ছিক্কিম: উত্তৰ-পূব ভাৰতৰ ৰাজ্য

ছিক্কিম (ইংৰাজী: Sikkim;  শুনক) হিমালয় পৰ্বতমালাৰ ওপৰত অৱস্থিত উত্তৰ-পূব ভাৰতৰ এখন ৰাজ্য। ছিক্কিমৰ জনসংখ্যা আৰু মাটিকালি ভাৰতবৰ্ষৰ ৰাজ্যসমূহৰ ভিতৰত গোৱাৰ পিছতেই আটাইতকৈ কম। ছিক্কিম নামজ্ঞাল ৰাজবংশৰ দ্বাৰা শাসিত এখন স্বাধীন ৰাষ্ট্ৰ আছিল। কিন্তু প্ৰশাসনিক সমস্যাৰ ফলত হোৱা এক জনমতৰ পিছত ই ভাৰতবৰ্ষৰ লগত মিলি যায়। ইয়াৰ ফলতেই ছিক্কিমত ৰাজতন্ত্ৰৰ অন্ত তথা ইয়াত ভাৰতীয় সংবিধানৰ নিয়ম-প্ৰণালীৰ মতে এখন ৰাজ্যলৈ পৰিৱৰ্তন হয়।

ছিক্কিম
—  ৰাজ্য  —
ছিক্কিম: নামৰ উৎপত্তি, ভূগোল, প্ৰশাসনিক বিভাজন
ছিক্কিম: নামৰ উৎপত্তি, ভূগোল, প্ৰশাসনিক বিভাজন
ছিক্কিম: নামৰ উৎপত্তি, ভূগোল, প্ৰশাসনিক বিভাজন
ছিক্কিম: নামৰ উৎপত্তি, ভূগোল, প্ৰশাসনিক বিভাজন
ছিক্কিম: নামৰ উৎপত্তি, ভূগোল, প্ৰশাসনিক বিভাজন
ছিক্কিম: নামৰ উৎপত্তি, ভূগোল, প্ৰশাসনিক বিভাজন
(ওপৰৰ পৰা বাওঁফাললৈ) বুদ্ধ উদ্যান, ৰাভাংলা; এটা মঠত সন্ন্যাসী; কাঞ্চনজংঘা; গুৰুডংমাৰ হ্ৰদ; ৰুমটেক মঠ; টেমি চাহ বাগিচা
ছিক্কিম: নামৰ উৎপত্তি, ভূগোল, প্ৰশাসনিক বিভাজন
পতাকা
ছিক্কিম: নামৰ উৎপত্তি, ভূগোল, প্ৰশাসনিক বিভাজন
মোহৰ
ছিক্কিম: নামৰ উৎপত্তি, ভূগোল, প্ৰশাসনিক বিভাজন
ভাৰতবৰ্ষত ছিক্কিমৰ অৱস্থান
ভাৰতবৰ্ষত ছিক্কিমৰ অৱস্থান
ছিক্কিম: নামৰ উৎপত্তি, ভূগোল, প্ৰশাসনিক বিভাজন
ছিক্কিমৰ ভূচিত্ৰাৱলী
ছিক্কিমৰ ভূচিত্ৰাৱলী
ভৌগোলিক স্থানাংক (গেংটক): 27°20′N 88°37′E / 27.33°N 88.62°E / 27.33; 88.62 88°37′E / 27.33°N 88.62°E / 27.33; 88.62
দেশ ছিক্কিম: নামৰ উৎপত্তি, ভূগোল, প্ৰশাসনিক বিভাজন ভাৰত
প্ৰতিষ্ঠা ১৬ মে', ১৯৭৫
ৰাজধানী গেংটক
জিলা
চৰকাৰ
 - ৰাজ্যপাল
 - মুখ্য মন্ত্ৰী
 - বিধান সভা (আসন) এককক্ষীয় (৩২ খন)
মাটিকালি
 - মুঠ ৭,০৯৬ কি.মি. 
(২,৭৩৯.৮ বৰ্গ মাইল)
অঞ্চলৰ স্থানাংক ২৭তম
জনসংখ্যা (২০১১)
 - মুঠ ৬,০৭,৬৮৮ জন
 - স্থান ২৮তমতম
 - জনঘনত্ব ৮৫.৬ প্ৰতি বৰ্গ কি.মি. 
(২২১.৮ প্ৰতি বৰ্গ মাইল)
সময় অঞ্চল ভা.মা.স. (গ্ৰী.মা.স.+০৫:৩০)
আই এচ অ’ ৩১৬৬ কোড IN-SK
মানব বিকাশ সূচাংক (HDI) বৃদ্ধি 0.684 (মধ্যম)
মানব বিকাশ সূচাংকস্থান ৭ তম (২০০৫)
সাক্ষৰতা হাৰ ৭৬.৬% (সপ্তম)
চৰকাৰী ভাষা নেপালী, ভূটিয়া, লেপছা (১৯৭৭ পৰা), লিম্বু (১৯৮১ পৰা), নেৱাৰী, ৰায়, গুৰুঙ, মাংগাৰ, শ্বেৰ্পা, তামাঙ (১৯৯৫পৰা) আৰু ছুনৱাৰ (১৯৯৬পৰা)
ৱেবছাইট sikkim.gov.in

এই ৰাজ্যৰ পশ্চিমে নেপাল, উত্তৰ আৰু পূব দিশত তিব্বত, দক্ষিণ-পূবে ভূটান আৰু দক্ষিণে পশ্চিমবংগ ৰাজ্য অৱস্থিত। ভাৰতবৰ্ষৰ ছিক্কিম হৈছে এনে এক ৰাজ্য য'ত নেপালী সম্প্ৰদায় মানুহৰ সংখ্যা সকলোতকৈ বেছি। ইয়াত ১১টাকৈ চৰকাৰী ভাষা ব্যৱহৃত হয়- নেপালী, লেপছা, ভূটিয়া, লিম্বু, নেৱাৰী, ৰায়, গুৰুঙ, মাংগাৰ, শ্বেৰ্পা, তামাঙ আৰু ছুনৱাৰ। স্কুল সমূহত শিক্ষাৰ মাধ্যম হিচাপে আৰু চৰকাৰী নথি-পত্ৰত ইংৰাজী ব্যৱহৃত হয়। গেংটক হৈছে ছিক্কিমৰ ৰাজধানী আৰু ইয়াৰ আটাইতকৈ ডাঙৰ চহৰ।

শুনা যায় যে, বৌদ্ধ সন্ন্যাসী গুৰু ৰিম্পৌচেয়ে নৱম শতিকাত ছিক্কিম ভ্ৰমণ কৰি বৌদ্ধ ধৰ্ম আৰু ৰাজতন্ত্ৰৰ প্ৰচাৰ চলাইছিল। ১৬৪২ চনত নামজ্ঞাল ৰাজবংশৰ প্ৰতিষ্ঠা কৰা হৈছিল। ইয়াৰ ১৫০ বছৰৰ ভিতৰত এই ৰাজ্যখনত নেপালী আক্ৰমণকাৰীয়ে লুণ্ঠন তথা বহুতো প্ৰাদেশিক ক্ষতিসাধন কৰিছিল। ইয়াৰ পিছতেই এই ৰাজখনে ব্ৰিটিছ শাসকৰ লগত সম্বন্ধ স্থাপন কৰিছিল। কিন্তু কিছুদিন পিছতেই, তেওঁলোকে ছিক্কিমক নিজৰ শাসনলৈ আনি ইয়াক এখন ব্ৰিটিছ সংৰক্ষিত ৰাজ্যলৈ পৰিৱৰ্তন কৰিছিল। ১৯৭৫ চনৰ এক জনমতৰ পাছত ই এখন ৰাজ্য হিচাপে ভাৰতবৰ্ষৰ লগত মিলি যায়।

পৃথিৱীৰ তৃতীয় উচ্চতম শৃংগ কাঞ্চনজংঘা, ছিক্কিমৰ উত্তৰ-পশ্চিম দিশত নেপালৰ সীমাৰ ওচৰত অৱস্থিত। ইয়াক ছিক্কিমৰ বহুতো ঠাইৰপৰা দেখা পোৱা যায়। হিন্দু আৰু বজ্ৰয়ান বৌদ্ধ ধৰ্মই হৈছে প্ৰধান ধৰ্ম। ইয়াৰ অৰ্থনৈতিক অৱস্থা কৃষি আৰু পৰ্যটনৰ ওপৰত নিৰ্ভৰশীল।

নামৰ উৎপত্তি

ছিক্কিম শব্দটো দুটা লিম্বু শব্দ: ছু অৰ্থাৎ "নতুন" আৰু খ্যিম অৰ্থাৎ "ৰাজপ্ৰসাদ" বা "ঘৰ" ৰ পৰা গঠিত হৈছে। বিশ্বাস কৰা হয় যে, এই নামটোৱে ৰাজ্যখনৰ প্ৰথমজন শাসনকৰ্তা ফুণ্টচুক নামজ্ঞালৰ দ্বাৰা নিৰ্মিত ৰাজপ্ৰসাদলৈ দৰ্শায়। তিব্বেতীয় ভাষাত ছিক্কিমৰ নাম হৈছে ডেঞ্জঙ (Denjong), অৰ্থাৎ "ধানৰ উপত্যকা। " ছিক্কিমৰ মূল অধিবাসী লেপছাসকলে ইয়াক নিয়ে-মে-এল (Nye-mae-el) বুলি কয়, অৰ্থাৎ "স্বৰ্গৰ উদ্যান। " আৰু ভূটীয়া সকলে বেয়ুল ডেমাজঙ (Beyul Demazong), অৰ্থাৎ "ধানৰ গুপ্ত উপত্যকা" (the hidden valley of rice) বুলি কয়। হিন্দুৰ ধাৰ্মিক গ্ৰন্থত ছিক্কিমক ইন্দ্ৰকীল, অৰ্থাৎ দেৱৰাজ ইন্দ্ৰৰ বাগিছা বুলি জনা যায়।

ভূগোল

সমগ্ৰ ৰাজ্যখন পাহাৰীয়া এলেকাৰ ভিতৰত পৰে আৰু বিভিন্ন স্থানৰ উচ্চতা সমুদ্ৰপৃষ্ঠৰপৰা ২৮০ মিটাৰ (৯২০ ফুট) ৰপৰা ৮৫৮৫ মিটাৰ (২৮,০০০ ফুট)লৈকে দেখা যায়। পৃথিৱীৰ তৃতীয় উচ্চতম শৃংগ আৰু ভাৰতবৰ্ষৰ উচ্চতম শৃংগ কাঞ্চনজংঘা নেপাল-ছিক্কিম সীমান্তত অৱস্থিত। ৰাজ্যখনৰ অংশই কৃষিৰ বাবে অনুপযোগী। তথাপি, বহুতো এঢলীয়া ঠাই কৃষিৰ বাবে উপযোগী কৰি তোলা হৈছে। ছিক্কিমৰ দক্ষিণ আৰু পশ্চিম অঞ্চলত বহুতো বৰফৰ ফলত উৎপত্তি হোৱা নিজৰা আছে। ইয়াৰ পৰাই তিস্তা আৰু ইয়াৰ উপনদী সমূহ তথা ৰংগীত নদীৰ উৎপত্তি হৈছে। ৰংগীত নদীখন উত্তৰৰপৰা দক্ষিণলৈ বৈ গৈছে। ৰাজ্যখনৰ এক-তৃতীয়াংশ অঞ্চল ঘন অৰণ্যৰে আৱৰা।

বাওঁফালৰ পৰা সোঁফাললৈ: ৮,৫৮৬ মিটাৰ (২৮,১৭০ ফুট) উচ্চতাৰ কাঞ্চনজংঘা পৃথিৱীৰ তৃতীয় উচ্চতম শৃংগ আৰু ভাৰতবৰ্ষৰ উচ্চতম শৃংগ; উত্তৰ ছিক্কিমত অৱস্থিত কাঞ্চনজংজ্ঞেয় হিমালয় পৰ্বতমালা; গুৰুডঙমাৰ হ্ৰদ

ছিক্কিমৰ উত্তৰ, পূব আৰু পশ্চিম সীমান্তত হিমালয় পৰ্বতমালাই বেঢ়ি ধৰি আছে। ৰাজ্যখনত মুঠ ২৮টা শৃংগ, ৮০ টাৰো অধিক হিমবাহ,, ২২৭টা হ্ৰদ (ছাঙগো', গুৰুডঙমাৰ আৰু খেচিয়'পাল্ৰীৰ দৰে উল্লেখযোগ্য হ্ৰদ), পাঁচোটাকৈ গৰম পানীৰ উঁহ আৰু ১০০ খনৰো অধিক নদী আৰু নিজৰা আছে। ইয়াৰ উপৰিও আঠটা গিৰিপথ আছে, যিয়ে ৰাজ্যখনক তিব্বত, ভূটান আৰু নেপালৰ লগত সংযোগ কৰিছে।

প্ৰশাসনিক বিভাজন

ছিক্কিম: নামৰ উৎপত্তি, ভূগোল, প্ৰশাসনিক বিভাজন 
ছিক্কিমৰ জিলা আৰু ইয়াৰ সদৰসমূহ

ছিক্কিমক চাৰিখন জিলাত ভাগ কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰে নিযুক্তি দিয়া জিলা উপায়ুক্তই এই জিলা সমূহ পৰিচালনা কৰে। এই জিলা সমূহ পুনৰ মহকুমাত ভাগ কৰা হৈছে। ৰাজ্যখনৰ বহুতো অংশ ভাৰতীয় সেনা বাহিনীৰ দ্বাৰা নিয়ন্ত্ৰিত। কাৰণ, ছিক্কিমত চীনৰ লগত বহুতো স্পৰ্শকাতৰ সীমান্তৱৰ্তী এলেকা আছে। বহুতো অঞ্চল বিদেশী লোকৰ বাবে নিষিদ্ধ কৰা আছে আৰু সেই ঠাই সমূহ ভ্ৰমণ কৰিবৰ বাবে বিশেষ চৰকাৰী অনুমতিৰ প্ৰয়োজন।

জিলা জিলাৰ সদৰ মহকুমা
পূৱ ছিক্কিম গেংটক পাকয়ং (Pakyong), ৰংগলি (Rongli)
পশ্চিম ছিক্কিম গেইজিঙ (Geyzing) ছ’ৰেং (Soreng)
উত্তৰ ছিক্কিম মাংগন (Mangan) ছুঙথাঙ (Chungthang)
দক্ষিণ ছিক্কিম নামছি (Namchi) ৰাৱাংগলা (Ravangla)

সংস্কৃতি

ছিক্কিম: নামৰ উৎপত্তি, ভূগোল, প্ৰশাসনিক বিভাজন 
বৌদ্ধ ধৰ্মী লোকসকলৰ পৰম্পৰাগত উৎসৱ ল'ছাৰৰ সময়ত গুম্পা নৃত্য কৰা দেখা গৈছে

ছিক্কিমৰ অধিকাংশ নেপালী লোকেই হিন্দু সকলৰ প্ৰায়বিলাক উৎসৱেই উৎযাপন কৰে। ইয়াৰ ভিতৰত দেৱালী আৰু ’বিজয়া দশমী’ প্ৰধান। পৰম্পৰাগত স্থানীয় উৎসৱ, যেনে মাঘে সংক্ৰান্তি আৰু ভীমসেন পূজাও জনপ্ৰিয়। বৌদ্ধ ধৰ্মী লোকসকলৰ উৎসৱ সমূহৰ মাজত ল'ছাৰ, লোছাঙ, ছাগা দেৱা, লাবাব ডুয়েছেন, দ্ৰুপকা টেছী আৰু ভীমছু প্ৰধান। ল'ছাৰ উৎসৱ (তিব্বতীয় সকলৰ নৱবৰ্ষ)ৰ উপলক্ষে, বহুতো কাৰ্যালয় আৰু শৈক্ষিক প্ৰতিষ্ঠান সমূহ এসপ্তাহলৈকে বন্ধ থাকে। ছিক্কিমৰ মুছলমান ধৰ্মৰ লোকসকলে ইদ-উল-ফিটৰ আৰু মহৰম উৎযাপন কৰে। পৰ্য্যটকক আকৰ্ষিত কৰিবলৈ আজিকালি গেংটকত খ্ৰীষ্টমাছ উৎযাপন কৰা হয়।

জনগাঁঠনি

ধৰ্ম

ছিক্কিম: নামৰ উৎপত্তি, ভূগোল, প্ৰশাসনিক বিভাজন 
ছিক্কিমৰ গেংটকত অৱস্থিত "Rumtek Monastery" নামৰ তিব্বতীয় বৌদ্ধ মঠৰ দৃশ্য

নেপালী সকলৰ আগমনৰ পিছৰ পৰাই ৰাজ্যখনৰ প্ৰধান ধৰ্ম হিন্দু হৈ পৰে। বৰ্তমান ছিক্কিমৰ মুঠ জনসংখ্যাৰ ৬০.৯৩% লোকেই হৈছে হিন্দু ধৰ্মৰ লোক। দ্বিতীয় সৰ্বাধিক লোক থকা ধৰ্ম হৈছে বৌদ্ধ ধৰ্ম (২৮.১%) আৰু ইয়াঅত ৭৫টা বৌদ্ধ বিহাৰ (Buddhist monastery) আছে। খ্ৰীষ্টান ধৰ্মৰ (৬.৬%) লোকসকলৰ অধিকাংশই লেপছা। এইলোকক ১৯শতিকাৰ শেষ ভাগত ব্ৰিটিছ মিছনেৰীসকলে খ্ৰীষ্টান ধৰ্মলৈ পৰিৱৰ্তন কৰাইছিল। বাকী প্ৰায় ১% মুছলিম আৰু জৈন ধৰ্মৰ লোক আছে।

ভাষা

ছিক্কিমৰ সকলোৱে বুজিব পৰা উমৈহতীয়া ভাষা (lingua franca) হৈছে নেপালী। তথাপি ভূটীয়া আৰু লেপছা ভাষা কিছুমান অঞ্চলত কোৱা হয়। ছিক্কিমৰ প্ৰায়বিলাক ঠাইতে হিন্দী আৰু ইংৰাজী ভাষা বুজা আৰু কোৱা হয়। বাকী ভাষাসমূহৰ ভিতৰত জংখা, গ্ৰমা, লিম্বু, ৰায়, গুৰুঙ, মাগৰ, শ্বেৰ্পা, তামাঙ, মাঝি, মাঝৱাৰ, নেপাল ভাষা, ছিক্কিমিছ, থুলুঙ, তিব্বেতিয়ান আৰু য়াখা

পৰিবহণ

বিমান সেৱা

বৰ্তমান ছিক্কিমত কোনো বিমান বন্দৰ নাই। ইয়াৰ কাৰণ হৈছে ৰাজ্যখনৰ অসমান ভূমিভাগ। তথাপি, ৰাজ্যখনৰ প্ৰথমটো বিমান বন্দৰটো গেংটকৰ পৰা ৩০ কিঃমিঃ (১৯মাইল) নিলগৰ পাকয়ংত নিৰ্মাণ কৰাৰ যো-জা চলি আছে। বৰ্তমান ইয়াৰ নিকটতম বিমান বন্দৰ হৈছে পশ্চিমবংগৰ শিলিগুড়িৰ ওচৰৰ বাগডোগ্ৰা বিমান বন্দৰ। ই গেংটকৰ পৰা প্ৰায় ১২৪ কিঃমিঃ দূৰত অৱস্থিত। ছিক্কিম হেলিকপ্টাৰ ছাৰ্ভিছয়ে গেংটকৰপৰা বাগডোগ্ৰালৈ দৈনিক বিমান সেৱা আগবঢ়ায়। ৩০ মিনিটৰ এই বিমান যাত্ৰাটো দৈনিক এবাৰহে চলে আৰু প্ৰতিবাৰত ৪জন যাত্ৰী কঢ়িয়াব পাৰে।

ৰেলসেৱা

বৰ্তমানলৈকে ছিক্কিমত কোনো ৰেলসেৱা নাই। ইয়াৰ নিকটতম ৰেলৱে ষ্টেচন হৈছে পশ্চিমবংগৰ শিলিগুড়ি আৰু নিউ জলপাইগুড়ি। তথাপি ছিক্কিমৰ ৰাংপ' আৰু পশ্চিমবংগৰ ছেৱকৰ সৈতে ৰেলপথেৰে সংযোগ কৰিবলৈ এটা আঁচনি ঘোষণা কৰা হৈছে। এই আঁচনিটো ২০১৫ চনত সম্পূৰ্ণ হ'ব বুলি আশা কৰা হৈছে।

পথ

৩১ ক নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ- এই দুয়োটাই শিলিগুড়ি আৰু গেংটকক সংযোগ কৰিছে। ছিক্কিম ৰাষ্ট্ৰীয় পৰিবহণ বিভাগে বাছ আৰু ট্ৰাক সেৱা পৰিচালনা কৰে। ব্যক্তিগত খণ্ডৰ বাছ, টেক্সী আৰু জীপ গাড়ীয়ে সমগ্ৰ ছিক্কিমৰ সকলো ঠাইলৈ অহা-যোৱাৰ সুবিধা কৰাৰ লগতে শিলিগুড়িৰ লগতো সংযোগ কৰে। মেল্লীৰ পৰা অহা ৰাষ্ট্ৰীয় ঘাইপথৰ এটা শাখাই পশ্চিম ছিক্কিমক সংযোগ কৰিছে। দক্ষিণ আৰু পশ্চিম ছিক্কিমৰ চহৰ সমূহ উত্তৰ পশ্চিমবংগৰ কালিমপঙ আৰু দাৰ্জিলিঙৰ লগত সংযোগ কৰিছে। নাথুলা গিৰিপথে ৰাজ্যখনক তিব্বতৰ লগত সংযোগ কৰিছে।

শিক্ষা

ছিক্কিমত সাক্ষৰতাৰ হাৰ ৬৯.৬৮%। ইয়াৰ ভিতৰত পুৰুষৰ হাৰ ৭৬.৭৩% আৰু মহিলাৰ হাৰ ৬১.৪৬%। সমগ্ৰ ৰাজ্যখনত সৰ্বমুঠ ১১৫৭খন বিদ্যালয় আছে। ইয়াৰে ৭৬৫খন ৰাজ্য চৰকাৰ দ্বাৰা পৰিচালিত বিদ্যালয়, ৭খন কেন্দ্ৰীয় চৰকাৰী বিদ্যালয় আৰু ৩৮৫খন ব্যক্তিগত খণ্ডৰ বিদ্যালয় আছে। উচ্চতৰ শিক্ষাৰ বাবে ইয়াত ১২খন মহাবিদ্যালয় আৰু শৈক্ষিক প্ৰতিষ্ঠান আছে। ইয়াৰ ভিতৰত উল্লেখযোগ্য শৈক্ষিক প্ৰতিষ্ঠান হৈছে ছিক্কিম মণিপাল ইউনিভাৰ্চিটি[1]। ই অভিযান্ত্ৰিক, ঔষধ আৰু মেনেজমেণ্ট, এই তিনিটা বিভাগত শিক্ষা প্ৰদান কৰে। ইয়াত বিভিন্ন বিভাগত দূৰ-সংযোগী শিক্ষা গ্ৰহণৰ (Distance Education Program, [2]) সুবিধাও আছে। ছিক্কিমত ৰাজ্য চৰকাৰ দ্বাৰা পৰিচালিত দুখনকৈ পলিটেকনিক বিদ্যালয়: এডভাঞ্চড টেকনিকেল ট্ৰেনিং চেণ্টাৰ (Advanced Technical Training Centre, ATTC) আৰু চেণ্টাৰ ফৰ কম্পিউটাৰছ এণ্ড কমিউনিকেশ্বন টেকন'লজী (Computers and Communication Technology, CCCT) আছে। ইয়াত অভিযান্ত্ৰিক ক্ষেত্ৰৰ বিভিন্ন বিভাগত ডিপ্লমা প্ৰদান কৰা হয়। এডভাঞ্চড টেকনিকেল ট্ৰেনিং চেণ্টাৰ ছিংটামৰ বৰডাঙত আৰু চেণ্টাৰ ফৰ কম্পিউটাৰছ এণ্ড কমিউনিকেশ্বন টেকন'লজী নামছিৰ ছিছ'পানীত অৱস্থিত। ২০০৮ চনত ছিংটামৰ পৰা প্ৰায় ২৮ কিঃ মিঃ নিলগৰ য়ানগেঙত (Yangang) এখন কেন্দ্ৰীয় বিশ্ববিদ্যালয়, ছিক্কিম বিশ্ববিদ্যালয় স্থাপন কৰা হয়। তথাপি, বহুতো ছাত্ৰ-ছাত্ৰী শিলিগুড়ি, ক'লকাতা, বাংগালোৰ অথবা ভাৰতবৰ্ষৰ বিভিন্ন স্থানলৈ উচ্চ শিক্ষাৰ বাবে যায়।

তথ্য সংগ্ৰহ

Tags:

ছিক্কিম নামৰ উৎপত্তিছিক্কিম ভূগোলছিক্কিম প্ৰশাসনিক বিভাজনছিক্কিম সংস্কৃতিছিক্কিম জনগাঁঠনিছিক্কিম পৰিবহণছিক্কিম শিক্ষাছিক্কিম তথ্য সংগ্ৰহছিক্কিম বাহ্যিক সংযোগছিক্কিমLif-Sikkim.oggইংৰাজী ভাষাউত্তৰ-পূব ভাৰতএই শব্দটোৰ বিষয়েগোৱাভাৰতীয় সংবিধানভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহহিমালয়

🔥 Trending searches on Wiki অসমীয়া:

সুৱঁৰিঅনুৰাধা শৰ্মা পূজাৰীৰোজাস্তনপ্লেটোভাৰতৰ ৰাজহুৱা খণ্ডৰ উদ্যোগভাৰতীয় ৰেলমোৰ জীৱন সোঁৱৰণভাৰতৰ উপৰাষ্ট্ৰপতিঅসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্তঅসমৰ বাঁহ-বেতৰ শিল্পচি এছ এছইংৰাজী ভাষাবাঁহী (আলোচনী)উপন্যাসঅসমৰ মুখা শিল্পজনপ্ৰব্ৰজনমিত্ৰদেৱ মহন্তবিশেষ্য পদযোগেশ দাসবিষ্ণুপ্ৰসাদ ৰাভাঅসমৰ কণ্ঠশিল্পীসকলৰ তালিকামনসাপ্ৰহ্লাদগুৱাহাটীআহোম জনগোষ্ঠীঅম্বিকাগিৰি ৰায়চৌধুৰীবৃত্তলোকসভাচৰিত পুথিৰমন্যাসবাদকৃত্ৰিম বুদ্ধিমত্তানাৰী সবলীকৰণকাৰ্বি জনগোষ্ঠীভাৰতৰ জাতীয় পতাকাঅসমীয়া খাদ্যাভ্যাসকৰম পূজাশব্দশ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘঅভিধানদেউলপাচন তন্ত্ৰমধ্যাহ্ন ভোজন আঁচনিম'হৰ শিঙৰ পেঁপাদিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানভট্টদেৱৰ গদ্যশৈলীনৱ-বৈষ্ণৱ ধৰ্মবৰপেটা সত্ৰব্ৰহ্মপুত্ৰ নদভাৰতীয় নাগৰিকত্ব আইনঅসমৰ লোকসভা সমষ্টিসমূহৰ তালিকাজৈন ধৰ্মভাৰত ত্যাগ আন্দোলনৰূপালীমসীতানাথ ব্ৰহ্মচৌধুৰীঅসমীয়া কবিতাঅসমৰ মহকুমাসমূহৰ তালিকাকেতেকেশ্বৰ দেৱালয়বিহুগীতঘিলাখেলসুন্দৰীদিয়াৰ সুঁৱেৰী উৎসৱবাৰেচহৰীয়া ভাওনা মহোৎসৱশিক্ষা মনোবিজ্ঞানগুপ্তেশ্বৰ দেৱালয়অংগনবাদীঅশোকৰ অনুশাসনমালিনী থানডালিমীযৌন সংগমতিৱা জনগোষ্ঠীঅসমৰ বনৌষধিমল্লিকা ফুলফ্ৰান্সএৰিষ্ট'টলঅসমীয়া সাহিত্যৰ বুৰঞ্জীৰ তালিকা🡆 More