পাঠ পৰিকল্পনা

শিক্ষণ প্ৰক্ৰিয়াত পাঠ-পৰিকল্পনাৰ ভূমিকা অপৰিসীম। শিক্ষণ কাৰ্যৰ সফলতানিৰ্ভৰ কৰে প্ৰণালীবদ্ধ পাঠ পৰিকল্পনাৰ ওপৰত। শিক্ষণৰ বাবে কৌশল আৰু পদ্ধতি এইদুয়োটাৰেই প্ৰয়োজন। শিক্ষণে পূৰ্বৱৰ্তী স্তৰ, কাৰ্যকৰী স্তৰ আৰু উত্তৰৱৰ্তী স্তৰ এই তিনিপৰ্যায়ত ক্ৰিয়া কৰে। পূৰ্বৱৰ্ত্তী স্তুৰ হ'ল শিক্ষকে নিজকে সকলো দিশতে প্ৰস্তুত কৰি লোৱা। পাঠ একোটি আদান-প্ৰদান কৰাৰ পথ, আদান-প্ৰদানৰ পদ্ধতি, শিক্ষণ-শিকন প্ৰক্ৰিয়াত অন্তৰ্দৃষ্টি প্ৰদান পাঠ-পৰিকল্পনাৰ অবিহনে সম্ভৱ নহয়।

পাঠ পৰিকল্পনা

পাঠ-পৰিকল্পনাই শিক্ষকক তলত দিয়া ধৰণেৰে সহায় কৰে

  1. শিক্ষণ ব্যৱস্থাক মানি চলিবলৈ৷
  2. শিক্ষণ উদ্দেশ্যত উপনীত হ’বলৈ৷
  3. শিক্ষণ-শিকনৰ পৰিৱেশত উপযুক্তভাৱে খাপ খাবলৈ৷
  4. শিক্ষাদান ফলপ্ৰসূ আৰু আনন্দ দায়ক কৰিবলৈ৷
  5. শ্ৰেণীকোঠা নিয়ন্ত্ৰণ, অভিৰোচন ইত্যাদি বিষয়ত শিক্ষকক পাঠ পৰিকল্পনাই সহায় কৰে৷

ইয়াৰ উপৰি অবিৰত আৰু সামগ্ৰিক মূল্যায়ন কৰি ছাত্ৰ-ছাত্ৰীক নিদানমূলক শিক্ষণৰ যোগেদি অৰ্হতা আয়ত্ত কৰণত পাঠ পৰিকল্পনাই সহায় কৰে। এক কথাত ক’বলৈ গ’লে পাঠ পৰিকল্পনা হৈছে ফলপ্ৰসু শিক্ষণৰ চাবি-কাঠি।

কোনো এটা পাঠৰ পাঠ পৰিকল্পনা তৈয়াৰ কৰোঁতে শিক্ষকে তলত দিয়া দিশসমূহৰ প্ৰতি লক্ষ্য ৰখাটো বাঞ্ছনীয়ঃ

  1. পাঠৰ উদ্দেশ্য।
  2. পাঠটিত কি কি শিকণীয় দিশ আছে।
  3. পাঠটিৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীক কি কি অৰ্হতা প্ৰদান কৰিবলৈ বিচৰা হৈছে।
  4. সেই অৰ্হতাসমূহ প্ৰদান কৰিবৰ বাবে শিক্ষকে কি কি কাৰ্য সম্পাদন কৰিব।
  5. কেনে ধৰণৰ সমল সামগ্ৰী বা শিক্ষণ-শিকন সামগ্ৰী ব্যৱহৃত হ’ব।
  6. মূল্যায়নৰ আহিলা আৰু প্ৰক্ৰিয়া কেনেকুৱা হ’ব৷ ইত্যাদি

উল্লিখিত বিষয় সমূহলৈ লক্ষ্য কৰিলে বুজা যায় যে পাঠ প্ৰদানৰ আগেয়ে শিক্ষকৰ নিজা প্ৰস্তুতি অবিহনে শিক্ষণ প্ৰক্ৰিয়া কেতিয়াও ফলপ্ৰসূ হ’ব নোৱাৰে। অৰ্থাৎ পূৰ্বৱৰ্তী স্তৰত শিক্ষকে পাঠ্য বিষয়ৰ জ্ঞান সম্পূৰ্ণৰূপে আয়ত্ত কৰিহে প্ৰদান কৰিবলৈ আগবাঢ়িব লাগে।

পাঠ-পৰিকল্পনা এটি তৈয়াৰ কৰিবৰ বাবে নিম্নোক্ত তিনিটা স্তৰ ধাৰ্য কৰা হৈছে। (গুৱাহাটী আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অনুমোদিত)

  1. প্ৰস্তাৱনা (Introduction)
  2. উপস্থাপন (Presentation)
  3. সমাপ্তিকৰণ (Closure)

পাঠ পৰিকল্পনাৰ বিভিন্ন স্তৰ সমূহ-

ক) তথ্যৰ চিনাক্তকৰণ- এই শিতানত বিদ্যালয়ৰ নাম, শ্ৰেনী, শিক্ষাৰ্থীৰ সংখ্যা, গড় বয়স, সময়, তাৰিখ, বিষয়, পাঠ, পাঠ্যপুথি, শিক্ষকৰ নাম সন্নিৱিষ্ট কৰা হয়।

খ) সাধাৰণ উদ্দেশ্য- এই শিতানত পাঠৰ উদ্দেশ্য সন্নিৱিষ্ট কৰা হয়। যেনে- জ্ঞান, বোধ, প্ৰয়োগ, কৌশল আদি।

গ) শিক্ষণীয় সজুঁলি- শিক্ষন শিকন কাৰ্যত ব্যৱহাৰ হোৱা সজুঁলি সমূহৰ নাম উল্লেখ কৰা হয়। যেনে- কৃষ্ণ ফলক, খৰি মাটি আদি।

ঘ) প্ৰস্তাৱনা- প্ৰস্তাৱনাত শিক্ষাৰ্থীৰ পূৰ্বজ্ঞানৰ ধাৰণা, শিক্ষকৰ কাৰ্যাৱলী আৰু শিক্ষাৰ্থী সকলৰ কাৰ্যাৱলী সন্নিৱিষ্ট কৰা হয়।

ঙ) উপস্থাপন- পাঠ পৰিকল্পনাৰ উপস্থাপন শিতানত শিক্ষনীয় বিষয়, শিক্ষণৰ বিশেষ উদ্দেশ্য, শিক্ষকৰ কাৰ্যাৱলী, শিক্ষাৰ্থীৰ কাৰ্যাৱলীৰ লগতে আকাংক্ষিত শিক্ষনৰ ফলাফলৰ কথা উল্লেখ কৰা হয়।

চ) সামৰণি- ই পাঠ পৰিকল্পনাৰ অন্তিম স্তৰ। এই পৰ্যায়ত শিক্ষকে পাঠৰ সাৰংশ চমু বিৱৰণ দিয়ে। ইয়াত কেৱলৰ শিক্ষক আৰু শিক্ষাৰ্থীৰ কাৰ্যাৱলী উল্লেখ থাকে। পাঠ পৰিকল্পনাই শিক্ষকক বিশেষ এটা শ্ৰেণীৰ বাবে নিজকে প্ৰস্তুত কৰাত সহায় কৰে৷ পাঠ একোটাক প্ৰণালীবদ্ধভাৱে ছাত্ৰ-ছাত্ৰীৰ মাজলৈ আগবঢ়াই দিয়ে৷ যিয়ে ছাত্ৰ-ছাত্ৰীক অৰ্হতা আয়ত্ত কৰাত সহায় কৰে৷

Tags:

🔥 Trending searches on Wiki অসমীয়া:

শ্ৰীমন্ত শংকৰদেৱ বঁটাসাঁথৰশিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ আইন, ২০০৯কৃষিপৰিয়ালঅনাভেদী যৌনক্ৰিয়াসাপসন্ধ্যাৰাগ (চলচ্চিত্ৰ)বিশ্ব বাণিজ্য সংস্থাকুশল কোঁৱৰবনফুলমাৰ্চলক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্যিক অৱদানৰাষ্ট্ৰসংঘঔপনিৱেশিক অসমপীযুষ হাজৰিকাহিতেশ্বৰ বৰবৰুৱাবৃত্তঔষধি উদ্ভিদশকুন্তলাচাৰি কুমাৰশকুন্তলা (চলচ্চিত্ৰ)আৰবী ভাষাবিহুৰ বাদ্যযন্ত্ৰপদিনাসূৰ্য (দেৱতা)ৰাজনৈতিক দলসোণোৱাল কছাৰীফাকে জনগোষ্ঠীস্বাভাৱিক সংখ্যানদীজ্যোতি সংগীতমদন কামদেৱ দেৱালয়শীতল যুদ্ধজন গণ মনভেঁকুৰএ পি জে আব্দুল কালামৱিকিমিডিয়া ফাউণ্ডেশ্যননামঘোষাঋতুপুঁজিবাদআঁহতনীতি আয়োগভাষাঅসমৰ সমস্যাঅসমৰ পৰ্যটনস্থলসমূহৰ তালিকামাঘ বিহুবিবাহবিশ্বনাথ চাৰিআলিলক্ষ্মীনন্দন বৰাদৌল গোবিন্দ মন্দিৰসংখ্যাকৰম পূজাৰামঅসমৰ পৰম্পৰাগত সাজ-পাৰভাৰত-আৰ্য ভাষা পৰিয়ালপোহৰঅৰুণোদইভাৰতীয় জনতা পাৰ্টিবানপানীগণৰাজ্য দিৱস (ভাৰত)অসমৰ লোকবাদ্যএমিবামিয়া খলিফাচীনা-তিব্বতীয় ভাষাশ্ৰী শ্ৰী বটদ্ৰৱা থানমহাভাৰতপ্ৰথম বিশ্বযুদ্ধজুইবুৰঞ্জী সাহিত্যবৰষুণমানচিত্ৰপাইক প্ৰথাব্লগবুৰঞ্জী🡆 More