তাজমহল

তাজমহল (হিন্দী: ताज महल, উৰ্দু: تاج محل) ভাৰতৰ আগ্ৰাত অৱস্থিত এটা ৰাজকীয় সমাধিক্ষেত্ৰ। মোগল সম্ৰাট ছাহজাহানে তেওঁৰ পত্নী আৰজুমান্দ বানু বেগম, যিগৰাকী মুমতাজ মহল নামে পৰিচিত, তেওঁৰ স্মৃতি চিৰযুগমীয়া কৰি ৰখাৰ উদ্দেশ্যে এই অপূৰ্ব সৌধটি নিৰ্মাণ কৰিছিল। সৌধটি নিৰ্মাণ কাৰ্য আৰম্ভ হৈছিল ১৬৩২ খৃষ্টাব্দত আৰু সম্পূৰ্ণ হৈছিল প্ৰায় ১৬৪৮ খৃষ্টাব্দত। সৌধটিৰ নক্সা কোনে কৰিছিলে এই প্ৰশ্নৰ অনেক বিতৰ্ক থাকিলেও, এইটো পৰিষ্কাৰ যে শিল্প-নৈপুণ্যসম্পন্ন এদল নক্সাকাৰক আৰু কাৰিকৰে সৌধটি নিৰ্মাণ কৰিছিলে যিসকল ওস্তাদ আহমেদ লাহৌৰিৰ লগত আছিল, যিজন তাজমহলৰ মূল নক্সাকাৰক হোৱাৰ বেছি দাবীদাৰ।

তাজমহল
তাজমহল
অৱস্থান আগ্ৰা, উত্তৰ প্ৰদেশ, ভাৰত
স্থানাংক 27°10′30″N 78°02′31″E / 27.175°N 78.04194°E / 27.175; 78.04194 78°02′31″E / 27.175°N 78.04194°E / 27.175; 78.04194
মাটিকালি ১৭ হেক্টৰ
উচ্চতা 73 মিটাৰ (240 ফুট)
নিৰ্মাণ ১৬৩২–৫৩
নিৰ্মাণৰ কাৰণ মুমতাজ মহল
স্থপতিবিদ ওস্তাদ আহমেদ লাহৌৰী
স্থাপত্যৰ শৈলী মোগল স্থাপত্য
পৰিদৰ্শক ৭–৮  মিলিয়ন  (২০১৪ চনত)
পৰিচালক বৰ্গ ভাৰত চৰকাৰ
ৱেবচাইট www.tajmahal.gov.in
ইউনেস্ক' বিশ্ব ঐতিহ্যবাহী স্থান
তাজমহল
বিশ্ব ঐতিহ্যবাহী স্থানত তালিকাভুক্ত হিচাপে নাম
মাপকাঠি সাংস্কৃতিক: i
উদ্ধৃতি ২৫২
অভিলিখনৰ ইতিহাস
অভিলিখন ১৯৮৩ (৭ম অধিবেশন)

তাজমহল (তাজ নামেৰেও জনাজাত) মোগল স্থাপত্যশৈলীৰ এটি আকৰ্ষণীয় নিদৰ্শন হিচাপে পৰিগণিত হৈছে। ইয়াৰ নিৰ্মাণশৈলীত পাৰস্য, তুৰস্ক, ভাৰতীয় আৰু ইছলামী স্থাপত্য শিল্পৰ সংমিশ্ৰণ ঘটাই নিৰ্মাণ কৰা হৈছে। যদিও কেৱল মাৰ্বলৰ গম্বুজাকৃতিৰ ৰাজকীয় সমাধিটো বেছি সমাদৃত, তাজমহল প্ৰকৃততে সামগ্ৰিকভাৱে এক জটিল অখণ্ড স্থাপত্য। এইটো ১৯৮৩ চনত ইউনেস্কো বিশ্ব ঐতিহ্যবাহী স্থান হিচাপে তালিকাভুক্ত কৰা হৈছিল। তেতিয়া কোৱা হৈছিল "universally admired masterpiece of the world's heritage। "

তাজমহল নিৰ্মাণৰ ইতিহাস

তাজমহল 
ছাহজাহান, যিজনে তাজমহল নিৰ্মাণ কৰিছিল

১৬৩১ খৃষ্টাব্দত মোগল সাম্ৰাজ্যৰ সমৃদ্ধশালী সম্ৰাট ছাহজাহানে তেওঁৰ দ্বিতীয় পত্নী মুমতাজ মহলৰ মৃত্যুত গভীৰভাৱে শোকাহত হৈ পৰে। মুমতাজ মহলে তেতিয়া তেওঁৰ চতুৰ্দশ কন্যা সন্তান গৌহৰ বেগমক জন্ম দিয়ে মৃত্যুবৰণ কৰিছিল।

তাজমহলৰ নিৰ্মাণৰ কাম মুমতাজৰ মৃত্যুৰ পিছতেই আৰম্ভ কৰা হয়। মূল সমাধিটো ১৬৪৮ খৃষ্টাব্দত সম্পূৰ্ণ হয় আৰু ইয়াৰ চৌপাশৰ মহল আৰু বাগান পাঁচ বছৰ পিছত তৈয়াৰ হয়। ১৬৬৩ খৃষ্টাব্দত আগ্ৰা ভ্ৰমণ কৰা ফৰাচী পৰ্যটক ফ্ৰান্সিস বেৰনিয়াৰে (François Bernier) লিখিছিল:

I shall finish this letter with a description of the two wonderful mausoleums which constitute the chief superiority of Agra over Delhi. One was erected by Jehan-guyre [sic] in honor of his father Ekbar; and Chah-Jehan raised the other to the memory of his wife Tage Mehale, that extraordinary and celebrated beauty, of whom her husband was so enamoured it is said that he was constant to her during life, and at her death was so affected as nearly to follow her to the grave.

অসমীয়া অনুবাদ:

দুটা বিস্ময়কৰ সমাধিৰ বিৱৰণ দি মই/ চিঠিখন শেষ কৰিম যিটোয়ে আগ্ৰাক দিল্লীতকৈয়ো শ্ৰেষ্ঠ কৰিছে; এইটো নিৰ্মাণ কৰিছিলে সম্ৰাট জাহাঙ্গীৰে তেওঁৰ পিতা আকবৰৰ সম্মানত আৰু অন্যটো সম্ৰাট ছাহজাহানে তেখেতৰ পত্নীৰ স্মৰণত তৈয়াৰ কৰিছিল "তাজমহল", যিটো অসাধাৰণ সৌন্দৰ্য্যৰ অধিকাৰী, স্বামী তেওঁৰ পত্নীৰ শোকত ইমানেই ম্ৰিয়মাণ যে পত্নী জীৱনকালত যেনেদৰে তেওঁৰ লগত আছিল, মৰণৰ পাছতো তেওঁ পত্নীৰ কবৰৰ ওচৰতেই থাকিব।

তথ্যসূত্ৰ

অধিক পঢ়ক


বাহ্যিক সংযোগ

Tags:

তাজমহল নিৰ্মাণৰ ইতিহাসতাজমহল তথ্যসূত্ৰতাজমহল অধিক পঢ়কতাজমহল বাহ্যিক সংযোগতাজমহলউৰ্দু ভাষাভাৰতমোগলহিন্দী ভাষা

🔥 Trending searches on Wiki অসমীয়া:

এমিবাবাগৰুম্বাসিন্ধু সভ্যতাবেক্টেৰিয়ামামণি ৰয়ছম গোস্বামীৰ উপন্যাসঅৰ্থনীতিহীৰেন গোহাঁইপূৰ্ণ প্ৰতিযোগিতাৰ বজাৰঅসম সাহিত্য সভালুৰিন জ্যোতি গগৈনৱ-বৈষ্ণৱ ধৰ্মলোকসভাৰ অধ্যক্ষচৰিত পুথিজাতনামঅসমত দেখা পোৱা সাপবোৰঅসমৰ নৃ-প্ৰজাতীয় গাঁথনিপুৰন্দৰ সিংহপতঞ্জলিৰ যোগসূত্ৰথমাছ আলভা এডিচনশকুন্তলাচ'মাংকানটিকেন্দ্ৰজিৎসংক্ৰমণৰামধেনুনেপালী জনগোষ্ঠীৱিকিডিব্ৰুগড়হিতেশ্বৰ বৰবৰুৱাবাণীকান্ত কাকতিভাৰতীয় ৰিজাৰ্ভ বেংকভাৰতৰ উপৰাষ্ট্ৰপতিঅসমত দেখা পোৱা মাছৰ তালিকাৰাজিয়া চুলতানাব্ৰহ্মপুত্ৰ উপত্যকামানৱ শৰীৰঈয়াৰুইঙ্গমকীৰ্তন-ঘোষাব্যক্তিত্বআইজাক নিউটনধৰিত্ৰী দিৱসমৰাণ জনগোষ্ঠীমালতীমিডিয়াৱিকিইন্দিৰা গান্ধীআন্তৰ্জাতিক শ্ৰমিক দিৱসব'হাগ বিহুভাৰতৰ নিৰ্বাচন আয়োগকিতাপমৌন ওঁঠ মুখৰ হৃদয়বুৰঞ্জীআৰবী ভাষাফেইচবুকলক্ষ্মীধৰ শৰ্মাবিহুৰ বাদ্যযন্ত্ৰপূৰবী বৰমুদৈজৈৱিক কৃষিভাষাঅসমৰ তামোল-পাণ সংস্কৃতিসংস্কৃত ভাষাশ্ৰীমন্ত শংকৰদেৱ বঁটাজুইভাস্কৰাব্দৰাজস্থানশিৱসাগৰ জিলাৰ দৌল দেৱালয় সমূহনগাঁও জিলাসত্যেন্দ্ৰনাথ শৰ্মাগোৱালপাৰা জিলাউমাচল শিলালিপিপালি ভাষাভৌগোলিক তথ্য ব্যৱস্থাকৃষ্ণ ভূঞামুদ্ৰাসন্ধ্যাৰাগ (চলচ্চিত্ৰ)বিপৰীতাৰ্থক শব্দসাঁথৰ🡆 More