চুটিগল্প: গদ্য আকাৰে লিখা চমু সাহিত্যিক কৰ্ম

চুটিগল্প (ইংৰাজী: Short story) সাহিত্যকলাৰ এটি অভিনৱ শাখা যি বাস্তৱ জীৱন আধাৰিত সংক্ষিপ্ত পৰিসৰৰ কাহিনী। চুটিগল্পৰ এটা স্বয়ংসম্পূৰ্ণ বা সৰ্বজনসন্মত সংজ্ঞা নাই। বাস্তৱ জীৱনৰ বিশেষ একোটা ঘটনাৰ মাজেদি জীৱন ধাৰণা ফুটাই তোলা সংক্ষিপ্ত পৰিসৰৰ সু-সংগঠিত, সংগত আৰু সংহত কথাশিল্পই হ'ল চুটিগল্প।চুটিগল্পত জীৱনৰ এটি মুহূৰ্তৰ উজ্জ্বলতৰ দিশ প্ৰতিফলিত হয়। চুটিগল্পত আভ্যন্তৰ জীৱনৰ সত্য আৰু সৌন্দৰ্য কলাসুলভভাৱে চিত্ৰিত কৰা হয়। চুটিগল্পত পৰিপূৰ্ণ কাহিনীৰ পৰিৱৰ্তে ঘটনাইহে বিষয়বস্তুৰ ৰূপ লয়। লক্ষ্যৰ ঐক্য, উদ্দেশ্যৰ ঐক্যৰ প্ৰতি সতৰ্ক দৃষ্টিৰে চুটিগল্পৰ ঘটনাক একমুখী কৰি তোলা হয়।

চুটিগল্পৰ সংজ্ঞা

বিভিন্ন পণ্ডিত, সমালোচক আৰু লেখকে চুটিগল্পৰ সম্পৰ্কে বিভিন্ন সংজ্ঞা আগবঢ়াইছে।

  • Cudden-ৰ মতে, “চুটিগল্পৰ সৈতে কোনো বিশেষ পৰিস্থিতি কোনো ঘটনাংশ, বিশেষ অভিজ্ঞতা, চৰিত্ৰ আৰু কল্পনা আদিয়ে সম্পৰ্ক ৰাখে।"
  • হিইগ বালপ'ৰ মতে, “চুটিগল্প এক প্ৰকাৰৰ গল্পই। সংঘটিত হোৱা সকলো ধৰণৰ ঘটনা, দুৰ্ঘটনা, ক্ষিপ্ৰ গতিৰে অভাৱনীয়ভাৱে বিকাশ লাভ কৰি উৎকণ্ঠাৰ মাজেদি শীৰ্ষ দ্বন্দ্বত উপনীত হৈ পৰিসমাপ্তি ঘটিব লাগে।”
  • চমাৰচেট মমৰ মতে, “একেটা বৈঠকতে পঢ়ি শেষ কৰিব পৰা কাহিনীয়েই চুটিগল্প।”
  • হাডচনৰ মতে, “কাহিনীৰ একময়তা ফলশ্ৰুতিৰ এককতাই হ'ল চুটিগল্প।”
  • এইচ.জি ৱেলছৰ মতে, “চুটিগল্প হ’ল এক সহজ সৃষ্টি, যাৰ পৰিণতি সদায় একক।”
  • হেৰি চ'( Harry Shaw)ৰ মতে, “চুটিগল্প আপেক্ষিকভাৱে চমু বৰ্ণনা; য’ত এটা মাথোঁন কৰ্ম, এক চৰিত্ৰ আৰু এটা মাথোঁন পৰিস্থিতি চিত্ৰণ কৰা হয়।”
  • এডগাৰ এলেন পোৰ মতে, “আধাঘণ্টাৰ পৰা এঘণ্টা বা দুঘণ্টাৰ ভিতৰত পঢ়ি শেষ কৰিব পৰা বৰ্ণনাত্মক কাহিনীয়েই চুটিগল্প।”
  • ত্ৰৈলোক্যনাথ গোস্বামীৰ মতে, “চুটিগল্প এক সু-সংগঠিত আৰ্ট। ইয়াৰ যোগেদি কোনো এক কেন্দ্ৰীয় ভাৱ প্ৰকাশ কৰা হয়। বিক্ষিপ্ত ভাৱধাৰাৰ সমাৱেশৰ ঠাই চুটিগল্পত নাই।”
  • মহেন্দ্ৰ বৰাই আলঙ্কাৰিক ভাষাৰে শিল্প মাধুৰ্য সানি চুটিগল্পৰ সম্পৰ্কে কৈছে এনেদৰে- “চুটিগল্প সাহিত্যৰ বিশেষ শিল্পকৃতি য’ত পোৱা যায় ক্ষণিকৰ বুকুত চিৰন্তনৰ ব্যঞ্জনা আৰু বিন্দুৰ বুকুত সিন্ধুৰ চেতনা।”

বস্তুগত বা আধ্যাত্মিক বিষয়ৰ পাঠকক অভিভূত, প্ৰণোদিত আৰু মুগ্ধ কৰিব পৰা সজীৱ একক ঘটনাবিশিষ্ট কল্পনা প্ৰধান সাহিত্যই চুটিগল্প। যুগৰ পৰিৱৰ্তনৰ লগে লগে বিষয়বস্তু, ভাৱবস্তু আৰু ৰূপবস্তুৰ পৰিৱৰ্তন ঘটি থাকে। সেয়ে আলোচিত সংজ্ঞাকেইটাই চুটিগল্পৰ সম্যক ধাৰণা এটি আমাৰ আগত দাঙি ধৰে আৰু সেইবাবেই সৰ্বকালৰ গ্ৰহণযোগ্য সংজ্ঞা নিৰূপণ কৰাটো সহজসাধ্য নহয়।

অসমীয়া চুটিগল্পৰ বিষয়বস্তু

চুটিগল্পই যিকোনো বিষয়েই সামৰি ল'ব পাৰে। এই ক্ষেত্ৰত কোনো ধৰা-বন্ধা নাই। চুটিগল্পাকাৰ এইচ.ই.ৱেটৰ ভাষাৰে-"যিকোনো বস্তু এটা ঘোঁৰাৰ মৃত্যুৰপৰা আৰম্ভ কৰি এগৰাকী গাভৰুৰ প্ৰথম প্ৰেমৰলৈকে, এটা ফুলৰ পাপৰি মেল খোৱাৰ পৰা আৰম্ভ কৰি এটা প্ৰচণ্ড ভূমিকম্পলৈকে-সূৰ্যৰ পোহৰত দেখা প্ৰতিটো বস্তুৱেই চুটিগল্পৰ বিষয়বস্তু হ'ব পাৰে। চুটিগল্পত বিষয়বস্তু ৰূপায়ণৰ ক্ষেত্ৰত গল্পকাৰজন অত্যন্ত সচেতন হোৱা উচিত। কাৰণ নিৰ্বাচিত বিষয়টো অব্যৰ্থ লক্ষ্যসন্ধানী পথেৰে পৰিণতি ফালে লৈ যোৱা লগে লগে পাঠকৰ মনত এক অসম্পূৰ্ণ তৃপ্তিৰ ব্যাকুলতা মিহলি স্মৃতি জগাই তোলাৰ লগতে জীৱন আৰু জগত সম্বন্ধীয় কিছুমান মৌলিক প্ৰশ্নৰো মুখামুখি কৰাব পৰা হ'ব লাগে। চুটিগল্পত জীৱনৰ একোটা মুহূৰ্তৰ সত্য আৰু সৌন্দৰ্য কলাসুলভভাৱে চিত্ৰিত কৰা হয়।

চুটিগল্পৰ বৈশিষ্ট্য

চুটিগল্পত তলৰ বৈশিষ্ট্যসমূহ পৰিলক্ষিত হয়।

  • হ্ৰস্বতা বা সংক্ষিপ্ততা: চুটিগল্পত কম পৰিসৰৰ মাজত বৰ্ণাঢ্য মানৱ জীৱনৰ কোনো এটা পৰিস্থিতিক ফুটাই তোলা হয়। চুটিগল্পই মানৱ জীৱনৰ বৈচিত্ৰ্যপূৰ্ণ ঘটনাকসমূহক উন্মোচিত কৰে। ভাব, পৰিকল্পনা আৰু গঠন পদ্ধতিয়ে ইয়াৰ বিষয়বস্তুক সংক্ষিপ্ততা প্ৰদান কৰে।
  • আৰম্ভণি আকস্মিকতা আৰু পৰিসমাপ্তি নাটকীয়তা: চুটিগল্পৰ আৰম্ভণি আকস্মিকতা। আকস্মিকতাই উৎকণ্ঠা সৃষ্টি কৰাৰ লগতে ব্যঞ্জনাৰ সৃষ্টি কৰি পৰিসমাপ্তি মধুৰ কৰি তোলে। আনহাতে, চুটিগল্পৰ পৰিসমাপ্তি নাটকীয়তা যাৰ ভাৱধাৰাৰ প্ৰৱাহ সামৰণিৰ পাছতো অব্যাহত থাকে; অনুভৱ হয়, শেষ হ'লেও যেন হোৱা নাই।
  • লক্ষ্যৰ একমুখীতা: চুটিগল্পত মাত্ৰ এটা নিৰ্দিষ্ট বিষয়ক কেন্দ্ৰ কৰিয়েই গল্পটিক স্বাভাৱিক পৰিণতিৰ দিশে আগবঢ়াই নিয়া হয়। সেয়েহে চুটিগল্পত ধাৰণাৰ ঐক্য আৰু ফলশ্ৰুতি একমুখী হয় আৰু ই পাঠকক নিবিড় ৰসঘন আবেদন এটাৰ যোগান ধৰিব পাৰে।
  • চিত্ৰধৰ্মী বৰ্ণনা: চিত্ৰধৰ্মী বৰ্ণনা চুটিগল্পৰ অন্য এক বৈশিষ্ট্য। ইংগিতধৰ্মী ভাষা চুটিগল্পৰ কথনভংগীৰ এটি প্ৰয়োজনীয় গুণ কম পৰিসৰৰ ভিতৰতে চুটিগল্প এটাৰ চয়ন কৰিব লগা হোৱা বাবে ইয়াৰ ভাষা তীৰ্যক, তীব্ৰ আৰু ইংগিতধৰ্মী হোৱা প্ৰয়োজন। প্ৰতীকৰ ব্যৱহাৰে চুটিগল্পৰ প্ৰকাশভংগীক সূক্ষ্মতা তথা গভীৰতা প্ৰদান কৰে। ইয়াৰ ফলত চুটিগল্পৰ কলাসুলভ আবেদন বৃদ্ধি পায়। ইয়াৰ পটভূমিত চিত্ৰধৰ্মী বৰ্ণনা, প্ৰতীক অৰ্থ প্ৰয়োগ কৰিলে ই দুগুণ অৰ্থবহ হৈ উঠে।
  • কাব্যধৰ্মিতা: চুটিগল্পৰ আন এটি বৈশিষ্ট্য হ'ল কাব্যধৰ্মিতা। ইয়াৰ ৰচনা পদ্ধতি কোমল আৰু আটিল। সেয়েহে ই ৰসঘন পৰিস্থিতি সৃষ্টি কৰি পাঠকক বিমল আনন্দ দিয়ে। চুটিগল্পত শব্দচয়ন,উপমা আদি অলংকাৰৰ প্ৰয়োগ, বৰ্ণনাত চিত্ৰধৰ্মিতা আদিৰ প্ৰয়োগৰ মাজেদি সূক্ষ্ম ব্যঞ্জনাদীপ্ত কৰি কাব্যিক মাধুৰ্যগুণবিশিষ্ট কৰি তোলা হয়।
  • ফলশ্ৰুতিৰ একময়তা: ফলশ্ৰুতিৰ একময়তা হ'ল চুটিগল্পৰ এটা শিল্পাদৰ্শ বৈশিষ্ট্য। লক্ষ্যৰ একমুখিতাৰে ই অনিবাৰ্য পৰিণতি। সকলোবোৰ ভাল চুটিগল্পৰে চূড়ান্ত ৰূপটো নিটোল। ইয়াৰ চৰিত্ৰ, কাহিনী আৰু পৰিৱেশ কোনো কাৰো পৰা বিচ্ছিন্ন আৰু বিশিষ্ট অৱস্থাত নাথাকে। অৱশ্যে, এইবিলাকৰে কোনোবা এটা বিশেষ উপাদানে প্ৰাধান্য লভিলেও লভিব পাৰে।
  • পৰিস্থিতিৰ নিৰ্মাণ কৌশল: একোটা সংঘাতপূৰ্ণ পৰিস্থিতিয়ে চুটিগল্পৰ ভাব, তীব্ৰতা, উৎকণ্ঠাৰ প্ৰাবল্য আৰু চৰিত্ৰৰ মানসিক সংঘাত তীব্ৰতৰ কৰি তোলাত সহায় কৰে। ইয়াত এটা পৰিস্থিতিকহে ফুটাই তোলা হয়। প্ৰকৃততে যিবোৰ পৰিস্থিতিয়ে চৰিত্ৰৰ মনোজগতক উথলাই তুলিব পাৰে, চৰিত্ৰৰ মানসিক সংঘাত তীব্ৰতৰ কৰি তোলাত সহায়ক হ'ব পাৰে; তেনে পৰিস্থিতিয়েহে চুটিগল্পত ঠাই পায়।
  • চুটি বাক্য গাঁথনি: চুটিগল্পৰ লেখকে পাঠকক আকৰ্ষিত কৰাৰ লগতে চৰিত্ৰক প্ৰাণস্পৰ্শী কৰি তোলাৰ অৰ্থে চুটি চুটি বাক্যৰ প্ৰয়োগৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
  • জীৱনৰ অংশ বিশেষৰ চিত্ৰণ: চুটিগল্পত বাস্তৱ জীৱনৰ বিশেষ একোটা ঘটনাকহে উন্মোচিত কৰা হয়। লেখকে সূক্ষ্ম শিল্প বুদ্ধিৰে মানুহে বাস্তৱ জীৱনৰ এছোৱাত অৱদমন কৰি লুকুৱাই ৰখা ভাব, কল্পনা, আশা-আকাংক্ষা, কামনা, বাসনা আদি প্ৰবৃত্তিবোৰ দ্বন্দ্ব মাজেদি পোহৰলৈ আনে। ব্ৰেণ্ডাৰ মেথিউজে কৈছে, "চুটিগল্প হ'ল এচকল জীৱন।"

অসমীয়া সাহিত্যৰ চুটিগল্পৰ পৃষ্ঠভূমি

অসমীয়া চুটিগল্পৰ উদ্ভৱ আৰু ইয়াৰ ক্ৰমবিকাশৰ গুৰিত আছিল ঊনবিংশ শতিকাৰ ৰাজনৈতিক, অৰ্থনৈতিক,ভাষিক আৰু শৈক্ষিক সমস্যাসমূহ। এই সমস্যাসমূহে অসমীয়া জাতীয় জীৱনত আনি দিয়া পৰিৱৰ্তনে এক বৌদ্ধিক পটভূমি নিৰ্মাণ কৰি দিছিল। এনে পটভূমিতেই নতুন নতুন সমস্যাৰ ফলস্বৰূপে আধুনিক চুটিগল্পই নতুন ৰূপত আত্মপ্ৰকাশ কৰিবৰ বাবে এটা বাতাবৰণ পাইছিল আৰু এই বাতাবৰণটোৱেই আধুনিক অসমীয়া চুটিগল্পৰ পৃষ্ঠভূমি।

ৰাজনৈতিক পৃষ্ঠভূমি

অষ্টাদশ শতিকাৰ শেষ দশকত (১৭৯২) গৌৰিনাথ সিংহৰ অনুৰোধত লৰ্ড কৰ্ণৱালিচে কেপ্তইন ৱেলচক সসৈন্যে মোৱামৰিয়া বিদ্ৰোহক দমন কৰিবলৈ পঠিওৱাৰপৰাই অসমৰ ৰাজনৈতিক দৃশ্যপট পৰিৱৰ্তনৰ প্ৰথম সূচনা হয়। পৰৱৰ্তী সময়ত মানে ক্ৰমে ১৮১৭, ১৮১৯ আৰু ১৮২১ চনত তিনিবাৰকৈ কৰা আক্ৰমণে অসমৰ ৰাজনৈতিক অৱস্থা জুৰুলা কৰে। অৱশেষত, ১৮২৪ চনৰ ২৪ ফেব্ৰুৱাৰীত ব্ৰহ্মদেশৰ ইয়াণ্ডাবুত ইংৰাজৰ সেনাপতি আৰ্চিবেল কেম্পৱেল আৰু মান ৰজাৰ প্ৰতিনিধি মহা-মিন-লা-কিয়াও-টিনৰ মাজত হোৱা ইয়াণ্ডাবু চুক্তি অনুসৰি অসমৰ শাসনতন্ত্ৰৰ বাঘজৰি ব্ৰিটিছৰ হাতলৈ যায়। এনেধৰণে ৰাজনৈতিক পক্ষপট সলনিৰ সময়ছোৱাত সমাজত সৃষ্টি হোৱা অন্যায়-অবিচাৰ আৰু দৰিদ্ৰ আৰু পীড়িতজনৰ দুৰাৱস্থা নৱ প্ৰজন্মৰ মানসপটত ভাঁহি উঠিছিল। ৰাজনীতিৰ এনে গণমুখী চেতনা উত্থানৰ বাবেই ঊনবিংশ শতিকাৰ শেষ দশকৰ পৰা অসমীয়া সাহিত্যয়ো পূৰ্বৰ পৰম্পৰাৰ পৰা আঁতৰি আহি জনমুখী চিন্তা আৰু চেতনাৰ সৈতে জড়িত হ'বলৈ ধৰিলে। এনে ৰাজনৈতিক পৰিৱৰ্তনৰ পৰিণতিস্বৰূপেই ঊনবিংশ শতিকাৰ শেষ দশকতে অসমীয়া চুটি কাহিনী সাহিত্যই নতুন ৰূপত আধুনিক চুটিগল্পৰূপত আত্মপ্ৰকাশ কৰে।

অৰ্থনৈতিক পৃষ্ঠভূমি

১৮২৬ চনৰ ইয়াণ্ডাবু সন্ধিৰ পৰা অসমৰ অৰ্থনৈতিক দৃশ্যপটৰো ৰূপান্তৰ ঘটে। ব্ৰিটিছে অসমত পাইক প্ৰথা বন্ধ কৰি কৃষকসকলৰ ওপৰত কৰ বা খাজনা জাপি দিয়ে। অসমৰ চাহ, তেল, কয়লা আৰু বিভিন্ন মূল্যৱান কাঠৰ আৱিষ্কাৰে অসমৰ অৰ্থনীতিৰ লগতে যাতায়তৰ উন্নতিৰ সাধন ঘটালেও অসমৰ পৰম্পৰাগত কৃষি অৰ্থনীতিৰ দ্ৰুত অৱক্ষয় হ'বলৈ ধৰে।

ঊনবিংশ শতিকাতে গঢ় লৈ উঠা অসমৰ পুঁজিবাদী অৰ্থনীতি শতিকাটোৰ শেষৰফালে অধিক শক্তিশালী হৈ উঠিবলৈ ল'লে। তদুপৰি বিংশ শতিকাৰ আগছোৱাত অসমৰ সামগ্ৰিক দৃশ্যপটৰ দ্ৰুত পৰিৱৰ্তন হ'বলৈ ধৰে আৰু তাৰ ফলত অসমৰ জনসাধাৰণৰ চিৰ পুৰাতন সহজ-সৰল জীৱনধাৰালৈ নানান ধৰণৰ আচহুৱা জটিলতা আহিবলৈ ল'লে।

ঊনবিংশ শতিকাৰ শেষাৰ্দ্ধ আৰু বিংশ শতিকাৰ প্ৰথম তিনিটা দশকৰ ভিতৰত পূৰ্বৰ অসমৰ গ্ৰামীণ অৰ্থনীতিৰ পতন আৰু ন-কৈ গঢ় লৈ উঠা পুঁজিবাদী অৰ্থনীতিৰ ভয়াবহতাই অসমৰ বুদ্ধিজীৱীসকলৰ মনত নানান প্ৰশ্ন আৰু সংশয়ৰ সৃষ্টি কৰিবলৈ ধৰিলে। সেয়ে জোনাকী আলোচনীৰ জন্মৰ পৰা, অৰ্থাৎ ঊনবিংশ শতিকাৰ শেষ দশকৰ পৰা অসমৰ সৃষ্টিশীল লেখকসকলে জীৱন আৰু জগতক ন-কৈ চাবলৈ বাধ্য হ'ল। ইয়াৰ ফলত পূৰ্বৰ ৰজা-মহাৰজা, ৰাজকুমাৰ-ৰাজকুমাৰী, অলৌকিক দৈৱী চৰিত্ৰৰ কল্পনাৰ পৰা লেখকসকলে আঁতৰি আহি বাস্তৱ জগত আৰু বাস্তৱ জীৱনৰ দ্বন্দ্ব আৰু সমস্যাৰ প্ৰতি মনোযোগ দিবলৈ ল'লে। এনে পৰিৱৰ্তনৰ পৰিণতি স্বৰূপেই ঊনবিংশ শতিকাৰ শেষ দশকৰপৰা অসমীয়া চুটি কাহিনী সাহিত্যই পূৰ্বৰ অবাস্তৱ বিষয়বস্তুৰ সাধুকথাৰ পৰা আঁতৰি আহি আধুনিক চুটিগল্পৰ শুভাৰম্ভ কৰিলে। গতিকে অসমীয়া সাহিত্যৰ চুটি কাহিনী সাহিত্যই পূৰ্বৰ সাধুকথাৰ পৰা ফালৰি কাটি আহি আধুনিক চুটিগল্পৰ জন্ম দিয়াৰ দিশত অসমৰ পৰিৱৰ্তিত অৰ্থনৈতিক পৃষ্ঠভূমিৰ কথা স্বীকাৰ কৰা উচিত।

ভাষিক আৰু শৈক্ষিক পৃষ্ঠভূমি

১৮৩৬ চনৰ পৰা ১৮৭২ চনৰলৈকে অসমীয়াই মাতৃভাষা অসমীয়াক হেৰুৱাই বঙালী ভাষাক শিক্ষাৰ মাধ্যম হিচাপে গ্ৰহণ কৰিবলগীয়া হৈছিল। এইছোৱা সময়ত অসমত বঙালী ভাষাৰ বিদ্যালয়ৰ লগতে ইংৰাজী শিক্ষাৰ প্ৰচলনৰ অৰ্থে ইংৰাজী বিদ্যালয় প্ৰতিষ্ঠা কৰা হয়। ১৮৩৫ চনত গুৱাহাটীত এখন ইংৰাজী বিদ্যালয় আৰু এখন বঙালী ভাষাৰ বিদ্যালয় প্ৰতিষ্ঠা কৰা হয়। ইয়াৰ পাছত গুৱাহাটী, নগাঁও, শিৱসাগৰ আদি প্ৰধান প্ৰধান নগৰসমূহত ক্ৰমশঃ ইংৰাজী ভাষাৰ বিদ্যালয় প্ৰতিষ্ঠা হয়।। সেইদৰে ঊনবিংশ শতিকাই উৰ্বৰ কৰি তোলা পটভূমিৰ বাবেই বিংশ শতিকাৰ দুৱাৰ-ডলিতে অসমত অসম চিকিৎসা মহাবিদ্যালয় (১৯০০), কটন কলেজ (১৯০১চনৰ২৭), ল’ কলেজ আৰু দুখনকৈ কাৰিকৰী বিদ্যালয়ৰ জন্ম হয়।

ঊনবিংশ শতিকাৰ চতুৰ্থ দশকৰ পৰা বিংশ শতিকাৰ দ্বিতীয় দশকলৈ প্ৰায় নটা দশকৰ ভিতৰত অসমত বহুতো উচ্চ শিক্ষানুষ্ঠান গঢ় লৈ উঠিল আৰু এই শিক্ষানুষ্ঠানসমূহে অসমৰ জনসাধাৰণক আধুনিক বহুমুখী শিক্ষাৰ প্ৰতি আকৃষ্ট কৰিবলৈ ধৰিলে। ফলস্বৰূপে ঊনবিংশ শতিকাৰ শেষ দশক আৰু প্ৰধানকৈ বিংশ শতিকাৰ প্ৰথম দশকৰ পৰা অসমীয়া সাহিত্যৰ গতি আৰু প্ৰকৃতি পাশ্চাত্য সাহিত্যৰ অনুৰূপত গঢ় ল'বলৈ ধৰিলে। সেইবাবে পূৰ্বৰ সাধুকথা ধৰ্মী চুটি কাহিনী সাহিত্যৰো পৰিৱৰ্তন ঘটিল আৰু পাশ্চাত্য চুটিগল্পৰ আৰ্হিত জোনাকী আলোচনীৰ পাততে পোন প্ৰথম আধুনিক চুটিগল্পই আত্মপ্ৰকাশ কৰিলে। গতিকে আধুনিক অসমীয়া চুটিগল্পৰ সৃষ্টিৰ গুৰিত ঊনবিংশ শতিকাৰ ক্ৰমবৰ্ধমান শৈক্ষিক পৃষ্ঠভূমিৰ অৱদান গুৰুত্বপূৰ্ণ।

অসমীয়া চুটিগল্পৰ জন্ম আৰু বিকাশ

অধুনিক যুগত অসমীয়া চুটিগল্পৰ জন্ম হয় লক্ষ্মীনাথ বেজবৰুৱাৰ হাতত। অসমীয়া চুটিগল্পৰ জন্ম ১৮৮৯ চনৰ ৯ ফেব্ৰুৱাৰীত প্ৰকাশ পোৱা 'জোনাকী'ৰ পাতত লক্ষ্মীনাথ বেজবৰুৱাৰ হাতত সৃষ্টি হৈছিল। বিশেষকৈ পাশ্চাত্য সাহিত্য অধ্যয়নৰ ফলস্বৰূপে অসমীয়া সাহিত্যত চুটিগল্পৰ জন্ম হয়। তদুপৰি ঊনবিংশ শতিকাৰ ৰাজনৈতিক, অৰ্থনৈতিক, ভাষিক,শৈক্ষিক সমস্যাসমূহে অসমীয়া জাতীয় জীৱনত আনি দিয়া পৰিৱৰ্তনে এক বৌদ্ধিক পটভূমি নিৰ্মাণ কৰি দিয়ে আৰু এই বৌদ্ধিক পটভূমিতেই ঊনবিংশ শতিকাত আধুনিক অসমীয়া সাহিত্যৰ বুনিয়াদ ৰচনা হয়। এনেদৰে অসমীয়া সাহিত্যৰ জগতলৈ অসমীয়া চুটিগল্পই ভূমুকি মাৰে।

জোনাকীৰ পাতত বেজবৰুৱাৰ কাপৰপৰা নিগৰি ওলোৱা প্ৰথম চুটিগল্পৰ সম্পৰ্কে পণ্ডিতসকলৰ মাজত মতানৈক্য দেখা যায়। ড॰ মহেন্দ্ৰ বৰাই 'ভদৰি' নামৰ গল্পটো প্ৰথম বুলি ক'ব খোজে। 'জোনাকী'ৰ চতুৰ্থ বছৰৰ চতুৰ্থ সংখ্যাত প্ৰকাশ পোৱা 'সেউতী' গল্পটিক প্ৰথম গল্প বুলি মত প্ৰকাশ কৰিছে। একে মতকে ড॰ নগেন ঠাকুৰেও গ্ৰহণ কৰিছে। কিন্তু ড॰ প্ৰহ্লাদ কুমাৰ বৰুৱাৰ মতে, 'জোনাকী' আলোচনীৰ ৪ৰ্থ বছৰ ৮ম সংখ্যাত লক্ষ্মীনাথ বেজবৰুৱাৰ 'পণ্ডিত মহাশয়' গল্পৰ যোগেদি অসমীয়া সাহিত্যত চুটিগল্পৰ শুভাৰম্ভ হয়। এনেদৰে মতানৈক্য থাকিলে বৰ্তমান প্ৰথম অসমীয়া চুটিগল্প হিচাপে 'সেউতী' গল্পটিকে গ্ৰহণ কৰা হৈছে।

ড॰ প্ৰহ্লাদ কুমাৰ বৰুৱাদেৱে "অসমীয়া চুটিগল্পৰ অধ্যয়ন" গ্ৰন্থত চুটিগল্পৰ জন্ম আৰু বিকাশৰ সম্পৰ্কে বিশদভাৱে বৰ্ণনা কৰিছে। তেখেতে গ্ৰন্থখনত নিম্নোক্ত ধৰণে চুটিগল্পৰ বিকাশক বৰ্ণনা আগবঢ়াইছে।

  1. আদি যুগ বা জোনাকী যুগ (১৮৮৯ চনৰ পৰা ১৯২৯ চনলৈকে)
  2. আৱানহন যুগ (১৯২৯ চনৰপৰা ১৯৪০ চনলৈকে)
  3. যুদ্ধোত্তৰ যুগ বা ৰামধেণু যুগ (১৯৪০ চনৰ পৰা ১৯৭০চনলৈকে)
  4. সাম্প্ৰতিক যুগ (১৯৭০ চনৰ পৰা সাম্প্ৰতিকলৈকে)

জোনাকী যুগৰ চুটিগল্প

  • আদি যুগ বা জোনাকী যুগ (১৮৮৯-১৯২৯ চনলৈকে)

আৱাহন যুগৰ চুটিগল্প

ৰামধেনু যুগৰ চুটিগল্প

সাম্প্ৰতিক যুগৰ চুটিগল্প

সহায়ক গ্ৰন্থসমূহ

  1. অসমীয়া সাহিত্য অধ্যয়ন, ৩য় প্ৰকাশ ২০১৪, শৰাইঘাট ফটোটাইপছ প্ৰা:লি: -লক্ষ্মীকান্ত মহন্ত
  2. অসমীয়া চুটিগল্পৰ অধ্যয়ন,পঞ্চম প্ৰকাশ ২০১৫, বনলতা প্ৰিণ্ট এণ্ড পেক। -ডক্তৰ প্ৰহ্লাদ কুমাৰ বৰুৱা।
  3. DIRECTORATE OF DISTANCE EDUCATION,DIBRUGARH UNIVERSITY ৰ স্নাতকোত্তৰ প্ৰথম বাৰ্ষিকৰ পাঠ্যপুথি _" অসমীয়া গদ্য-১০৬ "----'EDITOR : Dr J.K BORA, Department of Dibrugarh University
  4. সাহিত্য উপক্ৰমণিকা,৫ম সংস্কৰণ: আগষ্ট,২০১৩--মহেন্দ্ৰ বৰা।
  5. অসমীয়া সাহিত্যৰ ৰূপ-বৈচিত্ৰ্য---দ্বীপেন নাথ।

তথ্য সংগ্ৰহ

Tags:

চুটিগল্প ৰ সংজ্ঞাচুটিগল্প অসমীয়া ৰ বিষয়বস্তুচুটিগল্প ৰ বৈশিষ্ট্যচুটিগল্প অসমীয়া সাহিত্যৰ ৰ পৃষ্ঠভূমিচুটিগল্প অসমীয়া ৰ জন্ম আৰু বিকাশচুটিগল্প সহায়ক গ্ৰন্থসমূহচুটিগল্প তথ্য সংগ্ৰহচুটিগল্পইংৰাজী ভাষা

🔥 Trending searches on Wiki অসমীয়া:

ভট্টদেৱৰ গদ্যশৈলীলোকসভাৰ অধ্যক্ষনাহৰঅসমীয়া বান্দৰহীৰেন গোহাঁইৰামধেনু (আলোচনী)মাধৱদেৱকীৰ্তন-ঘোষাভাৰতমাঘ বিহুবৰপেটা (লোকসভা সমষ্টি)মণিকৰ্ণেশ্বৰ দেৱালয়এহাত ডাবাঅসমৰ তামোল-পাণ সংস্কৃতিপ্ৰজ্ঞাবিশ্বনাথ জিলাএ পি জে আব্দুল কালামঅকলে আছোঁ কুশলে আছোঁৰুক্মিণী হৰণ নাটসন্ধ্যাৰাগ (চলচ্চিত্ৰ)লিংগ বৈষম্য আৰু ভাৰতীয় নাৰীদিল্লীভাষাহেম বৰুৱাহাড়শ্ৰী শ্ৰী বটদ্ৰৱা থানৰাজহুৱা ক্ষেত্ৰপ্ৰাকৃতিক পৰিৱেশগোলকীকৰণগোলাঘাটপ্ৰকৃতিসাহিত্য সমালোচনাঅনাভেদী যৌনক্ৰিয়াসাঁচিপাতশ্ৰীমন্ত শংকৰদেৱ বঁটালখিমপুৰ (লোকসভা সমষ্টি)নলবাৰী নগৰঈয়াৰুইঙ্গমজেং বিহুপথৰুঘাটৰ ৰণঅয়নান্ত (গ্ৰন্থ)ডিমা হাছাও জিলাসিন্ধু সভ্যতাৰীতা চৌধুৰীৰাধাগোবিন্দ বৰুৱাআৰ্নেষ্ট ৰাডাৰফ'ৰ্ডঅসহযোগ আন্দোলনগদ্যউদশোণিত কুঁৱৰীশিৱসাগৰনিমাতী কইনাপটলঘৰ শালিকাকথা কবিতাবৰষুণইণ্টাৰনেটঅসমৰ বাতৰি কাকত আৰু আলোচনীৰ তালিকাবিষ্ণুপ্ৰসাদ ৰাভানাগাৰা নামভাৰত ত্যাগ আন্দোলনঅসমৰ বয়ন শিল্পচৈয়দ আব্দুল মালিকমৌখিক পৰম্পৰামাহনাৰীবাদচৰাইঅসম আৰক্ষীভাৰতীয় অৰ্থনীতিৰ বৈশিষ্ট্যৰুবুল মাউতসৈনিক স্কুল, গোৱালপাৰাপৰম্পৰাসূৰ্য (দেৱতা)🡆 More