জেৰুজালেম

জেৰুজালেম (/dʒəˈruːsələm/) ভূমধ্য সাগৰ (Mediterranean Sea) ৰ আৰু মৃত সাগৰ (Dead sea)ৰ মাজত জুডিয়ান পৰ্বতমালা (Judean Mountains)ৰ এক মালভূমিত অৱস্থিত বিশ্বৰ ভিতৰতে এক প্ৰাচীন চহৰ। এই চহৰখন বিশ্বৰ তিনিটা ধৰ্ম, মুছলমান, খ্ৰীষ্টান আৰু ইহুদী লোকৰ বাবে এক পবিত্ৰ তীৰ্থস্থান বুলি গণ্য কৰা হয়। ইজৰাইল আৰু পেলেষ্টাইন দুয়োখন দেশে এই চহৰক ৰাজধানী বুলি গণ্য কৰে আৰু ইয়াৰ ওপৰত অধিকাৰ দাবী কৰি আহিছে।

জেৰুজালেম
Hebrew: יְרוּשָׁלַיִם (Yerushalayim)
Arabic: القُدس (al-Quds)
Aramaic: יְרוּשְׁלֶם (Yərushəlem)
—  City  —
জেৰুজালেম
Old City from the Mount of Olives with Al-Aqsa Mosque (left) and Dome of the Rock (right) on the Temple Mount
জেৰুজালেম
Tower of David
জেৰুজালেম
Zion Square
জেৰুজালেম
Chords Bridge
জেৰুজালেম
Mamilla Mall
জেৰুজালেম
Western Wall
জেৰুজালেম
Shrine of the Book
জেৰুজালেম
Holy Sepulchre
জেৰুজালেম
পতাকা
Emblem of Jerusalem
Coat of arms
অন্য নাম: Ir ha-Kodesh (The Holy City), Bayt al-Maqdis (House of the Holiness)
ভৌগোলিক স্থানাংক: 31°47′N 35°13′E / 31.783°N 35.217°E / 31.783; 35.217 35°13′E / 31.783°N 35.217°E / 31.783; 35.217
Claimed by Israel
Palestine[vii]
Administered by Israel
Israeli District Jerusalem
Palestinian Governorate Jerusalem
চৰকাৰ
 - প্ৰকাৰ Mayor–Council
 - পৰিষদ Jerusalem Municipality
 - Israeli Mayor Nir Barkat
মাটিকালি
 - City 1,25,156 dunams (125.2 km2 / 48.3 sq mi)
 - মহানগৰ ৬৫২ কি.মি. 
(২৫১.৭ বৰ্গ মাইল)
উচ্চতা ৭৫৪ মিটাৰ (২,৪৭৩.৭৫ ফুট)
জনসংখ্যা (২০১৩)
 - City ৮,৯০,৪২৮'"`UNIQ--ref-০০০০০০০২-QINU`"' জন
 - জনঘনত্ব ৬,৪০০ প্ৰতি বৰ্গ কি.মি. 
(১৬,৫৭৫.৯ প্ৰতি বৰ্গ মাইল)
 - মহানগৰ ১০,২৯,৩০০ জন
বিশেষণ Jerusalemite, West Jerusalemite, East Jerusalemite
Qudsi/Maqdisi (used by Palestinians)
সময় অঞ্চল   (গ্ৰী.মা.স.+2)
 - গ্ৰীষ্ম (দি স স)   (গ্ৰী.মা.স.+3)
অঞ্চল কোড Overseas dialling: +972-2
Local dialling: 02
ৱেবছাইট jerusalem.muni.il[iv]

দীঘলীয়া ইতিহাসত জেৰুজালেম কমেও দুবাৰ ধ্বংস কৰা হৈছিল, ২৩ বাৰ ঘেৰাও, ৫২ বাৰ আক্ৰমণ আৰু ৪৪ বাৰ বলপূৰ্বক দখল কৰা হৈছিল। এই মহানগৰৰ আটাইতকৈ প্ৰাচীন আংশটোত ’4th millennium BCE’ ৰ সময়তে মানুহে বসবাস কৰিবলৈ লৈছিল। ১৫৩৮ চনত ছুলেইমান শাসনৰ অধীনত জেৰুজালেমৰ চাৰিওদিশে দেৱাল নিৰ্মাণ কৰা হৈছিল। বৰ্তমান সেই দেৱালসমূহেই প্ৰাচীন মহানগৰৰ সীমা নিৰ্ধাৰণ কৰে। এই প্ৰাচীন অংশটো ঐতিহাসিকভাৱে চাৰিটা খণ্ডত বিভক্ত কৰা হৈছিল- আৰমেনিয়ান (Armenian), খ্ৰীষ্টান, ইহুদী আৰু মুছলমান খণ্ড। প্ৰাচীন মহানগৰৰ অংশটোৱে ১৯৮১ চনত হেৰিটেজ ছাইটৰ মৰ্য্যদা লাভ কৰে। বৰ্তমান এই মহানগৰক বিপদাপন্ন ৱৰ্ল্ড হেৰিটেজ ছাইট (World Heritage in Danger) বুলি ঘোষণা কৰা হৈছে। আধুনিক জেৰুজালেম প্ৰাচীন চহৰখনৰ সীমাৰ পৰা যথেষ্ট বৃদ্ধি পাইছে।

বৰ্তমান জেৰুজালেমৰ স্থিতি ইজৰাইল-পেলেষ্টাইন সংঘৰ্ষৰ মূল বিতৰ্কিত বিষয়। ১৯৪৮ চনৰ আৰব-ইজৰাইলী যুদ্ধৰ সময়ত, ইজৰাইলে অন্যান্য অঞ্চলৰ লগতে পশ্চিম জেৰুজালেম অধিকাৰ কৰে। পূব জেৰুজালেমৰ লগতে প্ৰাচীন মহানগৰখন পৰৱৰ্তী কালত জৰ্ডানে অধিকাৰ কৰে। কিন্তু ১৯৬৭ চনত ইজৰাইলে ’ছদিনীয়া যুদ্ধ’ (Six-Day War)-ৰ অন্তত জৰ্ডানৰ পৰা এই অংশও নিজৰ অধীনলৈ নিয়ে। ইজৰাইলৰ ১৯৮০ জেৰুজালেম আইনে এই চহৰক ইজৰাইলৰ ৰাজধানী বুলি ঘোষণা কৰে। ইজৰাইল চৰকাৰৰ সকলো গুৰুত্বপূৰ্ণ কাৰ্যা্যলয়, প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতিৰ বাসগৃহ আৰু উচ্চতম ন্যায়ালয়ৰ কাৰ্য্যালয়ো জেৰুজালেমত প্ৰতিষ্ঠা কৰা হয়। আন্তৰাষ্ট্ৰীয় সম্প্ৰদায়ে এই বলপূৰ্বক দখলক বেআইনী বুলি ঘোষণা কৰে আৰু বৰ্তমানো পূব জেৰুজালেমক ইজৰাইলৰ দখলত থকা পেলেষ্টাইনৰ অংশ বুলি গণ্য কৰে। আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ে জেৰুজালেমক ইজৰাইলৰ ৰাজধানী বুলিও স্বীকৃতি নিদিয়ে। এই চহৰত কোনো বৈদেশিক মন্ত্ৰালয় নাই।

জনসংখ্যা

২০০৭ চনৰ ডিচেম্বৰৰ লোকপিয়ল অনুসৰি জেৰুজালেমৰ জনসংখ্যা ৭৪৭,৬০০ জন। ইয়াৰে ৬৪% ইহুদী, ৩২% মুছলমান আৰু ২% খ্ৰীষ্টান ধৰ্মাৱলম্বী লোক। ২০০৫ চনত জনসংখ্যাৰ ঘনত্ব আছিল 5,750.4 /কিমি (14,893 /বৰ্গ মাইল)। ২০০০ চনৰ এক গৱষণা অনুসৰি, ইহুদী লোকৰ সংখ্যা চহৰখনত ক্ৰমান্বয়ে কমি আহিছে। মুছলমান লোকৰ উচ্চ জন্মহাৰ আৰু ইহুদী লোকৰ প্ৰব্ৰজনেই ইয়াৰ কাৰণ বুলি ধাৰণা কৰা হয়। প্ৰায় ২০০,০০০ জন ইহুদীয়ে পূব জেৰুজালেমত বসবাস কৰি আছে যদিও এই বসতিসমূহ আন্তৰ্জাতিক নীতি অনুসৰি বেআইনী বুলি গণ্য কৰা হয়।

ধৰ্মীয় গুৰুত্ব

জেৰুজালেমৰ তীৰ্থস্থান টেম্পল মাউণ্ট
মুছলমানসকলে পয়গম্বৰ মহম্মদে স্বৰ্গলৈ যাত্ৰা কৰা স্থান বুলি গণ্য কৰা জেৰুজালেমৰ আল-আকছা মছজিদ (al-Aqsa Mosque)
ইহুদীসকলৰ তীৰ্থস্থান ৱেষ্টাৰ্ণ ৱাল
খ্ৰীষ্টানসকলৰ তীৰ্থস্থান ’Church of the Holy Sepulchre’

জেৰুজালেম বিগত ৩০০০ বছৰ জুৰি ইহুদী, প্ৰায় ২০০০ বছৰ খ্ৰীষ্টান আৰু ১৪০০ বছৰ ধৰি মুছলমান ধৰ্মাৱলম্বী লোকৰ বাবে পবিত্ৰ তীৰ্থস্থান ৰূপে পৰিগণিত হৈ আহিছে। ২০০০ চনৰ জেৰুজালেমৰ পৰিসংখ্যা ইয়েৰবুক ( The 2000 Statistical Yearbook) জেৰুজালেমত ১২০৪ চিনাগগ (synagogue), ১৫৮ গীৰ্জা আৰু ৭৩টা মছজিদ আছে।

জেৰুজালেমত ইহুদীসকলৰ ঐতিহাসিক পবিত্ৰ মন্দিৰ (Holy temple) আছিল আৰু ইয়াৰে অৱশিষ্ট হিচাপে ইহুদী অংশত বৰ্তমান ৱেষ্টাৰ্ন ৱাল (Western Wall) অৱস্থিত। এই পবিত্ৰ মন্দিৰৰ ভিতৰতে ইহুদীসকলে পৃথিৱী সৃষ্টিৰ স্থান থকা বুলি বিশ্বাস কৰে। শ্ৰুতি অনুসৰি ইয়াতে আব্ৰাহামে তেওঁৰ পুত্ৰ আইজাকক বলি দিবলৈ সাজু হৈছিল।

আনহাতে খ্ৰীষ্টানসকলে বিশ্বাস কৰে যে যীশুক জন্মৰ পিছতে জেৰুজালেমলৈ অনা হৈছিল আৰু দ্বিতীয় মন্দিৰত ৰখা হৈছিল। জেৰুজালেমৰ জিয়ন পৰ্বত (Mount Zion)ত থকা ’Cenacle’ নামৰ অঞ্চলটো যীশুৰ অন্তিম আহাৰ (Last Supper) ৰ স্থান বুলি গণ্য কৰা হয়।

তেনেদৰে ছুন্নী মুছলমান সকলৰ বাবে জেৰুজালেম এক পবিত্ৰ স্থান। মক্কাৰ কাবা (Kaaba) লৈ স্থায়ীভাৱে স্থানান্তৰ কৰাৰ প্ৰায় এবছৰ পূৰ্বলৈকে মুছলমানসকলৰ কিবলা (qibla (প্ৰাৰ্থনাৰ দিশ)) জেৰুজালেম বুলি গণ্য কৰা হৈছিল। মুছলমানসকলে বিশ্বাস কৰে যে মহম্মদক ঐশ্বৰিকভাৱে এনিশা মক্কাৰ পৰা জেৰুজালেমৰ টেম্প’ল মাউণ্টলৈ স্থানান্তৰ কৰা হৈছিল আৰু ইয়াৰ পৰাই মহম্মদে ইছলাম ধৰ্মৰ পূৰ্বসুৰীসকলক লগ কৰিবলৈ স্বৰ্গলৈ যাত্ৰা কৰিছিল (Night of Ascension (c. CE 620))।

জেৰুজালেম 
অলিভছ পৰ্বতৰ পৰা জেৰুজালেমৰ এক পেন’ৰ’মিক চিত্ৰ

তথ্যসূত্ৰ

  • Cheshin, Amir S.; Bill Hutman and Avi Melamed (1999). Separate and Unequal: the Inside Story of Israeli Rule in East Jerusalem Harvard University Press ISBN 978-0-674-80136-3
  • Cline, Eric (2004) Jerusalem Besieged: From Ancient Canaan to Modern Israel. Ann Arbor: University of Michigan Press ISBN 0-472-11313-5.
  • Collins, Larry, and La Pierre, Dominique (1988). O Jerusalem!. New York: Simon and Schuster ISBN 0-671-66241-4
  • Gold, Dore (2007) The Fight for Jerusalem: Radical Islam, The West, and the Future of the Holy City. International Publishing Company J-M, Ltd. ISBN 978-1-59698-029-7
  • Köchler, Hans (1981) The Legal Aspects of the Palestine Problem with Special Regard to the Question of Jerusalem Vienna: Braumüller ISBN 3-7003-0278-9
  • The Holy Cities: Jerusalem produced by Danae Film Production, distributed by HDH Communications; 2006
  • Wasserstein, Bernard (2002) Divided Jerusalem: The Struggle for the Holy City New Haven and London: Yale University Press. ISBN 0-300-09730-1
  • "Keys to Jerusalem: A Brief Overview", The Royal Islamic Strategic Studies Center, Amman, Jordan, 2010. http://www.rissc.jo/docs/J101-10-10-10.pdf
  • Sebag Montefiore, Simon (2011) Jerusalem: The Biography, London: Weidenfeld and Nicolson, ISBN 978-0-297-85265-0
  • Young, Robb A (2012) Hezekiah in History and Tradition Brill Global Oriental Hotei Publishing, Netherlands

বাহ্যিক সংযোগ

চৰকাৰ

সংস্কৃতি

শিক্ষা

ভূচিত্ৰাৱলী

ধৰ্ম

Tags:

জেৰুজালেম জনসংখ্যাজেৰুজালেম ধৰ্মীয় গুৰুত্বজেৰুজালেম তথ্যসূত্ৰজেৰুজালেম লগতে চাওকজেৰুজালেম বাহ্যিক সংযোগজেৰুজালেমen:Help:IPA for Englishভূমধ্য সাগৰৱিকিপিডিয়া:IPA for English

🔥 Trending searches on Wiki অসমীয়া:

সম্পাদনাপ্ৰেমচন্দতেজমাৰ্চভাৰতীয় জাতীয় কংগ্ৰেছকাৰাটেবেদযনিভূপেন হাজৰিকাভাৰত ৰত্নউমাচল শিলালিপিমিৰি জীয়ৰীবাণীকান্ত কাকতিনিমাতী কইনাসেউজ গৃহ প্ৰভাৱকাৰেংঘৰহৰেকৃষ্ণ ডেকাবন্দে মাতৰম্‌কোষ (জীৱবিজ্ঞান)খোলদ-পৰ্বতীয়াৰ শিলৰ দুৱাৰবায়ু প্ৰদূষণমণিপুৰ সংঘৰ্ষ ২০২৩পৰিয়ালশাল গছধানভাষাবিজ্ঞানভঠেলিনৰকাসুৰঅসমৰ লোকবাদ্যবিহুগীতত্ৰিভুজভাৰতৰ জৰুৰীকালীন অৱস্থা, ১৯৭৫ৰামায়ণনলবাৰী জিলাআনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন-চৰিত্ৰনুৰ জাহান (মোগল সম্ৰাজ্ঞী)লক্ষ্মীধৰ শৰ্মাসৰস্বতী পূজাশ্ৰী শ্ৰী বটদ্ৰৱা থান২২ এপ্ৰিলফুৰালুং ধৰ্মবংগ বিভাজন (১৯০৫)আহোম ধৰ্মঅসমৰ জিলাসমূহগণৰাজ্য দিৱস (ভাৰত)মণিৰাম দেৱানগায়ত্ৰী মহন্তপদুমকমলাবাৰী সত্ৰনৱকান্ত বৰুৱামঙ্গলদৈ (লোকসভা সমষ্টি)আমমুহাম্মাদঅসমীয়া লোক-সংস্কৃতিত ভূত-প্ৰেতচলচ্চিত্ৰইন্দিৰা মিৰিভগদত্তখ্ৰীষ্টান ধৰ্মমানৱ ভূগোলউত্তৰ-পূব ভাৰতব্ৰহ্মপুত্ৰ নদসৰ্বেপল্লী ৰাধাকৃষ্ণণশিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ আইন, ২০০৯গাঁও পঞ্চায়তহাতীপটিঅনুৰাধাৰ দেশমুখমৈথুনৱেবছাইটমৌৰ্য সাম্ৰাজ্যগৰুকম্পিউটাৰউদাৰনৈতিকতাবাদ🡆 More