চুম্বক

চুম্বক (গ্ৰীকৰ পৰা μαγνήτις λίθος magnḗtis líthos, মেগনেছিয়া শিল) হৈছে এবিধ পদাৰ্থ যি চুম্বকীয় ক্ষেত্ৰ ক্ষেত্ৰ সৃষ্টি কৰিব পাৰে। এই চুম্বকীয় ক্ষেত্ৰ অদৃশ্য যদিও চুম্বকৰ এটা তাৎপৰ্যপূৰ্ণ বৈশিষ্টৰ বাবে দায়বদ্ধ, এই শক্তিৰ বাবে চুম্বকে অন্য পদাৰ্থ যেনে লো, নিকেল,ক'বাল্ট ইত্যাদি আকৰ্ষণ আৰু অন্য চুম্বকক বিকৰ্ষণ কৰিব পাৰে।

চুম্বক
এলনিক'(alnico)ৰ পৰা গঠিত এটুকুৰা "ঘোঁৰানলীয়া চুম্বক"।
চুম্বক
দণ্ড চুম্বক(bar magnet) দ্বাৰা উদ্ভাৱিত চুম্বকীয় ক্ষেত্ৰলোৰ গুড়ি আকৰ্ষিত হোৱা দেখা গৈছে।

ইতিহাস

অতীজৰ মানুহসকলে চুম্বকীয় শক্তিৰ বিষয়ে চুম্বকশিলা(lodestone)ৰপৰা শিকিছিল। চুম্বকশিলা হৈছে লোৰ আকৰ। ই প্ৰাকৃতিক ভাৱে উৎপন্ন হোৱা চুম্বক, যি লোৰ টুকুৰা আকৰ্ষণ কৰে। গ্ৰীক ভাষাত "চুম্বক"ৰ অৰ্থ হৈছে "মেগনেছিয়াৰ পৰা পোৱা শিল", পুৰণি গ্ৰীচৰ এটি ভাগ য'ত চুম্বকশিলা পোৱা গৈছিল। চুম্বকশিলা বিলাক ওলোমাই ৰাখি চুম্বকীয় কম্পাচৰ উদ্ভাৱন কৰা হৈছিল। প্ৰায় ২৫০০ বছৰ মানৰ আগতেই গ্ৰীচ, চীন আৰু ভাৰতবৰ্ষত চুম্বকৰ ব্যৱহাৰৰ চিন পোৱা গৈছে।

১২শৰপৰা ১৩শ শতিকাৰ ভিতৰত চীন, ইউৰোপ আৰু অন্য ঠাইত জাহাজৰ গতিপথ নিৰ্দেশন কৰিবলৈ চুম্বকীয় কম্পাচৰ ব্যৱহাৰ হৈছিল।

চুম্বকৰ মেৰু

চুম্বক 
এটুকুৰা চুঙা আকৃতিৰ দণ্ড চুম্বক(cylindrical bar magnet)ৰ চুম্বকীয় ক্ষেত্ৰ

আমাৰ সুবিধা অনুসৰি চুম্বকৰ দুটা মেৰু আছে বুলি ধৰা হয়: উত্তৰ মেৰু আৰু দক্ষিণ মেৰু। এই মেৰু দুটাৰ সহায়ত চুম্বকৰ দুয়োটা বিপৰীত কাষকহে বুজোৱা হয়। যদি এটুকুৰা চুম্বক ভাঙি উত্তৰ মেৰু আৰু দক্ষিণ মেৰুক পৃথক কৰিবলৈ চেষ্টা কৰা হয়, তেতিয়া আমি পুনৰ দুটুকুৰা চুম্বকহে পাম। এই দুটুকুৰা চুম্বকত দুয়োটা মেৰু থাকিব।

ব্যৱহাৰ

চুম্বক 
হাৰ্ড ডিস্কয়ে এটি পাতল চুম্বকৰ প্ৰলেপত ইয়াৰ তথ্যসমূহ সাঁচি ৰাখে
  • বৈদ্যুতিক মটৰ আৰু জেনেৰেটৰ: বৈদ্যুতিক মটৰে বিদ্যুত শক্তিক যান্ত্ৰিক শক্তিলৈ ৰূপান্তৰিত কৰে। জেনেৰেটৰ হৈছে ইয়াৰ বিপৰীত: ই যান্ত্ৰিক শক্তিক বিদ্যুত শক্তিলৈ ৰূপান্তৰিত কৰে।
  • চিকিৎসা বিজ্ঞান: চিকিৎসালয় সমূহত "চুম্বকীয় অনুনাদ"ৰ সহায়ত আলোকছবিৰ সৃষ্টি (magnetic resonance imaging) কৰাত চুম্বকৰ ব্যৱহাৰ হয়।
  • ৰেকৰ্ডিঙ মিডিয়া: সাধাৰণ অডিঅ' কেছেট সমূহো চুম্বকৰ ফিতাৰে নিৰ্মিত। কম্পিউটাৰফ্লপি ডিস্ক(Floppy Disk) আৰু হাৰ্ড ডিস্ক(Hard Disk) সমূহে এটি পাতল চুম্বকৰ প্ৰলেপত ইয়াৰ তথ্যসমূহ সাঁচি ৰাখে।


তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

Tags:

চুম্বক ইতিহাসচুম্বক ৰ মেৰুচুম্বক ব্যৱহাৰচুম্বক তথ্য সংগ্ৰহচুম্বক বাহ্যিক সংযোগচুম্বকwiktionary:líthoswiktionary:magnḗtiswiktionary:λίθοςwiktionary:μαγνήτιςচুম্বকীয় ক্ষেত্ৰলো

🔥 Trending searches on Wiki অসমীয়া:

হিতেশ্বৰ শইকীয়ালোকচিকিৎসাৰামধেনুকছাৰী ৰাজ্যশ্ৰীমন্ত শংকৰদেৱ বঁটাবিহুগীতইছলামঅসমৰ তামোল-পাণ সংস্কৃতিভাৰতীয় মৌলিক অধিকাৰ, নিৰ্দেশাত্মক নীতি আৰু মূল কৰ্তব্যলুৰিন জ্যোতি গগৈলোসমাসঅসমত দেখা চৰাইবোৰজুইব'হাগ বিহুউমানন্দভাৰতীয় জনতা পাৰ্টিভাৰতৰ ৰাজহুৱা খণ্ডৰ উদ্যোগঔপনিৱেশিক অসমপ্ৰথম বিশ্বযুদ্ধঘৰুৱা হিংসাৰ পৰা মহিলাৰ সুৰক্ষা আইন, ২০০৫ফেইচবুকঅৰ্থনীতিদিহানামঅসমীয়া লোক-সংস্কৃতিত ভূত-প্ৰেতকলাধানহয়গ্ৰীৱ মাধৱ মন্দিৰকামাখ্যা মন্দিৰৰামকামৰূপ জিলাঅসম বিধানসভাৰ সমষ্টিসমূহৰ তালিকাপাৰিজাত হৰণ নাটমনোবিজ্ঞানপৰ্যাবৃত্ত তালিকাভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাভাৰতৰ ৰাজনৈতিক দলসমূহৰ তালিকামাধৱদেৱৰুক্মিণী হৰণ নাটজন গণ মনঊৰুমৈথুননেপোলিয়ন বোনাপাৰ্টনৱকান্ত বৰুৱাসংঘাতঢোলবুৰঞ্জীমহাদেশবুঢ়ী আইৰ সাধুৰজনীকান্ত বৰদলৈজৱাহৰলাল নেহৰুবিশ্ব বেংকভাৰতীয় ভাষামূলা গাভৰুঅসমৰ ৰাজ্যিক প্ৰতীকসমূহউত্তৰ গুৱাহাটীভাৰতীয় ৰেলঅসীমত যাৰ হেৰাল সীমাযৌন অপৰাধৰ পৰা শিশুক সুৰক্ষা প্ৰদান আইনমৰাণ জনগোষ্ঠীঅসমৰ গামোচাঅসম আৰক্ষীআধুনিকতাবাদডিমাছা জনগোষ্ঠীকমলাকান্ত ভট্টাচাৰ্য্যমহা মৃত্যুঞ্জয় মন্দিৰঅসমীয়া খবৰঅসম আন্দোলননাগাৰা নামৰাভা ভাষাঅৰুণোদইব্ৰজাৱলী ভাষাজোনবিল মেলামৌখিক ইতিহাসহেমাংগ কুমাৰ দত্তচুটিগল্প🡆 More