গোপী-উদ্ধৱ সংবাদ

গোপী-উদ্ধৱ সংবাদ মহাপুৰুষ শংকৰদেৱ বিৰচিত এখনি ভক্তি তত্ত্ব প্ৰকাশক গ্ৰন্থ। গ্ৰন্থখনিৰ মূল আধাৰ ভাগৱত পুৰাণৰ দশম স্কন্ধ। “উদ্ধৱ সংবাদ’’ নামৰ পৃথক পুথিৰ কথা কথা গুৰু চৰিতত আৰু আন আন গ্ৰন্থত “গোপী উদ্ধৱ সংবাদ’’ নাম উল্লেখ থকা কথাৰ মাজত কিছু মতদ্বৈধতা পৰিলক্ষিত হয়৷

ইতিহাস আৰু মতদ্বৈধতা

কীৰ্তন ঘোষাত সন্নিৱিষ্ট “গোপী-উদ্ধৱ সংবাদ’’তকৈ সকলো প্ৰকাৰে সুকীয়া “উদ্ধৱ সংবাদ’’ নামৰ পুথি এখন ডিব্ৰুগড়আহোম ছপাশালৰ পৰা প্ৰকাশিত আৰু ভদ্ৰসেন বৰাৰ দ্বাৰা সংগৃহীত এখন পুথি গৱেষক সাহিত্যিক ডিম্বেশ্বৰ নেওগে উদ্ধাৰ কৰিছিল৷ কিন্তু পুথিখনত ক’তো শঙ্কৰদেৱৰ ভণিতা পোৱা নাই৷ কিন্ত চৰিত পুথিত উল্লেখ থকামতে, শঙ্কৰদেৱে “চিহ্নযাত্ৰা’’ নাট পৰিৱেশন কৰি উঠাৰ পিছত ভক্তিত গদগদ হৈ ব্ৰাহ্মণসকলে তেওঁত শৰণ ল’ব খোজাত “উদ্ধৱ সংবাদ’’ নামৰ পুথিখন আগত থৈ শৰণ শঙ্কৰদেৱে তেওঁলোকক শৰণ দিয়াৰ কথাৰ উল্লেখ আছে৷ সেইকথা মানিলে, শঙ্কৰদেৱৰ “উদ্ধৱ সংবাদ’’ নামৰ আন এখন পুথি থকাৰ অৱকাশ থাকে, অৰ্থাৎ কীৰ্তন পুথিত সন্নিৱিষ্ট ’গোপী উদ্ধৱ সংবাদ’’ আৰু “উদ্ধৱ সংবাদ’’ দুখন বেলেগ পুথি বুলি ধৰিব পাৰি৷ এই কথাৰ প্ৰমাণস্বৰূপে, মঞ্চলেখা গ্ৰন্থত উল্লেখ থকামতে, “গোপী-উদ্ধৱ সংবাদ বা উদ্ধৱযান’’ নামে এখনি পুথি গোপাল আতাই পঢ়িবলৈ নিয়াৰ পিছত জুয়ে পোৰাত গোপাল আতাই একে নামৰে আন এখন পুথি ৰচনা কৰে৷ পূৰ্ণানন্দই লিখা ’গোপাল আতা চৰিত্ৰ’ত আছে,

উদ্ধৱ গোপীৰ প্ৰেম সংকেত বচন
অঙ্কৰূপে শঙ্কৰে কৰিলা নিবন্ধন৷
নতু ব্যক্ত হন্তে যিটো অগ্নিত পুৰিল৷
পুনুহো গোপালে সেহি কথা নিবন্ধিল৷

চিহ্নযাত্ৰা আৰু উদ্ধৱ সংবাদ

চিহ্নযাত্ৰা শঙ্কৰদেৱৰ আদি বয়সৰ ৰচনা৷ চিহ্নযাত্ৰা প্ৰদৰ্শনৰ পাছতে ব্ৰাহ্মণক শৰণ দিবলৈ অনা “উদ্ধৱ সংবাদ’’(চৰিত পুথিমতে)আগবয়সৰ আৰু “গোপী উদ্ধৱ সংবাদ’’ শঙ্কৰদেৱৰ ভাটি বয়সৰ ৰচনা৷ সেয়ে ইয়াত বিষয়বস্তুৰ গাম্ভীৰ্য, বৰ্ণনাৰ চমৎকাৰিত্ব, ভাষাৰ লালিত্য, ভক্তিৰ গাঢ়তা আদি লক্ষ্য কৰা যায়৷বেজবৰুৱাই লিখা ’শ্ৰীশঙ্কৰদেৱ আৰু শ্ৰীমাধবদেৱ’ গ্ৰন্থত ব্ৰাহ্মণসকলক শৰণ দিবৰ নিমিত্তে ভাগৱতৰ দশম স্কন্ধৰ ’গোপী-উদ্ধৱ সংবাদ’ ৰচনা কৰিছিল আৰু তাকে থাপনাত থাপি তাৰ আগত শৰণ দিছিল৷ তেনেস্থলত কীৰ্তনত সন্নিৱিষ্ট “গোপী-উদ্ধৱ সংবাদ’’ একেখনি নহ’বও পাৰে৷ ডিম্বেশ্বৰ নেওগৰ মতে, (চৰিত পুথিত উল্লেখ থকা অনুসৰি) চিহ্নযাত্ৰা নাটৰ পিছত এৰাতিতে শঙ্কৰদেৱে যিখন “উদ্ধৱ-সংবাদ’’ লিখিছিল, সেইখনেই ডিব্ৰুগড়ৰ আহোম ছপাশালে ছপোৱা “উদ্ধৱ-সংবাদ’’ হ’ব পাৰে৷ পুথিখনিত ১৭৭টি পদ আছে৷ এই পুথিত কৃষ্ণৰ বৈকুণ্ঠ প্ৰয়াণৰ সময়ত উদ্ধৱক সান্তনা দিয়াৰ পৰা আৰম্ভ হৈছে৷ আনহাতে, কীৰ্ত্তনত সন্নিৱিষ্ট “গোপী-উদ্ধৱ সংবাদ’’ত এটা ঘোষা আৰু এটা অধ্যায়ৰ ৪৮টা পদহে আছে৷

তুমি আমি দুয়ো গৈলে মিলিব অনৰ্থ
লুপ্ত হৈব জ্ঞান ইটো ভকতিৰ পন্থ৷৷
অধৰ্ম্মে পীড়িব লোক যাইব অধোগতি৷
ভকতক ৰাখি তুমি থাকিও সম্প্ৰতি৷৷

আনহাতে, কৃষ্ণৰ বৈকুণ্ঠ প্ৰয়াণৰ সময়ত উদ্ধৱক দিয়া প্ৰবোধ বাণীও “উদ্ধৱ সংবাদ’’ৰ ইয়াৰ সমাৰ্থক৷ বৈকুণ্ঠ প্ৰয়াণত ভকতিৰ গূঢ় তত্ত্ব শ্ৰীকৃষ্ণই উদ্ধৱৰ আগত ব্যক্ত কৰিছে৷ কীৰ্ত্তনত সন্নিৱিষ্ট “গোপী-উদ্ধৱ সংবাদ’’ত শ্ৰীকৃষ্ণই গুৰুগৃ্হত শিক্ষা সাং কৰি কংসবধ কৰিবলৈ আহি নন্দ-যশোদাক সান্তনা দিবলৈ ভক্ত উদ্ধৱক সন্দেশসহ বৃন্দাবনলৈ প্ৰেৰণ কৰিছিল; উদ্ধৱে বৃন্দাবনত গোপীসকলৰ লগত কৰা বাৰ্তালাপ আৰু গোপীৰ কৃষ্ণভক্তিৰ প্ৰশংসায়ে এই অধ্যায়ৰ মূল বিষয়।

তথ্য সংগ্ৰহ

Tags:

গোপী-উদ্ধৱ সংবাদ (নাট)ভাগৱত পুৰাণশ্ৰীমন্ত শংকৰদেৱ

🔥 Trending searches on Wiki অসমীয়া:

হিন্দ স্বৰাজঅসমৰ বয়ন শিল্পভেকুলীত্বৰণবাংলাদেশৰ মুক্তিযুদ্ধজাপানৰ নাৰীঅসমীয়া গীতি সাহিত্যজয়মতী কুঁৱৰীমানৱ শৰীৰমৌৰ্য সাম্ৰাজ্যধৰ্মতাপগতি বিজ্ঞানগোলাঘাট জিলাসংস্কৃতিসেউজ গৃহ প্ৰভাৱউপন্যাসভাৰতৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ তালিকাপুঁজিবাদৱিকিমিডিয়া আন্দোলনধ্বনিতত্ত্বতাল (বাদ্যযন্ত্ৰ)মাছগণৰাজ্য দিৱস (ভাৰত)গঙ্গা নদীটুক্ৰেশ্বৰী দেৱালয়ৰামএচিদ বৰষুণমৌলানা আব্দুল হামিদ খান ভাসানীবাল্য বিবাহকাজিৰঙা জাতীয় অৰ্কিড আৰু জৈৱ বৈচিত্ৰ্য উদ্যানজাতীয়তাবাদঅশোকৰ অনুশাসনভিটামিনবুঢ়ী আইৰ সাধুগ্ৰেগৰিয়ান বৰ্ষপঞ্জীকমলাকান্ত ভট্টাচাৰ্য্যগোৱালপাৰীয়া উপভাষাঅসমৰ বাঁহ-বেতৰ শিল্পবড়ো ভাষাঅসমৰ সাধুকথামণিকৰ্ণেশ্বৰ দেৱালয়অণুবীক্ষণ যন্ত্ৰঅৰ্থনীতিশংকৰদেৱ শিশু নিকেতন, ঢকুৱাখনাঘিলাখেলহিমন্ত বিশ্ব শৰ্মাৱিকিপিডিয়াৰ তালিকাডিমাছা জনগোষ্ঠীঅসমীয়া শিশু আলোচনীসমূহৰ তালিকাঅসমৰ পৰম্পৰাগত সাজ-পাৰফুলউত্তৰ-পূব ভাৰতভাৰতৰ ৰাষ্ট্ৰপতিচামগুৰি সত্ৰদ্বীপেন বৰুৱাফুলগুৰি ধেৱাঅৰুণ শৰ্মাকেঁচা পাতৰ কঁপনিগান্ধীবাদবৰপেটা জিলাকাউণ্টি কিউলেনঅজন্তা গুহাসমূহযতি-চিনঅনিমা গুহবাঁহদোল পূৰ্ণিমাব্ৰাহ্ম সমাজমাজুলীকপৌ ফুলব্ৰহ্মপুত্ৰ নদহোমেন বৰগোহাঞিভাৰতৰ জাতীয় পতাকা🡆 More