ডিমা হাছাও জিলা: ভাৰতৰ অসম ৰাজ্যৰ এখন জিলা

ডিমা হাছাও জিলা (ইংৰাজী: Dima Hasao district (DHD); আগৰ নাম উত্তৰ কাছাৰ পাৰ্বত্য জিলা) অসমৰ এখন জিলা। ঐতিহাসিক ভাৱে ডিমাছা-কছাৰীসকলৰ বাসভূমি এই অঞ্চল ব্ৰিটিছ শাসনকালত অসমৰ নগাঁও জিলাৰ এটা মহকুমা হিচাপে গঠন কৰা হৈছিল। ভাৰতে স্বাধীনতা লাভ কৰাৰ পাছত মিকিৰ-পাহাৰ আৰু উত্তৰ-কাছাৰ সংলগ্ন জিলা গঠন কৰা হয়। ১৯৫২ চনৰপৰা এই জিলাক ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুচ্ছেদৰ অন্তৰ্গত জিলা হিচাপে গঢ় দিয়া হয়, আৰু জিলাৰ শাসন ভাৰ জিলা পৰিষদৰ হাতত অৰ্পণ কৰা হয়। ১৯৭০ চনত ইয়াক পূৰ্ণ জিলাৰ মৰ্য্যদা দিয়া হয়। বৰ্তমান জিলাৰ শাসন ষষ্ঠ অনুচ্ছেদৰ অন্তৰ্গত আৰু জিলাখনৰ স্বায়ত্ত্ব শাসন পৰিষদে সকলো বিভাগ বিভাগৰ কাৰ্য্যভাৰ বহন কৰে।

ডিমা হাছাও জিলা
উত্তৰ কাছাৰ পাৰ্বত্য জিলা
—  জিলা  —
Khobak Village.JPGডিমা হাছাও জিলাৰ “খোবাক” নামৰ গাঁখনৰ এটি দৃশ্য
ডিমা হাছাও জিলা: ইতিহাস, অৱস্থান, জলবায়ু
ডিমা হাছাও জিলাৰ অৱস্থান
ডিমা হাছাও জিলাৰ অৱস্থান
দেশ ডিমা হাছাও জিলা: ইতিহাস, অৱস্থান, জলবায়ু ভাৰত
ৰাজ্য অসম
সদৰ হাফলং
মাটিকালি
 - মুঠ ৪,৮৯০ কি.মি. 
(১,৮৮৮ বৰ্গ মাইল)
জনসংখ্যা (২০১১)
 - মুঠ ২,১৩,৫২৯ জন
 - জনঘনত্ব ৪৪ প্ৰতি বৰ্গ কি.মি. 
(১১৪ প্ৰতি বৰ্গ মাইল)
সময় অঞ্চল ভাৰতীয় মান সময় (গ্ৰী.মা.স.+5:30)
ৱেবছাইট nchills.nic.in

ডিমা হাছাও জিলা অসমৰ আটাইতকৈ কম জনবসতি ঘনত্বৰ জিলা। মূলতঃ ডিমাছা আৰু নগা জনগোষ্ঠীৰ লোক এই জিলাত সৰহ। প্ৰাকৃতিক সৌন্দৰ্য্যৰে ভৰপূৰ জিলাখনত অসমৰ একমাত্ৰ পাৰ্বত্য-চহৰ হাফলং অৱস্থিত। হাফলং এই জিলাৰ সদৰ। ৰহস্যজনক চৰাইৰ মৃত্যুৰ বাবে চৰ্চিত ঠাই জাতিংগা এই জিলাতে অৱস্থিত। ‘ডিমা হাছাও’ ডিমাছা ভাষাৰ শব্দ, ইয়াৰ অৰ্থ ডিমাছা পৰ্বত।

ইতিহাস

১৮৩২ চনৰ আগলৈ ডিমাছা হাছাও জিলা ডিমাছা কছাৰী ৰাজ্যৰ অংশ আছিল। উত্তৰে যমুনা নৈৰপৰা দক্ষিণে লুছাই পৰ্বতমালা আৰু পুবে নগা পাহাৰৰপৰা পশ্চিমে কপিলী নৈলৈ ইয়াৰ বিস্তৃতি আছিল। ১৮৩০ চনত ডিমাছা ৰজা গোবিন্দ চন্দ্ৰক তেখেতৰ সেনাপতি গম্ভীৰ সিঙে হত্যা কৰে। ইয়াৰ পাছতে ১৮৩২ চনৰ ১৪ আগষ্ট তাৰিখে লাপছি চুক্তি অনুসৰি ডিমাছা-কছাৰী ৰাজ্যৰ দক্ষিণ অংশ ব্ৰিটিছৰ শাসনৰ অধীনলৈ যায়। বাকী অংশৰ শাসনভাৰ আছিল ডিমাছা সেনাপাতি তুলাৰামৰ হাতত। ১৮৩৭ চনত তুলাৰামৰ অধীনত থকা কিছু অংশও ব্ৰিটিছ শাসিত অংশৰ সংলগ্ন কৰি সেই সময়ৰ নগাঁও জিলাৰ এটা মহকুমা হিচাপে ঘোষণা কৰা হয়। এই মহকুমাৰ সদৰ আছিল আছালু। ১৮৫৪ চনত তুলাৰামৰ মৃত্যুৰ পাছত সমগ্ৰ ডিমাছা ৰাজ্যক ব্ৰিটিছ শাসিত ভাৰত সাম্ৰাজ্যৰ সংলগ্ন কৰি আছালুক এই সমগ্ৰ মহকুমাৰ সদৰ ঘোষণা কৰা হয়।

১৮৬৭ চনত এই মহকুমাক ত্ৰিখণ্ডিত কৰি অংশ বিশেষ ক্ৰমে কাছাৰ, খাছী আৰু জয়ন্তীয়া পাহাৰ, আৰু নগাঁও জিলাৰ লগত সংলগ্ন কৰা হয়। বৰ্তমানৰ উত্তৰ কাছৰ পাৰ্বত্য জিলাক কাছাৰ জিলাৰ অন্তৰ্ভুক্ত কৰি লোৱা হয়। আছালুক এখন পুলিচ থানা ঘোষণা কৰা হয়। ১৮৮০ চনত এই অংশক কাছাৰ জিলাৰ এটা মহকুমা হিচাপে ঘোষণা কৰি 'গুনজুঙ'ত মহকুমাৰ সদৰ স্থাপন কৰা হয়।

১৮৯৫ চনত এই মহকুমাৰ সদৰ হাফলঙলৈ স্থানান্তৰ কৰা হয়। স্বাধীন ভাৰতৰ অধীনত ১৯৫১ চনৰ ১৭ নভেম্বৰ তাৰিখে উত্তৰ কাছাৰক কাছাৰ জিলাৰপৰা নিলগাই অনা হয় আৰু মিকিৰ পাহাৰৰ লগত সংলগ্ন কৰি উত্তৰ কাছাৰ আৰু মিকিৰ পাহাৰ সংলগ্ন জিলা ঘোষণা কৰা হয়। ষষ্ঠ অনুচ্ছেদ অনসুৰি পাছলৈ দুয়োখন জিলাৰ বাবে পৃথক পৰিষদ গঠন কৰা হয়। ডিমা হাছাও জিলা পৰিষদৰ স্থাপন কৰা হয় ১৯৫২ চনৰ ১৯ এপ্ৰিলত। ইয়াৰ পাছত ১৯৭০ চনৰ ২ ফেব্ৰুৱাৰীত পূৰ্ণ জিলাৰ মৰ্য্যদা দি 'উত্তৰ কাছাৰ জিলা' গঠন কৰা হয়। হাফলং এতিয়াও ডিমা হাছাও জিলাৰ সদৰ। বৰ্তমান জিলাখনৰ স্বায়ত্ত্ব শাসন পৰিষদে আইন-শৃংখলা, প্ৰশাসন আৰু ৰাজকোষ বিভাগৰ বাহিৰে আন সকলো বিভাগৰে কাৰ্যভাৰ বহন কৰে।

অৱস্থান

অসমৰ দক্ষিণ অংশত ডিমা হাছাও জিলাৰ অৱস্থান। অক্ষাংশ ২৫° ৩″ উ.-ৰপৰা ২৫° ৪৭″ উ.লৈ; আৰু দ্ৰাঘিমাংশ ৯২° ৩৭″ পূ-ৰপৰা ৯৩° ১৭″ পূবলৈ বিস্তৃত। মুঠ মাটিকালি ৪৮৯০ বৰ্গ কিমি। পূব অংশৰ উচ্চতা ৬০০ - ৯০০ মি. আৰু উত্তৰ অংশৰ উচ্চতা ১০০০ - ১৮৬৬ মি.।

জলবায়ু

ডিমা-হাছাও জিলাৰ জলবায়ু নাতিশীতোষ্ণ। অৱশ্যে জিলাৰ ভিতৰতে জলবায়ুৰ তাৰতময আছে। মে মাহৰপৰা ছেপ্টেম্বৰ মাহলৈ বৰষুণ হয়। বৰাইল লানিত বৰষুণৰ পৰিমাণ বেছি। বৰাইল অংশত গড় বাৰ্ষিক বৰষুণৰ পৰিমাণ ২২০০ মিমি-ৰপৰা ২৭০০ মিমি, আনহাতে লালটিং-মান্দাৰদিছা-ডিয়াংমুখ অঞ্চলত বাৰ্যিক গড় ১২০০ মিমিৰপৰা ১৮০০ মিমিলৈ। সৰ্বাধিক উষ্ণতা ২৪° ৰপৰা ৩০° ছেলছিয়াছ, আৰু সৰ্বনিম্ন উষ্ণতা ১০° ৰপৰা ১৪° ছেলছিয়াছ। আদ্ৰতা ৭৩%ৰপৰা ৮৪%।

ভূগোল

বৰাইল আৰু দক্ষিণ পৰ্বতমালা আৰু ইয়াৰ মাজৰে বৈ যোৱা ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীৰ উপনদীসমূহেৰে ডিমা হাছাও জিলাৰ ভূগোল গঢ় লৈ উঠছে। মূলত: নাগালেণ্ড অন্তৰ্গত বৰাক পৰ্বতমালাৰ পশ্চিমফাললৈ আগবাঢ়ি অহা অংশ্ই বৰাইল পৰ্বতমালা। নাগালেণ্ডৰ টুৱেনছাঙৰপৰা বৰাইল পৰ্বতমালাৰ আৰম্ভণি বুলি ধৰা হয়। এই পৰ্বতলানিয়ে ডিমা হাছাও জিলাক উত্তৰ আৰু দক্ষিণ দুই অৱবাহিকাত বিভক্ত কৰিছে। ইয়াৰে উত্তৰভাগ বৰাক নদীৰ অৱবাহিকা। উত্তৰ কাছাৰৰ পাহাৰৰ সৰ্ব্বোচ্চ শৃংগ 'থেপিবাৰ' (থুমজেং) (উচ্চতা: ১৮৬৬ মিটাৰ)। দ্বিতীয় উচ্চতম শৃংগ হেম্পুপেট (উচ্চতা: ১৭৪৮ মিটাৰ) গৰমপানীৰ ওচৰৰ ডিটকচেৰা পৰ্বতমালাৰ কিছূ অংশও ডিমা-হাছাও জিলাৰ ভিতৰত পৰে। জিলাখনৰ মাজেৰে বৈ যোৱা উপনৈ সমূহ হৈছে: কপিলী, মাহুৰ, জিনাম, টংগি, ধনশিৰি, লংক্ৰি, ডিয়াং, লংকান, লংলাই, লাংটিং, জাতিংগা আৰু দাৰা। প্ৰায় প্ৰতিখন উপনৈৰ উৎস বৰাইল পাহাৰ। ২৪০ কি.মি. দৈৰ্ঘ্যৰ ডিয়াং এই জিলাৰ দীৰ্ঘতম উপনৈ।

চাৰিসীমা:

প্ৰশাসন

ডিমা হাছাও জিলা: ইতিহাস, অৱস্থান, জলবায়ু 
উমৰাংছুত অৱস্থিত খনদঙ বান্ধ
ডিমা হাছাও জিলা: ইতিহাস, অৱস্থান, জলবায়ু 
উমৰাংছুৰ নিকটৱৰ্তী তিন কিলো গাওঁ

ডিমা-হাছাও জিলা ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুচ্ছেদৰ অন্তৰ্গত জিলা। জিলাখনৰ বিকাশ সম্পৰ্কীয় কাজ-কৰ্ম স্বায়ত্ত্ব শাসিত পৰিষদৰ দ্বাৰা সঞ্চালিত হয়। জিলাখনৰ চাৰিখন পুলিছ থানা ক্ৰমে: হাফলং, মাইবং, মাহুৰ আৰু উমৰাংছু।

প্ৰশাসনীয় স্তৰ বিভাগ সদৰ
জিলা ডিমা হাছাও জিলা (উত্তৰ কাছাৰ পাৰ্বত্য জিলা) হাফলং
মহকুমা হাফলং সদৰ হাফলং
মাইবং মাইবং
ৰাজহ চক্ৰ হাফলং হাফলং
থানা হাফলং হাফলং
মাইবং মাইবং
মাহুৰ মাহুৰ
উমৰাংছু উমৰাংছু
উন্নয়ন খণ্ড জাতিংগা উপত্যকা উন্নয়ন খণ্ড মাহুৰ
দিয়াং উপত্যকা উন্নয়ন খণ্ড মাইবং
হাৰাংগাজাও আই.টি.ডি. খণ্ড হাৰাংগাজাও
দিয়াংব্ৰা আই.টি.ডি. খণ্ড দিয়াংমুখ
নতুন ছাংবৰ উন্নয়ন খণ্ড ছাংবৰ

ডিমা-হাছাও জিলাৰ সৰ্বমুঠ গাঁৱৰ সংখ্যা ৫৫২খন। নগৰ চাৰিখন, ক্ৰমে, হাফলং, মাইবং, মাহুৰ, আৰু উমৰাংছু।

নিৰ্বাচনী বিভাগ

ডিমা হাছাও জিলাৰ একমাত্ৰ বিধান সভা সমষ্টি 'হাফলং'। ভাৰতীয় জাতীয় কংগ্ৰেছৰ গোবিন্দ চন্দ্ৰ লাংথাছা বৰ্তমান (২০১১-২০১৬) এই সমষ্টিৰ বিধায়ক। ডিমা-হাছাও জিলা আৰু কাৰ্বি আংলং জিলাক সংলগ্ন কৰি 'স্বায়িত্ব শাসিত জিলা' এটা সংসদীয় সমষ্টি। ভাৰতীয় জাতীয় কংগ্ৰেছৰ শ্ৰী বীৰেন সিং ইংতি এই সমষ্টিৰ বৰ্তমান নিৰ্বাচিত সাংসদ।

ডিমা হাছাও জিলাত গ্ৰাম পঞ্চায়ত ব্যৱস্থা বাহাল কৰা হোৱা নাই।

২০১১ চনৰ অসম বিধান সভাৰ নিৰ্বাচনৰ সময়ত ডিমা-হাছাও জিলাৰ মুঠ ভোটাৰৰ সংখ্যা আছিল ১,২৬,৮১৪ (পুৰুষ: ৬৪,৭৮০; স্ত্ৰী: ৬১,৯২৫) আৰু সৰ্বমুঠ ১৩৯-টা কেন্দ্ৰত ভোটগ্ৰহণ অনুষ্ঠিত কৰা হৈছিল।

জনগাঁঠনি

ভাৰতৰ লোকপিয়ল, ২০১১-ৰ সময়িক প্ৰতিবেদন অনুসৰি ডিমা-হাছাও জিলাৰ মুঠ জনসংখ্যা ২১৩,৫২৯ ইয়াৰে ১১০,৫৬৬ সংখ্যক পুৰুষ আৰু ১০২,৯৬৩ সংখ্যক মহিলা। ২০০১ চনৰ লোকপিয়লত প্ৰাপ্ত জনসংখ্যাতকৈ ১৩.৫৩% বৃদ্ধি পৰিলক্ষিত হয়। ১৯৯১ চনৰ লোকপিয়লৰ তুলনাত বৃদ্ধিৰ হাৰ ২৪.৭২%। জনবসতিৰ ঘনত্ব ৪৪ প্ৰতি বৰ্গ কি.মি. (৩৮ প্ৰতি বৰ্গ কি.মি, ২০০১ চন)। ডিমা-হাছাও জিলাৰ জনবসতিৰ ঘনত্বৰ অসমৰ ভিতৰত সৰ্বনিম্ন.। নাৰী-পুৰুষৰ অনুপাত: ৯৩১ গৰাকী নাৰী প্ৰতি ১০০০জন পুৰুষৰ বিপৰীতে। মুঠ জনসংখ্যাৰ ৭১.৩৩%-ই গাঁৱৰ বাসিন্দা।

ডিমা-হাছাও জিলাৰ বৰ্তমানৰ স্বাক্ষৰতাৰ হাৰ ৭৮.৯৯% (৬৭.৬২%, ২০০১)। পুৰুষৰ স্বাক্ষৰতাৰ হাৰ ৮৫.৫৪% আৰু মহিলাৰ ৭২.১৫%। ডিমা-হাছাও জিলাৰ মুঠ ১৪৩,৫৮৫ গৰাকী ব্যক্তি স্বাক্ষৰ, ইয়াৰে ৮০,৪৯৮জন পুৰুষ আৰু ৬৩,০৮৭ গৰাকী মহিলা।

লোকপিয়ল ২০১১-ৰ তথ্য অনুসৰি ০-৬ বছৰলৈ শিশুৰ মুঠ সংখ্যা ৩১,৭৫৮ (মুঠ জনসংখ্যাৰ ১৪.৮৭%) (২০০১ চনত ৩০,৮০০), ল'ৰাৰ সংখ্যা ১৬,২৩৯ আৰু ছোৱালীৰ ১৫,৫১৯। অনুপাত: প্ৰতি এহেজাৰ ল'ৰাৰ বিপৰীতে ৯৫৬ গৰাকী ছোৱালী। ২০০১ চনৰ তথ্যৰ আধাৰত শিশুৰ সংখ্যা ১.৫১% হ্ৰাস পাইছে। ২০০১ চনত শিশুৰ সংখ্যা মুঠ জনসংখ্যাৰ ১৬.৩৮% আছিল।

ডিমা-হাছাও জিলাৰ মুঠ জনসংখ্যা অসমৰ মুঠ জনসংখ্যাৰ ০.৬৯%।

জনগোষ্ঠী

ডিমা হাছাও জিলা কেবাটাও জনজাতীয় গোষ্ঠীৰ বাসস্থান। এওঁলোকৰ ভিতৰত সংখ্যাধিক জনজাতীয় জনগোষ্ঠীকেইটা হ'ল: ১) ডিমাছা, ২) জেমি-নগা, ৩) মাৰ, ৪) কুকি, ৫) বিয়াটে, ৬) ৰংখল, ৭) খেলমা, ৮) জয়ন্তীয়া, ৯) কাৰ্বি, আৰু ১০) ভাইফেই। ২০০১ চনৰ লোকপিয়ল অনুসৰি ডিমা-হাছাও জিলাৰ ৬৮.৩% লোকেই অনুসূচিত জনজাতিৰ অন্তৰ্গত। ইয়াৰ ভিতৰত ডিমাছা জনজাতিৰ লোকৰ সংখ্যা সৰ্বাধিক (মুঠ জনসংখ্যা: ৬৪, ৮৮১)। ২০০১ চনৰ পিয়ল অনুযায়ী দ্বিতীয় বৃহৎ জনজাতি নগা (বিভিন্ন গোট সমাহাৰে মুঠ জনসংখ্যা ১৭,০৭৮), আৰু তৃত্বীয় বৃহৎ জনজাতি হৈছে: কুকি (বিভিন্ন গোট সমাহাৰে মুঠ জনসংখ্যা: ১৬,৭৫৭)।

শৈক্ষিক প্ৰতিষ্ঠান

শিক্ষানুষ্ঠান সংখ্যা ছাত্ৰ-ভৰ্তি শিক্ষক-সংখ্যা
প্ৰাথমিক বিদ্যালয় ৬৯৪ ৩৪,৭২৪ ৩৩১৮
মধ্য ইংৰাজী বিদ্যালয় ১৭৫ ৯০৯৫ ১০৫৮
উচ্চ মাধ্যমিক বিদ্যালয় ৮৪ ১৫৮৯৬ ১০৩০
উচ্চতৰ মাধ্যমিক বিদ্যালয় ৩২৬৭ ১৯৮
জুনিয়ৰ কলেজ ৩৫৯ ২০
স্নাতক মহাবিদ্যালয় ১২৭৫ ৮৩
আই.টি.আই ১০৮ ১৪
DIET (-) ২৩
জৱাহৰ নৱোদয় বিদ্যালয় ৫৩
কস্তুৰবা গান্ধী বালিকা বিদ্যালয় ৫০

যাতায়ত

ডিমা-হাছাও জিলাক উত্তৰ-পূব ভাৰতৰ প্ৰৱেশ চহৰ গুৱাহাটীৰ লগত পথ আৰু ৰেল পৰিবহণে সংলগ্ন কৰিছে।

পথ পৰিবহণ

ডিমা-হাছাও জিলাৰ মুঠ পথৰ দৈৰ্ঘ্য১৬২৩.৩৮৫ কি.মি.। ইয়াৰে পকী পথ ৫৮৮ কিমি, শিল দিয়া পথ ৬৭২.২৮ কি.মি. আৰু ৩৬৪.১৩ কি.মি পথ কেঁচা। হাফলঙৰপৰা উমৰাংছ হৈ অহা পকী পথেৰে মেঘালয়ৰ লগত যোগাযোগ আছে, আৰু উমৰাংছৰপৰা নগাঁৱ জিলাৰ লংকা হৈ পকী পথ আহি নগাঁৱত ৩৭ নং ৰাষ্ট্ৰীয় পথত লগ লাগিছে। হাফলঙৰপৰা পকীপথেৰে লামডিঙৰ লগতো যোগাযোগ আছে।

ৰেল পৰিবহণ

নগাঁও জিলাৰ লামডিং জংচনৰপৰা ব্ৰড গজ ৰেল ডিমা-হাছাও জিলাৰ মাজেৰে গৈ কাছাৰ জিলাত প্ৰৱেশ কৰিছে। ডিমা-হাছাও জিলাৰ মাজেৰে যোৱা ৰেলপথত কেবাটাও সুৰংগ আছে। মাহুৰত কাষতে ৰেলপথত থকা ১১ নং সুৰংগটো জিলাখনৰ আটাইতকৈ দীঘল সুৰংগ। দৈৰ্ঘ্য১১৯২ ফুট। ডিমা-হাছাও জিলাৰ ভিতৰৰ ৰেল-ষ্টেচনসমূহ হ'ল: হাতীখলি, লাংটিং, দিহাখো, মুপা, কালাচাঁদ, মাইবং, ৱাডৰেংডিছা, দাওটুহাজা, মাহুৰ, মিগ্ৰেনডিছা, লোৱাৰ হাফলং, বাগেতাৰ, হাফলং হিল, জাতিংগা, মাইলংদিছা, হাৰাংগাজাও আৰু দিতকচৰা।

দৰ্শনীয় স্থান

সমগ্ৰ ডিমা-হাছাও জিলা বৰাইল পৰ্বতমালাৰ খলা-বমা আৰু জুৰি-নিজৰাৰে প্ৰাকৃতিক সৌন্দৰ্য্যত চহকী। এই জিলাৰ কেবাখনো স্থান বনভোজৰ দলৰ বাবে মনোগ্ৰাহী স্থান।

হাফলং

হাফলং ডিমা-হাছাও জিলাৰ সদৰ। প্ৰাকৃতিক সৌন্দৰ্য্যৰে ভৰপূৰ হাফলং অসমৰ একমাত্ৰ পৰ্বতীয়া স্থান (hill station)।

জাতিংগা

হাফলঙৰপৰা ৯ কি.মি. দক্ষিণে অৱস্থিত এখন ঠাই। এই ঠাইত চৰাই সম্পৰ্কীয় এটা ৰহস্যজনক পৰিঘটনা লক্ষ্য কৰা হয়। আগষ্ট-ৰপৰা নভেম্বৰ মাহলৈ এই স্থানত বিভিন্ন প্ৰজাতিৰ চৰাইৰ মৃত্যু ঘটে। স্থানীয় লোকে বাঁহৰ দীঘল লাখুটিৰ আগত তীব্ৰ পোহৰ বান্ধি ৰাখে। ৰাতি এই তীব্ৰ পোহৰৰ প্ৰতি চৰাইবোৰে উৰি আহে আৰু লাঠীৰ আঘাতত চৰাইবোৰৰ মৃত্যু হয়। এই সময়ত চৰাইবোৰে পোহৰৰ প্ৰতি দেখুওৱা তীব্ৰ আসক্তিৰ বিষয়ে বিভিন্ন মতামত আছে।

মাইবং

হাফলঙৰপৰা ৫৩ কি.মি. উত্তৰ-পূবে মাহুৰ নৈৰ পাৰত অৱস্থিত মহকুমাৰ সদৰ। ইয়াতে ডিমাছা-কছাৰী ৰাজ্যৰ ৰাজধানী আছিল। কছাৰী ৰজাৰ শিলেৰে নিৰ্মিত ঘৰ আৰু মন্দিৰৰ ভগ্নাৱশেষ অৱস্থিত।

উমৰাংছু

হাফলঙৰপৰা ১১২ কি.মি. দূৰৈত অৱস্থিত উমৰাংছুত কপিলী নৈত থকা নীপকো-ৰ জলবিদ্যুৎ উৎপাদন কেন্দ্ৰ অৱস্থিত। নাতি-দূৰৈত অৱস্থিত গৰম-পানীৰ উহ, গৰমপানী।

পানীমূৰ

কপিলীৰ নৈৰ এক জলপ্ৰপাত। হাফলঙৰপৰা ১২০ কি.মি. দূৰত্বত অৱস্থিত।

তথ্য সূত্ৰ

বাহ্যিক সংযোগ

ডিমা হাছাও জিলা: ইতিহাস, অৱস্থান, জলবায়ু  Dima Hasao ভ্ৰমণ নিৰ্দেশিকা, ৱিকিভয়াজৰ পৰা

Tags:

ডিমা হাছাও জিলা ইতিহাসডিমা হাছাও জিলা অৱস্থানডিমা হাছাও জিলা জলবায়ুডিমা হাছাও জিলা ভূগোলডিমা হাছাও জিলা প্ৰশাসনডিমা হাছাও জিলা নিৰ্বাচনী বিভাগডিমা হাছাও জিলা জনগাঁঠনিডিমা হাছাও জিলা জনগোষ্ঠীডিমা হাছাও জিলা শৈক্ষিক প্ৰতিষ্ঠানডিমা হাছাও জিলা যাতায়তডিমা হাছাও জিলা দৰ্শনীয় স্থানডিমা হাছাও জিলা তথ্য সূত্ৰডিমা হাছাও জিলা বাহ্যিক সংযোগডিমা হাছাও জিলাঅসমঅসমৰ জিলাইংৰাজী ভাষাভাৰতীয় সংবিধান

🔥 Trending searches on Wiki অসমীয়া:

ভাৰতীয় ৰেলশিৱসাগৰ জিলাৰ পৰ্যটনস্থলসমূহৰ তালিকাফাকুৱাবুৰঞ্জীগুৰুপ্ৰসাদ দাসইষ্ট ইণ্ডিয়া কোম্পানীবিৰিঞ্চি কুমাৰ বৰুৱাৰবীন্দ্ৰনাথ ঠাকুৰশ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰপাইক প্ৰথাযৌন উদ্যোগ সম্পৰ্কে নাৰীবাদী দৃষ্টিভংগীঅম্বিকাগিৰি ৰায়চৌধুৰীবৰগীতশৰাইঘাট দলংসংঘাতঅসমৰ মুখ্যমন্ত্ৰীসকলৰ তালিকাচৰকাৰগোলাঘাটনগাঁও (লোকসভা সমষ্টি)কামৰূপ ৰাজ্যঢোলপৰ্বতমাটিৰ হিচাপবাঙালী জাতিযোৰহাটৰমন্যাসবাদআধুনিকতাবাদঅসমীয়া সাহিত্যকদমলিংগভিত্তিক অধ্যয়নকপাহলক্ষ্মীধৰ শৰ্মাসাধুকথাসমকামিতাভবেন্দ্ৰ নাথ শইকীয়াভোলানাথ দাসআৰ্নেষ্ট ৰাডাৰফ'ৰ্ডনীতিপালঅনুবাদনাথান ব্ৰাউনকলাখাৰৰঙা পুলিচগোলকীয় উষ্ণতা বৃদ্ধিৱিকিবিহু নৃত্যমিচিং ভাষাডুবাইশ্ৰী শ্ৰী বটদ্ৰৱা থানপূৰ্ণ প্ৰতিযোগিতাৰ বজাৰব'হাগ বিহুতলাতল ঘৰদুৰ্গা পূজাগড়গাঁওঅৰ্জুন ভঞ্জনলোক-নৃত্যঅসমৰ ৰাজ্যিক প্ৰতীকসমূহবানপানীবৰষুণআত্মজীৱনীচন্দ্ৰধৰ বৰুৱাসাপশিৱসাগৰ জিলাৰ দৌল দেৱালয় সমূহচৰিত পুথিজাপিবাঁহমনোমতীচিপাহী বিদ্ৰোহ ১৮৫৭মানৱ উন্নয়ন সূচক অনুযায়ী দেশৰ তালিকালোকচিকিৎসাঅসমৰ বয়ন শিল্পঅসমৰ ধান খেতিৰ সঁজুলিসমূহআইদেউ সন্দিকৈ🡆 More