কবিতা: সাহিত্যৰ ৰূপ

কবিতা সাহিত্যৰ এটা প্ৰধান শাখা; আনটো প্ৰধান শাখা হ’ল গদ্য। কবিতা সম্ভৱত সাহিত্যৰ আদিমতম শাখা। কবি হৃদয়-নিহিত ভাৱৰ ছন্দোবদ্ধ আৰু শিল্পিত প্ৰকাশকে কবিতা বুলি নামকৰণ কৰা হৈছে। কবিতা হ’ল ধ্বনি সুষমাৰ লগত ভাৱৰ সমন্বিত প্ৰকাশ। কবিতা হ'ল জীৱনৰ বৈচিত্ৰ্যময় আৰু জটিল সৃষ্টি। কবি হৃদয়ৰ ভাবানুভূতিৰ কল্পনাৰে মণ্ডিত, ভাষাৰ ছন্দ লহৰত অভিব্যক্ত কলাত্মক সৃষ্টি।

অসমীয়া সাহিত্য
কবিতা: সাহিত্যৰ ৰূপ কবিতা: সাহিত্যৰ ৰূপ
কবিতা: সাহিত্যৰ ৰূপ কবিতা: সাহিত্যৰ ৰূপ
কবিতা: সাহিত্যৰ ৰূপ কবিতা: সাহিত্যৰ ৰূপ

চৰ্যাপদ পুথি
শ্ৰীমন্ত শংকৰদেৱ, হেমচন্দ্ৰ বৰুৱা, লক্ষ্মীনাথ বেজবৰুৱা
হেমচন্দ্ৰ গোস্বামী, কমলাকান্ত ভট্টাচাৰ্য্য, জ্যোতিপ্ৰসাদ আগৰৱালা
অসমীয়া সাহিত্য
(শ্ৰেণী: সাহিত্য)
অসমীয়া ভাষা
সাহিত্যৰ ইতিহাস
অসমীয়া সাহিত্যৰ ইতিহাস
অসমীয়া সাহিত্যিকসকলৰ তালিকা
কালানুক্ৰমিক তালিকা - বৰ্ণানুক্ৰমিক তালিকা
অসমীয়া সাহিত্যিক
ঔপন্যাসিক - গল্পকাৰ - নাট্যকাৰ - কবি - প্ৰবন্ধকাৰ
সাহিত্যধাৰা
প্ৰাচীন আৰু মধ্যযুগীয়
চৰ্যাপদ - প্ৰাক-শঙ্কৰী যুগৰ সাহিত্য - বৈষ্ণৱ যুগৰ সাহিত্য - অৰুণোদই যুগ - অনুবাদ সাহিত্য -মুছলিম সাহিত্য - লোকসাহিত্য
আধুনিক যুগৰ সাহিত্য
উপন্যাস - কবিতা - নাটক - চুটিগল্প - প্ৰবন্ধ - শিশুসাহিত্য - কল্পবিজ্ঞান - অভিধান
প্ৰতিষ্ঠান আৰু পুৰস্কাৰ
ভাষা শিক্ষায়ন
সাহিত্য পুৰস্কাৰ
সম্পৰ্কীয় প্ৰবেশদ্বাৰ
সাহিত্য প্ৰবেশদ্বাৰ
অসম প্ৰবেশদ্বাৰ

কবিতাৰ জন্ম আৰু সংজ্ঞা

এইটো অনুমান কৰা হৈছে যে, আদি কবি বাল্মীকিৰ হাততেই অৰ্থাৎ পুণ্যভূমি ভাৰতবৰ্ষতেই পোন প্ৰথমে কবিতাৰ জন্ম হৈছে। ক্ৰৌঞ্চ বিয়োগ-জনিত শোকেই আপোনা-আপুনি বাল্মিকীৰ মুখৰপৰা শ্লোকৰূপে উচ্ছাৰিত হৈছিল। সহচাৰী-বিয়োগকাতৰ ক্ৰৌঞ্চৰ বেদনাত কবি চিত্তত বেদনাৰ সঞ্চাৰ হয়। এই বেদনাৰ পৰাই সহসা 'পৰিপূৰ্ণ বাণীৰ সঙ্গীত' জন্মগ্ৰহণ কৰি অপূৰ্ব ছন্দত কবি-কণ্ঠত উচ্চাৰিত হ’ল -

মা নিষাদ প্ৰতিষ্ঠাং ত্বমগমঃ শাশ্বতী সমাঃ।
যৎক্ৰৌঞ্চমিথুনাদেকমবধীঃ কামমোহিতম্॥

কবিতাৰ সংজ্ঞা

প্ৰাচ্যৰ পণ্ডিতসকলে আগবঢ়োৱা সংজ্ঞাঃ প্ৰাচ্যৰ পণ্ডিতসকলৰ সৰহভাগেই কবিতাৰ আত্মা বিচাৰি বহু সিদ্ধান্তত উপনীত হৈ বস্তুধৰ্মী সংক্ষিপ্ত সংজ্ঞা নিৰ্দেশৰ কথা পাহৰিয়েই গৈছে। প্ৰাচ্যৰ কেৱল দুজন আলংকৰিকৰ লেখাতহে কবিতাৰ সংজ্ঞাক সূত্ৰৰ আকাৰত পোৱা যায়। সেই দুজন হ'ল- ভামহ আৰু বিশ্বনাথ কবিৰাজ।

কাব্যলংকাৰ প্ৰণেতা ভামহৰ মতে,"শব্দাৰ্থৌ সহিতৌ কাব্যম"- অৰ্থাত্‍ শব্দ আৰু অৰ্থৰ যুগল বসতিয়েই কবিতা।

বিশ্বনাথ কবিৰাজে তেওঁৰ "সাহিত্য দৰ্পণ" নামৰ গ্ৰন্থত কবিতাৰ সংজ্ঞা এইদৰে আগবঢ়াইছে-"বাক্যং ৰসাত্মকং কাব্যম"-অৰ্থাত্‍ ৰসময় বাক্যই কবিতা। পাশ্চাত্যৰ পণ্ডিতসকলে আগবঢ়োৱা সংজ্ঞাঃ জনচনৰ মতে, "কবিতা হ'ল ছন্দোবদ্ধ ৰচনা। "

ৱৰ্ডচৱৰ্থৰ মতে, "নিৰলাত সোঁৱৰা হিয়াৰ আৱেগেই কবিতা। "

অন্য এটা সংজ্ঞাত তেওঁ আকৌ কৈছে, "উপচি উঠি আপোনা-আপুনি পাৰ বাগৰি যোৱা আৱেগৰ ঢলেই কবিতা। "

মেথিউ আৰ্নল্ডৰ মতে, "কবিতা হ'ল জীৱন-বীক্ষা। "

ক'লেৰিজৰ মতে, "উত্‍কৃষ্টতম শব্দপুঞ্জৰ উত্‍কৃষ্টতম বিন্যাসেই কবিতা।

অডেনৰ মতে, " কবিতা হ'ল স্মৰণীয় বাক্য। "

কাৰ্লাইলৰ মতে, "কবিতা হ'ল সংগীতময় চিন্তা। "

থিয়োডৰ ৱাট্ছ-ডাণ্টনৰ মতে, কবিতা হ'ল আৱেগময় আৰু ছন্দোস্পন্দিত ভাষাৰ মাধ্যমত মানৱীয় মনৰ মূৰ্তিমান আৰু শিল্পিত অভিব্যক্তি। "

তথ্যসূত্ৰ

Tags:

গদ্য

🔥 Trending searches on Wiki অসমীয়া:

২৩ এপ্ৰিলশিক্ষা মনোবিজ্ঞানমানুহনৰেন্দ্ৰ মোদীগদ্যঅসমৰ তেল শোধনাগাৰবৃক্ষফণী শৰ্মাবিবাহমাজুলীঅসমত দেখা পোৱা মাছৰ তালিকাবৃত্তৰুবুল মাউতঅৰুণাচল প্ৰদেশঅসমৰ মাছ ধৰা সঁজুলিভাৰতীয় চলচ্চিত্ৰভোজন মন্ত্ৰইতিহাসএৰিষ্ট'টলতৎসমঋকবেদজনপ্ৰব্ৰজনতথ্য প্ৰযুক্তিবিয়া নামঅসমীয়া পুৰণি সাহিত্যসাহিত্য অকাডেমি বঁটায়েছে দৰজে ঠংচিসূৰ্যব্যক্তিত্বউপন্যাসগান্ধীবাদশামুকতৰল পদাৰ্থমালতীবিপৰীতাৰ্থক শব্দজাতীয়তাবাদপ্ৰথম বিশ্বযুদ্ধবাল্য বিবাহভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ ৰাজধানীৰ তালিকাছি জিনপিংকমলা মিৰিদুৰ্যোগভাৰতীয় শিল্পকলাকৃষ্ণসমাৰ্থক শব্দকেতেকী ফুলঅসমত দেখা চৰাইবোৰমৰমৰ দেউতাঅনুসূচীত জাতি আৰু অনুসূচীত জনজাতিআউনীআটী সত্ৰভাৰতৰ জৰুৰীকালীন অৱস্থা, ১৯৭৫যোগ দৰ্শনবন্দে মাতৰম্‌ত্ৰিভুজঅসমীয়া জাতিব্ৰহ্মপুত্ৰ উপত্যকাবৰহমথুৰিবেণুধৰ শৰ্মাবকুল ফুলৰ দৰে (গ্ৰন্থ)ঘৰুৱা হিংসাৰ পৰা মহিলাৰ সুৰক্ষা আইন, ২০০৫ওৰাং ৰাষ্ট্ৰীয় উদ্যানভীমৰাও ৰামজী আম্বেদকাৰঅংকীয়া নাটঔপনিৱেশিক অসমমামণি ৰয়ছম গোস্বামীঅসমীয়া লোক-সংস্কৃতিআনন্দৰাম বৰুৱাঅসমীয়া শিশু আলোচনীসমূহৰ তালিকাভাৰতৰ ইতিহাসমণিৰাম দেৱানজ্যোতিপ্ৰসাদ আগৰৱালাবুলু ফিল্মনেপোলিয়ন বোনাপাৰ্টপিম্পৰা গুচোৱাফাকুৱাউদ্যোগঅষ্ট্ৰেলিয়াহীৰেন ভট্টাচাৰ্যনীলমণি ফুকন (কনিষ্ঠ)🡆 More