নাটক চক্ৰধ্বজ সিংহ

চক্ৰধ্বজ সিংহ (ইংৰাজী: Chakraddhaj Singha) হৈছে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ দ্বাৰা ৰচিত এখন উল্লেখযোগ্য ঐতিহাসিক নাটক। এই নাটকৰ কথাবস্তু বেজবৰুৱাই প্ৰধানকৈ হেমচন্দ্ৰ গোস্বামীৰ শৰাইঘাটৰ যুদ্ধ নামৰ প্ৰবন্ধৰ পৰা চয়ন কৰিছে। অসমৰ অতীত গৌৰৱ অসমীয়াৰ আগত দাঙি ধৰিবলৈহে বেজবৰুৱাই এই নাটকখন ৰচনা কৰিছিল। ঐতিহাসিক নাটকৰূপে এই নাটকখনৰ অসমীয়া নাট সাহিত্যৰ বুৰঞ্জীত এক সুকীয়া স্থান আছে।

চক্ৰধ্বজ সিংহ
লিখক লক্ষ্মীনাথ বেজবৰুৱা
চৰিত্ৰসমূহ প্ৰিয়ৰাম
গজপুৰীয়া
প্ৰথম প্ৰদৰ্শনৰ ঠাই অসম
মূল ভাষা অসমীয়া
শৈলী ঐতিহাসিক

লেখকৰ বিষয়ে

লক্ষ্মীনাথ বেজবৰুৱা (ইংৰাজী: Laksminath Bezbarua; ১৮৬৪-১৯৩৮) আধুনিক অসমীয়া সাহিত্যৰ এজন পথ-প্ৰদৰ্শক। কবিতা, নাটক,গল্প, উপন্যাস, প্ৰৱন্ধ, ৰম্যৰচনা, সমালোচনা, প্ৰহসন, জীৱনী, আত্মজীৱনী, শিশুসাহিত্য, ইতিহাস অধ্যয়ন, সাংবাদিকতা আদি সকলো দিশতে বেজবৰুৱাৰ অৱদান অমূল্য। কৃপাবৰ বৰুৱা ছদ্মনামত বেজবৰুৱাই সাহিত্য সৃষ্টি কৰি এজন সমাজ সংস্কাৰক হিচাপেও চিনাকি দিছে।

কথাবস্তু

স্বৰ্গদেউ চক্ৰধ্বজ সিংহৰ ৰাজত্ব কালত লাচিত বৰফুকনৰ নেতৃত্বত মোগল সৈন্যৰ বিৰুদ্ধে দুটা সাৰ্থক অভিযান চলোৱাৰ কথা নাটকখনত নাট্যৰূপ দিয়া হৈছে। নাটকখনৰ কথাবস্তুৰ অন্তৰ্গত স্বৰ্গদেউ চক্ৰধ্বজ সিংহৰ সেই সাৰ্থক অভিযান দুটা হ’ল:

  • চৈয়দ চানা আৰু চৈয়দ ফিৰোজৰ বিৰুদ্ধে বাঁহবাৰী, কাজলীমুখত সাৰ্থক অভিযান চলাই শেষত মোগলৰ হাতৰ পৰা গুৱাহাটী অধিকাৰ কৰা।
  • ইয়াৰ পিছতে ৰামসিংহই অসম আক্ৰমণ কৰি শৰাইঘাটৰ যুদ্ধত বেয়াকৈ পৰাস্ত হোৱা।

সমালোচনা

চক্ৰধ্বজ সিংহৰ নাটকখনত শ্বেইক্সপীয়েৰৰ নাটকৰ প্ৰভাৱ আছে। এই সম্পৰ্কত নাটকখনৰ পাতনিতে বেজবৰুৱাদেৱে কৈছে, “মহাকবি শ্বেইক্সপীয়েৰৰ প্ৰিন্স হেনৰি, ফলষ্টাফ আৰু তেওঁলোকৰৰ লগৰীয়াসকলৰ চৰিত্ৰৰ চানেকিৰ কিছু দূৰ অনুসৰণ কৰি এই নাটৰ প্ৰিয়ৰাম আৰু গজপুৰীয়া প্ৰভৃতিৰ চৰিত্ৰ গঠন কৰা হৈছে। মহাকবিৰ পদাংক অনুসৰণ কৰি তেওঁৰ আশীৰ্বাদৰ কণমান লাভৰ ভিকহু হোৱাহে লেখকৰ মনস্কামনা।”

চৰিত্ৰ

বেজবৰুৱাদেৱে প্ৰিয়ৰাম, গজপুৰীয়া আদি চৰিত্ৰকেইটা শ্বেইক্সপীয়েৰৰ ‘চতুৰ্থ হেনৰী’ নাটকৰ ৰাজকুমাৰ হেন্‌ৰী, ফলষ্টাফ আৰু তেওঁলোকৰ লগৰীয়াসকলৰ আলমত নিৰ্মাণ কৰিছে। তেওঁ প্ৰতিটো চৰিত্ৰকে অসমীয়া সাঁচত একোটা মৌলিক চৰিত্ৰলৈ ৰূপান্তৰ কৰিছে।

লগতে চাওক

তথ্য সংগ্ৰহ

Tags:

নাটক চক্ৰধ্বজ সিংহ লেখকৰ বিষয়েনাটক চক্ৰধ্বজ সিংহ কথাবস্তুনাটক চক্ৰধ্বজ সিংহ সমালোচনানাটক চক্ৰধ্বজ সিংহ লগতে চাওকনাটক চক্ৰধ্বজ সিংহ তথ্য সংগ্ৰহনাটক চক্ৰধ্বজ সিংহইংৰাজী ভাষালক্ষ্মীনাথ বেজবৰুৱাহেমচন্দ্ৰ গোস্বামী

🔥 Trending searches on Wiki অসমীয়া:

স্বাস্থ্যগঙ্গা নদীসাগৰ দেখিছা (কবিতা সংকলন)অসম আন্দোলনঅসমীয়া জলপানৰুক্মিণী হৰণ নাটপুৰুষোত্তম দাসদেওহাঁহবৰপেটাভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাকোচ ৰাজবংশীগৱেষণামিচিং জনগোষ্ঠীৰাতি বিহুঅন্নপ্ৰাশনঅসমৰ ৰাজ্যিক প্ৰতীকসমূহসাপনাৰীআৱাহন (আলোচনী)সিন্ধু নদীআজান পীৰৰ দৰগাহধৰ্মবেংকগোপীনাথ বৰদলৈঅসম বিধানসভাৰ সমষ্টিসমূহৰ তালিকাচৰিত পুথিসেউজ গৃহ প্ৰভাৱমাছবায়ু প্ৰদূষণমাধৱ কন্দলিচন্দ্ৰকুমাৰ আগৰৱালামুখমৈথুনদেউলঅভিধানসপ্তকাণ্ড ৰামায়ণশালস্তম্ভ ৰাজবংশবুৰঞ্জীতেজপুৰবিষ্ণুপ্ৰসাদ ৰাভাকৃষিগুৱাহাটী বিশ্ববিদ্যালয়ধৰিত্ৰী দিৱসমহাদেশচিপাহী বিদ্ৰোহ ১৮৫৭আন্তৰ্জাতিক শ্ৰমিক দিৱসৰাজ্যসভাঅংগৰাগ মহন্তসমাজহস্তমৈথুনপ্ৰাকৃতিক দুৰ্যোগডিব্ৰুগড় (লোকসভা সমষ্টি)নলিনীবালা দেৱীসুঁৱৰিপদিনাকমলাকান্ত ভট্টাচাৰ্য্যসূৰ্যসৰ্বানন্দ সোণোৱালবাণীকান্ত কাকতিসৌৰজগতঅসমৰ ধান খেতিৰ সঁজুলিসমূহছক্ৰেটিছঢোলযোৰহাট জিলাৰ ইতিহাসবনঘোষাডিজিটেল অবজেক্ট আইডেণ্টিফায়াৰপৰিমেয় সংখ্যাবাঁহীৰত্নকান্ত বৰকাকতীচুতীয়া ৰাজ্যমৈদামঅৰুণাচল প্ৰদেশগুৱাহাটী উচ্চ ন্যায়ালয়বাঁহঅসমৰ ইতিহাসসাঁচিপাতসুতুলী🡆 More