা এক্স ক্ৰম'জম আৰু দেউতাকৰ পৰা ৱাই ক্ৰম'জম প্ৰাপ্ত কৰে। পুৰুষ ভ্ৰূণটোৱে মহিলাৰ ভ্ৰূণতকৈ অধিক পৰিমাণৰ এণ্ড্ৰোজেন আৰু কম পৰিমাণৰ এষ্ট্ৰোজেন প্ৰস্তুত কৰে। এই লিংগ ষ্টেৰইডৰ আপেক্ষিক পৰিমাণৰ পাৰ্থক্য শাৰীৰিক পাৰ্থক্যৰ বাবে দায়বদ্ধ যি পুৰুষসকলক মহিলাৰ পৰা পৃথক কৰে। যৌৱনপ্ৰাপ্তিৰ সময়ত, এণ্ড্ৰোজেন উৎপাদন তৈয়াৰ কৰা হৰমনৰ ফলত গৌণ যৌন বৈশিষ্ট্য বিকশিত হয়, এনেদৰে লিংগৰ মাজত অধিক পাৰ্থক্য প্ৰকাশিত হয়। অৱশ্যে, কিছুমান ট্ৰান্সজেণ্ডাৰ আৰু আন্তঃযৌন পুৰুষৰ বাবে ওপৰোক্ত বৈশিষ্ট্যবোৰৰ ব্যতিক্ৰম পৰিলক্ষিত হয়।

A man with a beard, wearing a checkered shirt, with his arms crossed.
এজন পুৰুষ

জীৱবিজ্ঞান

মানুহৰ ক্ষেত্ৰত, শুক্ৰাণু কোষে কঢ়িয়াই অনা আনুবংশিক সামগ্ৰীৰ দ্বাৰা নিষিক্তকৰণৰ সময়ত ব্যক্তি এজনৰ লিংগ নিৰ্ধাৰিত হয়। যদি এক্স ক্ৰম'জম কঢ়িয়াই অনা শুক্ৰাণু কোষে ডিম্বটো নিষিক্ত কৰে, সন্তান সাধাৰণতে মহিলা (এক্সএক্স, XX) হ'ব। আনহাতে, যদি ৱাই ক্ৰম'জম কঢ়িয়াই অনা শুক্ৰাণু কোষে ডিম্বটো নিষিক্ত কৰে, সন্তান সাধাৰণতে পুৰুষ (এক্সৱাই, XY) হ'ব। লিংগ নিৰ্ধাৰণৰ প্ৰকৃত কাৰক হৈছে এছ.আৰ.ৱাই. (SRY) জিন, যি সাধাৰণতে ৱাই ক্ৰম'জমত পোৱা যায়। অস্পষ্ট আনুবংশিক বা শাৰীৰিক গঠনৰ লোকসকলক আন্তঃলিঙ্গ বুলি কোৱা হয়। কেতিয়াবা যৌন ক্ৰম'জম এক্সৱাইৱাই (XYY)ও হ'ব পাৰে।

প্ৰাথমিক যৌন বৈশিষ্ট্য (বা যৌন অঙ্গ) হৈছে এনে বিশেষত্ব যি প্ৰজনন প্ৰক্ৰিয়াৰ সৈতে জড়িত আৰু জন্মৰ সময়ৰে পৰা বিদ্যমান। পুৰুষৰ বাবে, প্ৰাথমিক যৌন বৈশিষ্ট্যবোৰ হৈছে লিঙ্গ আৰু অণ্ডকোষ। গৌণ যৌন বৈশিষ্ট্য হৈছে মানুহৰ যৌৱনপ্ৰাপ্তিৰ যোগেদি দেখা দিয়া কিছুমান বিশেষত্ব। লিংগৰ মাজৰ পাৰ্থক্য স্পষ্ট কৰা এনে বৈশিষ্ট্যবোৰ যৌন দ্বিৰূপী ফেনোটাইপিকৰ বিশেষ সাক্ষী হিচাপে গণ্য কৰা হয়, কিন্তু প্ৰাথমিক যৌন বৈশিষ্ট্যৰ বিপৰীতে এইবোৰ প্ৰজনন তন্ত্ৰৰ সৈতে পোনপটীয়াকৈ জড়িত নহয়। পুৰুষৰ কিছুমান নিৰ্দিষ্ট গৌণ যৌন বৈশিষ্ট্য হৈছে:

  • মুখমণ্ডলৰ নোম (দাড়ি আৰু মোচ);
  • বুকুৰ নোম;
  • বহল কান্ধ;
  • এটা ডাঙৰ কণ্ঠনলী (আদমৰ আপেল (ঘটি) বুলিও জনা যায়); আৰু
  • শিশু বা মহিলাৰ কণ্ঠস্বৰতকৈ যথেষ্ট গভীৰ কণ্ঠস্বৰ।

স্বাস্থ্য

সাধাৰণতে পুৰুষ আৰু মহিলা একেবোৰ ৰোগত ভোগা দেখা যায় আৰু মহিলাৰ তুলনাত পুৰুষসকল অলপ বেছি ৰোগত ভুগে। মহিলাৰ তুলনাত পুৰুষৰ আয়ুস কম আৰু আত্মহত্যাৰ হাৰ অধিক।

পুৰুষত্ব

পুৰুষ 
মাইকেলএঞ্জেলোৰ ডেভিদ হৈছে পাশ্চাত্য কলাৰ তৰুণ পুৰুষ সৌন্দৰ্যৰ এক ধ্ৰুপদী প্ৰতিচ্ছবি

পুৰুষত্ব হৈছে ল'ৰা বা পুৰুষৰ ক্ষেত্ৰত প্ৰকাশ হোৱা বৈশিষ্ট্য, চৰিত্ৰ আৰু প্ৰৱণতাৰ এক সংহতি। পুৰুষত্ব সামাজিকভাৱে প্ৰকাশিত, কিন্তু সামাজিক আৰু জৈৱিক প্ৰভাৱৰ দ্বাৰা গঠিত হয়, যদিও ই জীৱবিজ্ঞানৰ পুৰুষ লিংগতকৈ পৃথক। পুৰুষ আৰু মহিলা দুয়োৰে ক্ষেত্ৰত পুৰুষত্বৰ লক্ষণ আৰু আচৰণ দেখা যায়। পুৰুষ আৰু নাৰী দুয়োটা চৰিত্ৰৰ প্ৰভাৱ থকাসকলক এণ্ড্ৰোজিনিয়াছ বুলি কোৱা হয়। নাৰীবাদী দাৰ্শনিকসকলে ভাবে যে লিংগৰ অস্পষ্টতাই লিংগৰ পাৰ্থক্য জটিল কৰিব পাৰে।

সাহস, স্বাধীনতা, সংকল্প আদি হৈছে পুৰুষত্বৰ গুণ। এই গুণবোৰ ঠাই ভেদে আৰু পৰিৱেশৰ পৰা পৃথক হ'ব পাৰে আৰু সামাজিক আৰু সাংস্কৃতিক সমস্যাৰ দ্বাৰা প্ৰভাৱিত হ'ব পাৰে।

তথ্য সংগ্ৰহ

Tags:

পুৰুষ জীৱবিজ্ঞানপুৰুষ স্বাস্থ্যপুৰুষ ত্বপুৰুষ তথ্য সংগ্ৰহপুৰুষ

🔥 Trending searches on Wiki অসমীয়া:

লোকভাষানিমাতী কইনাঅসমীয়া প্ৰতিদিনছুনামিবানপানীব'হাগ বিহুলোকাচাৰবাথৌ পূজাস্বদেশী আন্দোলনঅপৰিমেয় সংখ্যাঅসমৰ বয়ন শিল্পমাটিচুটিগল্পআহোম ৰাজবংশবসন্ত ঋতুলোক-নৃত্যআহোম জনগোষ্ঠীমাৰাঠা সাম্ৰাজ্যভূপেন হাজৰিকাৰ সাহিত্যআৰ্নেষ্ট ৰাডাৰফ'ৰ্ডকামৰূপ জিলাঅখণ্ড সংখ্যাগোপীনাথ বৰদলৈঅসমত দেখা পোৱা মাছৰ তালিকাআন্তৰ্জাতিক মান গ্ৰন্থ সংখ্যাসাঁথৰচলচ্চিত্ৰলখিমপুৰ (লোকসভা সমষ্টি)নলবাৰী নগৰঅসমত দেখা পোৱা সাপবোৰশালস্তম্ভ ৰাজবংশহৰেকৃষ্ণ ডেকাএজাৰনীতি আয়োগভাৰতৰ প্ৰধানমন্ত্ৰীমাধৱ কন্দলিঅসম মাধ্যমিক শিক্ষা পৰিষদআনন্দৰাম বৰুৱাঅনুবাদঢেঁকীজয়মতী (১৯৩৫ চলচ্চিত্ৰ)অষ্ট্ৰেলিয়ানাগৰিকত্ব (সংশোধনী) আইন, ২০১৯অসমত দেখা পোৱা উদ্ভিদসমূহৰ তালিকাফুলগুৰুপ্ৰসাদ দাসপদ্মনাথ গোহাঞি বৰুৱাসন্ধিগুৱাহাটী বিশ্ববিদ্যালয়অসমৰ গামোচাঅংগৰাগ মহন্তঅসমৰ মাছ ধৰা সঁজুলিআলোচনীচিকিৎসা বিজ্ঞানবৌদ্ধ দৰ্শনমৌলিক সংখ্যাৰুক্মিণী হৰণ নাটপাতি শগুণভবেন্দ্ৰ নাথ শইকীয়াঅসমৰ ৰাজ্যপালসকলৰ তালিকাভাৰতীয় মৌলিক অধিকাৰ, নিৰ্দেশাত্মক নীতি আৰু মূল কৰ্তব্যশকুন্তলাঅসমীয়া ব্যাকৰণজল প্ৰদূষণঅসমৰ লোকসভা সমষ্টিসমূহৰ তালিকাআত্মসহায়ক গোটঅসমীয়া বৰ্ণমালাআধুনিক অসমীয়া শব্দকোষঅসমৰ মহকুমাসমূহৰ তালিকাচীনঅনুৰাধা শৰ্মা পূজাৰীবিশেষ্য পদঅসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰা সাহিত্যিকসকলত্ৰিপুৰাজ্ঞানপীঠ বঁটাআহোম-মোগলৰ সংঘৰ্ষবিৰিঞ্চি কুমাৰ বৰুৱা🡆 More