পুঁজিবাদ

পুঁজিবাদ বা ধনতন্ত্ৰ (ইংৰাজী: Capitalism) হৈছে এক প্ৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থা আৰু উৎপাদন পদ্ধতি য’ত ব্যৱসায়, উদ্যোগ আৰু উৎপাদনৰ কাৰক বা উপাদানসমূহ সম্পূৰ্ণৰূপে নাইবা অধিকাংশই ব্যক্তিগত মালিকাধীন। ব্যক্তিগত প্ৰতিষ্ঠান বা মালিকীস্বত্বৰ উদ্দেশ্যে সাধাৰণতে লাভ আহৰণ কৰা যদিও কোনো অলাভকাৰী প্ৰতিষ্ঠানৰো মালিকীস্বত্ব ব্যক্তিগত হ’ব পাৰে। পুঁজিবাদৰ বৈশিষ্ট্যসমূহৰ ভিতৰত ব্যক্তিগত সম্পত্তি, মূলধন আহৰণ, মজুৰিপ্ৰাপ্ত বনুৱা আৰু কোনো কোনো ক্ষেত্ৰত পূৰ্ণ প্ৰতিযোগিতা সম্বলিত বজাৰেই প্ৰধান। পুঁজিবাদী অৰ্থব্যৱস্থাৰ লেনদেন একোটাত মুক্ত বজাৰত হোৱা প্ৰতিযোগিতাৰ ভিত্তিত মূল্যসমূহ নিৰ্ধাৰণ কৰা হয়।

প্ৰতিযোগিতাৰ মাত্ৰা, অৰ্থনৈতিক হস্তক্ষেপ আৰু নিয়ন্ত্ৰণৰ ভূমিকা আৰু মালিকীস্বত্ব পুঁজিবাদৰ ভাগ অনুসৰি ভিন্ন হ’ব পাৰে। অৰ্থনীতিবিদ, ৰাজনৈতিক অৰ্থনীতিবিদ আৰু ইতিহাসবিদসকলে বিশ্লেষণ কৰি পুঁজিবাদৰ বিভিন্ন ভাগ চিনাক্ত কৰিছে। ইয়াৰ ভিতৰত লেইছেজ ফেয়াৰ বা মুক্ত বজাৰ পুঁজিবাদ, কল্যাণকামী পুঁজিবাদ, ক্ৰ’নি (crony) পুঁজিবাদ, ব্যৱসায়িক প্ৰতিষ্ঠানমুলক পুঁজিবাদ, তৃতীয় পন্থাৰ সামাজিক গণতন্ত্ৰ আৰু ৰাষ্ট্ৰ পুঁজিবাদ। ইয়াৰে প্ৰতিটো ভাগত মুক্ত বজাৰ, মুক্ত মালিকীস্বত্ব, মুক্ত প্ৰতিযোগিতাৰ প্ৰতিৰোধক আৰু সামাজিক নীতিৰ অন্তৰ্ভুক্তিৰ মাত্ৰা ভিন্ন হ’ব পাৰে। মুক্ত বজাৰৰ মাত্ৰা আৰু ব্যক্তিগত সম্পত্তি ধাৰণৰ নিয়ম ৰাজনৈতিক আৰু চৰকাৰী নীতিগত বিষয় হৈ পৰে। বহু দেশত মিশ্ৰ অৰ্থনৈতিক ব্যৱস্থা দেখা যায় য’ত পুঁজিবাদ আৰু পৰিকল্পিত অৰ্থনীতিৰ উপাদানসমূহ মিহলি হৈ পৰে। বিভিন্ন সময়ত, বিভিন্ন ঠাইত, বিভিন্ন সংস্কৃতিত আৰু বিভিন্ন ৰাজনৈতিক ব্যৱস্থাত পুঁজিবাদৰ উপস্থিতি পৰিলক্ষিত হৈ আহিছে। বণিজবাদৰ পতনৰ পিছেৰে পৰা পাশ্চাত্যৰ দেশসমূহত পুঁজিবাদী অৰ্থ ব্যৱস্থাই প্ৰধান ঠাই দখল কৰি আহিছে।

বৈশিষ্ট্যসমূহ

এক অৰ্থনৈতিক ব্যৱস্থা বা উৎপাদনৰ এক পদ্ধতি হিচাপে পুঁজিবাদত তলত দিয়া বৈশিষ্ট্যসমূহ পৰিলক্ষিত হয়:

  • লাভ আৰু মূলধন আহৰণ (Capital accumulation)
  • বিনিময় মূল্য বৃদ্ধি কৰাৰ উদ্দেশ্যৰে পণ্যদ্ৰব্যৰ উৎপাদন
  • ব্যক্তিগত মালিকীস্বত্ব
  • মজুৰীপ্ৰাপ্ত বনুৱা
  • লাভৰ উদ্দেশ্যেৰে ধনৰ বিনিয়োগ
  • যোগান আৰু চাহিদাৰদ্বাৰা প্ৰভাৱিত মূল্য ব্যৱস্থা এটাৰ ব্যৱহাৰ

প্ৰকাৰ

  • উচ্চ পৰ্যায়ৰ পুঁজিবাদ (Advanced Capitalism)
  • বিত্ত পুঁজিবাদ (Finance Capitalism)
  • বণিজবাদ (Mercantilism)
  • মুক্ত-বজাৰ অৰ্থনীতি (Free-market economy)
  • সামাজিক-বজাৰ অৰ্থনীতি (social-market economy)
  • ৰাষ্ট্ৰ পুঁজিবাদ (State Capitalism)
  • ব্যৱসায়িক প্ৰতিষ্ঠানমুলক পুঁজিবাদ (Corporate Capitalism)
  • মিশ্ৰ অৰ্থনীতি (Mixed economy)

তথ্য সংগ্ৰহ

Tags:

ইংৰাজী ভাষাউদ্যোগ

🔥 Trending searches on Wiki অসমীয়া:

বিহু নৃত্যমিৰি জীয়ৰীপাৰিপাৰ্শ্বিক সংঘাতসাহিত্য অকাডেমি বঁটাডিম্বেশ্বৰ নেওগশ্ৰী শ্ৰী আঠখেলীয়া নামঘৰআবেগঠেঙ্গাল কছাৰী জনগোষ্ঠীঅসমৰ কাঁহ শিল্পপাঠ্যক্ৰমবকুলঅসমৰ জনগোষ্ঠীচিকিৎসা বিজ্ঞানচন্দ্ৰকুমাৰ আগৰৱালাগোৱালপাৰা জিলাশ্ৰীকৃষ্ণকীৰ্তনঅণুবীক্ষণ যন্ত্ৰসাঁচিপাতনামঘোষাযাদৱ পায়েংভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচনপথৰুঘাটৰ ৰণখেৰাইটকা (বাদ্য)কাতি বিহুভানুমতীবৰপেটাবিহুৰ খাদ্যবেটুপাতগুণাভিৰাম বৰুৱাউত্তৰ-পূব ভাৰতসৰ্বপল্লী ৰাধাকৃষ্ণণডিজিটেল অবজেক্ট আইডেণ্টিফায়াৰৰঘুনাথ চৌধাৰীদ্বীপেন বৰুৱাশোণিতপুৰ জিলাগোৱালপৰীয়া লোকগীতঅসম ইতিহাসৰ আদিযুগৰ তাম্ৰ আৰু শিলালিপিৰ তালিকাধৰিত্ৰী দিৱসশালস্তম্ভ ৰাজবংশঅসমীয়া সাহিত্যিকৰ ছদ্ম নাম আৰু বিভূষিত উপাধিৰ তালিকাব্যক্তিত্বৰাছিয়ামাটিশিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ আইন, ২০০৯অভিধানউদ্ভিদনাৰী সবলীকৰণমাদাৰ টেৰেছাবিহুৰ বাদ্যযন্ত্ৰমৈদামঅৰুণোদই১৮ এপ্ৰিলউদাৰনৈতিকতাবাদজিকিৰবেণুধৰ শৰ্মাবিপৰীতাৰ্থক শব্দঅৰুণাচল প্ৰদেশৰামধেনুজয়সাগৰ পুখুৰীযোৰহাট জিলাৰ ইতিহাসধুবুৰী (লোকসভা সমষ্টি)অসম লোকসেৱা আয়োগতোলনি বিয়াকৰ্ণ (অংগ)হাবুংফকৰা যোজনাপুথিভঁৰালৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানপ্ৰাচীন গ্ৰীচশোণিতপুৰ (লোকসভা সমষ্টি)চৰাইব’হাগবাংলাদেশশ্ৰী শ্ৰী বটদ্ৰৱা থানবিজ্ঞান🡆 More