ছামুৰাই

ছামুৰাই (ইংৰাজী: Samurai) সকল প্ৰাচীন জাপানৰ এটা যোদ্ধা জাতি। জাপানী ভাষাত ছামুৰাই শব্দৰ অৰ্থ হ'ল যি কতৰ্ব্য পালন কৰে। ইতিহাসবিদসকলৰ মতে ছামুৰাই হ'ল মূলত: 'বুচি' বা 'বুচিয়ান' নামৰ যুদ্ধপ্ৰিয় এটা দল। তেওঁলোক অৱশ্যে সকলো সময়তে যুদ্ধক লৈ ব্যস্ত নাথাকে। আন সময়ত খেতি-বাতিও কৰে।

ছামুৰাই
১৮৬০ দশকত অংকন কৰা ছামুৰাইৰ এখন চিত্ৰ

বিশেষত্ব

এজন ছামুৰাই পুত্ৰ,জন্মসূত্ৰেই ছামুৰাই হ'ব নোৱাৰে। প্ৰকৃত ছামুৰাইৰ কিছুমান বিশেষত্ব থাকে। সেই বিশেষ গুণ আৰু ক্ষমতা অৰ্জন কৰিব পাৰিলেহে তেওঁক ছামুৰাই বুলি কোৱা হয়। ছামুৰাইসকলে তৰোৱাল চালনা,জুডো আৰু ধনুবিৰ্দ্যাক সমৰকলাৰ অন্তৰ্ভুক্ত কৰি লৈছিল। তেওঁলোক কিন্তু হিংসুক নাছিল। কাৰণ তেওঁলোকৰ বাণী আছিল - "এশবাৰ যুদ্ধ কৰা বা জয় কৰা ডাঙৰ কথা নহয়,বিনাযুদ্ধে শত্ৰুক বশ কৰাহে প্ৰকৃত লক্ষ্য হোৱা উচিত"। এজন প্ৰকৃত ছামুৰাই সমৰকলাত পাৰ্গত হোৱাৰ উপৰিও প্ৰত্যুৎপন্নমতি গুণসম্পন্ন আৰু গভীৰ চিন্তা কৰিব পৰাও হ'ব লাগে। প্ৰাচীন কিছুসংখ্যক জাপানী গ্ৰন্থত ছামুৰাইসকলৰ যুদ্ধকৌশলৰ উল্লেখ আছে। তেনে এখন গ্ৰন্থ হ'ল - "বুকে চো হাত্তো"। ছামুৰাইসকলে বিশ্বাস কৰে যে সাহসেই জীৱন।

ইতিহাস

ছামুৰাই 
Iron helmet and armor with gilt bronze decoration, Kofun era, 5th century. Tokyo National Museum.

ইতিহাসত,৯৩০ খ্ৰিষ্টাব্দৰ শেষৰ ফালে জাপানত সৰ্বপ্ৰথম এটি বিশেষ যোদ্ধা জাতিৰ উল্লেখ পোৱা যায়। অৱশ্যে তাৰো আগেয়ে চতুৰ্থ আৰু সপ্তম শতাব্দীৰ জাপানৰ কিছু কিছু অঞ্চলত তেওঁলোকৰ সন্ধান পোৱা গৈছিল। ৯৩০ খ্ৰিষ্টাব্দমানত এটা ক্ষমতাশালী যোদ্ধা জাতি হিচাপে ছামুৰাইসকলে নিজৰ অস্তিত্ব ঘোষণা কৰে।

সমৰকলাৰ প্ৰকাৰ

শ্ৰেষ্ঠ ছামুৰাই যোদ্ধাসকলে অনেক চিন্তা আৰু পৰিশ্ৰমৰ যোগেদি জাপানৰ সমৰকলাক উন্নত আৰু পৰিশীলিত কৰিছিল। তেওঁলোকে সমৰকলাক তিনিটা শ্ৰেণীত ভাগ কৰিছিল -

  1. হত্যাৰ মাধ্যমত আক্ৰমণ-প্ৰতিৰোধ
  2. আঘাতৰ মাধ্যমত আক্ৰমণ-প্ৰতিৰোধ
  3. হত্যা বা আঘাত অবিহনেই আক্ৰমণ-প্ৰতিৰোধ

প্ৰচাৰ

আগ্নেয়াস্ত্ৰৰ ব্যৱহাৰ বাঢ়ি অহাৰ পাছত ছামুৰাইসকলৰ সামৰিক কলা-কৌশল অপ্ৰাসংগিক হৈ পৰিল। ছামুৰাইসকলক প্ৰথমে বিশ্ববিখ্যাত কৰি তোলে জাপানৰ চিত্ৰ পৰিচালক আকিৰা কুৰোছাৱাৰ "ছেভেন ছামুৰাই" নামৰ ছবিখনে। তাৰ পাছতো কুৰোছাৱাই "কাগেমুছা" নামৰ এখন ছবিত ছামুৰাইক প্ৰতিষ্ঠা কৰিছিল। ছামুৰাই সম্পৰ্কীয় আন এখন ছবি হ'ল "ৰেড ছান"।

চিত্ৰভঁৰাল



তথ্য সংগ্ৰহ

লগতে পঢ়ক

বাহ্যিক সংযোগ

Tags:

ছামুৰাই বিশেষত্বছামুৰাই ইতিহাসছামুৰাই সমৰকলাৰ প্ৰকাৰছামুৰাই প্ৰচাৰছামুৰাই চিত্ৰভঁৰালছামুৰাই তথ্য সংগ্ৰহছামুৰাই লগতে পঢ়কছামুৰাই বাহ্যিক সংযোগছামুৰাইইংৰাজী ভাষাজাপান

🔥 Trending searches on Wiki অসমীয়া:

কামৰূপ জিলাগুণাভিৰাম বৰুৱাআহোম ৰাজ্যঅসমীয়া সাহিত্যিকৰ ছদ্ম নাম আৰু বিভূষিত উপাধিৰ তালিকাবৌদ্ধ ধৰ্মযোগাসনহিউৱেন-চাংপূৰ্ণ স্বৰাজধাতু আৰু অধাতুজামুগুৰিহাটব্ৰজাৱলী ভাষাকামৰূপ ৰাজ্যঋতুমোৱামৰীয়া বিদ্ৰোহঅসমীয়া লোকসাহিত্যহেমচন্দ্ৰ গোস্বামীনৰকাসুৰএকাদশী তিথিভূপেন্দ্ৰ সংগীতবঙালী ভাষালিঅ'নাৰ্ড' দা ভিন্সিঅণুবীক্ষণ যন্ত্ৰযতি-চিনভাৰতৰ উপৰাষ্ট্ৰপতিকৃষ্ণকান্ত সন্দিকৈমুদ্ৰা বজাৰমানৱ ভূগোলভাৰতীয় চলচ্চিত্ৰবনাঞ্চল ধ্বংস আৰু জলবায়ু পৰিৱৰ্তনবাল্য বিবাহনৱকান্ত বৰুৱাপ্লেটোপৰিস্থিতি বিজ্ঞানআহোম-মোগলৰ সংঘৰ্ষপৰিৱেশ অধ্যয়নমিচিং ভাষাগণতন্ত্ৰঅসমৰ ৰাজ্যপালসকলৰ তালিকাগুৱাহাটী উচ্চ ন্যায়ালয়দেউলহেম বৰুৱাঅতুল চন্দ্ৰ হাজৰিকাকপাহসাত বিহুমহা মৃত্যুঞ্জয় মন্দিৰবৰপেটা (লোকসভা সমষ্টি)ব্যক্তিত্বতিৱা জনগোষ্ঠীফলমহাবীৰ জয়ন্তীপ্ৰকৃতিহেমচন্দ্ৰ বৰুৱাঅসমৰ প্ৰসিদ্ধ ব্যক্তিসকলৰ তালিকামানুহৰাভা জনগোষ্ঠীশিহুবগেজাৰী গীতভৌতিক সংস্কৃতিউদ্ভিদনেপালী জনগোষ্ঠীৰাম গগৈমৌখিক লোকসাহিত্যভাৰতীয় মৌলিক অধিকাৰ, নিৰ্দেশাত্মক নীতি আৰু মূল কৰ্তব্যভাৰতীয় অৰ্থনীতিৰ বৈশিষ্ট্যডিম্পু বৰুৱাবৰাইল পৰ্বতলোক-নৃত্যব্ৰহ্মপুত্ৰ নদঅসমীয়া যুক্তাক্ষৰকলাখাৰওড়িয়া ভাষাভাৰতীয় জনতা পাৰ্টিবাণীকান্ত ৰচনাৱলীঅসমীয়া ভাষাঅসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰা সাহিত্যিকসকল🡆 More