টাংছা জনগোষ্ঠী

টাংছাসকল মূলত: ইণ্ডো-মংগোলিয়ান ফৈদৰ লোক। ছানহুৱাং আৰু ছাঞ্জো টাংছাসকলৰ পূৰ্বপুৰুষ বুলি কোৱা হয়। মাছুৱাই ছিংগ্ৰাপুম তেওঁলোকৰ আদি বাসভূমি। ইয়াৰ পৰা তেওঁলোকে পাছলৈ ভাল ঠাই বিচাৰি কেইবাখনো নৈয়েদি উজাই আহি অসম আৰু অৰুণাচলত বসবাস কৰিবলৈ লয়।

টাংছা জনগোষ্ঠী
উল্লেখযোগ্য জন-অধ্যুষিত অঞ্চলসমূহ
অসম, অৰুণাচল প্ৰদেশ
ভাষাসমূহ

অসমীয়া ভাষা (অসমত বসবাস কৰাসকলে), লিখিত ভাষা নাই

ধৰ্ম

হিন্দু ধৰ্ম, খ্ৰীষ্টান ধৰ্ম ইত্যাদি

অসমলৈ প্ৰৱেশ

ফালেম কিমচিঙৰ মতে টাংছাসকল অসমত প্ৰৱেশ কৰা পথটো এনেধৰণৰ-মাছাই ছিংগ্ৰাপুমৰ পৰা চানফো পুম। তাৰ পাছত ক্ৰমে মুংখোম টান, টানাই ৱাকৰাপ মিল্ক, টাইচ্চা নদী পাৰ হৈ পাটকাই পালে। তাৰ পাছত পাটকাই পাৰ হৈ অসম, অৰুণাচললৈ বিয়পি পৰে। এনেদৰে টাংছাসকল অহাৰ সন্দৰ্ভত বিভিন্ন মত আছে যদিও আটায়ে মুছাই ছিংগ্ৰাপুম পাহাৰকে আদি বাসভূমি বুলি স্বীকাৰ কৰে। তিনিচুকীয়া জিলাৰ লিডুৰ টিকক নামৰ পাহাৰটোত অতীজৰ পৰাই টাংছাসকলে কেইবাটাও ফৈদে বসবাস কৰি আহিছে আৰু তেওঁলোকৰ নামেৰেই পাহাৰটোৰ নাম টিকক হয়।

ইতিহাস

বৰ্তমানৰ টাংছাসকল অতীতত নগা বুলি পৰিচিত আছিল। এই নগা শব্দটোৰ আঁৰতো কেতবোৰ কাৰণ আছিল। কাণত বহল বিন্ধা থকা কাৰণে এওঁলোকক নাখা বুলি কোৱা হৈছিল। পাছলৈ মানুহৰ মুখ বাগৰি সিয়েই নগা বুলি প্ৰচলন হ’ল। ১৯৪৮ চনৰ আগষ্ট মাহত বিপিন বৰগোহাঁই নামৰ এজন অফিচাৰে তেতিয়াৰ নেফা শাসনৰ বাবে মাৰ্ঘেৰিটালৈ আহি কাৰ্যভাৰ গ্ৰহণ কৰে। এওঁৰ কাৰ্যকালত ব্ৰিটিছৰ অন্তৰ্গত নগা (পাছলৈ ভাৰতীয় গাঁওবুঢ়া হিছাপে পৰিচিত) সকলে টাংছা নামটো গ্ৰহণ কৰে। টাংছাসকলৰ প্ৰায় ৫০টা মান বংশ আছে। এই আটাইবোৰ বংশৰে কথিত ভাষা বেলেগ বেলেগ। প্ৰত্যেকটো বংশৰে আকৌ উপবংশ বহুত। আৰু টাংছাসকলৰ এতিয়ালৈ কোনো লিখিত ভাষা নাই। তাৰ অন্যতম কাৰণ হৈছে এওঁলোকৰ মাজত ভাষাগত দিশত থকা পাৰ্থক্যৰ বাবে।

উৎসৱসমূহ

টাংছাসকলে বিভিন্ন উৎসৱ পালন কৰে। এওঁলোকে পালন কৰা উৎসৱসমূহ মূলত: কৃষিভিত্তিক। উৎসৱসমূহ সাধাৰণতে খেতি কৰাৰ আগত, খেতি লগোৱাৰ পাছত আৰু খেতি চপোৱাৰ পাছত পালন কৰা হয়। টাংছাসকলৰ যিহেতু বিভিন্ন বংশ আছে, বিভিন্ন বংশই পালন কৰা উৎসৱসমূহো বেলেগ বেলেগ। টিখাকসকলৰ বছৰৰ প্ৰথমটো বিহুৰ নাম পক-চক। তদুপৰি এওঁলোকে মায়ুং, চ্চাহখু-চিয়াট, হালিআহ-টুন উৎসৱ পালন কৰে। ৰাংপাংসকলে চাম্ফা কুক, ফায়ুং টক, চানজক টক, চানজ’হ টাহ, তামৰে’, ৱাহ-ৱান উইহাও কক উৎসৱ পালন কৰে। মুকলুমসকলে ধান চপাই পতা উৎসৱ হ’ল কুংটং ম’ল। লুংচাং বংশই মে মাহত পালন কৰা উৎসৱটো হ’ল ম’হজুং। এই উৎসৱটো লুংচাংসকলৰ ডাঙৰ উৎসৱ। তাৰ পাছত জুলাই মাহত তেওঁলোকে পালন কৰে পাৰং ম’ল। টিখাক, য়ংকুক, কাটো বংশই মাৰ্চ মাহত পক-চক উৎসৱ পালন কৰে। টাংছাসকলৰ সকলো উৎসৱতে মদ আৰু গাহৰি মঙহৰ প্ৰয়োজন হয়। তেওঁলোকৰ মাজত জ্যোন ব', চি থে ব', চে ইউ লোৱম, ম‌ইব' আদি লোকনৃত্যৰ প্ৰচলন আছে। এইবোৰৰ লগত সংগতি ৰাখি তেওঁলোকে কেতবোৰ লোকগীতো পৰিবেশন কৰে। পৰম্পৰাগত লোকগীতসমূহৰ ভিতৰত চাপল' গীত, ক্ৰ গ, ঙ চায়, নাও লেম আদি উল্লেখযোগ্য।

বিবাহ পদ্ধতি

টাংছাসকলৰ মাজত অতীতত কেৱল জাৰকালিহে বিয়া হৈছিল। আজিকালি সেই নিয়ম নাই। সাধাৰণতে দুই ধৰণে বিয়া হয়। দৰাৰ মাক-দেউতাকে ছোৱালী বন্দৱস্ত কৰে। সাধাৰণতে মোমায়েকৰ ভাগিন বিয়া নকৰায়। জৰিমনা ভৰিব লাগে। এনেধৰণে যদি বিবাহ হয় তাক ’খকৰুং কিং’ বুলি কয়। যদি মোমায়েকৰ জীয়েকৰ সম্পৰ্কত বিয়া নহয় নতুন ফৈদৰ লগত সম্পৰ্ক কৰিব বিচাৰে আৰু বিয়াৰ বন্দৱস্তও হয়গৈ তেনেহ’লে তাক ’লামতান’ বুলি কয়। এই সম্পৰ্কই স্থায়ী ৰূপ পাবলৈ ১৪০ টকাৰ পৰা ৩০০ টকা দি ছোৱালীজনীৰ সন্মতি লয়। টাংছা সমাজখনত ডেকা-গাভৰুৰ অবাধ মিলামিচাত কোনো বাধা নাই যদিও কোনোধৰণৰ অসামাজিক আচৰণ এওঁলোকে কৰিব নোৱাৰে। মৰং ঘৰত প্ৰেম কৰি যদি কোনো ছোৱালী গৰ্ভৱতী হয় দুয়োপক্ষৰ মানুহে শুভদিন চাই ছোৱালীজনীক সামাজিকভাৱে বিয়া পাতি লৈ যায়। প্ৰেম এওঁলোকৰ কাৰণে পৱিত্ৰ আৰু প্ৰাকৃতিক নিয়ম বুলি মানি চলা দেখা যায়।

সাজপাৰ

টাংছাসকলে নিজৰ সাজ-পোছাক ঘৰতে তৈয়াৰ কৰি লয়। টাংছা তিৰোতাই সাধাৰণতে ডাঠ নীলা, ৰঙা ক’লা আৰু বগা ৰঙৰ সূতাৰে দীঘে দীঘে আঁক-বাঁক থকা মেখেলা (এওঁলোকে দুইমূৰ নিচিলায়) খোছা বা খাটছা পিন্ধে। গাভৰুসকলে ক’লা মেখলা বা আন ৰঙৰ মেখেলা পিন্ধে। গাত ব্লাউজ আৰু (খুপক) চাদৰ লয়। অলংকাৰ হিচাপে ক'প'ৱি (গোটা পইছাৰে নিৰ্মিত মালা), তিদুং (পৰম্পৰাগত খাৰু) আৰু নাচুং (পৰম্পৰাগতকাণফুলি) আদু পৰিধান কৰে। পুৰুষসকলে বিভিন্ন ৰঙৰ সূতাৰে বোৱা লুঙি, চোলা আৰু মূ্ৰত পাগুৰি (খুপাপ) মাৰে। টিকক পাহাৰৰ টাংছাসকলে চ্যমতুংগ (পৰম্পৰাগত চোলা' পিন্ধে। টাংছাসকলৰ বিভিন্ন বংশৰ লোকসকলৰ সাজ-পোছাকতো কিছু বিভিন্নতা দেখা যায়। টাংছা নাৰীয়ে কাণত জাংফাই কেৰু, কাঠ বা বেতেৰে নিৰ্মিত ফিনৰং (ছাগলী শিং আকৃতিৰ কাণফুলি), কড়িৰ মালা, বিভিন্ন ৰঙৰ মণিৰে, কেতিয়াবা ৰূপৰ টকাৰে ডিঙিত মালা পিন্ধে। আগৰ দিনত কাঠ আৰু বাঁহৰ পৰা নিৰ্মাণ কৰা মালা, কাণফুলি, খাৰুৰ প্ৰচলন আছিল। পুৰুষসকলে মূৰৰ চুলি ওপৰলৈ তুলি খোপাৰ দৰে বান্ধিছিল যদিও আজিকালি এনেদৰে খোপা দেখা নাযায়। বেতৰ টুপীত সুন্দৰকৈ ধনেশ চৰাইৰ পাখি (ৱাৰা), বৰা গাহৰিৰ দাঁত (ভ‌অ‌অ প্পা) লগাই উৎসৱ-পাৰ্বণত পিন্ধা দেখা যায়।

বাসগৃহ

টাংছাসকলে চাংঘৰ সাজি বসবাস কৰে। সাধাৰণতে কাঠ, বাঁহ আৰু বেতেৰে ঘৰ সজা হয়। ছাউনিখনৰ বাবে জেঙুপাত ব্যৱহাৰ কৰা হয়। চাংঘৰ সাজোতেও ঠাইডোখৰ ভাল নে বেয়া মঙল চোৱা হয়। মঙল চোৱাৰ নিয়ম অনুসৰি প্ৰথমে ঘৰ সাজিব খোজা ঠাইডোখৰ চাফা কৰি পৰিয়ালৰ সদস্য সংখ্যা অনুসৰি ঘৰৰ চাউল বাইপাতত বান্ধি পুতি থৈ যায় আৰু পিচদিনা সেয়া আহি চায়হি। চাওঁতে যদি চাউলকেইটা নাভাগে তেতিয়া সেই ঠাই ঘৰ সাজিবলৈ উপযুক্ত বুলি ভাবে আৰু যদি চাউলকেইটা ভাগে সেই ঠাইত ঘৰ নাসাজে। তদুপৰি কিছুমানে দুডাল গজালি ওলোৱা বাঁহ সমানে সমানে চকু থকাতে কাটি জুইত পুৰি ফুটায়। যদি বাঁহৰ চকু দুটা বাওঁফালে ফুটে মংগল হয়, নহ’লে ঠাইডোখৰ ভাল নহয় বুলি ভাবে। ঘৰ সজা ঠাইডোখৰ সদায় ওখ আৰু ঘৰ পূবফালে মুখ কৰি সাজে। ঘৰ সজা কাঠডাল লতাৰে পাক খোৱা হ’ব নালাগিব। প্ৰথম কোঠাটো ডাঙৰ ল’ৰাৰ কোঠা, তাৰ পাছত সৰুজনৰ, তাৰ পাছত বুঢ়া-বুঢ়ী বা মাক-দেউতাকৰ আৰু তাৰ পাছৰ কোঠাটো ঘৰৰ ছোৱালীবোৰৰ। তাৰপাছত থাকে ধান খুন্দা উৰাল। ঘৰটোৰ আগফালে-পাচফালে দুখন দুৱাৰ থাকে। পাচফালে ঘৰৰ ভিতৰ সোমোৱাটো চুৰ কৰাৰ সমান অপৰাধ বুলি ধৰা হয়। তাৰ বাবে জৰিমনাও ভৰিব লগা হয়।

খাদ্যসম্ভাৰ

টাংছাসকলৰ প্ৰধান খাদ্য হ’ল ভাত। তেওঁলোকে বিভিন্নধৰণৰ ধানৰ খেতি কৰে। তাৰে ভিতৰত কণী ধান, মৰুৱা ধান, আখৈ ধান ইত্যাদি। টাংছাসকলে কুকুৰ, মেকুৰী, ঘোঁৰা, নিগনি, শগুন আদিৰ বাহিৰে সকলো বিধৰ মাংস খায়। মাছতকৈ মাংস খায় ভাল পায়। পাছাও এওঁলোকৰ প্ৰিয় খাদ্য। পাছা শৰীৰৰ বাবে বৰ উপকাৰী। বিশেষকৈ চকুৰ ৰশ্মিৰ বাবে এই পাছা মহৌষধ। সপ্তাহত এবাৰকৈ এবছৰ যদি পাছা খোৱা যায় চকুৰে নেদেখা মানুহৰ চকুৰ ৰশ্মি ঘূৰাই পায়। পাছা তৈয়াৰ কৰিবলৈ মাছখিনি বাকলি গুচাই অলপ সময় জুইত পুৰি বাকলিখিনি এৰুৱাই ফিছা আৰু পেটুখিনি পেলাই দিব লাগে। তাৰ পাছত মাছখিনি গুড়ি কৰি এই গুড়িৰ লগত বনৰীয়া মছলাৰ পাত, উৰিয়াম গছৰ পাত, জলকীয়া, নিমখ আৰু পানী ঢালি থৈ দিয়া হয়। বাঁহৰ চুঙা আৰু ভাপত ভাত সিজোৱা হয়।

শিক্ষা ব্যৱস্থা

টাংছা জনজাতিসকল অসমত বসবাস কৰি (যিসকল অসমত থাকে) অসমীয়া ভাষাও সলসলীয়াকৈ ক’ব পাৰে। শিক্ষা-দীক্ষাৰ ক্ষেত্ৰত অতি পিচপৰা এই জাতিটোৰ শেহতীয়াকৈ এক উন্নয়নৰ সম্ভাৱনা দেখা গৈছে। উঠি অহা শিক্ষিতচামে উপলব্ধি কৰিছে শিক্ষাৰ গুৰুত্ব। জাতীয় কলা-কৃষ্টি-সংস্কৃতি সংৰক্ষণৰ বাবে বিভিন্ন অনুষ্ঠান সৃষ্টি হৈছে।

তথ্যসংগ্ৰহ

Tags:

টাংছা জনগোষ্ঠী অসমলৈ প্ৰৱেশটাংছা জনগোষ্ঠী ইতিহাসটাংছা জনগোষ্ঠী উৎসৱসমূহটাংছা জনগোষ্ঠী বিবাহ পদ্ধতিটাংছা জনগোষ্ঠী সাজপাৰটাংছা জনগোষ্ঠী বাসগৃহটাংছা জনগোষ্ঠী খাদ্যসম্ভাৰটাংছা জনগোষ্ঠী শিক্ষা ব্যৱস্থাটাংছা জনগোষ্ঠী তথ্যসংগ্ৰহটাংছা জনগোষ্ঠীঅসমঅৰুণাচল

🔥 Trending searches on Wiki অসমীয়া:

জৱাহৰলাল নেহৰুযোৰহাট (লোকসভা সমষ্টি)চেৰা-বিহুঅসমৰ সমস্যাকাৰ্বি আংলং জিলাঅসমীয়া গীতি সাহিত্যআধুনিকতাবাদখৰিকাজাইৰামায়ণদীৰ্ঘেশ্বৰী দেৱালয়সমাজবাদঅন্নপ্ৰাশনভাস্কৰাব্দসৌৰভ কুমাৰ চলিহাচৰাইআহোম ভাষাগাৰো জনগোষ্ঠীমেজিগণেশলোকসভাৰ অধ্যক্ষভীমৰাও ৰামজী আম্বেদকাৰবিজ্ঞানঅসমৰ সাহিত্যিকসকলৰ তালিকাবৈচাগুপ্ৰাঞ্জল শইকীয়াছক্ৰেটিছশোণিতপুৰ (লোকসভা সমষ্টি)ৰাজনৈতিক দলবিহুদেউৰী জনগোষ্ঠীবিহু নৃত্যহাইদাং২০০০ দশকৰ অসমীয়া চলচ্চিত্ৰৰ তালিকাশীতল যুদ্ধঢেঁকীলোক-সংগীতজিকিৰশিশুভূগোলমুঠিখাৰুদেওহাঁহজীৱনীখোলভটিমাধানমৌলিক সংখ্যাভাৰত-আৰ্য ভাষা পৰিয়ালজাতীয়তাবাদবুলু ফিল্মভাৰতীয় দৰ্শনঅশোক ফুলবাঁহীমিঠু বৰুৱাল'ৰামাটিজোৰোণনৱবিধা ভক্তিগগনাশিৱহাবুংএইচ.আই.ভি/এইড্‌ছআপেক্ষিকতাবাদ তত্ত্বহোলোঙাপাৰ গিবন অভয়াৰণ্যজয়মতী কুঁৱৰীভট্টদেৱৰ গদ্যশৈলীৰঙিয়া (বিধানসভা সমষ্টি)অসমৰ শাক-পাচলিৰ তালিকাযুগ্ম সংখ্যাঅষ্টাংগিক আৰ্য মাৰ্গসদৌ অসম ছাত্ৰ সন্থামৃত্যুঞ্জয়প্ৰাগজ্যোতিষপুৰঅসমৰ লোকসভা সমষ্টিসমূহৰ তালিকাভাৰতীয় ভাষা🡆 More