চাৰ্ন'বিল বিপৰ্যয়

তদানীন্তন চোভিয়েট ইউনিয়নৰ অন্তৰ্গত ইউক্ৰেইনৰ প্ৰিপ্‌য়েট নগৰৰ ওচৰৰ চাৰ্ন'বিল পাৰমাণৱিক শক্তি কেন্দ্ৰত ১৯৮৬ চনৰ ২৬ এপ্ৰিলত হোৱা পাৰমাণৱিক দুৰ্ঘটনাকে চাৰ্ন'বিল বিপৰ্যয় বোলে।

চাৰ্ন'বিল বিপৰ্যয়
চাৰ্ন'বিল বিপৰ্যয়
বিপৰ্যয়ৰ কিছু সময়ত পাছতে ৩ আৰু ৪ নং ৰিয়েক্টৰ
সময় 0১:২৩:৪০ মস্কোৰ জহকালিৰ সময় (UTC+04:00)
তাৰিখ ২৬ এপ্ৰিল ১৯৮৬; ৩৭ বছৰ আগত (1986-04-26)
স্থান চাৰ্ন'বিল পাৰমাণৱিক শক্তি কেন্দ্ৰ, প্ৰিপ্‌য়েট, চোভিয়েটৰ অন্তৰ্গত ইউক্ৰেইন
প্ৰকাৰ পাৰমাণৱিক আৰু বিকিৰণ দুৰ্ঘটনা
উদ্দেশ্য ৰিয়েক্টৰৰ গাঁথনিক ত্ৰুটি আৰু সুৰক্ষা পৰীক্ষাৰ সময়ত সঠিক প্ৰট'কল মানি নচলা
পৰৰ্ৱতী প্ৰভাৱ চাৰ্ন'বিল বিপৰ্যয়ৰ প্ৰভাৱ চাওক
মৃত্যু চাৰ্ন'বিল বিপৰ্যয় সম্পৰ্কীয় মৃত্যু

RBMK নামৰ এক সাধাৰণ প্ৰকাৰৰ চোভিয়েট পাৰমাণৱিক ৰিয়েক্টৰত এটা সুৰক্ষা পৰীক্ষা কৰোঁতে এই দুৰ্ঘটনা হৈছিল। বিদ্যুৎ যোগান ব্যাহত হোৱাৰ সময়ত জৰুৰীকালীন জেনেৰেটৰে শক্তি যোগান নধৰা পৰ্যন্ত শীতলীকৰণ কাৰ্য চলাই ৰাখিবলৈ এক সুৰক্ষা প্ৰক্ৰিয়াৰ বিকাশেই এই পৰীক্ষা উদ্দেশ্য আছিল। জৰুৰীকালীন শক্তি যোগানলৈকে প্ৰায় এক মিনিট সময়ৰ পাৰ্থক্য আছিল। এই সময়খিনিতে পাৰমাণৱিক ৰিয়েক্টৰৰ অভ্যন্তৰ উত্তপ্ত হৈ পৰাৰ সম্ভাৱনা আছিল। ১৯৮২ চনৰে পৰা এনে সুৰক্ষা পৰীক্ষা চলাই আহিলেও সুফল পোৱা নাছিল। দুৰ্ভাগ্যবশতঃ চতুৰ্থবাৰত পৰীক্ষাটো দহঘণ্টাৰো অধিক সময় পিছুৱাই দিবলগীয়া হৈছিল আৰু পৰীক্ষা প্ৰক্ৰিয়াৰ বাবে থকা বিশেষভাৱে প্ৰশিক্ষিত কৰ্মীসকলৰ ঠাইত ৰাতিৰ ভাগৰ কৰ্মীসকল আহি পাইছিল। পৰীক্ষাৰ তদাৰককাৰীজনে সঠিক প্ৰক্ৰিয়া অনুসৰণ নকৰাত খেলিমেলিৰ সৃষ্টি হয়। কেইবাটাও জৰুৰীকালীন সুৰক্ষা প্ৰণালীকো নিষ্ক্ৰিয় কৰি ৰখা হৈছিল। ইয়াৰ লগতে RBMK ৰিয়েক্টৰৰ গাঁথনিগত ত্ৰুটি মিলি এক অনিয়ন্ত্ৰিত নিউক্লিয় শৃংখল বিক্ৰিয়াৰ সৃষ্টি হয়। হঠাতে বৃহৎ পৰিমাণৰ শক্তি নিৰ্গত হৈ শীতলীকৰণৰ পানী বাষ্প কৰি পেলায়। তেতিয়া বাষ্প বিস্ফোৰণ সংঘটিত হৈ ৰিয়েক্টৰৰ চাপ চিমনী ফাটি যায় আৰু বতাহৰ সংস্পৰ্শত ৰিয়েক্টৰৰ অভ্যন্তৰত জুই লাগে।

১৯৮৬ চনৰ ৪ মে'ত নিয়ন্ত্ৰণলৈ অহাৰ আগলৈকে এই জুই প্ৰায় ৯ দিনলৈকে জ্বলি আছিল। জুয়ে বতাহলৈ নিৰ্গত কৰা আণৱিক বিভংগনৰ পদাৰ্থবোৰ চোভিয়েট ইউনিয়ন আৰু ইউৰোপৰ পশ্চিম ভাগত সিঁচৰতি হৈ পৰে। উত্তপ্ত জুইৰ সময়ত ওলোৱা তেজষ্ক্ৰিয় পদাৰ্থবোৰৰ পৰিমাণ আৰম্ভণিৰ বিস্ফোৰণৰ সময়ত ওলোৱা পদাৰ্থৰ সমানেই আছিল।

চাৰ্ন'বিল বিপৰ্যয়ৰ ফলত হোৱা মৃত্যুৰ সংখ্যা এক বিতৰ্কিত বিষয়। ৰাষ্ট্ৰ সংঘৰ এক প্ৰতিবেদন অনুসৰি মৃত্যুৰ সংখ্যা ৪,০০০ বুলি কোৱাৰ পৰিৱৰ্তে গ্ৰীন্‌পিচৰ অধ্যয়ন অনুসৰি এই সংখ্যা প্ৰায় ২,০০,০০০। দুৰ্ঘটনাৰ সময়ত বাষ্প বিস্ফোৰণত কেন্দ্ৰটোৰ দুজন মানুহৰ মৃত্যু হৈছিল: এজনৰ বিস্ফোৰণৰ ঠিক পাছতে আৰু আন এজনৰ উচ্চ মাত্ৰাৰ তেজষ্ক্ৰিয় বিকিৰণৰ প্ৰভাৱত। পাছৰ দিনবোৰত আন ১৩৪ জন কৰ্মী একিউট ৰেডিয়েচন ছীন্দ্ৰ'মত (ARS) ভুগি চিকিৎসাধীন হ'বলগীয়া হয়। ইয়াৰে ২৮ জন অগ্নিনিৰ্বাপক লোক আৰু চাৰ্ন'বিলৰ কৰ্মীৰ কেইমাহমানৰ ভিতৰত মৃত্যু হয়। ইয়াৰ লগতে দহ বছৰৰ ভিতৰত এই চিকিৎসাধীন ১৩৪ জন লোকৰ ভিতৰত ১৪ জন লোকে বিকিৰণ প্ৰভাৱিত কৰ্কট ৰোগত ভুগি মৃত্যুবৰণ কৰে। আন মানুহৰ ভিতৰত ২০১১ চনৰ তথ্য অনুসৰি ১৫ গৰাকীতকৈও বেছিজনৰ শিশুকালৰ থাইৰইডৰ কৰ্কট ৰোগত মৃত্যু হয়। ৰক্ষা পৰা কৰ্মীসকল, আৰম্ভণিতে ARSৰ বাবে চিকিৎসাধীন হোৱা লোক আৰু আন ৰাইজৰ কৰ্কট ৰোগৰ আশংকা নিৰ্ণয়ৰ বাবে অধিক সময় আৰু অধ্যয়নৰ প্ৰয়োজন।

খৰচ আৰু হতাহত লোকৰ ফালৰ পৰা চাৰ্ন'বিল দুৰ্ঘটনাক ইতিহাসৰ আটাইতকৈ ভয়ংকৰ পাৰমাণৱিক দুৰ্ঘটনা বুলি গণ্য কৰা হয়। আন্তঃৰাষ্ট্ৰীয় পাৰমাণৱিক ঘটনা মাপ অনুসৰি "৭ মাত্ৰাৰ গুৰুতৰ ঘটনা" বুলি চিহ্নিত দুটা পাৰমাণৱিক দুঘটনাৰ ইয়ো এটা। আনটো হৈছে ২০১১ চনৰ ফুকুশ্বিমা পাৰমাণৱিক বিপৰ্যয়। পৰিস্থিতি অধিক বেয়াৰ ফালে ঢাল খোৱাৰ আগতেই নিয়ন্ত্ৰণ কৰা আৰু পৰিবেশ পৰিচ্ছন্ন কৰাৰ বাবে প্ৰায় ৫,০০,০০০ লোক নিয়োজিত হৈছিল। খৰচ হৈছিল প্ৰায় ১৮০ কোটি ৰুবল (১৯৮৬ চনত প্ৰায় $৩০০ কোটি আমেৰিকান ডলাৰ, বা মুদ্ৰাস্ফীতি ধৰিলে ২০১৯ চনত প্ৰায় $৬৮০ কোটি আমেৰিকান ডলাৰ)।

৪ নং ৰিয়েক্টৰৰ ঘৰটো এক বিশেষভাৱে নিৰ্মিত কংক্ৰীট আৱৰণীৰে ঢাকি পেলোৱা হয় যাতে তেজষ্ক্ৰিয় বিকিৰণ বিয়পি নপৰে। ৰিয়েক্টৰৰ ক'ল্ড শ্বাটডাউন অৱস্থাৰ সময়তে এই আৱৰণী খৰধৰকৈ সাজি ১৯৮৬ চনৰ ডিচেম্বৰত সমাপ্ত কৰা হয়। এই নিৰপত্তা আৱৰণীয়ে চলি থকা আন ৰিয়েক্টৰত নিয়োজিত কৰ্মীসকলকো সুৰক্ষা প্ৰদান কৰে। ৩নং ৰিয়েক্টৰে ২০০ চনলৈকে বিদ্যুৎ উৎপাদন কৰি আছিল। এই আৱৰণীৰ অৱস্থা বেয়া হৈ অহা বাবে ইয়াক আৰু ৪ নং ৰিয়েক্টৰক আৱৰি আন এক অত্যাধুনিক নিৰপত্তা বেষ্টনী ২০১৭ চনত গঢ়ি তোলা হয়।

এই দুৰ্ঘটনাৰ ফলত বাকী থকা আন সকলো চোভিয়েট নিৰ্মিত RBMK ৰিয়েক্টৰৰ সুৰক্ষা ব্যৱস্থা উন্নত কৰি তোলা হয়। ২০১৯ চনলৈকে ইয়াৰে ১০ টাই বিদ্যুৎ উৎপাদনৰ কামত নিয়োজিত হৈ আছে।

টোকা

পাদটীকা

উৎস

অনানুস্থানিক উৎসত প্ৰকাশিত দুৰ্ঘটনা বিষয়ক টোকা:

অতিৰিক্ত পাঠ্য

বাহ্যিক সংযোগ

Tags:

চাৰ্ন'বিল বিপৰ্যয় টোকাচাৰ্ন'বিল বিপৰ্যয় পাদটীকাচাৰ্ন'বিল বিপৰ্যয় অতিৰিক্ত পাঠ্যচাৰ্ন'বিল বিপৰ্যয় বাহ্যিক সংযোগচাৰ্ন'বিল বিপৰ্যয়চোভিয়েট ইউনিয়ন

🔥 Trending searches on Wiki অসমীয়া:

অযোধ্যা (পৌৰাণিক নগৰ)ৰজনীকান্ত বৰদলৈশিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ আইন, ২০০৯অসময়আইজাক নিউটনসত্যনাথ বৰালিংগ বৈষম্য আৰু ভাৰতীয় নাৰীঅসহযোগ আন্দোলনজল সংৰক্ষণআৰৱ সাগৰমামণি ৰয়ছম গোস্বামীৰ উপন্যাসমৌখিক ইতিহাসউইলিয়াম শ্বেইকছপীয়েৰসিংহবিহুআহোম ৰাজবংশপুৰুষঅসমৰ তেল শোধনাগাৰব্ৰজাৱলী ভাষানাগৰিকত্ব (সংশোধনী) আইন, ২০১৯অনুসূচীত জাতি আৰু অনুসূচীত জনজাতিদক্ষিণ এচিয় আঞ্চলিক সহযোগিতা সংস্থাআগ্নেয়গিৰিপুষ্টিকাৰকজল প্ৰদূষণভাৰতৰ জাতীয় পতাকাম’বাইল ফোনউপনিষদচীনশিক্ষাগৱেষণাকাঞ্চন (উপন্যাস)বিহুৰ সাজ-পোচাক আৰু অলংকাৰপাতআমাৰ অসমজেং বিহুসপ্তকাণ্ড ৰামায়ণছক্ৰেটিছজোনাকী (আলোচনী)ৰাজ্যসভাজন গণ মনকাৰ্ল মাৰ্ক্সআনন্দৰাম বৰুৱাজাতনামনামদাঙৰ শিলৰ সাঁকোবাবৰবিহুগীতযোৰহাটচাৰ্লছ ডাৰউইনহেমকোষঅসমীয়া সাহিত্যৰ বুৰঞ্জীৰ তালিকাহৰেকৃষ্ণ ডেকামুগা (ৰেচম)পৰিয়ালবতাহস্বৰাজব্লগমৈদামমঙ্গল গ্ৰহহিমালয়জাপিবিহুৰ খাদ্যগোলকীকৰণচি এছ এছফুলমাধৱদেৱজ্যোতি সংগীতনক্ষত্ৰমাটিসৰস্বতী পূজানাট্য শাস্ত্ৰবিয়া নাম🡆 More