চানডুবি বিল: অসমৰ এখন প্ৰাকৃতিক বিল

চানডুবি বিল (IPA উচ্চাৰণ: ˌʧʌnˈdʊbɪ) অসমৰ কামৰূপ জিলাৰ ৰাভা হাচং স্বায়ত্বশাসিত পৰিষদ এলেকাত অৱস্থিত এখন প্ৰাকৃতিক বিল। গুৱাহাটী মহানগৰৰ পৰা এই স্থান প্ৰায় ৬৪ কিলোমিটাৰ দূৰত। অসম আৰু মেঘালয়ৰে আবৃত গাৰো পাহাৰৰ পাদস্থানত এই বিল অৱস্থিত। এই অঞ্চলটো অৰণ্য, চাহ বাগিছা আৰু সৰু সৰু গাঁৱেৰে ভৰা। প্ৰতিবছৰে এক বুজন সংখ্যক লোক বনভোজৰ বাবে বা ফুৰিবলৈ এই বিললৈ আহে।

চানডুবি বিল
চানডুবি বিল: নামৰ উৎপত্তি, ভৌগোলিক তথ্য, পৰ্যটন
অৱস্থান ৰাভা হাচং স্বায়ত্বশাসিত পৰিষদ এলেকা, কামৰূপ জিলা, অসম
Basin countries চানডুবি বিল: নামৰ উৎপত্তি, ভৌগোলিক তথ্য, পৰ্যটন ভাৰত

নামৰ উৎপত্তি

প্ৰচলিত জনবিশ্বাস অনুসৰি প্ৰাচীন কালৰ চান্দ সদাগৰৰ ধন-সোণেৰে ভৰা নাও ডুবি এই বিল সৃষ্টি হৈছিল। চান্দ সদাগৰৰ ডিঙা ডুবি এই বিল হোৱা বাবেই হেনো 'চান্দডুবি' নাম পায়।

চানডুবি বিল: নামৰ উৎপত্তি, ভৌগোলিক তথ্য, পৰ্যটন 
পৰ্যটকৰ বাবে বিলৰ পাৰত সাজু কৰি থোৱা নাও

ভৌগোলিক তথ্য

১৮৯৭ চনৰ অসমৰ বৰভুঁইকপত এই বিলৰ সৃষ্টি হৈছিল। ভূমিকম্পত এই ঠাইৰ হাবি তললৈ বহি গৈ বিল হৈ পৰে।

পৰ্যটন

প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা এই বিলৰ দুইপাৰে বনভোজৰ বাবে স্থান আছে। সৰু নাৱত উঠি এই বিল পৰিভ্ৰমণ কৰিব পাৰি। পৰ্যটকৰ বাবে বিলত মাছ মৰাৰো সুবিধা কৰি দিয়া হয়। প্ৰতিবছৰে জানুৱাৰী মাহৰ প্ৰথম সপ্তাহত চানডুবি উৎসৱ অনুষ্ঠিত হয়। এই উৎসৱত স্থানীয় লোকসকলে পৰম্পৰাগত নৃত্য আৰু খাদ্য পৰিবেশন কৰে

উল্লেখ্য যে চানডুবি বিলৰ নৈসৰ্গিক সৌন্দৰ্যৰ বাবে ইয়াত পৰ্যটকৰ উপৰি ছবি, মিউজিক ভিডিঅ’ ইত্যাদিৰ দৃশ্যগ্ৰহণৰ বাবে নিতৌ বিভিন্নজনৰ আগমন হয়। ইং ২੦২২ চনৰ নৱেম্বৰ মাহত বলিউডৰ বলিষ্ঠ অভিনেত্ৰী কংগনা ৰানাৱটে ইয়াত "ইমাৰ্জেন্সি" শীৰ্ষক বলিউডৰ এখন ছবিৰ শ্বুটিং সম্পন্ন কৰে। এই ছবি দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ জীৱনৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা হৈছে। ইয়াৰ উপৰি জনপ্ৰিয় শিল্পী জুবিন গাৰ্গ অভিনীত ছুপাৰ হিট অসমীয়া বােলছবি মিশ্বন চাইনাৰাে বহু দৃশ্য চানডুবি বিলৰ পাৰতে গ্ৰহণ কৰা হৈছিল।

চানডুবি বিল: নামৰ উৎপত্তি, ভৌগোলিক তথ্য, পৰ্যটন 
চানডুবি বিলত এগৰাকী মহিলাই মাছ মৰা দৃশ্য।

আৰু চাওক

তথ্যসূত্ৰ

Tags:

চানডুবি বিল নামৰ উৎপত্তিচানডুবি বিল ভৌগোলিক তথ্যচানডুবি বিল পৰ্যটনচানডুবি বিল আৰু চাওকচানডুবি বিল তথ্যসূত্ৰচানডুবি বিলঅসমকামৰূপ জিলাগুৱাহাটীমেঘালয়ৰাভা হাচং স্বায়ত্বশাসিত পৰিষদ

🔥 Trending searches on Wiki অসমীয়া:

বৰপেটা (লোকসভা সমষ্টি)বাণীকান্ত ৰচনাৱলীকুলধৰ শইকীয়াগোলকীয় উষ্ণতা বৃদ্ধিবিৰিঞ্চি কুমাৰ বৰুৱাভীমৰাও ৰামজী আম্বেদকাৰকলবগেজাৰী গীতৱিকিপিডিয়াশ্ৰীকৃষ্ণকীৰ্তনকনকলতা বৰুৱাহিমন্ত বিশ্ব শৰ্মামায়া সীতাচৰকাৰসূৰ্যকুমাৰ ভূঞাযোগাসনবনঘোষাবৰপেটা সত্ৰপদাৰ্থৰ অৱস্থাশূন্যভাৰত ত্যাগ আন্দোলনপোহৰঅসমৰ ৰাজ্যিক প্ৰতীকসমূহভাৰতৰ সংবিধানদীপলিনা ডেকাব্যক্তিত্বজ্ঞানপীঠ বঁটানাগালেণ্ডআমেৰিকা যুক্তৰাষ্ট্ৰদোৰোণঅসম আন্দোলনচ্যু-কা-ফাসূৰ্য (দেৱতা)ভাৰতীয় সাহিত্যদিহানামমুদ্ৰাপাইক প্ৰথাবামুণী পাহাৰমহাত্মা গান্ধী ৰাষ্ট্ৰীয় নিয়োগ নিশ্চিত আইন, ২০০৫ঋণাত্মক অখণ্ড সংখ্যাশিক্ষাৰ অধিকাৰসত্যনাথ বৰাকীৰ্তন ঘোষা সংকলনকাৰেঙৰ লিগিৰীশৰীৰস্থান২৬ এপ্ৰিলমৌ-মাখিনামঘোষাফলৰ তালিকাশিশুঅসমীয়া ভাষাৰ শব্দসম্ভাৰ২৫ এপ্ৰিলভাৰত ৰত্নঅষ্ট্ৰেলিয়াঅসমত দেখা পোৱা মাছৰ তালিকাদ্বিতীয় বিশ্বযুদ্ধযোগাত্মক বিপৰীত সংখ্যাআলেকজেণ্ডাৰ গ্ৰাহাম বে'লঅসমৰ নৃ-প্ৰজাতীয় গাঁথনিঅনুসূচীত জাতি আৰু অনুসূচীত জনজাতিভঠেলিডুবাইমহা মৃত্যুঞ্জয় মন্দিৰআনন্দ চন্দ্ৰ আগৰৱালাইণ্টাৰনেটআহোম ৰাজ্যপাচন নলীব্ৰহ্মপুত্ৰ নদৰামধেনু (আলোচনী)ধৰ্মৱিকিমিডিয়া ফাউণ্ডেশ্যনতেজপুৰবনাঞ্চল ধ্বংস আৰু জলবায়ু পৰিৱৰ্তনউমাচল শিলালিপিশালস্তম্ভ ৰাজবংশপৃথিৱী🡆 More