জগন্নাথ বৰুৱা: চাহ খেতিয়ক

ৰায়বাহাদুৰ জগন্নাথ বৰুৱা (ইংৰাজী: Jagannath Barooah) অসমৰ চাহ উদ্যোগৰ গুৰি ধৰোঁতা লোকসকলৰ মাজত অন্যতম। যোৰহাটত জীৱনকাল অতিবাহিত কৰা বৰুৱা আছিল উজনি অসমৰ প্ৰথমজন স্নাতক। ১৯৩০ চনত যোৰহাটত স্থাপন কৰা ভাৰতৰ উত্তৰ পূবৰ দ্বিতীয়খন মহাবিদ্যালয় অৰ্থাৎ জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ নামকৰণো তেওঁৰ নামতে কৰা হৈছিল। বিশ্ববিদ্যালয়ৰ স্নাতক উপাধি থকা তেৱেঁই অসমৰ প্ৰথমগৰাকী চাহ খেতিয়ক। ইংৰাজসকলে তেওঁক ৰায়বাহাদুৰ উপাধি প্ৰদান কৰিছিল।

ৰায়বাহাদুৰ
জগন্নাথ বৰুৱা
জগন্নাথ বৰুৱা: জন্ম আৰু শিক্ষা, চাহ খেতিত মনোনিৱেশ, সৰ্বজানিক সভা স্থাপন
জন্ম ২৯ অক্টোবৰ, ১৮৫১
মৃত্যু ২১ এপ্ৰিল, ১৯০৭
কলকাতা
ৰাষ্ট্ৰীয়তা জগন্নাথ বৰুৱা: জন্ম আৰু শিক্ষা, চাহ খেতিত মনোনিৱেশ, সৰ্বজানিক সভা স্থাপন ভাৰত
নাগৰিকত্ব ভাৰতীয়
শিক্ষা স্নাতক
পেচা চাহ খেতি আৰু ব্যৱসায়
জনা যায় অসমৰ চাহ উদ্যোগৰ অন্যতম গুৰি ধৰোঁতা, উজনি অসমৰ প্ৰথমজন স্নাতক
গৃহস্থান যোৰহাট
ধৰ্ম হিন্দু
দাম্পত্যসঙ্গী লীলাৱতী বৰুৱা, ত্ৰৈলোকেশ্বৰী বৰুৱা
পিতৃ-মাতৃ হেমধৰ বৰুৱা
সন্তান স্বৰ্ণশচী, দেৱেন্দ্ৰনাথ

জন্ম আৰু শিক্ষা

১৮৫১ চনৰ ২৯ অক্টোবৰত যোৰহাটৰ ৰাজহাউলীত জগন্নাথ বৰুৱাৰ জন্ম হয়। তেওঁৰ পিতৃ হেমধৰ বৰুৱা আছিল অসমৰ এগৰাকী আগশাৰীৰ চাহ খেতিয়ক। এফএ বা ফাৰ্ষ্ট আৰ্টছ পাঠ্যক্ৰম সম্পূৰ্ণ কৰি বৰুৱাই জলপানি পাই কলকাতাৰ প্ৰেসিডেন্সী কলেজত নামভৰ্তি কৰে। ১৮৭২ চনত তেওঁ সেই কলেজৰ পৰা স্নাতক উপাধি লাভ কৰে। তেওঁ আছিল উজনি অসমৰ প্ৰথমজন স্নাতক। সেই সময়ত তেওঁ মানুহৰ মাজত বিএ জগন্নাথ নামেৰে পৰিচিত আছিল। ইয়াৰ পিছতে ১৮৭৫ চনত তেওঁ সফলতাৰে অসামৰিক সেৱাত অৱত্তীৰ্ণ হৈ উপ-দণ্ডাধীশৰ পদবী লাভ কৰে যদিও অচিৰেই এই ক্ষেত্ৰখন এৰে।

চাহ খেতিত মনোনিৱেশ

অসামৰিক সেৱা এৰাৰ পিছত জগন্নাথ বৰুৱাই পিতৃ হেমধৰ বৰুৱা আৰু ভ্ৰাতৃ কৃষ্ণকান্ত বৰুৱাৰ সৈতে মিলি নিজাকৈ চাহ খেতি কৰিবলৈ অহোপুৰুষাৰ্থ কৰে আৰু সেইমতে লেটেকুজান গ্ৰাণ্ট ইংৰাজ চৰকাৰৰ পৰা ক্ৰয় কৰাৰ লগতে টিপমীয়া আৰু বচাবাৰীত চাহ বাগিছা খোলে। পিছলৈ তিৰুৱাল, বাঁহনি আৰু ৰৰৈয়াৰ বাগিছাও এই তালিকাত যোগ হয়। ইয়াৰে তিৰুৱাল চাহ বাগিছা ৰাধাকান্ত সন্দিকৈয়ে ক্ৰয় কৰিছিল আৰু জগন্নাথ বৰুৱাৰ সহযোগত ইয়াক পৰিচালনা কৰিছিল। ৰৰৈয়া বাগিছা জগন্নাথ বৰুৱা আৰু কৰ্ণেল ড° শিৱনাথ বৰাই যুটীয়াভাৱে ক্ৰয় কৰিছিল। আনহাতে চন্দ্ৰকান্ত গগৈয়ে বাঁহনিত বৰুৱাৰ সহযোগতেই চাহ খেতিৰ আৰম্ভণি কৰিছিল।

সৰ্বজানিক সভা স্থাপন

১৮৮৪ চনৰ ৯ ডিচেম্বৰত জগন্নাথ বৰুৱাৰ নেতৃত্বত সৰ্বজানিক সভা নামেৰে এক ৰাজনৈতিক অনুষ্ঠান স্থাপন কৰা হয়। এই অনুষ্ঠানৰ মুখ্য উদ্দেশ্য আছিল জনতাৰ আশা-আকাংক্ষাসমূহ ইংৰাজ চৰকাৰৰ সন্মুখত উপস্থাপন কৰা।

ৰায়বাহাদুৰ উপাধি লাভ

অসমৰ বাণিজ্যিক ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ বাবে শাসনাধিস্থিত ইংৰাজ চৰকাৰে জগন্নাথ বৰুৱাক ৰায়বাহাদুৰ উপাধি প্ৰদান কৰে।

মৃত্যু

১৯০৭ চনৰ ২১ এপ্ৰিলত জগন্নাথ বৰুৱাৰ দেহাৱসান ঘটে।

তেওঁৰ মৃত্যুৰ পিছত ১৯৩৮ চনত জগন্নাথ বৰুৱাৰ নাতি মুৰুলীধৰ বৰুৱাই সমস্ত মাটিৰে সৈতে বাসগৃহ বৰপাত্ৰ কুটীৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ বাবে দান কৰে।

তথ্য সংগ্ৰহ

Tags:

জগন্নাথ বৰুৱা জন্ম আৰু শিক্ষাজগন্নাথ বৰুৱা চাহ খেতিত মনোনিৱেশজগন্নাথ বৰুৱা সৰ্বজানিক সভা স্থাপনজগন্নাথ বৰুৱা ৰায়বাহাদুৰ উপাধি লাভজগন্নাথ বৰুৱা মৃত্যুজগন্নাথ বৰুৱা তথ্য সংগ্ৰহজগন্নাথ বৰুৱাইংৰাজী ভাষাউজনি অসমউত্তৰ পূব ভাৰতজগন্নাথ বৰুৱা মহাবিদ্যালয়ভাৰতযোৰহাট

🔥 Trending searches on Wiki অসমীয়া:

সমীৰ তাঁতীশৰাইঘাটৰ যুদ্ধবাল্য বিবাহপানীব্যাকৰণজাপিকৃষ্ণআউনীআটী সত্ৰনৱ-বৈষ্ণৱ ধৰ্মশিৱসাগৰ জিলাফাকুৱাঅপাৰেটিং চিষ্টেমমাটিৰ হিচাপশাল গছজোৰোণসত্যনাথ বৰাৱেবছাইটপ্ৰথম বিশ্বযুদ্ধথমাছ আলভা এডিচনমিচিং জনগোষ্ঠীৰ সাজপাৰবিহুৰ খাদ্যচিপকো আন্দোলননামদাঙৰ শিলৰ সাঁকোকৃষ্ণচূড়াকেন্দ্ৰীয় শাসিত অঞ্চলমহাভৈৰৱ মন্দিৰঘৰচিৰিকাবিহুৰ সাজ-পোচাক আৰু অলংকাৰমাটিচুটিগল্পভগদত্তমানৱ শৰীৰঅসমৰ ধান খেতিৰ সঁজুলিসমূহকথা-ভাগৱতদিনচানডুবি বিলঅসমৰ মাছ ধৰা সঁজুলিআমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিসকলৰ তালিকাভট্টদেৱৰ গদ্যশৈলীমিৰি জীয়ৰীচাৰ্লছ ডাৰউইনগোৱালপাৰীয়া উপভাষাচ্যু-কা-ফাভট্টদেৱঅপৰিমেয় সংখ্যাসংখ্যাৰ প্ৰকাৰসমূহৰ তালিকাশকুন্তলাকেতেকীমণিপুৰ সংঘৰ্ষ ২০২৩কাৰেঙৰ লিগিৰীকমলাকান্ত ভট্টাচাৰ্য্যচকৰি ফেঁটী বুৰঞ্জীঅসমৰ ৰাজ্যপালসকলৰ তালিকাব্লগকৃষিদীৰ্ঘেশ্বৰী দেৱালয়পালি ভাষাসাহিত্য অকাডেমি বঁটাঅযোধ্যা (পৌৰাণিক নগৰ)চিপাহী বিদ্ৰোহ ১৮৫৭সমাৰ্থক শব্দসম্পাদনাভাইটি (চলচ্চিত্ৰ)কিতাপ পঢ়াৰ আনন্দকাঞ্চন (উপন্যাস)অসমীয়া ব্যাকৰণপদুমঅসমৰ লোকবাদ্যশ্ৰীমন্ত শংকৰদেৱৰামধেনুনবীনচন্দ্ৰ বৰদলৈহীৰেন গোহাঁইকৃষ্ণ ভূঞাফলৰ তালিকাৰুক্মিণী হৰণ নাটহাতী🡆 More