এই প্ৰবন্ধত ৱিকিফাই কৰিব লগা সংক্ৰান্তিয় একো কাৰণ দিয়া হোৱা নাই।
এই প্ৰবন্ধটো ৱিকিপিডিয়াৰ ৰচনাশৈলী অনুসৰি ৱিকিফাইড কৰাৰ প্ৰয়োজন আছে। অনুগ্ৰহ কৰি সম্পৰ্কীয় আন্তঃৱিকি সংযোগ অথবা প্ৰবন্ধৰ গঠনশৈলী পৰিবৰ্তন কৰি এই প্ৰবন্ধৰ বিকাশ কৰাত সহায় কৰক। অধিক জানিবৰ বাবে সোঁফালে থকা [দেখুৱাওক] লিংকটোত ক্লিক কৰক।
|
এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |
মৌলসমূহক সাধাৰণতে প্ৰধানকৈ দুটা ভাগত ভাগ কৰা হৈছে-
১) ধাতু (উদাহৰণ- লো,কপাৰ,সোন,ৰূপ ইত্যাদি) আৰু
২) অধাতু (উদাহৰণ- হাইড্ৰজেন,অক্সিজেন, কাৰ্বন,ক্ল’ৰিন,নাইট্ৰজেন ইত্যাদি)
(কেইটামান মৌলই ধাতু আৰু অধাতু দুয়োটাৰে ধৰ্ম দেখুৱায়। ইহঁতক ধাতুকল্প বোলা হয়।)
ধাতু আৰু অধাতুক সিহঁতৰ ধৰ্মৰ সহায়ত চিনাক্ত কৰা হয় - ভৌতিক আৰু ৰাসায়নিক ধৰ্ম।অৱশ্যে, ৰাসায়নিক ধৰ্মৰ দ্বাৰাহে সম্পূৰ্ণভাৱে নিশ্চিত হৱ পাৰি; ধাতু নে অধাতু।
ধাতুৰ ভৌতিক ধৰ্ম:
i) সাধাৰণ উষ্ণতাত গোটা অৱস্থাত থাকে।
ব্যতিক্ৰম: পাৰা (বা মাৰ্কাৰি),
সাধাৰণ উষ্ণতাত জুলীয়া অৱস্থাত থাকে।
ii) বিদ্যুত আৰু তাপৰ সুপৰিবাহী।
iii) ঘাতসহনীয় (কোবাই চেপেটা পাতলৈ ৰূপান্তৰিত কৰিব পাৰি।)
iv) নমনীয় (টানি দীঘল তাঁৰলৈ ৰূপান্তৰিত কৰিব পাৰি।)
v) সনাদী গুণযুক্ত (কোবালে ৰিঙৰিঙীয়া শব্দৰ সৃষ্টি হয়।)
vii) চিকমিকনি আছে।
অধাতুৰ ভৌতিক ধৰ্ম:
i) সাধাৰণ উষ্ণতাত গোটা, জুলীয়া, গেছীয় অৱস্থাত থাকে।
গোটা: কাৰ্বন, জুলীয়া:ব্ৰমিণ
গেছীয়: অক্সিজেন, হাইড্ৰজেন
ii) তাপ আৰু বিদ্যুতৰ অপৰিবাহী।
ব্যতিক্ৰম: গ্ৰেফাইট (কাৰ্বন) অধাতু যদিও বিদ্যুতৰ সুপৰিবাহী।(কাঠপেঞ্চিলৰ ভিতৰৰ পদাৰ্থ বিধ)
iii) ঘাতসহনীয়,নমনীয় গুণ নাথাকে আৰু গোটা অধাতুৰ কঠিনতা নগন্য।
ব্যতিক্ৰম: হীৰা অধাতু হ’লেও (কাৰ্বনৰ অৱৰূপ) আটাইতকৈ কঠিন।
iv) চিকমিকনি নাথাকে।
ব্যতিক্ৰম:গোটা আয়’দিন।
ভৌতিক ধৰ্ম পৰ্যবেক্ষণৰ জৰিয়তে অতি সহজে পৰীক্ষাগাৰৰ সুবিধা নোলোৱাকৈ ধাতু,অধাতু চিনাক্ত কৰিব পাৰি যদিও আমি সম্পূৰ্ণ ভাৱে নিশ্চিত হ’ৱ নোৱাৰি। উজ্জ্বল মাত্ৰেই সোণ নহয়!!
সেয়ে,ধাতু আৰু অধাতুৰ ৰাসায়নিক ধৰ্মৰ পাৰ্থক্যৰ দ্বাৰাহে ধাতু-অধাতু সম্পৰ্কে নিশ্চিত (confirm) হ'ব পৰা যায়।
ধাতুৰ ৰাসায়নিক ধৰ্ম:
১) অক্সিজেনৰ সৈতে বিক্ৰিয়া:
প্ৰায়বোৰ ধাতুই অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰি ধাতৱ অক্সাইড উৎপন্ন কৰে।
উদাহৰণস্বৰূপে,মেগনেছিয়াম ধাতুই অক্সিজেনৰ লগত বিক্ৰিয়া কৰি মেগনেছিয়াম অক্সাইড উৎপন্ন কৰে।
২) এছিডৰ লগত বিক্ৰিয়া:
সাধাৰণতে, ধাতুই এছিডৰ লগত বিক্ৰিয়া কৰি ধাতৱ লৱণ আৰু হাইড্ৰজেন গেছ উৎপন্ন কৰে।
উদাহৰণস্বৰূপে,
মেগনেছিয়ামে হাইড্ৰ’ক্লৰিক এছিডৰ লগত বিক্ৰিয়া কৰি মেগনেছিয়াম ক্লৰাইড আৰু হাইড্ৰজেন গেছ উৎপন্ন কৰে।
(ইয়াত মেগনেছিয়াম ক্লৰাইড এবিধ লৱণ)
প্ৰশ্ন (১) ধাতুই এছিডৰ লগত বিক্ৰিয়া কৰিলে সাধাৰণতে কোনটো গেছ উৎপন্ন হয়?
প্ৰশ্ন (২) মেগনেছিয়ামে হাইড্ৰ’ক্লৰিক এছিডৰ লগত বিক্ৰিয়া কৰিলে কি উৎপন্ন হয়?সন্তুলিত ৰাসায়নিক সমীকৰণ লিখা।
৩) পানীৰ লগত বিক্ৰিয়া:
ধাতুই পানীৰ লগত বিক্ৰিয়া কৰি ধাতুৰ অক্সাইড আৰু হাইড্ৰজেন উৎপন্ন কৰে। অৱশ্যে পানীত দ্ৰৱনীয় অক্সাইড হ’লে অন্তিম বিক্ৰিয়াজাত পদাৰ্থ হিচাপে ধাতুৰ হাইড্ৰ’ক্সাইড আৰু হাইড্ৰ’জেন উৎপন্ন হয়।
উদাহৰণস্বৰূপে,
ছডিয়ামে পানীৰ লগত অতি প্ৰবলভাৱে বিক্ৰিয়া কৰি ছডিয়াম হাইড্ৰক্সাইড আৰু পানী উৎপন্ন কৰে।
বিক্ৰিয়াটো ইমানেই তাপবৰ্জী যে উৎপন্ন হাইড্ৰজেন গেছ নিমিষতে জ্বলি উঠে, ছডিয়াম ধাতুক জলীয় বাষ্প(পানী)ৰ সংস্পৰ্শত আহিব নোৱাৰাকৈ ৰাখিব লাগে।তাৰবাবে, কেৰাছিন তেলত ডুবাই ৰাখিব লাগে।
অৱশ্যে, আইৰণে ঠাণ্ডা পানীৰ লগত বিক্ৰিয়া নকৰে।উতলা পানীৰ বাষ্পৰ লগত বিক্ৰিয়া কৰি আইৰণে ফেৰছ’ফেৰিক অক্সাইড উৎপন্ন আৰু হাইড্ৰজেন উৎপন্ন কৰে।
কেলছিয়ামে পানীৰ লগত বিক্ৰিয়া কৰিলে কেলছিয়াম হাইড্ৰ’ক্সাইড আৰু হাইড্ৰজেন উৎপন্ন হয়।বিক্ৰিয়াত উৎপন্ন হোৱা তাপ হাইড্ৰজেন গেছ জ্বলিবৰ বাবে যথেষ্ট নহয়,হাইড্ৰজেন গেছ কেলছিয়াম ৰ পৃষ্ঠত লাগি ধৰা বাবে কেলছিয়াম ধাতু পানীত উপঙিব ধৰে।
সোন,ৰূপ,কপাৰ, লেড ধাতুই পানীৰ লগত বিক্ৰিয়া নকৰে।
৪) ধাতুৰ অন্য ধাতুৰ লৱনৰ দ্ৰৱনৰ লগত বিক্ৰিয়া: ধাতু এটাই তাতকৈ কম সক্ৰিয় ধাতুৰ লৱনৰ দ্ৰৱনৰ পৰা কম সক্ৰিয় ধাতুটোক অপসৰণ কৰে।এনে বিক্ৰিয়া ক অপসৰণ বিক্ৰিয়া বোলে।
উদাহৰণস্বৰূপে, আইৰণে কপাৰ ছালফেটৰ পৰা কপাৰক অপসাৰণ কৰি আইৰণ ছালফেট উৎপন্ন কৰে। আইৰণ কপাৰতকৈ অধিক সক্ৰিয় বাবে কপাৰ ছালফেটৰ দ্ৰৱনৰ পৰা কপাৰক অপসাৰণ কৰিব পাৰে।এই বিক্ৰিয়া ত কপাৰ ছালফেট দ্ৰৱৰ নীলা বৰণ নাইকিয়া হয়।
৫) ধাতুৰ অধাতুৰ লগত বিক্ৰিয়া আৰু আয়নীয় যৌগৰ সৃষ্টি:
ধাতুই অধাতুৰ লগত বিক্ৰিয়া কৰিলে ধাতুৰ পৰমাণুই ইলেকট্ৰন ত্যাগ কৰে আৰু সেই অধাতুৰ পৰমাণুই গ্ৰহণ কৰে।
ধাতুৰ পৰমাণুই ইলেকট্ৰন ত্যাগ কৰি ধনাত্মক আধানযুক্ত আয়ণ বা কেটায়ণ সৃষ্টি কৰে।ঠিক তেনেদৰে অধাতুৰ পৰমাণুই ইলেক্ট্ৰন গ্ৰহণ কৰি ঋণাত্মক আধানযুক্ত আয়ণ বা এনায়ণ গঠন কৰে। সৃষ্টি হোৱা বিপৰীত ধৰ্মী আয়ণ দুয়োটাই বিদ্যুত স্থিতীয় আকৰ্ষণীয় বলৰ দ্বাৰা লগহৈ যৌগ গঠন কৰে।এনে যৌগক আয়ণীয় যৌগ বোলা হয় কাৰণ এনে যৌগ বিপৰতধৰ্মী আয়ণৰ দ্বাৰা গঠিত হয়।
উদাহৰণস্বৰূপে,ছডিয়াম আৰু ক্লৰিণৰ বিক্ৰিয়াত ছডিয়াম পৰমাণুই এটা ইলেক্ট্ৰন ত্যাগ কৰি ছডিয়াম আয়ণ(কেটায়ণ) উৎপন্ন কৰে।আনহাতে, ক্লৰিণ পৰমাণুই ছডিয়াম পৰমাণুই ত্যাগ কৰা ইলেক্ট্ৰনটো গ্ৰহণ কৰি ক্ল’ৰাইড আয়ণ(এনায়ণ) সৃষ্টি কৰে।সৃষ্টি হোৱা ছডিয়াম আয়ণ(কেটায়ণ )আৰু ক্ল’ৰাইড আয়ণ(এনায়ণ) বিপৰীত ধৰ্মী আয়ণ হোৱা বাবে দুয়োটাৰে মাজত তীব্ৰ বিদ্যুত স্থিতীয় আকৰ্ষণ বলে ক্ৰিয়া কৰে।এইবলৰ ফলতেই দুয়োটা আয়ণ লগহৈ ছডিয়াম ক্ল’ৰাইড(NaCl) নামৰ আয়ণীয় যৌগবিধ সৃষ্টি কৰে।
This article uses material from the Wikipedia অসমীয়া article ধাতু আৰু অধাতু, which is released under the Creative Commons Attribution-ShareAlike 3.0 license ("CC BY-SA 3.0"); additional terms may apply (view authors). আন একো উল্লেখ নাথাকিলে এই বিষয়বস্তু CC BY-SA 4.0 ৰ আওতাত উপলব্ধ। Images, videos and audio are available under their respective licenses.
®Wikipedia is a registered trademark of the Wiki Foundation, Inc. Wiki অসমীয়া (DUHOCTRUNGQUOC.VN) is an independent company and has no affiliation with Wiki Foundation.