ধূলাৰ কল দলিওৱা উৎসৱ

ধূলা সত্ৰৰ কল দলিওৱা উৎসৱ ব’হাগৰ সাত বিহুৰ দিনা পালন কৰা এক লোক-পৰম্পৰা৷ কামৰূপ জিলাৰ হাজোৰ ওচৰৰে ৰামদিয়াৰ এখন উল্লেখযোগ্য সত্ৰ “ধূলাৰ সত্ৰ’’৷ আহোম ৰজা প্ৰতাপসিংহৰ দিনত “বৰুৱা’’ খিতাপধাৰী ৰামজীৱন নামে এজন লোকে ৰামদিয়াৰ ধূলাপাৰাত “ধূলাৰ সত্ৰ’’ প্ৰতিষ্ঠা কৰে৷ ব্ৰহ্মপুত্ৰ বালি-পলস পৰি অঞ্চলটো ধূলাময় আছিল বাবেই ঠাইখনক ধূলাপাৰা বুলি জনা গৈছিল আৰু পিছলৈ সত্ৰ স্থাপন কৰাত ইয়াক “ধূলাৰ সত্ৰ’’ বোলা হৈছিল৷

ব’হাগৰ ৫ তাৰিখত সত্ৰৰ বিগ্ৰহ উলিয়াই নৱ-বস্ত্ৰ, আ-অলংকাৰেৰে সুশোভিত কৰি নৃত্য-গীত নাম-কীৰ্তনেৰে গোঁসাইক ৰামদিয়াৰ ভঠেলি খোলালৈ নিয়া হয়৷ তাৰ পৰা গোঁসাইক শোভাযাত্ৰা কৰি ওভোতাই আনি সত্ৰৰ নামঘৰত সুমুৱাওতে ভকতসকল দুটা ফৈদত বিভক্ত হৈ বাক-বিতণ্ডা কৰে৷ ভকতসকলৰ এটা ভাগ লক্ষ্মীৰ ফলীয়া আৰু আনটো ভাগ কৃষ্ণৰ ফলীয়া৷ লক্ষ্মীক নোকোৱাকৈ মনে মনে ঘুনুচাৰ ঘৰলৈ গৈ উভতি অহা বুলি লক্ষ্মীৰ নিৰ্দেশত ভক্তসকলে কৃষ্ণ ভক্তলৈ আঠিয়া কল দলিয়াই খেদাখেদি কৰি কৃষ্ণক প্ৰৱেশত বাধা দিয়ে৷ তাৰপিছত কৃষ্ণই জৰিমনা দি গৃহত প্ৰৱেশ কৰে৷ বৰপেটাৰ দৌল উৎসৱৰ “বাঁহ ভঙা’’ আৰু বৰদোৱাৰ দৌল উৎসৱৰ “দুৱাৰ ধৰা’’ প্ৰথাৰ লগত এই উৎসৱৰ মিল দেখা যায়৷

তথ্য সূত্ৰ

Tags:

🔥 Trending searches on Wiki অসমীয়া:

শৰাইঘাটৰ যুদ্ধকপৌ ফুলমৃত্যুঞ্জয়ম’বাইল ফোনশিৱসাগৰ জিলাৰ দৌল দেৱালয় সমূহকাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানবংগ বিভাজন (১৯০৫)লোকভাষাসত্ৰগৰু বিহুমামণি ৰয়ছম গোস্বামীৰ উপন্যাসৰাতি বিহুচুতীয়া ৰাজ্যভাৰতৰ উপৰাষ্ট্ৰপতিনিৰুপমা বৰগোহাঞিঅসম মাধ্যমিক শিক্ষা পৰিষদঅসমত দেখা চৰাইবোৰলক্ষ্মীনন্দন বৰাফলকৃষ্ণচূড়াচৰাইদেউ জিলাপৰ্যটনঅসম আৰক্ষীকাৰেঙৰ লিগিৰীকানাই বৰশী বোৱা শিলালিপিঅৰ্থনীতিঅসমীয়া সাহিত্যৰ অৰুণোদয় যুগঅসমৰ জনগোষ্ঠীনাহৰৰ গীতপাচন তন্ত্ৰগাঁও পঞ্চায়তগুকেশ ডিৰামমোহন ৰায়বকুল ফুলৰ দৰে (গ্ৰন্থ)মানুহস্বাধীনতা দিৱস (ভাৰত)পানীউমাকান্ত শৰ্মাউমানন্দপদাৰ্থৰ অৱস্থাবিশেষ শিক্ষাজৱাহৰলাল নেহৰুপদাৰ্থ বিজ্ঞানসাক্ষৰতাজাপানশৰাইঘাট দলংঁ (চন্দ্ৰবিন্দু)হনুমানঅসমৰ শাক-পাচলিৰ তালিকাপোহৰশিশু সাহিত্যইষ্ট ইণ্ডিয়া কোম্পানীযৌন সংক্ৰামক ৰোগস্বামী বিবেকানন্দঅসমীয়া সাহিত্যউপনিষদএশিঙীয়া গঁড়কাতি বিহুঅসমৰ বাঁহ-বেতৰ শিল্পজীৱনীনৱকান্ত বৰুৱামৌখিক লোকসাহিত্যপুৰন্দৰ সিংহমহেশ্বৰ নেওগখিলঞ্জীয়া লোকভাওনাচলচ্চিত্ৰসমাজৰাৱণনাথান ব্ৰাউনপাঠ পৰিকল্পনাসত্যেন্দ্ৰনাথ শৰ্মাখাৰখোৱাআল্লাহএকচেটীয়া বজাৰভ্ৰাম্যমাণ থিয়েটাৰজয়মতী কুঁৱৰী🡆 More